ভাতৃ (-কৌস্তুভমণি শইকীয়া দত্ত)

ভাতৃ


কৌস্তুভমণি শইকীয়া দত্ত

 

লগপোৱা পলমেই হ’ল…
হেঁপাহৰ ৰিহাৰ আঁচলত বান্ধি থোৱা নহ’ল
শৈশৱৰ মিঠা ইতিহাস..
তথাপি তই মোৰ ভাই !!

অহা জনমত,
জীৱনৰ পুৱাতেই তোৰ সতে উমলিম…
ধৰি মোৰ কনমানি আঙুলিত
কনমানি ভৰিৰে শিকিবি তই
এখোজ দুখোজকৈ খোজ….
ভগ্নীৰ মৌ-সনা আদৰত জীৱনৰ প্ৰথম খোজ…
প্ৰত্যয়ৰ খোজ ।

মিঠা মধুৰীটোৰ
একামোৰ মোৰ.. একামোৰ তোৰ…
আঃ ! কি সুমিষ্ট !!
একেলগে আঁওৰাম জীৱনৰ প্ৰথম গণিত..
বৰ্ণমালাৰ উচ্চাৰণৰ সমস্বৰত
মুখৰিত হ’ব জীৱনৰ আদিপাঠ …
তয়ে ময়ে একেলগে… মোৰ ভাই ।

মোৰ আঙুলিত ধৰি তই ডাঙৰ হ’বি…
মোৰ ৰক্ষাকৱচ হ’বি…।
গোত্ৰ ছিঙি যোৱাৰ পৰত
হোমত আখৈ দি কান্দিবি..
তোক এৰি যাম মই আইৰ ঘৰত..
অ’ মোৰ শৈশৱৰ হীৰা !
আইৰ ঘৰত এৰি যাম জীৱনৰ সুখদ-সম্পদ …!
তই মামা হ’বি..
স্নেহৰ হাতেৰে খুৱাবি মোৰ সন্তানক প্ৰথম গৰাহ ভাত…
বুকুৰ সাহৰ বীজ হৈ ৰ’বি
ওৰেটো জীৱন… মোৰ ভাই !

নাই,
এই জনমত নাই
এই সোণালী ইতিহাস..
তথাপি,
তথাপি তই মোৰ ভাই..
বৰ মৰমৰ ভাই ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments