ভাল গান বেয়া গান – অংগৰাগ ভূঞা

বৰ ভাল পোছাক পিন্ধাই পঠিয়ালেও কোনোবাজনক শুৱনি নালাগিব পাৰে৷ পিন্ধোতাজনৰ ব্যক্তিত্বৰ পৰিপন্থী হ’লে, দেহৰ গঠনৰ অমিল হ’লে, পৰিবেশ নিমিলিলে ইত্যাদি বহু কাৰণত এযোৰ দামী পোছাকো অশুৱনি লাগিব পাৰে৷ ঠিক তেনেদৰে সুন্দৰ সুৰ, সংগীত ব্যৱস্থাপনা থাকিলেও এটা গান বেয়া হ’ব পাৰে যদিহে গীতৰ কথাখিনিৰ মান নাথাকে৷ পিছে এই মান কি? কেনেকৈ জোখা হয়? কিবা ধৰাবন্ধা নিয়ম আছেনে? তেনেহলে বেয়া গান বোৰক কিয় বেয়া বোলা হৈছে বা বহুতে বজৰুৱা বুলিও কৈছে৷ কিন্তু কিয়?
বেয়া গান, অপগীত, চানা গান যিয়েই নাম দিয়া যাওক, ঘাইকৈ কোনবোৰ গানৰ কথা কোৱা হৈছে সকলোৱে বুজি পাইছে বুলি ধৰি লোৱা হৈছে৷ পিছে এইবোৰ গানক কিয়নো বেয়া বুলি কোৱা হ’ব? এইবোৰ দেখোন সৰ্ব সাধাৰণ মানুহৰ এচামৰ মুখে মুখে৷ তাৰমানে সকলোৱে বেয়া বুলি কোৱা নাই৷ সকলোৱে বেয়া বুলি লোৱা নাই৷ আপোনাৰ মোৰ কি নো জগৰ লাগিল? কিনো নোহোৱা কথা হ’ল? কীৰ্তি কমল বৰাৰ গাভৰু হ’বৰে পৰা শীৰ্ষক গানটোৱে বহুতকে এসময়ত ক্ষুণ্ন কৰিছিল৷ পিছে সেই গানটোৱে অসমীয়াৰ কি ক্ষতি কৰিলে? ভাবি চালে লিলিমাই, এই জীৱনটোত একো নাই৷ একো নাই? তেনেহ’লে কিয় ইমান চিঞৰ বাখৰ? কিয় ইমান বিৰূপ প্ৰতিক্ৰিয়া? এমিনেমৰ দৰে আৰ্টিষ্ট বা গায়কে যদি অসমীয়াত গায়? কি হ’ব? মানুহবোৰৰ কাণেৰে তেজ ওলাব নেকি? নোলায়৷ পিছে এমিনেমৰ দৰে কোনোবা নোলাব বুলি দাঠি ক’ব নোৱাৰি৷ ওলালেও বাধা দিব পাৰিবনে? নোৱাৰে৷ এতিয়া বিলাহী গাজৰ আতলচ লিচু তৰমুজ ইত্যাদি ফলমুলৰ কথাহে আহিছে, তেতিয়া পুৰুষাংগ, নাৰী জননাংগ, যৌন ক্ৰিয়াৰ প্ৰত্যয়েৰে বৰ্ণনাও আহিব৷ তেতিয়াও পিছে মানুহৰ মুখে মুখে থাকিব৷ য’তে ত’তে বাজিব৷ ৰাইজে বিচাৰিছে বুলি ক’ব পৰা যাব৷ জুবিন গাৰ্গে তপিনা ডাঙৰ চাই বিয়া কৰোৱাৰ দিহা দি গোৱা গানটো দেখোন প্ৰায় সকলোতে অনুৰোধ কৰে গাবলৈ৷ ছোৱালীবোৰেও দেখোন বিহু গাবলৈ দিলে তাকেই গায়৷ তাৰমানে কথাটো সচাঁ৷ ৰাইজে বিচাৰে৷
ৰাইজনো কোন? আমিয়েই৷ আমাৰে মানুহৰ সমষ্টি৷ আমাৰ সাধাৰণ মানুহৰ মাজত যৌনতা এটা আকৰ্ষণীয়, কৌতূহলৰ গোপন বিষয়৷ কোনোবাই ক’লে যাহ এইডাল বুলি কৈ কৃত্ৰিম ভেকাহি মাৰি দিওঁ, অথচ মনে মনে শুনিবলৈও বিচাৰোঁ- গোপনে৷ তেনেদৰেই বহুতে ৰোমাঞ্চিত হৈ পৰোঁ৷ গোপন বাসনাক তৃপ্ত কৰোঁ৷ তেনেক্ষেত্ৰত কোনোবাই গীতৰ মাজেৰে যৌনতাৰ ইংগিত দিলে ভিতৰি পুলকিত হৈ পৰোঁ৷ অৱদমন কৰি ৰখা যৌনচেতনাক সামান্য যেন সাৰ পানী দিও-গোপনে৷ গতিকে দেহা পিৰেপিৰাই যোৱা, ইচাতি বিচাতি লগা, গাৰু সাৱটা, তিয়হৰ দৰে চোবাবলৈ বিচৰা, প্ৰেমৰ বৰষুণত তিয়াবলৈ বিচৰা, বুকুৰ উম বিচৰা, জুখিব বিচৰা ইত্যাদি বাক্যাংশৰে আমাৰ গোপন যৌনচেতনাৰ কথা ক’লে আমি যেন তাতেই সৰুসুৰা বীৰ্য্যপতনৰ সুখ পাওঁ৷ এয়া আমাৰ গোপন সুখ৷ এইটোও সচাঁ যে শিশুবোৰেও গানবোৰ ভাল পায়৷ সিহঁতে দেখোন অৰ্থই নাজানে! কথাটো সচাঁ৷ সিহঁতৰ দোহাই দি আমি ইমানকৈ বজাও গানবোৰ, শুনি শুনি গানৰ ৰীডম, মিউজিক ভাল পাবলৈ লয়৷ পৰীক্ষা কৰি চাবলৈ এটা শিশুক কেৱল এটা ৰবীন্দ্ৰ সংগীত শুনাওক৷ এমাহ মানৰ পাছত সেইটোকো শিশুটিয়ে ভাল পাবলৈ লয়৷ ঘৰত নাম কীৰ্ত্তন বেছিকৈ হ’লে শিশোৱে নাগাৰা বজাব পাৰে, শুৱলাকৈ ঘোষা গাব পাৰে৷ ঠিক তেনেদৰে য’তে ত’তে বাজি থকা গানবোৰৰ অৰ্থ নাজানিও ভাল পাবলৈ লয়৷ ভূপেন হাজৰিকাৰ স্নেহেই আমাৰ শত শ্ৰাৱনৰ, বিমূৰ্ত মোৰ নিশাটি, গুপুতে গুপুতে, কিযে তোমাৰ সংগ প্ৰিয়া ইত্যাদি গানৰ অৰ্থ কেইজনে বুজি পায়? শুনি শুনি ভাল পায় আৰু! এইবোৰ গান বেছিকৈ শুনাৰ বাবে মনত ৰৈ গ’ল৷
তাৰমানে কথাটো এনেকুৱা নেকি যে আমি বজাই বজাই গানবোৰ জনপ্ৰিয় কৰি তুলিছোঁ আৰু দোষ দিছোঁ শিশুবোৰক? আংশিক ভাবে মিছা৷ কাৰণ এইটোও সচাঁ যে কিছুমান গানৰ সুৰ বা সংগীত ব্যৱস্থাপনাই আমাক আকৃষ্ট কৰে৷ বাদশাহৰ ৰেপ এটাৰ অৰ্থ নুবুজাকৈয়ে আমি ৰিফ্ৰেইনটোকে মনত ৰাখি গাবলৈ ভাল পাওঁ৷ মানে মাজৰ খিনি কি গাইছে গমেই নাপাওঁ, কেৱল মাজে মাজে ‘অভীতৌ পাৰ্টী শুৰু হুই’ খিনিহে শুনি ভাল লাগে৷ গাবলৈ ক’লে বহুতেই মিউজিকটো আৰু সেই ফাকিঁটোহে মনত ৰাখিব৷ তাৰমানে গীত বা গানৰ কথা খিনি দৰকাৰী নহয় নেকি? কিবা কিবি মিলাই ননচেন্স ৰাইম কৰিও গাব পাৰি৷ ক্ষতি কি? কাৰ কি ক্ষতি? এবাৰ ভাবকচোন আপোনাৰ ল’ৰাটোৱে মুকলিকৈ কাৰোবাৰ শৰীৰৰ বৰ্ণনা দি আছে, আপোনাৰ ভাল লাগিবনে? বা আপুনিয়েই মাতৃৰ আগত চুবুৰীয়া ছোৱালীজনীৰ শৰীৰৰ কি কি সালসলনি হৈছে কৈ গৈছে৷ বা লালমোহন খোৱাদি কি গিলি খাবলৈ মন গৈছে কৈ গৈছে৷ আপুনি কিয় ক’ব বা নক’ব? আপোনাৰ শোৱনি কোঠাত কেনেকৈ কি কৰিলে আপুনি তাৰ বৰ্ণনা ৰাজহুৱাকৈ কিয় নকয়? সকলোৱেতো তাকেই কৰে! তাৰ বৰ্ণনা দিয়াৰ প্ৰয়োজন নে? যদি প্ৰয়োজন আছে, সেয়া ৰাজহুৱাকৈ যদি কিবা কাৰণত ক’বলগীয়া হয়, কি ক’ব? ধৰক আপুনি পিতৃ হোৱাৰ বাতৰিটো দিছে৷ যিটো প্ৰক্ৰিয়াৰ মাজেদি পিতৃ হ’ল, সেয়া ক’বনে? ক’লেও ৰস পোৱা এচাম ওলাব৷ তথাপি ক’বনে? শিল্পী হিচাপে সাধাৰণ মানুহে যি কয়, তাতকৈ ধুনীয়াকৈ কোৱাটোতহে বাহাদুৰি নহয় নে? নব্বৈৰ দশকত বলিউদত দ্বৰ্থক বা ডাবল মীনিং গানৰ জোৱাৰ উঠিছিল৷ ছৰকাইল’ খতিয়া, দালুংগা, লেতি হে, মালগাড়ী ধাক্কা লগা ইত্যাদি গানৰ পয়োভৰ হৈছিল৷ পাছত এইগানবোৰ নিজে নিজেই বন্ধ হ’ল৷ চেগাচোৰোকাকৈ এতিয়াও নোলোৱা নহয়৷ সৌ সিদিনা দাবাং নামৰ চিনোমাখনত কুৎসিত অংগী ভংগী কৰি কৰীনা কাপুৰে নচা গানটো, কুণ্ডী মত খৰকাৱ ৰাজা ইত্যাদি দ্বৰ্থক গান এতিয়াও ওলাই আছে৷ পিছে সেইবোৰ ইমানেই প্ৰয়োজনীয়নে? আমাৰ চিন্তা কঁকালৰ ওপৰলৈ নাযায় নেকি? অলপ ওপৰলৈ গ’লেও বুকুত ৰৈ যায় নেকি? ডিঙিৰ ওপৰলৈ কিয় নাযায়? বা দুই কাণৰ ভিতৰলৈ কিয় নোসোমায়?
আত্মপক্ষ সমৰ্থনত দুই একে এনেকৈও ক’ব পাৰে যে আমাক সকলো ৰসৰে গান লাগে৷ বীৰ ৰস, ভয়ানক, বীভৎস, শৃঙ্গাৰ সকলো ৰসৰ প্ৰয়োজন৷ কথাটো নোহোৱা নহয়৷ পিছে শৃঙ্গাৰ ৰসৰ ভৰপক হোৱাটোৱে কি সূচায়? ৰসৰ শাৰীতে আছেগৈনে? নে কহ লগা পানী হৈছেগৈ৷ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ মছলা হ’লে ভাল, পিছে মছলাখিনিয়েই একমাত্ৰ খাদ্য নহয়৷ আৰু মছলাৰো হিচাপ নাই জানো?
খাটি খোৱা মানুহৰ বিষয়ে গান গোৱাৰ প্ৰয়োজন আছে, অট’ৱালা, ৰিস্কাৱালা, ঠেলাৱালাৰ জীৱনক লৈও গান হোৱা উচিত৷ তেওঁৰ জীৱনটো কি আৰু সেই জীৱনৰ গৌৰৱ কি, কিহে তেওঁক আনতকৈ পৃথক কৰে, তেওঁকলৈ কিয় গান গোৱা হৈছে, সেইটো ফুটি ওলাইছেনে, সেয়া বিচাৰ্য নহয় জানো? ভূপেন হাজৰিকাই যেতিয়া অট’ চলাও আমি দুইভাই বুলি গান গায়, মেঘে গিৰ্ গিৰ্ কৰে বুলি খেতিয়কৰ কথা গায়, এক জীৱনবোধৰ ইংগিত দিয়ে৷ সেই অট’ৱালা জন, কৃষকজন আনতকৈ বেলেগ৷ সেয়ে তেওঁক লৈ গাইছে আৰু সেই খিনি সহজকৈ কৈছে৷ বৰ্তমান সহজ হোৱাটো ইমানেই টান হৈ পৰিলনে!
এতিয়া কোনোবাই এনেকৈও ক’ব পাৰে যে ইমান যদি গানক লৈ সমস্যা, নিজেই ভাল গান নৰচে কিয়, নাগায় কিয়? একেবাৰে যে ভাল গান ওলোৱা নাই, সেয়াও নহয়, পৰ্যাপ্ত নহয় যদিও ভাল গানো আছে৷ পিছে সেইবোৰ যেন বাকীবোৰৰ ঢৌত হেৰাই গৈছে, লুকাই গৈছে৷ নাযাবনো কিয়, সেই গানবোৰ বজাবলৈ কোনেও অনুৰোধ নকৰে, কৰিলেও সংখ্যাত নগণ্য৷ কিছুমান গানৰ কথা মানুহে গমেই নাপায়৷
আৰু ভাল গান নবজাই বুলি টেলিভিশ্যন চেনেলবোৰক দোষ দিলেও নচলে৷ কাৰণ গোটেই দিনটো বজাবলৈ চেনেলবোৰক সমল লাগিব, সেয়া কোনে দিব? যেতিয়ালৈ নিজৰ দায়বদ্ধতাৰ কথা ভাবি শিল্পী সকলে ভাল গান নাগায়, আমি এনেবোৰ বেয়া লগা গান আওকান কৰিব লাগিব, আলোচনাও কৰিব নালাগিব৷ উচ্চমানৰ গানৰ আলোচনা হৈ থাকিলেহে তেনে গানৰ স্ৰষ্টাই অনুপ্ৰেৰণা পাব নতুন সৃষ্টিৰ বাবে৷ আলোচনালৈ নাহিলে, বেয়া গানৰ জোৱাৰত ভাটা আহিবই৷ কোনে ক’ত কোনটো গান ভাল পালে আনক কওক, পাৰিলে কিয় ভাল লাগিল, সেয়া আলোচনা কৰক৷ সেয়াই আমি শ্ৰোতা হিচাপে কৰিব পাৰোঁ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

জনজাতি সংস্কৃতিৰ লগত অভিজাত সংস্কৃতি একো সম্পৰ্ক নাই। আমাৰ জীৱন ধাৰণ প্ৰণালী
বেলেগ সিহঁতৰ বেলেগ।
তাত মাত মাতিবলৈ সিহঁতৰ
দৰকাৰ নাই। বিহু গীত বোৰ
কেৱল কৃষি ভিত্তিক কৃষক শ্ৰেণীৰ|