ভালপোৱা… হয়তো এনেকুৱাই…(ময়ুৰী দত্ত)

(১)

বন্ধু প্ৰিয় আৰু বন্ধুৰো প্ৰিয়পাত্ৰী তাই। কিন্তু সেই বুলি বিৰিণাৰ সৈতে গঢ়ি উঠা বন্ধুত্বক যে বাকী বন্ধু-বান্ধৱীবোৰে মানি ল’ব পৰা নাই সেয়া তাই জানে। অসম্ভৱ ধুনীয়া বিৰিণা, কাকো পাত্তা নিদিয়ে, আনৰ কথা শুনিবই নোখোজে, নিজৰ কথাবোৰকে কৈ থাকিব খোজে, প্ৰায়ে নিজৰ সৌন্দৰ্যৰ প্ৰশংসা কাৰ মুখত কেনেকৈ শুনিলে তাৰেই বৰ্ণনা। আৰু তাই , ধুনীয়া হৃদয়ৰ সন্ধানত থকা ছোৱালীজনী, পাহাৰীয়া জুৰিৰ দৰে কলকলাই হাঁহি-মাতি কথা কোৱা ছোৱালীজনী আজি-কালি বিৰিণাৰ কাষত নীৰৱ হৈ থাকে, বিৰিণাৰ কথাবোৰ শুনি থাকে। মাজে মাজে দুই-এটা কথা সোধে, বিৰিণাই আগ্ৰহেৰে আৰম্ভ কৰে নিজৰ কথা। কলেজৰ বেছি সংখ্যক ল’ৰাই বিৰিণাৰ পৰা এটা হাঁহি, এষাৰ মাত পাবলৈ ব্যাকুল হৈ থাকে। বিৰিণাই জানে সেই কথা, হাইস্কুলৰ দিনবোৰৰ পৰা এতিয়ালৈকে তাইলৈ অসংখ্য প্ৰেমৰ প্ৰস্তাৱ আহিছে কিন্তু এইবাৰ তাই নিজেই প্ৰস্তাৱ দিলে অনুভৱক, বিজ্ঞানৰ ছাত্ৰ হৈও কলেজৰ বছেৰেকীয়া সাহিত্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী হৈ আহিছে, সি লিখা গীত ইতিমধ্যে অসমৰ কেইবাজনো জনপ্ৰিয় গায়কে গাইছে, বেচ হিট হৈছে গানকেইটা। অনুভৱেও কলেজৰ সকলোতকৈ ধুনীয়া ছোৱালীজনীয়ে উপযাচি আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱক না ক’ব নোৱাৰিলে। স্নাতক তৃতীয় বাৰ্ষিকৰ অনুভৱ আৰু উচ্চ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বিৰিণাৰ প্ৰেম কাহিনীয়ে তোলপাৰ লগালে কলেজত। ক্লাছ নোহোৱা সময়বোৰত দুয়োকে একেলগে দেখা গ’ল আৰু অনুভৱ নথকা সময়ত বিৰিণাৰ কাষত তাইক। ইমানদিনে তাইক আৱৰি থকা বন্ধু-বান্ধৱীৰ বৃহৎ দলটোৱে কাৰণটো বিচাৰি উলিয়াব নোৱাৰিলে। হুলস্থুলীয়া স্বভাৱৰ হ’লেও তাইৰ অনুভূতিপ্ৰৱণ মনটোৰ কথা জানে সিহঁতে, অন্তৰ্মুখী স্বভাৱটো অৱশ্যে অজ্ঞাত সকলোৰে। সেই মনটো তাই আজিলৈকে কাকো দেখুওৱা নাই, মনেমনে আশা কৰিছিল তাইৰ মনে বিচৰা আন এটি আন এটি অনুভৱী মনে তাইৰ এই অন্তৰ্মুখী স্বভাৱটো আৱিষ্কাৰ কৰিব। কিন্তু এতিয়া তাই বুজি পালে তাইৰ সেই আশা পুৰণ নহ’ব, তাইৰ সপোনৰ সেই অনুভৱী মনটো তাই বিচাৰি পাইছিল অনুভৱৰ মাজত, তাৰ শব্দ আৰু অনুভৱৰ গভীৰতাত তাই ডুব গৈছিল বহুদিনৰপৰাই। অনুভৱ আৰু বিৰিণাৰ মাজত গঢ়ি উঠা সম্পৰ্কই তাইক আশাহত কৰিলেও সপোন দেখাৰ পৰা বিৰত ৰাখিব নোৱাৰিলে, হয় তাই জানে কাহানিও দিঠক নোহোৱা সপোন সেইবোৰ। কাৰোবাক ভাল পাবলৈ যিদৰে কোনো কাৰণ নেলাগে, সেইদৰে ভালপোৱাৰ বিপক্ষে সহস্ৰ যুক্তি থাকিলেও জানো অনুৰাগে শিপা নেমেলাকৈ থাকে। অনুভৱৰ বিষয়ে শুনিবলৈ ভাল পায় তাই, সকলো সময়তে শুনিব খোজে তাৰ কথা। আৰু ইয়াৰ বাবে বিৰিণাৰ বাহিৰে আন কোনো উপযুক্ত নহয় তাই জানে। আজিকালি সকলো সময়তে বিৰিণাৰ মুখত কেৱল অনুভৱৰ কথা, তাৰ গুণানুকীৰ্তন। লগৰ বাকীবোৰৰ বাবে প্ৰচণ্ড বিৰক্তিকৰ, কিন্তু তাইৰ বাবে এয়া প্ৰাপ্তিৰ সময়। ভালপোৱা জনৰ লগত কথা-পতাৰ সুযোগ নেথাকিলেও তেওঁৰ বিষয়ে শুনিবলৈ পোৱা সময়খিনিও হৈ উঠে মধুৰ। কেতিয়াবা তাইৰ জানিবলৈ মন যোৱা দুই-এটা কথা সুধিও দিয়ে আৰু পৃথিৱীৰ সমস্ত উৎকণ্ঠাৰে শুনিবলৈ ৰৈ থাকে বিৰিণাই আৰম্ভ কৰালৈ “আজি জানা অনুভৱে…………………..।

(২)

সপ্তাহত এবাৰলৈ হ’লেও তাই মানুহগৰাকীৰ ওচৰলৈ যায়। ঘৰত কৈ আহে কম্পিউটাৰৰ নতুন এটা ক’ৰ্চৰ ক্লাছ লোৱা বুলি । মানুহগৰাকীৰ ঘৰখনৰ বাকীবোৰ মানুহৰ চকুত ফুটি উঠে বিস্ময়। তাই নীৰৱে বহি ৰয় তেওঁৰ কাষত গোটেই আবেলিটো, কেতিয়াবা সন্ধ্যা লাগি ভাগি যায়। মানুহগৰাকী তাইৰ উপস্থিতি সম্পৰ্কে উদাসীন। ইতিমধ্যে সময় স্তব্ধ হৈ পৰিছে তেওঁৰ বাবে। অতীততে অহৰহ ডুব গৈ থাকে তেওঁ। ২৫ বছৰীয়া এখন নিজৰ পৃথিৱীৰ প্ৰতিটো পলৰ কথা কৈ থাকে তেওঁ, বাৰে বাৰে কৈয়ো অলপো নাভাগৰে। আৰু তাই উৎকৰ্ণ হৈ ৰয় তেওঁৰ প্ৰতিটো কথালৈ, অসীম আগ্ৰহেৰে শুনে, শুনি শুনিও হেঁপাহ নপলায়, আমনি লগাৰ প্ৰশ্নই নাহে, কিমান কথা এতিয়াও জানিবলৈ বাকী, তাই সেই সুযোগ হেৰুৱাব নোখোজে। তেওঁ হাঁহিলে হাঁহে, তেওঁ কান্দিলে উচুপি উঠে। বিশ্ববিদ্যালয়লৈ যোৱাৰ দিন চমু চাপি আহিছে, তাই এনেকৈ আৰু আহিব নোৱাৰিব, হয়তো তিনি -চাৰি মাহৰ মূৰত এদিন অহা হ’ব। সেই সময়বোৰৰ বাবে তাই তেওঁৰ কথাবোৰ লৈ যাব খোজে, তাই কথাবোৰৰ খোলা এটা সাজিবলৈ বিচাৰে, আন একোৱে তাইক স্পৰ্শ কৰিব নোৱাৰাকৈ। আজি চাৰি বছৰেও তাইৰ হিয়াত সযত্নে পালিত হৈ আছে অনুভৱৰ প্ৰতি থকা ভালপোৱা। তাই জানে এই ভালপোৱাৰ অস্বীকাৰ আত্মপ্ৰতাৰণা। বিৰিণা আৰু অনুভৱৰ সম্পৰ্কৰ সমান্তৰাল ভাৱেই তাই আগুৱাইছিল ভালপোৱাৰ নিজস্ব বাটেৰে। স্নাতক শেষ বৰ্ষৰ পৰীক্ষা দিয়াৰ পিছৰ এই ছমাহ তাই এনেদৰেই আহি আছে এই বিশেষ ঘৰখনলৈ। যিখন ঘৰৰ পৰা অনুভৱ ওলাই গৈছিল নতুন চাকৰিত যোগ দিবলৈ আৰু আধা বাটৰ পৰাই তাক ওভোতাই আনিছিল অচিনাকি মানুহকেইজনে, অথচ কোনেও বাধা দিব নোৱাৰিলে তাক চিৰদিনলৈ ঘৰখন, সকলোকে এৰি যোৱাত। সেইসময়ত আহিব নোৱাৰিলে তাই ইয়ালৈ, সাধাৰণভাৱে দুখ প্ৰকাশ কৰাৰ বাদে আন একো উপায় নাছিল সকলোৰে সন্মুখত। ইতিমধ্যে বিৰিণা এমবিএ কৰিবলৈ অসমৰ বাহিৰলৈ গুচি গৈছে। যোৱাৰ আগতে বিৰিণাই তাইক লগ কৰি কৈ গৈছে সময়ে এদিন মনৰ ঘাঁ শুকুৱাব বুলি ভাবিছে, জীৱন থমকি নৰয় কেতিয়াও, আগবাঢ়িবই লাগিব। অথচ অনুভৱৰ স্থায়ী অনুপস্থিতিতো তাইৰ মনৰ গভীৰতালৈ কুৰুকি কুৰুকি বেছিকৈহে সোমাই গৈ আছে সেই অবিনশ্বৰ ভালপোৱা। বিৰিণা নাই, থকা হ’লেও হয়তো অনুভৱৰ প্ৰসংগ উলিওৱাৰ সাহস নহ’লহেঁতেন তাইৰ বিৰিণাৰ ওচৰত। এইবাৰ তাই এইগৰাকী মানুহৰ আশ্ৰয় ল’লে। সৰু পুত্ৰ অনুভৱৰ মৃত্যুত দিক-বিদিক হেৰুওৱা অনুভৱৰ মাকৰ বাবে স্থান, কাল, পাত্ৰৰ কোনো বোধ নাই, তেওঁৰ পৃথিৱীখন সীমাবদ্ধ হৈ পৰিছে অনুভৱৰ ২৫ বছৰীয়া জীৱনটোৰ মাজতে। সকলো সময়তে তেওঁ আপোন মনেৰে কৈ থাকে অনুভৱৰ জন্মৰ সময়ৰ পৰা পূৰ্ণ যুৱক হোৱালৈ তাৰ জীৱনৰ অলেখ ঘটনা। তাই কেতিয়াও সুধিব নালাগে , মানুহগৰাকীয়ে কৈ থাকে, কৈয়েই থাকে – “অনুভৱে এদিন………….।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments