ভাল কি, বেয়া কি ? -(অনামিকা বৰু‌ৱা)

-অনামিকা বৰু‌ৱা

ভাল কি, বেয়া কি ?

 

ঘৰত মানুহজন নাই বুলিয়ে এইকেইদিন অফিচৰ পৰা অলপ সোনকালে আহিছোঁ | আনদিনাৰ সময়ত ওলালে কেতিয়াবা ৰিক্সা নাপাওঁ| ৰিক্সা নাপালে ৩ কি.মি. বাট খোজকাঢ়ি অহাৰ কথাটো ভাবিলে ভাগৰে আগতেই হেচাঁ মাৰি ধৰে| আজি ৪.৩০ টাতে ঘৰ পালোঁহি| ঘৰ পাই দেখো ল’ৰাটো লগৰ দুটামানৰ লগত আলিৰ সিটো মূৰত কথা পতাত ইমানেই মগ্ন যে সি মোক দেখাই নাই| গেটখন খুলি মই মাত দিলোঁ-“বাবা”| মোৰ মাত শুনি সি মা আহিলা বুলি ঘৰলৈ আহিল| সন্ধিয়ালৈ চাহ তাহ খাই তাক ক’লো-“ বাবা, আজিৰ পৰা বাহিৰলৈ নাযাবা| দেউতাও নাই ঘৰত| আৰু এই বেয়া ল’ৰাবোৰৰ লগ হৈ তুমিও বেয়া হ’লে মই দেউতাক কি কম”?  সি মোৰ ফালে চাই ক’লে-“মা , দেউতাইতো কৈয়ে থাকে| আজি তুমিও ক’লা| আচলতে ভাৰ্গব বেয়া ল’ৰা নহয়| মানুহৰ ভাল বেয়ানো কিহৰ ওপৰত নিৰ্ভৰ কৰে”? এক মুহুৰ্তৰ বাবে মই স্তব্ধ হৈ গ’লোঁ| কিমান ডাঙৰ প্ৰশ্ন এটা কৰি দিলে সি! মই ক’লো-“ভাৰ্গব ভাল নে বেয়া মই সেইটো কোৱা নাই| কিন্তু সি যি ধৰণে কথা কয় , যেনেকুৱা ধৰণৰ কথা কয় ভাল ল’ৰাই তেনেকৈ কথা নকয়| আৰু তাৰ পৰীক্ষা শেষ হৈয়ো নতুন ক্লাচ আৰম্ভ হৈছে| গতিকে সি এতিয়া নপঢ়িলেও হয়| কিন্তু তোমাৰ বছৰেকীয়া পৰীক্ষা| গতিকে তুমি পঢ়িব লাগিব| ভাল বেয়াটো পিছৰ কথা”| তাক পঢ়াৰ টেবুলত বহুৱাই মই ভাবি আছো এৰা কোন ভাল কোন বেয়া! মানুহৰ ভাল বেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে? আমি মানুহ এজনৰ জীৱনকালত তেওঁৰ সঠিক বিশ্লেষণ কৰিব পাৰোঁ জানো ? কোনোবাই কিবা এটা ভুল কৰিলে বা বেয়া কৰিলে তাকেই ভুল কৰোঁতাজনৰ পিঠিত লেবেল লগাই ঠাট্টা ইতিকিং কৰি তেওঁৰ জীৱন দুৰ্বিসহ কৰি নোতোলোনে? সময় পাৰ হৈ গ’লেও সুৰুঙা পালেই সেই ভুলটো খুচৰি মানুহজনক বাৰে বাৰে আঘাট নাসানোনে? তেতিয়া হ’লে বেয়া কোন?

 

ভাল বা বেয়াৰ সংজ্ঞা কি? যাৰ পৰা আমাৰ লাভ হয় সেয়ে ভাল আৰু যাৰ পৰা আমাৰ লোকচান হয় সেয়ে বেয়া ,সাধাৰণভাবে এইয়াই নহয় জানো? ইয়াৰ অৰ্থ এইটো নেকি যে ব্যক্তিকেন্দ্ৰিক হৈ আমি মাত্ৰ লাভ-লোকচানৰ ওপৰতে বিচাৰ কৰি ভাল বা বেয়াৰ সংজ্ঞা আমাৰ সুবিধামতে কওঁ বা দিওঁ? জন্মতেই কোনো মানুহ ভাল বা বেয়া হৈ নাহে| নিজৰ কৰ্মৰাজিৰে মানুহে নিজৰ ভাল বা বেয়াৰ পৰিচয় ডাঙি ধৰে| কিন্তু আনক ভাল বা বেয়া বুলি ক’বলৈ যোৱাৰ আগতে আমি নিজকে কিমান ভাল বা কিমান বেয়া বুলি কেতিয়াবা বিশ্লেষণ কৰি চাওঁ নে ? স্বাৰ্থপৰতাৰ সীমাৰ বাহিৰলৈ গৈ নিৰপেক্ষভাবে নিজেই নিজকে সমালোচনা কৰোঁনে? আমাৰ চকুৰ আগতেই কোনোবাই যদি কিবা বেয়া কৰে চকু কাণ মুদি বহি নাথাকি সেই বেয়া “টোক” বা “খিনিক” ভাল কৰিবলৈ কিবা কৰোঁনে?

 

আজিকালি চাৰিওফালে মাথো হত্যা হিংসা লুন্ঠন আৰু দুৰ্নীতিৰ মেলা| নিজক প্ৰাধান্য দি সকলোৱে মাথো স্বাৰ্থসিদ্ধি কৰে| অন্যায় অনাচাৰ বাঢ়ি যোৱাৰ লগে লগে যেন ভাল বেয়াৰ স্বৰূপো সলনি হৈছে| যিদৰে সলনি হৈছে মানুহৰ চিন্তাধাৰা-মূল্যবোধ| ভাল-বেয়া, পায়-নেপায়, উচিত-অনুচিত , ভুল-শুদ্ধ সকলোবোৰে যেন নিজৰ স্থান হেৰুৱাইছে| সকলোবোৰে মানুহৰ স্বাৰ্থৰ ব্যৱহাৰত পৰি নিজৰ মান হেৰুৱাইছে | আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক| ঘৰখনেই ল’ৰা-ছোৱালীৰ প্ৰথম পঢ়াশালি| এই কোমল বয়সতেই আমি আমাৰ ল’ৰা-ছোৱালীক যদি উচিত শিক্ষা দি শুদ্ধ পথ দেখুৱাব নোৱাৰোঁ তেনেহ’লে ভৱিষ্যতে সিহঁতৰ পৰা উন্নতি আশা কৰিম কেনেকৈ? মোৰ মতে আনৰ অহিত চিন্তা কৰা, অপকাৰ কৰা, নিজৰ লগতে সমাজৰ অনিষ্ট কৰিব পৰা কথা বা কাম সকলোবোৰেই বেয়া| কিন্তু ভাল কোনবোৰ? এই লৈ মই অলপ বিবুদ্ধিত পৰোঁ| আজিৰ দিনত বহুত টকা পইচা সা-সম্পত্তি লৈ ডাঙৰ ডাঙৰ চহৰবোৰত অট্টালিকা সাজি লাহ বিলাহত দিন কটাব পৰাটোৱে ভাল| নিজৰ জীৱনত একো কৰিব নোৱাৰিলে পুতেক বা জীয়েক-জোঁৱায়েক কোনোবা যদি বিদেশত থাকে সেয়া ভাল| উচ্চ পদস্থ বিষয়া হ’ব পাৰিলে সেয়াও ভাল| মন্ত্ৰী এম.এল.এ হ’ব পাৰিলেতো কথাই নাই| নহ’লেও ডাক্তৰ ইঞ্জিনীয়াৰ হ’বই লাগে| নতুবা টেবুলৰ তলেৰে হাতৰ মুঠি ভৰ্তি হোৱা তেনেকুৱা সুবিধা থকা চাকৰিও বেয়া নহয় । ….. নাজানো ।

 

 

মানুহজনে অফিচৰ পৰা আহি প্ৰায়ে ল’ৰাটোৱে শুনাকৈ কয় অমুকৰ ল’ৰাটো পঢ়াত ইমান ভাল তমুকত ছিট পালে| তমুকৰ ল’ৰাটো তমুক হ’ল| চব ভাল| আমাৰ ইহে কি হ’ব! নপঢ়েই দেখোন! তুমিও নোচোৱা হ’লা! মিছা নহয়| ল’ৰাটোৱে একেবাৰে নপঢ়ে| মই ওচৰত বহি থকাৰ সময়খিনিয়ে যি মন দি পঢ়ে| আজিকালি ময়ো নপঢ়াওঁ তাক| কাৰণ সি অনবৰতে মোৰ গাত ভেজা দিবলৈ লৈছে| যিটো মুঠেই ভাল লক্ষণ নহয়| মাক হিচাপে মই তাৰ ভাল হোৱাটোৱে বিচাৰিম| তাৰবাবে তাক যিখিনি সহায় সহযোগ লাগে সেইখিনি মই নিশ্চয় কৰিম| কিন্তু ভাটৌ চৰাইৰ দৰে মুখস্থ মাতি একো নুবুজাকৈ নম্বৰ দুটামান বেছিকৈ পাই সি আগবাঢ়ক সেয়া মই নিবিচাৰোঁ| শুনাত আচহুৱা যেন লাগিলেও প্ৰতিষ্ঠাৰ দৌৰত সি তাৰ মানবীয় প্ৰমূল্যবোধ তাৰ চেতনা হেৰুৱাটো মই নিবিচাৰোঁ| মই নিবিচাৰোঁ পঢ়া শুনাত টপাৰ হৈ সি কোনোবা দূৰ-দূৰণিলৈ গুচি যাওক| বিদেশলৈ গৈ মাক দেউতাক ভনীয়েকৰ মুখকেইখন সি পাহৰি যাওক| ভৱিষ্যতৰ নিৰাপত্তাৰ নামত দিনে ৰাতিয়ে কেবল টকা পইচাৰ হিচাপ কৰক| খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সি কেবল অংককে কৰক| জীৱন চলোৱাৰ অংক| মই বিচাৰোঁ সি ইয়াতে থাকক| মোৰ আশে পাশে| গান গাওঁক| নাটক কৰক| বিহু আহিলে , পূজা আহিলে আমাৰ লগত একেলগে আনন্দ উপভোগ কৰক| আমাৰ অসুখ-বিসুখ হ’লে সিও অলপ ব্যস্ত হওক| সাধাৰণ চাকৰি এটা কৰি বা নিজা ববীয়াকৈ কিবা এটা কৰিয়ে সিয়ো সন্তুষ্ট হওক| মাটিৰ মানুহ হৈ সাধাৰণ মানুহৰ সুখ দুখ সি তাৰ মাজত উপলব্ধি কৰক| উচ্চকাংক্ষাৰ ভৰত আমোদ প্ৰমোদৰ নিচাত পৰি সি যেন নাৰী মানে কেৱল এটা শৰীৰ বুলি ভবাৰ ভুল নকৰে| শৰীৰটোৰ আঁৰত মন এটাৰ ভাঁজত মা-বাই-ভনী বা আন কোনোবাৰ উপস্থিতি অনুভৱ কৰিব পৰাকৈ তাৰ মনটো সংবেদলশীল হওক| জীয়াই থকাটো যেন তাৰবাবে এটা অভিশাপ হৈ নুঠক| মোৰ পৰিচয় কঢ়িয়াব নালাগে সি| সি নিজেই তাৰ নিজৰ পৰিচয় দিয়ক| সঁচা অৰ্থত মানুহ হওক| দয়া-মায়া ,  মমতা ,  মানৱতা , সাধুতা এই শব্দবোৰৰ অৰ্থ সি বুজি পাওক| হাঁহি কান্দোনৰ পাৰ্থক্য সি উপলব্ধি কৰক|

 

ৰামায়ন মহাভাৰতৰ যুগৰে পৰাই এই ভাল বেয়াই মানুহক ছলনা কৰি আহিছে| অথবা মানুহে নিজৰ সুবিধা অনুযায়ী ভাল-বেয়াক ব্যৱহাৰ কৰি আহিছে| যদিও মানুহে ৰামক শ্ৰেষ্ঠ বুলি কয় মই মানি নলওঁ| একেজনেই ৰাম যি পিতৃ বাক্য পালিবলৈ ১৪ বছৰ বনবাস খাটিছিল; কিন্তু গৰ্ভৱতী পত্নীক নিৰ্জন বনত এৰি দিবলৈ এবাৰো কুন্ঠাবোধ কৰা নাছিল| অথচ সেইগৰাকী পত্নীয়ে সোণৰ কাৰেং এৰি পলকতে ৰামৰ সৈতে বনলৈ যাবলৈ দ্বিধাবোধ কৰা নাছিল| ৰামে পুত্ৰ বুলি লৱ-কুশক আদৰি লৈছিল কিন্তু সিহঁতক জন্ম দিয়া মাতৃক আকৌ অগ্নিপৰীক্ষা দিবলৈ কৈছিল| ৰাৱনে সীতাক হৰণ কৰাৰ সলনি ৰামে যদি দ্বিতীয়বাৰৰ বাবে কাৰোবাৰ পাণিগ্ৰহণ কৰিব খুজিলে হয় তেতিয়া সীতাৰ প্ৰতিবাদ বা মনোকষ্টই কিবা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেহেঁতন নে?  এইটো এটা সাধাৰণ প্ৰশ্ন| মহাভাৰততো মাক হৈয়ো কুন্তীৰ পক্ষপাতমূলক আচৰণ| ধৃতৰাষ্ট্ৰৰ অত্যধিক পুত্ৰস্নেহ| শকুনিৰ প্ৰতিশোধ| কৌৰৱৰ সীমাহীন লালসা| কৃষ্ণৰ ৰাজনৈতিক চাতুৰ্য্য| সপ্তৰথীৰ অভিমন্যু বধ| যুধিষ্ঠিৰৰ অহেতুক সত্যপ্ৰিয়তা| দ্ৰোণাচাৰ্য্যৰ একলব্যৰ পৰা গুৰুদক্ষিণা লাভ| কৰ্ণৰ অভিশাপ ।  তথাপি ৰামায়ন আৰু  মহাভাৰত দুয়োখন মহাকাব্য সেয়া স্বীকাৰ কৰিবই লাগিব| দস্যুৰ পৰা ঋষিলৈ ৰত্নাকৰৰ যি পৰিৱৰ্তন তাৰে প্ৰতিলিপি ৰামায়ন| আনহাতে অসামাজিকভাবে জন্মগ্ৰহণ কৰিও মহৰ্ষি ব্যাসে মহাভাৰতৰ ৰূপত যি মহাকাব্য ৰচনা কৰিলে সেয়ে তেওঁক  যুগমীয়া কৰিলে|

 

 

ভাল অথবা বেয়া যিকোনো এটা হ’বই লাগিব| ভালে-বেয়াই মিলিহে এজন মানুহ “মানুহ” হয়| বেয়াখিনি ঢাকি ৰাখি ভালখিনি বিচাৰি উলিয়াই কিয় বাৰু  আমি জীয়াই থকাৰ দিনকেইটা অলপ সহজ কৰি নোতোলোঁ ! কিয়নো অনবৰতে ভালৰ শৰাধ পাতি বেয়াবোৰ বিচাৰি ফুৰোঁ ? আহকচোন ভালবোৰ বিচাৰি চাওঁ| আমি অভিভাৱকসকলেই যদি বাট দেখুৱাই নিদিওঁ আমাৰ অনুগামীসকলৰ পৰা ভালটো আশা কৰিম কেনেকৈ? উপদেশতকৈ আৰ্হি ভাল| যি ভাল সি সদায়েই  ভাল| কথাতে কয় নহয় “ভালে পায় ভালক , জাবৰে পায় খালক”|

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক