ভালপোৱা (সত্যজিৎ বৰঠাকুৰ)

(আচলতে প্ৰেমৰ কোনো পৰিসীমা নাই। ইয়াক কোনো শব্দ আৰু বাক্যৰে সংজ্ঞাবদ্ধ কৰিবও নোৱাৰি। ই অনন্ত, ই অসীম। পৃথিৱীৰ প্ৰত্যেকৰে হৃদয়ত প্ৰেমৰ অনুভূতি থাকে। )

ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনুভূতিৰ সমষ্টি ভালপোৱা । জীৱনৰ সমস্ত সেউজীয়া,আশা-আকাংক্ষা,হেঁপাহ,অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম, ভালপোৱা । বসন্তৰ মনোমোহা পৰিবেশৰ দৰে শুভ্ৰ আকাশৰ তলত হালি থকা নীৰৱ শান্ত কহুঁৱা বনৰ দৰে, শৰতৰ জোনাকৰ আগচোতালৰ শেৱালীজোপাৰ দৰে নীৰৱ-শান্ত ভালপোৱাৰ অনুভূতি। মুঠৰ ওপৰত এক স্বৰ্গীয় পবিত্ৰতাৰ নাম ভালপোৱা।

ভালপোৱা আছে বাবেই পৃথিৱীখন সেউজীয়া হৈ আছে। ভালপোৱা আছে বাবেই পুৱাৰ সূৰুযৰ কিৰণত ফুলবোৰে পাহি মেলি হাঁহিছে, ভালপোৱা আছে বাবেই গছবোৰত ন-কুঁহিপাত ওলাইছে, ভালপোৱা আছে বাবেই প্ৰভাতী পক্ষীৰ সুৰত সমগ্ৰ জগতখন আনন্দত নাচিছে। কেৱল মাত্ৰ ভালপোৱা আছে বাবেই মোৰ, তোমাৰ আৰু অনন্যজনৰ হৃদয়ত সৃষ্টি হয় এখন সেউজীয়া পৃথিৱীৰ, এখন মুক্ত আকাশ আৰু এমুঠি প্ৰেমৰ জোনাকৰ ।।
ভালপোৱাৰ অন্য এক পৰিচয় ত্যাগ। কেৱল প্ৰাপ্তিয়েই জানো জীৱনৰ সক’লো ? পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে একোটা মন, একোখন স্বাধীন হৃদয় আছে। প্ৰত্যেক মানুহে সপোন দেখিব পাৰে,কাৰোবাক ভালপাব পাৰে,সেয়া স্বাভাৱিক। কিন্ত জীৱনৰ সঁচা ভালপোৱা মানেই অকৃত্ৰিম ভালপোৱা, যাক কোনো উপহাৰ বা কেইটিমান মধুৰ কথাৰ তুলাচনীৰে জুখিব নোৱাৰি। ই এক সম্পূৰ্ণ আভ্যন্তৰিণ বিষয়,বাহ্যিকতাৰ ইয়াত কোনো স্থান নাই। তেন্তে,কিয় বাহ্যিকতাৰ আঁৰ লৈ ভালপোৱা হেন পবিত্ৰ অনুভূতিক কৃত্ৰিম ম্লান হাঁহিৰে জুখিব বিচাৰে ? কিয়! কিয় এই স্বৰ্গীয় পবিত্ৰতাই চকুলো টুকে ? কাৰোবাৰ সুখৰ বাসনাৰ অপ্ৰিয় স্পৰ্শৰ বাবেই নে সমাজখন আধুনিকতাৰ জখলাত বগোৱাৰ বাবেই নাজানো। হয়তো কোনেও নাজানে। এক উত্তৰবিহীন প্ৰশ্নৰ তাগিদাত মই সদায় অনুভৱ কৰো ভালপোৱা হেন পবিত্ৰ অনুভূতিক।
ভালপোৱা মানেই জীৱন। ভালপোৱা মানেই এক নতুন জীৱনৰ প্ৰাপ্তি অথবা প্ৰতিদান। প্ৰত্যাখ্যান বা প্ৰতাৰণাৰ অগনিত দগ্ধ হৈ হিংসাৰ আশ্ৰয় ল’লে সেয়া ভালপোৱাৰ সঁচাঅৰ্থক নুবুজায় বৰন্ষ এক বিকৃত মানসিকতাৰ অধীকাৰী এক নিকৃষ্ট ব্যক্তিত্বৰ গৰাকীৰ প্ৰমাণহে দিয়ে। প্ৰেম-ভালপোৱাত নাথাকে হিংসা, বিদ্বেষ,কপটতা তথা কোনো হিংসুক আচৰণৰ। ভালপোৱা অহৰহ বৈ থকা নীৰৱ শান্ত বতাহৰ দৰে,যাক মাথোঁ অনুভৱ কৰিব পাৰি, কোনো ধৰণে প্ৰত্যক্ষ কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিব নোৱাৰি। যেনেকৈ এই পৃথিৱীত বতাহৰ অবিহনে জীৱনবোৰ নিঃশেষ হৈ যাব ঠিক সেইদৰে ভালপোৱা অবিহনেও সৃষ্টি বিনষ্ট হ’ব। ভালপোৱা আছে বাবেই আজি পৃথিৱীখন পৃথিৱী হৈয়েই আছে।
বৰ্তমান সময়ত ভালপোৱাৰ সংজ্ঞা কিদৰে দিম ? ক্ষিপ্ৰগতিত আগবাঢি যোৱা বস্তুবাদী সমাজখনত যেন ক্ৰমে মূল্যহীন হৈ পৰিছে ভালপোৱা হেন পবিত্ৰ অনুভূতিৰ। স্বাৰ্থৰ ৰঙা জুইৰ অগনিত দগ্ধ হৈ যৌন ক্ষুধা নিবাৰণৰ এটি মাথোঁ শব্দ হৈ পৰিছে এই ভালপোৱা। বৰ্তমানৰ জোখাৰে ভালপোৱাৰ অৰ্থ কি হ’ব পাৰে ? সমগ্ৰ বিশ্বতেই যেন ভালপোৱা হৈ পৰিছে এক কৃত্ৰিম,বস্তুবাদী ধাৰণা। সময় আৰু সংস্কৃতিৰ ধাৰণাৰ পৰিৱৰ্তনৰ মাজত ক’ত হেৰাই গ’ল বুকুৰ অজস্ৰ ভাষাৰে সমৃদ্ধ নীলা খামৰ চিঠিবোৰ, তুমি অহাৰ আপেক্ষাত দীঘল পদূলিটোলৈ চাই ৰৈ থকা প্ৰেমিক যুগলৰ প্ৰতীক্ষাবোৰ! হেৰাই গ’ল নেকি নৈৰ পাৰৰ বালিচাপৰিত তোমাৰ স’তে কটোৱা আবেলিবোৰ! এতিয়া ম’বাইল, এছ এম এছ,ই-মেইল, ফে’চবুকৰ যুগ। বৰ্তমানৰ এই কঠোৰ কৃত্ৰিম আধুনিকতাৰ মাজত ক’ত স্থান পাব ভালপোৱাৰ সেই অকৃত্ৰিম সেউজীয়াবোৰে! মাৰ গ’ল যুগৰ সুঁতিত নিঃশেষ হৈ গ’ল ভালপোৱাৰ সেই নিস্বাৰ্থ অনুভূতিবোৰ। আছে আজি মাথোঁ ভালপোৱাৰ এক কৃত্ৰিম হাঁহি। পূৰ্বৰ সেই বুকুৰ সমস্ত ভালপোৱাৰে উজাৰি লিখা নীলা খামৰ চিঠিৰ ভাষাবোৰ পৰিৱৰ্তিত হ’ল ক্ৰমশ: এছ এমএছ,ই-মেইল, ফে’চবুকৰ অবোধ সংক্ষিপ্ততালৈ। নৈৰ পাৰৰ কঁহুৱাৰ ছাঁৰ প্ৰাকৃতিক প্ৰেমৰ নীৰৱ আবেলিবোৰো পৰিৱৰ্তিত হ’ল কোনো এখন ৰেস্তোঁৰা তথা বাৰ (BAR)ৰ নিৰ্মম সন্ধিয়ালৈ। ভালপোৱা এক নীৰৱ অনূভূতি, ইয়াত নাথাকে কোনো বস্তুবাদী ধাৰণা।।
Where there is love, there is life……..
প্ৰেমে মানুহক শিকায় ভালপাবলৈ, মানুহ হ’বলৈ। মানুহৰ অৰ্থাৎ জীৱনৰ অবিহনে প্ৰেম আৰু প্ৰেমৰ অবিহনে জীৱন দুয়োটাই অবাস্তৱ কল্পনা। প্ৰেম আৰু জীৱনৰ মাজতেই সৃষ্টি হয় এখন সেউজীয়া পৃথিৱী,য’ত বাস কৰে হাজাৰজনৰ বুকুৰ হেঁপাহবোৰ, য’ত থাকে ভালপোৱাজনৰ মনৰ অভিমানবোৰ, যাৰ প্ৰতিটো ঠিকনাতেই থাকে এখন ভালপোৱাৰ চোতাল,য’ৰ প্ৰতিজনৰ হৃদয়তে ভাহি থাকে এটি প্ৰেমৰ সুৰ…।।
Love means a silent smile from your heart…..
প্ৰেম হ’ল হৃদয়ৰ কোনো নিভৃত কোণৰ পৰা ওলাই অহা এটা নীৰৱ হাঁহি। জীৱনৰ এই বিশাল মঞ্চত পৰিস্থিতি অনুযায়ী মানুহ বহুবাৰ প্ৰেমত পৰিব পাৰে। কিন্ত নিৰ্দিষ্ট এজনৰ বাবে যেতিয়া হৃদয়ৰ আলফুলীয়া সপোনবোৰ সাৰ পাই উঠে, সেয়াই সঁচা ভালপোৱা। হৃদয়ে বিচাৰি পায় চিনাকি হৃদয়ৰ সান্নিধ্য, সৃষ্টি হয় প্ৰেমৰ অশান্ত প্লাৱন। আপোন হৈ পৰে আপোনজনৰ সুখবোৰ, দুখবোৰ। ভাললগা হৈ পৰে কৰ্তৃত্বভৰা আবদাৰবোৰ। অহৰহ কাণত বাজি উঠে প্ৰিয়জনৰ সুৰ আৰু অস্পষ্ট ফুচ্‌ফচ্‌নিবোৰ। প্ৰেয়সীৰ এটি মাত্ৰ মিচিকিয়া হাঁহিত ৰাতিবোৰে অনিদ্ৰাত ভোগে, প্ৰিয়জনৰ আপেক্ষাত হৃদয়ত জাগি উঠে মিঠা যন্ত্ৰণাৰ সুবাস।
আচলতে প্ৰেমৰ কোনো পৰিসীমা নাই। ইয়াক কোনো শব্দ আৰু বাক্যৰে সংজ্ঞাবদ্ধ কৰিবও নোৱাৰি। ই অনন্ত, ই অসীম। পৃথিৱীৰ প্ৰত্যেকৰে হৃদয়ত প্ৰেমৰ অনুভূতি থাকে। অৰ্থাৎ ই এক বিশ্বব্যাপী পবিত্ৰ স্বৰ্গীয় অনুভূতি, যাক মাথোঁ অনুভৱ কৰিব পাৰি।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments