ভাল খবৰ, সুস্থ সমাজ ইত্যাদি – হৃদয়জ্যোতি ডেকা

সহজতে কৈ থ’বলৈ হ’লে অনুভূতিমূলক আৰু আচৰণগতভাৱে সন্তোষজনক অৱস্থাই হ’ল মানসিক স্বাস্থ্য। চাপ, দুঃশ্চিন্তা, বিষণ্ণতা, আসক্তি, মনোযোগহীনতা ইত্যাদিবোৰ হ’ল মানসিক সমস্যা। আকৌ আন ব্যক্তিৰ সৈতে অৰ্থবহ সম্পৰ্ক স্থাপন কৰা তথা সূস্থ আৰু ইতিবাচক ভাব-বিনিময়ৰ সামৰ্থ্যই ব্যক্তিৰ সামাজিক স্বাস্থ্য। এজন ব্যক্তিৰ সমাজৰ আন ব্যক্তিৰ সৈতে সংযোগ স্থাপনৰ ধৰণ, বিভিন্ন সামাজিক পৰিস্থিতিৰ সৈতে অভিযোজনৰ ক্ষমতা আৰু সমাজখনৰ প্ৰতি একাত্মবোধৰ অভিজ্ঞতাই তেখেতৰ সামাজিক স্বাস্থ্য নিৰ্ণয় কৰে

সম্প্ৰতি এয়া সংকট কাল। এখন দেশৰ কোনো প্ৰদেশৰ এটা মাত্ৰ উঁহৰ পৰা উৎপত্তি হোৱা এবিধ ৰোগ গোটেই পৃথিৱী বিয়পি পৰিল। কোনো শক্তিমন্ত ৰাষ্ট্ৰয়ো ইয়াৰ গতি-বিধি টলকিব নোৱাৰিলে। ই সোঁৱৰাই দিছে প্ৰচলিত ৰাজনীতি, অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ অসাৰ্থকতাৰ কথা। আজি আমাৰ মনবোৰ অন্ধকাৰাচ্ছন্ন। আমি সন্দিহান। শেহতীয়াকৈ ইতিবাচক যি শুনিছোঁ সেয়া মুখ্যত: SWAB পৰীক্ষাৰ ফলাফলৰ কথা। আমাৰ মনত অহৰ্নিশে খুন্দিয়াই থকা কথাটো হ’ল – প্ৰাক-মহামাৰী কালৰ স্বচ্ছন্দময় দিনবোৰ আমাৰ জীৱনলৈ উভতি আহিব নে নাহে? আমি আকৌ আত্মীয়-স্বজনৰ সৈতে পাৰ্ক-ৰেষ্টোৰালৈ যাম নে? দেওবৰীয়া হাট চাম নে? উছৱমূখৰ দেশখনলৈ কেতিয়া যে ঘুৰি আহিব উছৱৰ আলোড়ন। নিকট সামাজিক বান্ধোন অতীতৰ ধাৰণালৈ পৰ্যবসিত হ’ব নেকি? যদি পৰিচালিত সামাজিক দূৰত্বই ভাঙে হৃদয়ৰ সেতুবন্ধন! গণতন্ত্ৰ পৰিৱৰ্তিত হ’ব নেকি এনে এক ব্যৱস্থালৈ য’ত শাসকগোষ্ঠীয়ে একপক্ষীয়ভাৱে নিৰ্দ্ধাৰণ কৰিব স্বাধীনতাৰ সংজ্ঞা? উদ্বিগ্নতা-হতাশা-আসক্তি হৈ পৰিব নেকি ন-প্ৰজন্মৰ ন-পথ্য

আমি পৰিধান কৰা মাস্কবোৰৰ ৰং একে নহ’লেও এক বিশেষ অনুভূতিয়ে সম্ভৱতঃ সকলোৰে মনত ক্ৰিয়া কৰি মনবোৰত একেই পোচাক পিন্ধাইছে। সেয়া হ’ল –ভয়। ই আমাক এইদৰে অথিৰ আৰু সন্ত্ৰাসিত কৰি তোলে যে কেতিয়াবা এনে কথা ক’ব খোজোঁ বা এনে কাম কৰিবলৈ ধৰোঁ যিবোৰক আমি সুস্থ সময়ত অকৰণীয় বুলি গণ্য কৰোঁ। এই প্ৰত্যাহ্বানমূলক পৰিস্থিতিক হাতৰ মুঠিত ৰাখিবলৈ আমি নেতিবাচক চিন্তাৰ পৰা মুক্ত হৈ শাৰীৰিক আৰু মানসিক চৰ্চা তথা পুষ্টিকৰ আহাৰেৰে পৰিপুষ্ট হৈ থাকিব লাগিব। তাৰোপৰি সহায় এনে এক অস্ত্ৰ যি আমাৰ সামাজিক স্বাস্থ্য অটুট ৰখাত সহায় কৰিব। বয়োজ্যেষ্ঠজনক, শিশুটিক, দিব্যাংগজনক তথা ৰুগ্নজনক এতিয়া সহায়ৰ বিশেষ প্ৰয়োজন। উৰা-বাতৰি, উত্তেজনাৰ সৃষ্টি কৰিব পৰা বাতৰি আৰু সামাজিক মাধ্যমৰ উচটনিমূলক আলোচনাৰ পৰা আঁতৰি থাকি প্ৰকৃত তথ্যৰ ওপৰত নিৰ্ভৰশীল হৈ মানসিক চাপ দূৰ কৰিব পাৰি। ৰোগৰ ভয়াবহতাৰ কথা পৰিহাৰ কৰি সুস্থ হৈ ঘৰলৈ উভতি অহা জনৰ কথা পাতিলে মন ভালে থাকিব। অনুভূতিজনিত সমস্যাবোৰ দূৰ কৰাতো অত্যন্ত আৱশ্যকীয়। দীৰ্ঘ সময় ধৰি কোনো কাৰণত মন ফৰকাল হৈ নাথাকিলে ব্যক্তি অসহায় হৈ পৰে। তেনে পৰিস্থিতিত সৌহাৰ্দ্যপূৰ্ণ সঁহাৰি আৰু চিকিৎসকৰ পৰামৰ্শ তথা চৰকাৰী হেল্পলাইন নম্বৰত যোগাযোগৰ ব্যৱস্থা কৰাটো নিকটজনৰ কৰ্তব্য হ’ব

এখন উপন্যাসৰ কথা পাতোঁ। দাৰ্শনিক আলবেয়াৰ ক্যামুৰ এখন শ্ৰেষ্ঠ উপন্যাস হ’ল -দ্যা প্লেগ । উপন্যাসৰ আৰম্ভণিতে অচিনা ৰোগত চহৰৰ নিগনিবোৰ মৰিবলৈ ধৰে। তাৰ পিছত মানুহবোৰো। চিকিৎসকসকলে চহৰখনত মহামাৰীৰ আৱিৰ্ভাৱ হোৱা বুলি প্ৰশাসনক জনায় যদিও প্ৰশাসনে সেইকথা পোনচাটেই অগ্ৰাহ্য কৰে। পিছলৈ অৱশ্যে প্ৰশাসন সচেতন আৰু কৰ্তব্যপৰায়ণ হ’বলৈ বাধ্য হয়। হাস্পতালত বিশেষ ৱাৰ্ডৰ ব্যৱস্থা কৰা হয় যদিও সমুদায়ৰ মাজত সংক্ৰমণ ঘটাৰ বাবে তৎক্ষণাত তাৰ ধাৰণ-ক্ষমতা নোহোৱা হয়। বাহিৰত থকা আপোনজনৰ সৈতে কোনো সম্পৰ্ক ৰাখিব নোৱাৰাটো বাসিন্দাসকলৰ বাবে মৃত্যুতকৈয়ো যন্ত্ৰণাদায়ক হৈ পৰে। তাত আইন-শৃংখলা কেতিয়াবাই শেষ হৈছিল। মৃতকৰ অন্তিম সৎকাৰ নিস্পৃহ নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছিল। তেনেতে এবিধ serum ৰ উদ্ভাৱন হ’ল। প্ৰথমে serum বিধ ৰোগ প্ৰতিৰোধত ব্যৰ্থ হয়। চহৰখনক সম্পূৰ্ণৰূপে কোৱাৰেণ্টাইন কৰা হয়। চহৰখনৰ বাসিন্দাসকলৰ মনৰ পৰা নৈতিকতাৰ ধাৰণা লোপ পাব ধৰিছিল। কোনোৱে অজ্ঞাতবাসী অপৰাধীৰ লগ লাগিছিল যদি কোনোৱে আকৌ এই ৰোগ দুষ্টক দমনৰ বাবে ঈশ্বৰে সৃষ্টি কৰা বুলি মতবাদ সৃষ্টি কৰিব ধৰিছিল। সেই মতবাদৰ গুণগ্ৰাহীৰ সংখ্যাও তাকৰ নহৈছিলগৈ। অলপ ধতুৱা অপৰাধীবোৰো চোৰাং কাৰবাৰী হৈ ধনী হ’ল। তাৰ মাজতেই কিছুমান পুন্যাত্মা মানুহে ৰোগীসকলক নিজৰ ঘৰত ৰাখি চিকিৎসা কৰাৰ ব্যৱস্থা কৰিলে। পৰৱৰ্তী সময়ত ৰোগৰ অব্যৰ্থ প্ৰতিষেধকৰ উদ্ভাৱন হয় আৰু সময়ত সুস্থ চহৰখনক বহিঃবিশ্বৰ লগত পুনৰ সংযোগ কৰা হয়

আমাৰ এই সংকট কালো এদিন আঁতৰি যাব। কিন্তু মহামাৰীৰ প্ৰতি আমি কিদৰে সঁহাৰি জনাওঁ তাৰ ওপৰতেই আমাৰ ভৱিষ্যত মানসিক আৰু সামাজিক স্বাস্থ্য বহুখিনি নিৰ্ভৰ কৰিব।
“You can cut all the flowers but you cannot keep Spring from coming.”
― Pablo Neruda
–ভালদিন আহিব। তাৰ বাবে নৈৰাশ্যবাদী মনটোক প্ৰশ্ৰয় নিদি আমি আশাবাদী হ’ব লাগিব। প্ৰকৃতিৰ প্ৰতি সমীহ আৰু মানুহকে আদি কৰি সমস্ত সহচৰবৃন্দৰ প্ৰতি দৰদ দেখুৱাই আগবাঢ়ি গ’লে ভাল দিন নিশ্চয় আহিব। এই সংকটকালে আমালৈ কঢ়িয়াই অনা কিছু ভাল খবৰৰ কথা পাতোঁ।
১) প্ৰকৃতিয়ে বৰ জিৰণি পালে। তথাকথিত শিল্প-বিপ্লৱৰ পিছৰ পৰা ইমান দীঘলীয়া ছুটী ই কেতিয়াও পোৱা নাছিল। আকাশখন আগতকৈ নীলা হ’ল, গছবোৰ আগতকৈ সেউজীয়া হ’ল, চৰাইবোৰ প্ৰাণচঞ্চল হ’ল। মানুহৰ বাবে হ’ল ই পৰম আশীৰ্বাদ।
২) আমিবোৰ কিছু স্বাস্থ্য-সচেতন হ’লোঁ। আমি সুষম আহাৰ কৰিবলৈ ল’লোঁ। উত্তৰ-মহামাৰী কালতো আমি অৱচেতনভাৱে আহাৰ-বিহাৰত প্ৰয়োজনীয় পৰিচ্ছন্নতা গ্ৰহণ কৰিম। ৰোগৰ উমান পালেই আমি প্ৰয়োজনীয় পৰামৰ্শ ল’বলৈ ইতস্ততঃবোধ নকৰিম।
৩) মহামাৰীৰ আগলৈ আমি পৰিয়ালটোৰ বাবে ইমান সময় কেতিয়াও দিব পৰা নাছিলোঁ। বহুতেই আকৌ কায়িককভাৱে কাষত থাকিও গুণাগুণযুক্ত সময়ৰ অভাৱ অনুভৱ কৰিছিলোঁ। এইদৰে ভাবিব পাৰি যে উত্তৰ-মহামাৰীৰ কালত আমি আপোন মানুহখিনিৰ সৈতে পাঁচ মিনিট সময় বেছিকৈ কথা পাতিব বিচাৰিম।
৪) লক্-ডাউনে আমাৰ অলক্ষিতে কিতাপ পঢ়াৰ এক নীৰৱ আন্দোলনৰ গঢ় দিলে। এই সময়চোৱাত স্বাভাৱিক অৱস্থাতকৈ আমি অন্ততঃ ২০০ শতাংশ বেছি কিতাপ পঢ়িছোঁ। কিতাপকেই আমাৰ বিশ্বস্ত সংগী কৰি লৈছোঁ। কিতাপ পঢ়াৰ এই অভ্যাস আমাৰ গোটেই জীৱনলৈ ৰৈ যোৱাৰ সম্ভাৱনা আছে।
৫)এই ক্ষুদ্ৰ অনুজীৱই সমগ্ৰ মানৱ জাতিক একেলগে যুঁজিবলৈ শিকালে। ড° ভূপেন হাজৰিকাৰ কথাৰে ক’বলৈ গ’লে আজি মানুহে মানুহৰ বাবে ভবা হ’ল বা ভাবিবলগীয়া হ’ল। আত্মকেন্দ্ৰিক হৈ সকলো দৌৰত যে জয়লাভ কৰিব নোৱাৰি, সেই কথা কি ধনী কি দুখীয়া সকলোৱেই বুজি পালে। অনাগত দিনতো মানুহৰ প্ৰতি মানুহ দায়িত্বশীল হৈ থাকিব বুলিয়েই বিশ্বাস।
৬) এই সংকটকালে এনে কিছুমান কথা আমাক সোঁৱৰাই দিলে যিবোৰৰ মহত্ব আমি কেতিয়াও হৃদয়ংগম কৰা নাছিলোঁ। প্ৰথমে ক’ব লাগিব স্বাধীন দেশৰ নাগৰিক হিচাপে আমি পোৱা অধিকাৰসমূহৰ কথা। সিবিলাকৰ গুৰুত্ব আমি লক্-ডাউনৰ সময়তহে বুজিলোঁ। গতিকে ভৱিষ্যতে নিজৰ নাগৰিকত্বক লৈ আমি সচেতন হ’ম যথা গৌৰৱবোধ কৰিম। তাৰ পিছতেই ক’ব লাগিব সেইসকল গৃহ-নিৰ্মাতাৰ(Home Maker) কথা যিয়ে ঘৰখন নিয়াৰিকৈ গঢ়িবলৈ অলক্ষিতে অহোপুৰুষাৰ্থ কৰে। স্বাভাৱিক সময়ত কেতিয়াও সুক্ষ্মভাৱে গমি নোচোৱা সেই ত্যাগৰ মহত্ব আমি বুজিলোঁ। কৃষকসকলৰ, ঠেলাৱলা, ৰিক্সাৱলা, মুচিয়াৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক, প্লাম্বাৰ প্ৰমুখ্যে বিভিন্ন বৃত্তিধাৰী সমজুৱাসকলৰ, ঘৰুৱা সহায়কসকলৰ অৱদানৰ কথাও আমি এতিয়াৰ পৰা মনত ৰাখিম।
৭) মানুহৰ পাৰ্থিৱ সম্পদৰ প্ৰতি থকা লালসা আৰু বৈষয়িক সফলতাৰ প্ৰতি থকা মোহ আগৰ দৰে নাথাকিব। মানুহ দূৰদৃষ্টিসম্পন্ন হ’ব। কিঞ্চিৎমান হ’লেও দাৰ্শনিক উত্তৰণ ঘটিব। উত্তৰ-মহামাৰী কালৰ ব্যক্তি আৰু ৰাষ্ট্ৰ উভয়ে যিমান দূৰ সম্ভৱ ধাৰণক্ষম উন্নয়নৰ বাটেদিহে বাট বুলিব।
৮) গাঁৱৰ সাপ্তাহিক হাট বা চহৰৰ গলিৰ গোলাৰ কথা এদিন হয়তো ইতিহাসৰ পাততেই ৰ’ব। চাহিদা-সাপেক্ষ উপভোক্তা-কেন্দ্ৰিক বজাৰ-নীতিয়ে বিক্ৰেতা-ক্ৰেতাৰ সম্পৰ্ক অগ্ৰাসীভাৱে পৰিৱৰ্তন কৰিব। তাৰোপৰি আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিখন দেশেই গ্ল’বেল অৰ্থাৎ Globally ভবা আৰু Locally কৰা মনোবৃত্তি আঁকোৱালি ল’ব লাগিব। ভাৰতৰ Vocal for Local ধাৰণাটো সেই দিশে এটা উচিত খোজ বুলিব পাৰি। আসন্ন নতুন অৰ্থনৈতিক আজ্ঞাৰ সৈতে আমি চমুকৈ চিনাকি হ’লোঁ।
৯) এই মহামাৰীয়ে প্ৰাতিষ্ঠানিক অসৰ্মথতাক উদঙাই দেখুৱালে। ই ইয়াকো প্ৰতিপন্ন কৰিলে যে মানৱ জাতিৰ ন্যুনতম সাধাৰণ প্ৰয়োজনখিনি ৰাষ্ট্ৰৰ সীমা বা শ্ৰেণী বৈষম্যৰ উৰ্দ্ধত। আশা কৰিব পাৰি যে সকলো ৰাষ্ট্ৰ লগ হৈ সংকটৰ মুখামুখি হ’ব পৰাকৈ মানৱ জাতিক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিবলৈ বদ্ধপৰিকৰ হ’ব।
১০) লক্-দাউনে আমাক নতুন দক্ষতা অৰ্জনৰ সুবিধা দিলে। ৰন্ধা-বঢ়া, সুৰা প্ৰস্তুত কৰা, গান-কবিতা-গল্প-ছবিৰ পৰা আৰম্ভ কৰি সন্মানীয় প্ৰতিষ্ঠানসমূহৰ পৰা বিবিধ বিষয়ক অনলাইন চাৰ্টিফিকেশ্যন কৰালৈ আমি বিৰল সুবিধা এটা পালোঁ। অবাৰ্চীন প্ৰযুক্তিসমূহৰ লগত আমি চিনাকি হ’লোঁ। এই আৰ্জিত জ্ঞান আমাক ভৱিষ্যতৰ বাটৰ জ্যোতি হৈ ৰ’ব

ক’ভিদ ‘১৯ নামৰ মহামাৰীয়ে আমাক নতুন পথৰো সন্ধান দিছে তথা আমাৰ মনত নতুন চিন্তাৰ উদ্ৰেক ঘটাইছে। সৌ সিদিনা মাত্ৰ জ্বলি ছাই হৈ যোৱা অষ্ট্ৰেলিয়াৰ অৰণ্যভূমিত বৰষুণ পৰি আকৌ প্ৰাণৰ সঞ্চাৰ হৈছে। ই কঢ়িয়াই আনিছে আশাৰ বতৰা। সুস্থ হৈ জীয়াই থাকিবলৈও লাগে অলপ আশাই। উত্তৰ কাল হ’ব মানসিক উত্তৰণ আৰু সামাজিক সচেতনতাৰ কাল। আমি এতিয়া আশাবাদী চিন্তা কৰাহে উচিত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments