ভাত-ঘুমটি আৰু ‘ৰোল নং ৩৫’ :: ছাত্ৰাবাসৰ এডোখৰ -৬ (দিগন্ত যাদৱ শৰ্মা)

 

সময় দিনৰ এক বাজি ত্ৰিশ মিনিট। মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা।
: Attention Please Students, Roll No.1
: Present Sir
: Roll No. 2……. Roll No. 3……. ……..
বংশগতিতত্ত্ব বিজ্ঞানৰ ডঃ মজুমদাৰ চাৰে হাজিৰা বহীত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ খতিয়ান লৈ আছে।
: …………
: Roll No. 18
: Yes Sir
চাৰ ক্ষন্তেক সময় ৰ’ল। মূৰটো ডাঙি সন্মুখলৈ চালে। সন্মুখত বহা আন ছাত্ৰ-ছাত্ৰীবোৰেও ডিঙি ঘূৰাই পিছলৈ চালে।
: What’s your name?
: Sirrrrr… Biplab Kr. Das.
চাৰে ‘ৰোল নং ১৮’লৈ কিছু সময় চাই থাকি আকৌ উপস্থিতিৰ খতিয়ান ল’বলৈ আৰম্ভ কৰিলে। যেন কিবা এটা সুধিব লৈছিল, কিন্তু নুসুধিলে।
: ………….
: Roll No. 35
সঁহাৰি নোপোৱাত চাৰ অকণমান সময় ৰৈ সন্মুখলৈ চালে। তাৰ মানে মনোজ বৰা অনুপস্থিত। মনোজ বৰাৰ ‘ৰোল নং ৩৫’। বাকী ছাত্ৰ-ছাত্ৰীবোৰে ‘ৰোল নং ১৮’ত উপস্থিতি দিয়াজনৰ ফালে চাই ফিচিঙা-ফিচিঙি লগালে।
: Roll No. 36…….. Roll No. 37………

১.৩০ বজাৰ ‘ক্লাছ’টোত বৰ টোপনি টোপনি ভাব হয়। ১২ বজাত ‘ক্লাছ’ শেষ কৰি গা-পা ধুই ভাত খাই ছাত্ৰাবাসৰ পৰা আকৌ আহিবৰ হয়েই। দৌৰাদৌৰি লাগি যায়। শ্ৰেণীকোঠাৰ ভিতৰত চকু দুটা জোৰকৈ মেলি ৰাখিবলগীয়া অৱস্থাৰহে সৃষ্টি হৈছিল। কেতিয়াবা ‘টম এন্ড জেৰি’ৰ দৰে চকুত জুইশলা কাঠী লগাই লোৱাৰ কথা পাতি ধেমালিও কৰিছিলোঁ। এনেকুৱা হ’লে চাৰে কি কয় মূৰত নোসোমাই। ওলোটাই সুধিলেহে বৰ বিপদত পৰিছিলোঁ। এটাই ৰক্ষা যে ১.৩০ বজাত ‘ক্লাছ’ সপ্তাহটোত দুটাহে থাকে। বাকী বাৰকেইটাত আবেলিৰ ‘ক্লাছ’কেইটা ২.১৫ৰ পৰাহে আৰম্ভ হয়। সেয়ে কিছুমানে ১.৩০ বজাত শ্ৰেণীত অনুপস্থিত থাকে। ভাত খাই অলপ জিৰণি লয়। আজি অৱশ্যে ডঃ মজুমদাৰ চাৰৰ ‘ক্লাছ’ নাছিল। তেওঁ বেছিভাগ গৱেষণাৰ কামতেই ব্যস্ত থাকে। মহন্ত চাৰৰহে ‘ক্লাছ’ আছিল। কিন্তু মহন্ত চাৰ ‘চেমিনাৰ’ এখনলৈ যাবলগীয়া হোৱাত মজুমদাৰ চাৰ আহিছিল। গোটেই ‘পিৰিঅ’ড’টোত ‘ৰোল নং ১৮’ত উপস্থিতি দিয়াজনে ইচাটি-বিচাটি কৰি থাকিল। ইয়াৰ পিছত সি ভেষজবিজ্ঞানৰ ‘ক্লাছ’ টো কৰি চিধা ছাত্ৰাবাস পালেগৈ।

ধুৰুম…
দৰ্জাখনত ভৰিৰে এক গোৰ দিওঁতে মহা আৰামেৰে ফস্তি মাৰি শুই থকা বিপ্লব ধৰফৰাই উঠি বহিল।
:“চাল্লা গাহৰি, তই ইয়াত মহা আৰামেৰে ফস্তি মাৰি শুই থাকিবি। আৰু মই তোৰ ‘প্ৰক্সি’ দি কোনোমতেহে ধৰা নপৰাকৈ থাকিলোঁ। ইফালে মোৰ উপস্থিতিটোও এনেয়ে গ’ল। তোৰ ‘প্ৰক্সি’ দিওঁতে চাৰে যেনেকৈহে মোৰ ফালে চাই মোৰ নাম সুধিলে।” – কথাখিনি মনোজ বৰাই খং আৰু দুখত কৈছিল।
:“ধেৎ তই এটা বুৰ্বক। কেনেকৈনো ধৰা পৰ’? মই দেখোন কিমান ‘প্ৰক্সি’ মাৰিলোঁ, এবাৰো ধৰা পৰা নাই। পিছে তই কাৰ নাম ললি? মোৰ নে তোৰ? হা: হা: হা:” – কথাখিনি কওঁতে বিপ্লবৰ হাহিঁ উঠি গ’ল।
:“কাৰ নাম লবি আৰু। ‘ৰোল নং ১৮’ যিহেতু তোৰেই, গতিকে তোৰ নামটোৱে মোৰ নাম বুলি ক’লো।”
:“হ’ব দে, তই চিন্তা নকৰিবি। পিছত তোৰ ‘প্ৰক্সি’ মাৰি ধাৰ মাৰি দিম। তোৰ ‘ৰোল নং’ ৩৫ আছিল, নহয়নে? পিছে মহন্ত চাৰে আজি কোনটো পাঠ বুজালে? ‘নোট’খিনি ভালকৈ লিখি আনিছ’ নহয়নে?” – বিপ্লবৰ অলপমান বেয়া লাগিল নেকি! সি তেনেকৈয়ে সুধিলে।
:“নাই মহন্ত চাৰ নাহিল। মজুমদাৰ চাৰ মানে ডঃ প্ৰবীণ মজুমদাৰ চাৰেহে ‘ক্লাচ’টো ল’লে। চাৰে কিন্তু বৰ ভালকৈ বুজাব পাৰে!”
:“কি???” _বিপ্লবে জোৰে চিঞৰ এটা মাৰি উঠিল।
:“তোৰ আকৌ কি হ’ল?”
:“মজুমদাৰ চাৰ মোৰ মামাৰ বাল্যকালৰ বন্ধু। ১৫ দিনমান আগতে মামাই মোক চিনাকি কৰি দিছিল। তেওঁৰ ঘৰলৈ মোক যাবলৈও কৈছিল।” – বিপ্লবৰ মুখৰ ভাঁজবোৰে অন্যধৰণৰ আকৃতি ল’লে।
:“হা……!!!” -মনোজ বৰাই হেবাঙৰ দৰে ভেবা লাগি বিপ্লবৰ মুখলৈ চাই থাকিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments