ভাল কৰ্ম-কাণ্ডৰ বিষয়ে (-নিপুল মেধি)

ভাল কৰ্ম-কাণ্ডৰ বিষয়ে

 

নিপুল মেধি

 

 

 

পাতনি :

মোৰ এজন বেচ আঢ্যৱন্ত বন্ধু আছে – মাজে সময়ে মোৰ খা-খৱৰ কৰি  থাকে । দুবছৰ মান আগতে এদিন বন্ধৰ দিনত মোৰ ঘৰত আহি ক’লে যে তেওঁক এটা কামত অলপ সহায় কৰি দিব লাগে আৰু আমিনগাৱলৈ এতিয়া তেওঁৰ লগত মই যাব লাগে । বন্ধুৰ প্ৰকাণ্ড বিলাসী বাহন খনত উঠি ভৰলুমুখ পাওতে বন্ধু জনে বাওঁফালৰ ৰাস্তা এটাৰে বাহন খন সুমুৱাই কুমাৰপাৰাত থকা এটা দুমহলীয়া ঘৰৰ প্ৰাংগনত প্ৰৱেশ কৰিলে । বন্ধুৱে বাহনৰ ফিচাখনত লৈ অহা তিনিটা বৃহৎ আকাৰৰ টোপোলা নমালে । গধুৰ বেচি কাৰণে মইয়ো বস্তুখিনি দঙা-মেলাত সহায় কৰি দিলো –দুটা টোপোলাত আছিল প্ৰায় দুমাহ-তিনিমাহ ব্যৱহাৰ কৰা দামী সাজ-পোছাক , সুন্দৰকৈ ধুই অনা কাপোৰ –আনটো টোপোলাত আছিল কিছু খাদ্য সামগ্ৰী । ১০০০ টকা উলিয়াই বন্ধুৱে এই “অনাথ আশ্ৰম” খনৰ তদাৰককাৰী এজনৰ হাতত দি ততালিকে আকৌ গাড়ীত বহিল । মোৰ এইজন বন্ধুৰ কাপোৰ কিনাটো এটা চখ –কিন্তু কোনো কাপোৰেই ২-৩ মাহৰ ওপৰত নিপিন্ধে । মই তেওঁক সুধিলো “ আপুনি কিমান দিনৰ পৰা এনেধৰনৰ কাম কৰি আছে ? মই আপোনাৰ ঘনিষ্ঠ বন্ধু হৈয়ো আজিহে অপোনাৰ এইবোৰ কৰ্ম-কাণ্ডৰ বিষয়ে জানিব পাৰিলো ।“ বন্ধুৱে ক’লে “ অন্য সকলো কথা ক’লেও এইধৰণৰ কামৰ কথা ক’লে ভগৱানে বেয়া ভাবিব – মোৰ জীৱনৰ হিচাপ-নিকাচ খিনি তেওঁৰ হাতত আছেই নহয় ।“

মূল কথা :

জুলী নামৰ ছাত্ৰী এগৰাকীৰ নৈশ-বাচৰ দূৰ্ঘটনাত হাত ছিঙি গৈছিল কিছুবছৰ আগতে ।চিকিৎসা আৰু কৃত্ৰিম হাত সংৰোপণৰ কাৰনে বহু টকাৰ দৰকাৰ । অন্ধকাৰে আৱৰি ধৰি থাকোতেই অইন বহুতৰ লগতে আগবাঢ়ি আহিল প্ৰখ্যাত ছাত্ৰ –সংগঠন এটাৰ লগতে মাৰোৱাৰী যুৱ-মঞ্চ । এই মহৎ প্ৰচেষ্টাৰ কাৰনেই জুলী নামৰ এই গাভৰু ছোৱালী জনীয়ে জীৱনত পোহৰ দেখা পাইছে ।

লতাশিল খেলপথাৰৰ কাষত থকা গনেশ মন্দিৰৰ পৰিচালনা সমিতিয়ে দুবছৰ মান আগৰ পৰা সিদ্ধান্ত ল’লে যে মন্দিৰত সংগৃহীত দান-বৰঙনিৰ সহায়ত ২৫ জন দুখীয়া ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ খৰচ বহন কৰিবলৈ আগবাঢ়ি অহাৰ কথা । জুবিন গাৰ্গৰ কিছুমান কৰ্ম-কাণ্ডই মাজে-মাজে মনত দুখ দিয়ে –কিন্তু এইজন জুবিনেও কিছুমান এনেধৰনৰ ভাল কাম কৰি আহি আছে – প্ৰচাৰ নিবিচাৰে তেওঁ কৰা –এই ভাল কামৰ কাৰণে ।

আশাদ্বীপ , স্নেহালয় , কৰুণাধৰা , স্বৰস্বতী ৱাগ-ধ্বনি ,ভাৰতীয় শিশু-কল্যাণ (অসম শাখা),  চাইল্ড লাইন আদি বহু সংগঠনে দেহে-কেহে লাগি মানৱতাৰ জয়গান নিঃশব্দে গাই ফুৰিছে ।

সৰু-ছোৱালী এজনী হেৰাইছে – খবৰটো বাতৰি কাকতত দিব লগা হ’ল –  যাতে উদ্ধাৰ কৰিব পাৰি । সমস্যা হ’ল এই যে কাকতত দিবলৈ কমেও ১০ হাজাৰ টকাৰ দৰকাৰ , হাতত আছে মাত্ৰ ২ হাজাৰ টকা । মানৱ দৰদী এই সংস্থাটোৱে অসমীয়া বহুল প্ৰচাৰিত কাকত এখনৰ কাষ চাপিলে আৰু ২ হাজাৰ টকা সহ কাগজ-পত্ৰ খিনি তেওঁলোকৰ হাতত দি অনুৰোধ কৰি আহিল। কাকত খনৰ হৈ যিজনে এই প্ৰস্তাৱটো গ্ৰহণ কৰিছিল তেওঁ কৈছিল যে মই মোৰ ওপৰত থকা চাৰলৈ কাগজ খিনি পঠাই দিম , কি কৰে মই এতিয়াই একো খাটাং কৈ ক’ব নোৱাৰিম । তাৰপিছদিনা খনেই এই হেৰোৱা ছোৱালী জনীৰ ফ’টোৰে সৈতে নিউজটো কাকত খনত ছপা হৈ ওলাল আৰু চাৰিদিন মানৰ ভিতৰত ছোৱালী জনীও উদ্ধাৰ হ’ল ।

এবছৰ মান আগতে কোনোধৰনৰ খৱৰ মিডিয়াক জানিবলৈ নিদি দীক্ষু নামৰ উদীয়মান অসমীয়া গায়ক এজনে তেওঁৰ পত্নীক লগত লৈ এটা ১৮ বছৰ বয়সৰ তলৰ নিৰ্যাতিত ছোৱালীৰ আশ্ৰয় গৃহ এটাত উপস্থিত হ’ল – কিছু উপহাৰ সামগ্ৰীৰ লগত লৈ গোটেই দিনটো পতি-পত্নী দুয়োজনে নাচ-গানৰ লগতে মানৱতাৰ জয়গান কৰি গুছি গ’ল। কোনো প্ৰচাৰ মাধ্যমক একো কথা জানিব নিদিলে ।

প্ৰায় ৭০ বছৰ বয়সীয়া ডাক্তৰ জনে ফোন ক’ল এটা পাই নিজেই তেওঁৰ পুৰণি মাৰুতী ৮০০ খন চলাই ২০ কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি উপস্থিত হ’ল এটা আশ্ৰয় গৃহত- ৰাতি ১১ বজাত – ৯ বছৰ বয়সৰ ছোৱালী এজনী গুৰুতৰ ভাৱে অসুস্থ। পৰীক্ষা কৰি চাই তেওঁ নিজেই মেডিকেল কলেজৰ হস্পিটেলত ছোৱালী জনীক ভৰ্তি কৰালে । নিজৰ টকা-পইচা-কষ্টৰ কথা চিন্তা নকৰাকৈ অকল মানৱতাৰ জয়গান গাবলৈ এই বৃদ্ধ ডাক্তৰ জনে ৰাতি এপৰলৈ ৰৈ থাকিল ছোৱালী জনীৰ কাষত ।

সামৰণি :

ওপৰত উল্লেখ কৰা প্ৰতিটো কথাই সঁচা ঘটনা । এনে ধৰনৰ ভাল কৰ্ম-কাণ্ড বহুতেই কৰি আছে । মই তলত দীক্ষুৰ ছবি এখন দিলো । মানৱতাৰ জয়গান মোৰ এই অসম ভূমিতেই বহু মানুহে প্ৰচাৰ বিমূখ ভাৱে কৰি আছে । প্ৰচাৰ নিবিচাৰে একমাত্ৰ মই ওপৰত লিখা মোৰ বন্ধুজনে দিয়া যুক্তিটোৰ বাবেই নেকি – “ভগৱানে বেয়া ভাবিব –মোৰ জীৱনৰ হিচাপ-নিকাচ খিনি তেওৰ হাতত আছেই নহয় ।“
এনেবোৰ কৰ্ম-কাণ্ডৰ বিষয়ে প্ৰচাৰ কৰিব পালেও মই নিজকে ধন্য বুলি ভাৱো – মই নিজে কিবা এনেধৰনৰ কাম কৰিছোনে , নকওঁ – “ভগৱানে বেয়া ভাবিব –মোৰ জীৱনৰ হিচাপ-নিকাচ খিনি তেওঁৰ হাতত আছেই নহয় ।“

ভাল কথা-বতৰা আৰু ভাল কৰ্ম-কাণ্ডৰ বিষয়ে প্ৰচাৰ আজিৰ অসম ভূমিত সজোৰে হওঁক – যাতে ইয়ে সকলোৰে মনবোৰ মৰম-চেনেহ-ভাতৃত্ববোধৰ দ্বাৰা উপচাই দিয়ে ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments