ভালপোৱা – বিজয় বেজবৰুৱা

কোকৰাঝাৰ ৰে’ল ষ্টেছন৷
১৩.১০.২০১৮, সময় বিয়লি প্ৰায় ৪ বাজিছে৷

মই জেনেৰেল দবা এটাত উঠিলো৷ দবাটোত ছীট খালী নাই যদিও ভিৰো নাই৷ এটা ছীটত এগৰাকী মহিলা পুলিচকে ধৰি তিনিগৰাকী পুলিচ৷ কাষত এজনী কমবয়সীয়া ছোৱালী৷ তাইৰ কাষত এজন যুৱক৷ তাৰ হাতত হেণ্ডকাফ্৷

মই যুৱকজনৰ মুখৰ ফালে চালো৷ মৰমলগা, চকুত কান্দোনৰ চিন স্পষ্ট৷ ছোৱালীজনীৰ চকুতো কেইবা ৰাতিৰ টোপনি-খতি আৰু কান্দোনৰ দাগ!

নিউ বঙাইগাঁৱত ছীট এটা পাই বহিলো৷ পুলিচ অফিচাৰজনৰ লগত দুই- এষাৰ কথা পাতিলো৷ গম পালো- তেওঁৰ ঘৰ আমাৰ গাঁৱৰ ওচৰৰ গাঁও এখনতেই৷ চিনাকিও ওলাল৷ গতিকে কথা পতাত আৰু কিছু সুবিধা হ’ল৷ ল’ৰাজনৰ কথা সোধাত তেওঁ ক’লে, “ছোৱালী লৈ পলাইছিল৷ নিউ জলপাইগুৰিৰ পৰা ধৰি আনিছো৷ ছোৱালীৰ বয়স কম৷ আৰু ৪ মাহৰ পাছতহে তাইৰ বিয়াৰ বয়স হ’ব৷

ছোৱালীৰ দেউতাক ওপৰৰ বাঙ্কত শুই আছে৷”

মই মন কৰিলো, ছোৱালীজনীয়ে পুলিচ অফিচাৰজনক সৰু সৰুকৈ কিবা কৈ আছে৷ পুলিচ অফিচাৰজনে মূৰ জোকাৰিছে, “নহ’ব!”

এপাকত মই শুনা পালো,
“সি নপলায় নহয়, ছাৰ!”

“নপলালেও আমি হেণ্ডকাফ্ খুলি দিব নোৱাৰো!”

ছোৱালীজনী মনে মনে থাকিল৷

পুলিচ এজনে ‘ভেণ্ডৰ’ৰ পৰা চাহ ল’লে, ল’ৰা-ছোৱালীহালৰ বাবেও৷ কিন্তু সিহঁতে কোনোপধ্যে চাহ নাখায়! মহিলা পুলিচগৰাকীয়ে ক’লে, “ইহঁতে একোৱেই খোৱা নাই!”

কিছুপৰৰ পাছত ল’ৰাজনে দুহাতেৰে চকু ঢাকি হুক্-হুকাই কান্দি উঠিল৷ ছোৱালীজনীয়েতো ফেঁকুৰি আছেই!

ময়েই সৰুকৈ ধমক এটা দিলো, “কিয় কান্দিছা? তোমালোকতো চোৰ-ডকাইত নহয়!” পুলিচ অফিচাৰজনেও হয়ভৰ দিলে, “অঁ, আমি যদি কোবাই- কোবাই আনিলোহেতেন, তেন্তে বেলেগ কথা আছিল৷ তোমালোকতো চোৰ নহয়৷ ধৈৰ্য ধৰা৷ পাছত কি হয় দেখা যাব৷”

আৰু দুই-চাৰিজনে সান্ত্বনা দিছে৷
কিছুপৰৰ পাছত হঠাৎ ছোৱালীজনী কঁপিবলৈ ধৰিলে৷ লাহে লাহে তাই ঢলি পৰিল৷ মহিলা পুলিচজনীয়ে তাইক কোঁচত শুৱাই দিলে৷ নিজৰ বেগৰ পৰা ভিক্সৰ টেমা এটা উলিয়াই তাইৰ কপালত সানি দিলে৷ যুৱকজনে পানীৰ বটলটো আগবঢ়াই দিলে৷ পুলিচ এজনে তাইৰ হাতৰ তলুৱাত মালিচ কৰাত লাগি গ’ল৷ যুৱকজনেও তাইৰ ভৰিৰ তলুৱা দুখন মোহাৰিবলৈ ধৰিলে৷ তাৰ এখন হাতত হেণ্ডকাফ্!

ওপৰৰ বাঙ্কত শুই থকা দেউতাকক মাতি দিয়া হ’ল৷ দেউতাকে লৰ মাৰি নামি আহি বেগৰপৰা তেওঁৰ জেকেটটো উলিয়াই তাইক পিন্ধাই দি সাবটি ল’লে৷

দেউতাকে ক’বলৈ ধৰিলে, “আজি তিনিদিন ধৰি তাইৰ খোৱা-শোৱা একো নাই৷ ঘৰত সদায় তাই আঠ বজাতেই খাই-বৈ শুই দিয়ে!” দেউতাকৰ মাতত সৰুকৈ এটা কান্দোন!

মই ক’লো, “ৰঙিয়া পাবলৈ বেছি সময় নাই৷ তাত ‘অ’ আৰ্ এচ’ এটা খুৱাই দিব৷ ভাল পাব৷” বাকীসকলেও হয়ভৰ দিলে৷

ৰঙিয়াত ‘অ’ আৰ্ এচ’এটা খুৱাই দিয়াৰ পাছত তাই প্ৰায় সুস্থ৷

দেউতাক ওচৰত৷ তাইৰ চকুৰ ফালে চাই আছে৷ মই দেখিলো, তাই দেউতাকৰ কান্ধ দুখনত ধৰি সমুখলৈ চপাই আনিছে আৰু লাহে- লাহে কৈছে, “দেউতা, ত‌ই কেছটো উঠাই ল’বি দেই!” ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments