ভালপোৱা, বিশ্বাসঘাতকতা আৰু আমিবোৰ (মাধুৰীমা ঘৰফলীয়া)

ভাববোৰত মাজে মাজে আউল লাগি যায় । ভালপোৱাই বাস্তৱক খুন্দা মাৰি আঁতৰি যায়বহু দূৰ ৷ সলনি কৰি পেলায় পলকতে আপোনত্বৰ সংজ্ঞা । আপোনজন নাথাকিলে ধূলিয়ৰি নহয় ফাগুনৰ আবেলি । তিয়াব মন নাযায় ঠেঁটুৱৈ ধৰা শীতৰ বৰষুণ জাকতনিজকে । মূহুৰ্ত্ততে সলনি হৈ যায় সকলোবোৰ ৷

২০১০ চনৰ কোনোবা এটাদিন , লগৰ এজনীয়ে ফোন কৰি কলে- মাধুৰীমা , ৰূপজ্যোতিবাক তেওঁৰ মানুহজনে গাত কেৰাচিন ঢালি জ্বলাই দিলে জান !! কথাষাৰ শুনি মই অবাক হ’লো ।ৰূপজ্যোতিবা আমাৰ লগৰ এজনীৰ বায়েক হোৱাৰ উপৰিও শিৱসাগৰৰ ছোৱালী কলেজৰ ৰংপুৰ ছাত্ৰী নিবাসত তেওঁক জেষ্ঠ্য আবাসী হিচাপে লগ পাইছিলোঁ । খুবেই অমায়িক আৰু ভদ্ৰ আছিল । সেইদৰে পঢ়াতো চোকা আছিল । মই লগে লগে লগৰ জনীলৈ ফোন কৰিলোঁ ।তাই তেতিয়া ব্যস্ত আছিল বাবে বিশেষ কথা পতা নহ’ল । ঘটনাৰ দুদিনৰ পাছত ৰূপজ্যোতিবা ঢুকাল । লগৰ জনীয়ে পাছত কৈছিল বায়ে মৃত্যুৰ আগত মাৰ আৰু মোৰ আগত কৈছিল কেনেকৈ সেই ৰাক্ষসটোৱে তাইৰ গাত কেৰাচিন ঢালিছিল । পিছে আমাৰ কথা কোনে বিশ্বাস কৰিব , সেইটো দেখোন দুদিন জেলত থাকিয়ে ওলাই আহিল !!

২০০৪ চন । মোৰ আত্মীয় এগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত অলপ দিন ৰখা হৈছিল । মই তেওঁৰ ৰখীয়া হিচাপে সাতটা দিন তাত আছিলোঁ । তাত কটোৱা প্ৰায় প্ৰতিটো পলৰ কথাই মই ডায়েৰিত লিখি গৈছিলোঁ ।তাতে লক্ষীমপুৰৰ ছোৱালী এজনী লগ পাইছিলোঁ । বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহি প্ৰেমত পৰিল ডিব্ৰুগড়ৰ ডেকাৰ । ছোৱালীজনীয়ে খুব ভাল গান গাই, নাচেও । সময়ত বিয়া হৈ গ’ল । পিছে বিয়াৰ অলপ দিনৰ পাছতে ছোৱালীজনীয়ে গম পালে ল’ৰাটোৰ তাৰ বৌয়েকৰ সৈতেও অবৈধ সম্পৰ্ক আছে ! ছোৱালীজনীয়ে ল’ৰাটোক খুব ভালপাইছিল , সেইবাবে সকলো গম পাইও তাই ল’ৰাটোক হেৰুৱাব নুখুজিলে । পিছে ল’ৰাটোৱে লাহে লাহে ছোৱালীজনীৰপৰা আঁতৰি থাকিবলৈ ধৰিলে । শেষত এনে এটা অৱস্থা হ’লগৈ যে ছোৱালীজনীয়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগীৰ বিচনা এখনত দখল কৰিলেহি তাই । কোনোবা চিকিৎসক আহিলেই তাই প্ৰথমে কয়-চাৰ,ৰবচোন বিহু এটা গাই অলপ নাচি লওঁ । মৰম লগা ছোৱালীজনীয়ে যেতিয়া চিকিৎসকৰ আগত নাচিবলৈ আৰম্ভ কৰি দিয়ে কাষতে বহি থকা মাকে ৰুমালেৰে চকুলো মোহাৰে ।ইতিমধ্যে ল’ৰাৰ ঘৰে ছোৱালীৰ ঘৰত অভিযোগ দিলে পগলা ছোৱালী এজনী বিয়া দি সিহঁতক বোলে ঠগিলে !! ল’ৰাজনে কেতিয়াবা ছোৱালীজনীক লগ কৰিবলৈ আহে , ছোৱালীজনীয়ে দৌৰি যায় তাৰ কাষলৈ । পিছে যিমান আগ্ৰহৰে তাই তাৰ কাষলৈ যায় সিমান বিতৃষ্ণাৰে সি তাইৰ কাষৰ পৰা আঁতৰি যায় ।
কোনোবা এদিন এনে কিছুমান কাৰণতেই মই এজনক এগৰাকী আপোনৰ বিষয়ে সুধিছিলোঁ – কওঁকচোন,বিয়াৰ পাছত এজনী ছোৱালীয়ে কেৱল সপোন দেখে ৷ এওঁ কিয় বিয়াৰ তিনিমাহ হোৱাৰ পাছতে মৰিবলৈ বুলি বিষ খাব লগা হ’ল ৷ কওঁক,আপুনি কৱই লাগিব কাৰণ সেই প্ৰশ্নৰ উত্তৰ কেৱল আপুনিহে দিব পাৰিব ।

বিবাহিত বান্ধৱী এজনীয়ে মোক মাজেমাজে কয় মাধুৰীমা মই মৰি যাম চাবা । মোক আৰু এনেকুৱা জীৱন নালাগে । এওঁৰ দুখ এটাই স্বামীৰ সৈতে তেওঁৰ আদৰ্শ নিমিলে । তেওঁ যেতিয়াই মৰিম বুলি কয় মই হাঁহি মাৰি কওঁ মৰিবলৈ বহুত সাহস লাগে । আৰু সেই সাহস তোমাৰ নাই বুলি মই জানো । তেওঁ মোক আকৌ কয় -তুমি বিশ্বাস নকৰা নহয় চাবা এদিন । মই তেতিয়াও কওঁ যেতিয়ালৈকে তোমাৰ শেষ আশা কণ জীয়াই থাকিব তুমি মৰিব নোৱাৰা , মই জানো ।অতি হতাশাৰে ভৰা দিন এটাত ভৰা নৈ পাৰত ৰৈ তেওঁ মোলৈ ফোন কৰিলে – মাধুৰীমা, যোৱা আধা ঘণ্টা মই ইয়াত ৰৈ আছো মৰিবলৈ আহি,তুমি কোৱাৰ দৰেই মই মৰিব নোৱাৰিলোঁ জানা, মই মাথো দেউতালৈ ফোন কৰিলোঁ, তেওঁক সুধিলোঁ মই উভতি গ’লে তুমি মোক ঘৰত থাকিবলৈ দিবানে দেতা ?
তেওঁৰ কথাবোৰ শুনি চলচলীয়া হৈ পৰিছিল সহজে চকুপানী নোলোৱা চকুজোৰ । সেই ঘটনাৰ ঠিক এবছৰ মানৰ পাছত তেওঁআকৌ সেইষাৰ কথাই কলেই-মাধুৰীমা, মাহঁতে সমাজলৈ ভয় কৰে , তেওঁলোকৰ কথা মতেমই পুনৰ মানুহজনৰ কাষলৈ ঘুৰি আহিলো ৷ পিছে এইদৰে মই জীয়াই থাকিবনোৱাৰোঁ ৷ চাবা এইবাৰ মই সঁচাই মৰি যাম নহয় পাগলী হৈ যাম ।
সেইদিনা পিছে আগৰ দৰে মই তেওঁক কব নোৱাৰিলোঁ তুমি মৰিব নোৱাৰা । কাৰণ সেইবাৰ যে তেওঁৰ কাষত কোনো নাছিল ।

কিয় যে ইমান পাষাণ এই সময় ৷ শিপাৰে সৈতে উঘালি পেলায় সপোনৰ প্ৰতিটো অনু ।বটানীৰ পাত লুটিয়াই ৰূপজ্যোতি বায়েতো আনৰ দৰেই সপোন দেখিছিল ৰংপুৰ ছাত্ৰীনিবাসৰ কোনোবাটো ৰুমত বহি । এক সহজ নাৰীৰ দৰেই স্বামীৰ হাতত মৃত্যু হল ।এৰি থৈ গল পৃথিৱীৰ প্ৰতি, মানুহৰ প্ৰতি সীমাহীন ঘৃণা ।
ইমানবোৰ দেখা পাছতো ভালপোৱাৰ বাবেই জীয়াই থাকিব পাৰিনে ? ইমানৰ পাছতো বিশ্বাসৰ ওপৰত বিশ্বাস থাকিব পাৰে নে?

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ কোনোবাটো কোণত বহি ৰাজদাদাই মাজে মাজে কান্দিছিল । নিজৰ জীৱনক লৈ কান্দিছিল তেওঁ । পিছে সেই কান্দোন তেওঁৰ পত্নীক কেতিয়াও নেদেখুৱাইছিল । তেওঁৰ পত্নীয়েই যে তেওঁৰ জীৱন ।
ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগৰ কক্ষটোত থকা সেই সাতটা দিনতেই মই ৰাজদাদাক লগ পাইছিলোঁ । ৰাজদাদা আৰু বৌৰ মাজত বহু দিনীয়া প্ৰেম আছিল ।দুয়োখন ঘৰেই সেই প্ৰেমক মানি ল’লে । বিয়াৰ দিনো প্ৰায় ঠিক কৰিলে । তেনেতে এদিন মটৰ চাইকেলত বৌক লৈ ৰাজদাদা নিজৰ পেহীয়েকৰ ঘৰলৈ বুলি ফুৰিবলৈ ওলাল ।বিধিৰ কি বিপাক ! ৰাজদাদাহঁত গৈ থাকোঁতে সেই পথতে আৰ্মি আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী আৰম্ভ হৈ গল (আৰ্মি নে আৰক্ষী কৈছিল সেয়া মই পাহৰিছোঁ )।ৰাজদাদাহঁতৰ লগতে বাকী পথচাৰী সকলো পথৰ ওপৰতে শুই দিলে । পথচাৰীক মাজতৰাখি দুই ফালৰ পৰা গুলীয়াগুলী হৈ থাকিল । গুলীয়াগুলী শেষ হ’লত হে সিহঁত ঘৰলৈ আহিবলৈ পালে । পিছে সেই দিনটোৰ পাছৰে পৰা বৌ জলকা লাগিল । কথা নকয় ,মাথো মনে মনে বহি থাকে । মাজে মাজে কিছুমান অস্বাভাৱিক কামো কৰিবলৈ ধৰিলে ।বহুত চিকিৎসা কৰাৰ পাছত বৌ ভাল হল । ৰাজদাদাই পুনৰ বিয়াৰ কথা উলিয়ালে ।এইবাৰ ৰাজদাদাৰ ঘৰখনে বাধা দিলে । ঘৰৰ একমাত্ৰ ল’ৰাটোৱে যদি তেনে এজনী ছোৱালী আনে কি হব । ইফালে ৰাজদাদাই নামানে । শেষত বহুত ভাবুকি দি ৰাজদাদাই ঘৰৰ মানুহখিনিক কোনো মতে মান্তি কৰালে যদিও কোনেও বিয়াৰ যা যোগাৰ কৰিবলৈ মান্তি নহ’ল । গতিকে দাদাই লগৰ ল’ৰা দুটামানক লগত লৈ ছোৱালীৰঘৰ পালেগৈ ।বিয়াৰ নিয়ম হিচাপে বৌৰ শিৰত সেন্দুৰ কণ দিয়ে বৌক লৈ মটৰ চাইকেলত ঘৰমুৱা হল ।সেই গুলীয়াগুলী ঘটনাটো হোৱাৰ পাছত বৌয়ে এদিনো মটৰচাইকেল উঠা নাছিল ।সেইদিনা উঠাৰ পাছত নতুন ঘৰ পাই অলপ সময় জলকা লাগি আছিল যদিও ৰাজ দাদাই সিমান মন নকৰিলে ।
ফুলশয্যাৰ নিশা । বুকুত এসোপা আৱেগ লৈ মাজনিশা ৰাজদাদাই নিজৰ ৰুমত সোমাই দেখিছে বৌ ৰুমত নাই । ইফালে সিফালে চাই কতোৱে নেদেখি বাহিৰলৈ গৈ চালে ৷ তেতিয়া ৰাতি ১২ বাজিছে , ন-কইনাই হাতত বাঢ়নীটো লৈ চোঁতাল সাৰি আছে !!
দাদাৰ আৱেগসমুহ পলাই ফাট মাৰিল । পিছ দিনাই বৌক মেডিকেলত ভৰ্তি কৰিলে ।
বৌ ভাল হল নে নহ’ল মই গম নাপালোঁ । পিছে এতিয়াও কামনা কৰো তেওঁ যে কুশলে থাকক । মেডিকেলত প্ৰতি পলেই বৌৰ কাষে কাষে থকা ৰাজদাদাৰ বৌৰ প্ৰতি থকা অগাধ ভালপোৱা খিনিৰ কথা মনত পৰিলে হতাশাৰে সপোনক কবৰ দিব খুজা পৃথিৱীৰ প্ৰতিজন মানুহক সকলোবোৰ পাহৰি মোৰ ক’বলৈ মন যায়-বিশ্বাস আৰু ভালপোৱা এতিয়াও আছে ।মাথো আমি নিজকে তাৰ উপযুক্ত কৰি ল’ব পাৰিলেই হল । ই বতাহৰ দৰেই আমাক আবৰি ধৰিব চৌপাশে …বুকুৰ বাহিৰে ভিতৰে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক