ভাল ছবিৰ ব্যাকৰণ : উদ্দীপ তালুকদাৰ

ভাল ছবিৰ ব্যাকৰণ

উদ্দীপ তালুকদাৰ

প্ৰথম কথা, এইখিনি মূলতঃ চিত্ৰাংকনৰ লগত জড়িত কথা। কিন্তু ফটোগ্ৰাফীৰ নান্দনিক বিচাৰৰ বুনিয়াদী নিয়মসমূহৰ লগত চিত্ৰাংকন বুনিয়াদী নিয়মসমূহ নিয়মসমূহ একেই কাৰণে দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি।

বিষয় (subject): ছবিখনত কি দেখুওৱা হৈছে। ধৰাহ’ল, এজনী সৰু ছোৱালীৰ ছবি। চিত্ৰকৰ আৰু আলোকচিত্ৰশিল্পীয়ে প্ৰথমে নিৰ্ণয় কৰিব লাগিব, তেওঁ কি দেখুৱাবলৈ বিচাৰিছে। ছোৱালীজনীৰ সৰলতা, দুষ্টামি, দুখ, সুখ ইত্যাদি। শিল্পীয়ে যিমান পাৰে শুদ্ধকৈ এই ধাৰণাটো ৰখা দৰকাৰ। কাৰণ এইটো নহ’লে পাছৰখিনিত অসুবিধা আহিব। দ্বিতীয় এটা অসুবিধা, এখন ছবিত এটাতকৈ বেছি বিষয় থাকিব নোৱাৰে। সকলোৱে কিজানি লক্ষ্য কৰিছে, দুই-তিনিজন বন্ধুৱে কাষে-কাষে থিয় হৈ উঠা ফটোবিলাক চকুত নালাগে। কাৰণ ইয়াত এটা বিষয় নাথাকেই। কাক-চাম, কাক-নাচাম দৰ্শকে ধৰিবই নোৱাৰে, আৰু ছবিখন আকৰ্ষণীয় নহয়গৈ। কিন্তু দুই-তিনিজন মানুহে লগ হৈ কিবা এটা কৰি থকা, বা অৰ্থপূৰ্ণ প’জ এটা দিলে, ছবিখন ভাল লগা হৈ যায়। কাৰণ এনে ছবিত বিষয় হৈ পৰে সেই কামটোহে, বা মানুহকেইজনৰ মাজত থকা সম্পৰ্কটোহে, মানুহকেইজন নহয়। গতিকে একেবাৰে প্ৰথম নিয়ম: ভালকৈ জানি লওক, আপুনি কি আঁকিব বিচাৰিছে, বা কিহৰ ছবি তুলিব বিচাৰিছে। আৰু এইটো এই মানুহজন বা পথাৰখন এনেকুৱা ধৰণতে শেষ নকৰিব। সেইখিনিয়ে কিবা এটা বুজাব পাৰিব লাগিব, তেহে সেইটো ছাবজেক্ট হ’ব।

ফ্ৰেমিং (framing): ছবিখন কি আকাৰত অঁকা বা তোলা হৈছে। পেনোৰামা, নে পোৰ্ট্ৰেইট, নে বৰ্গাকাৰ, ৪:৩ অনুপাত নে ১৬:৯ অনুপাত, বা আন যিকোনো আকাৰ। সাধাৰণতে ছবিৰ বিষয়েই ফ্ৰেমিং নিৰ্দেশ কৰে। বহল প্ৰাকৃতিক দৃশ্যৰ বাবে পেনোৰামা বা ১৬:৯ ব্যৱহাৰ কৰক। দৃষ্টি প্ৰসাৰ কৰিব লাগিলে ই বিশালত্বৰ আভাষ দিয়ে। আনহাতে মৰমলগা শিশুটোৰ বাবে বৰ্গ বা ৪:৩ অনুপাত ব্যৱহাৰ কৰক। কাৰণ সৰু বেধে মনৰ ভিতৰত এটা আটোমটাকাৰি পৰিবেশ সৃষ্টি কৰে। অৱশ্যে ইয়াতো বিষয়ৰ কথা আহি পৰে। যেনে সৰ্বহাৰা শিশু এটা বুজাবলৈ পেনোৰামা ব্যৱহাৰ কৰি এচুকত শিশুজনক ৰাখিলে শিশুটিৰ অসহায়তা বেছি প্ৰকাশ পাব, কিন্তু বৰ্গাকাৰ পৰিবেশে সেই অসহায় অৱস্থাটো হ্ৰাস কৰি আনে।

ফ্ৰেমিঙৰ ভিতৰতে আহে নিগেটিভ আৰু পজিটিভ স্পেছৰ ধাৰণা। পজিটিভ স্পেছ ছবিখনৰ সেইখিনি অংশ যিখিনিত আপোনাৰ মূল বিষয় থাকিব, তাৰ বাহিৰে আন সকলোখিনি নিগেটিভ স্পেছ। পজিটিভ স্পেছ যিমানে বেছি ৰাখিব সিমানে বিষয়ৰ ডিটেইল ভাল হ’ব, কিন্তু নিহিত অৰ্থ প্ৰকাশ কৰিবলৈ বেছি প্ৰয়োজনীয় হ’ল নিগেটিচ স্পেছ। ধৰা হওক, আকাশত উৰি থকা মানুহ এজনৰ ছবি অঁকা হৈছে, তেন্তে যিমানে আপুনি মানুহজনৰ চাৰিওফালে উন্মুক্ত আকাশ ৰাখিব সিমানে উৰাৰ ধাৰণাটো বেছি স্পষ্ট হ’ব। কিন্তু বেছি সৰু কৰি পেলালে মানুহজনৰ উৰি থকা ভংগীমাটোৱেই ভালকৈ ফুটি নুঠিব পাৰে। গতিকে দুয়োটাৰে মাজত এটা সমতা ৰক্ষা কৰা প্ৰয়োজনীয়। নিগেটিভ স্পেছে দূৰত্বৰো উমান দিয়ে। গতিকে নিগেটিভ স্পেছৰ কথাটো ভালকৈ মনত ৰখাটো অতি প্ৰয়োজনীয়।

প’জিছনিং (positioning): বিষয়টো আপুনি কেনেকুৱা ভংগীমাত ৰাখিব? যেনে মানুহ এজনৰ ছবিখন একেবাৰে সম্মুখৰপৰাও তুলিব পাৰে, অলপমান কাটি কৰি (৩/৪) বা সম্পূৰ্ণ এফলীয়া কৰিও তুলিব পাৰে। প্ৰতিটো ভংগীমাৰে নিজস্ব সুবিধা-অসুবিধা আছে। যেনে, ৰাইজলৈ আঙুলি টোঁৱাই কিবা কৈ থকা মানুহজনৰ ছবি তুলিছে, তেন্তে তেখেতক সম্পূৰ্ণ সম্মুখৰপৰা তোলাই ভাল। তেতিয়া মানুহজনৰ বক্তব্য পোনেই ৰাইজলৈ যায়। কিন্তু যদি ৰাইজৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰাৰ কথা নাই, তেন্তে ৩/৪ দৰ্শনেই আটাইতকৈ ভাল। ইয়াৰ এটা বৈজ্ঞানিক কাৰণো আছে। আমাৰ মুখবিলাক আচলতে ত্ৰিবিমীয় মাত্ৰাৰ। একেবাৰে সম্মুখৰপৰা তুলিলে এই ত্ৰিবিমীয় ধাৰণাটো পোৱা নাযায়। কিন্তু অকণমান ঘূৰাই দিলেই, মানুহজনৰ মুখমণ্ডলৰ ত্ৰিবিমীয় ৰূপ সুন্দৰকৈ ওলাই পৰে। আৰু ছবি চোৱাজনৰ মুখা-মুখিকৈ চাই নথকা বাবে ৰাইজৰ প্ৰতি আদেশমূলক বা প্ৰত্যাহ্বানমূলক ধাৰণাটো নোহোৱা হৈ যায়।

কম্প’জিছন (composition): ছবিখনৰ সজ্জা। যদিও ছবি এখন বিষয় একেটাই হয়, তথাপিও আচলতে কেইবাটাও সৰু সৰু ডিটেইল লগ-লাগিহে মূল বিষয়টো গঠিত হয়। ইয়াৰোপৰি বিশেষকৈ আলোক-চিত্ৰত মূল বিষয়ৰ বাহিৰে আন বহুতো খুঁটি-নাটি বস্তু আহি পৰে, যি বিলাক মূল ছাবজেক্ট নহয়, কিন্তু সেইখিনি মূল বিষয়টো বেছি অৰ্থবহ ভাৱে প্ৰকাশ কৰাৰ উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰে। এই সকলোখিনি বস্তু কেনেকৈ সজোৱা হৈছে, তাকেই কম্প’জিছন বোলে।

কম্প’জিছনৰ একেবাৰে প্ৰথম নিয়মটো হৈছে ‘তৃতীয়ৰ নিয়ম’ (rule of thirds)। ছবিখনক দীঘে পথালিয়ে দুডালকৈ আঁক টানি তিনিটাকৈ ভাগ কৰক। কোৱা হয় যে মানুহে সাধাৰণতে কিবা এটা চালে একেবাৰে কেন্দ্ৰত নাচায়, প্ৰথমেই চায় এই চাৰিডাল শাৰীয়ে কটা-কটি কৰা বিন্দুকেইটালৈ। গতিকে ছবিখনৰ মূল বিষয়টো এই ৰেখাদুডালে কটা-কটি কৰা বিন্দু চাৰিটাৰ যিকোনো এটাত স্থাপন কৰিব লাগে। ডিজিটেল কেমেৰাবোৰত গ্ৰিড বুলি এটা অপছন থাকেই, যিটো অন কৰিলে এই ৰেখা চাৰিডাল দেখুৱাই দিয়ে।

ইয়াৰ বাহিৰে আপুনি ৰেডিয়েল (এটা বিন্দুৰপৰা আঁতৰি যোৱা), s-আখৰৰ দৰে, বা আন যিকোনো এটা ৰেখাত খুঁতি-নাটি বস্তুবোৰ ৰাখিব পাৰে। কিন্তু মনত ৰাখিব লাগে যাতে এনেকৈ এটা ৰেখাত পেলাওঁতে ছবিখনৰ আন এটা অংশ খালী ৰৈ নাযায়। তেনেকুৱা হ’লে সমতা ৰক্ষা নহয়। অৱশ্যে কেতিয়াবা খালী স্পেছেৰেও ভৰ্তি স্পেছৰ লগত সমতা ৰক্ষা কৰিব পাৰি।

কেনেকুৱা ৰেখাত বস্তুবোৰ পেলাব, সেইটোৱে ছবি এখনৰ মুড নিৰ্দিষ্ট কৰে।

সমান্তৰাল আৰু লম্ব (ছবিৰ ভূমিৰ লগত) সৰল ৰেখা: প্ৰশান্তি। উদাহৰণ স্বৰূপে সাধাৰণতে দেখা শাৰী শাৰী সৰল বা দেৱদাৰু গছৰ ছবি এখন মনত পেলাওক।
ধীৰ ঘূৰণীয়া ৰেখা: উচ্ছলতা, কিন্তু নীৰিহ। যেনে: পাহাৰৰপৰা বৈ অহা নিজৰা।
বেঁকা ৰেখা (ছবিৰ ভূমিৰ লগত কোণ কৰি থকা): গতি (action): খুব বেগাই গতি কৰা থকা ঘোঁৰাৰ ছবিলৈ মনত পেলাওক। দক্ষিণ-ভাৰতীয় ছবিসমূহত একছনৰ দৃশ্যৰ মাত্ৰা বঢ়াবলৈ প্ৰায়েই কেমেৰাটোকে সেইবাবে ঘূৰাই দিয়া হয়।
কটা-কটি কৰা ৰেখা: উগ্ৰ গতি (violent action)। যেনে যুদ্ধ আদিৰ ছবি।

কম্প’জিছনৰ আৰু কেইটামান সাধাৰণ নিয়ম আছে। যেনে: আকাশ আৰু পৃথিৱীৰ মিলন-ৰেখা (দিগবলয়) ছবিখনৰ এক বা দুই-তৃত্বীয়াংশত ৰাখিব লাগে। ঠিক মাজতে পৰিব দিব নালাগে। ছবি এখন কেতিয়াও ছাবজেক্টে মাজতে কটা কৰিব নালাগে। যেনে, দলঙৰ ছবিখন তোলোঁতে কেতিয়াও ছবিখনৰ এমূৰৰপৰা সিমূৰলৈ দলংখনেই নাথাকে। বৰং এটা কোণৰপৰা ছবিখন লৈ দলংখন এটা বিন্দুৰপৰা ওলাই অহাকৈ ৰাখিব লাগে। (ৱিকিপিডিয়া প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপ্ত ছবিখন এটা সুন্দৰ উদাহৰণ)। মানুহৰ ছবি তুলিলে সদায় কেমেৰাটো মানুহজনৰ চকুতকৈ সমান্য তলত ৰাখিব লাগে। বিশেষকৈ শিশুৰ ছবি সদায় শিশুৰ উচ্চতাৰপৰাই ল’ব লাগে। কেমেৰামেনৰ উচ্চতাৰপৰা নহয়। অৱশ্যে এই নিয়ম ভঙাৰো নিয়ম আছে। আচলতে মানুহজনক কোনটো এংগলৰপৰা ছবি তোলা হৈছে তাৰ ওপৰত মুড নিৰ্ভৰ কৰে। মানুহজনতকৈ ওপৰৰপৰা: মানুহজনক ইতিকিং কৰা, পুতৌ কৰা ধৰণৰ মুড, মানুহজনতকৈ তলৰপৰা: দমনমূলক, বা প্ৰগাঢ় ব্যক্তিত্বসম্পন্ন, মুঠতে in command ধাৰণা দিবলৈ।

ফ’কেল পইন্ট (Focal point): ফ’কেল পইণ্ট হৈছে ছবিখনৰ এনেকুৱা বিন্দু, যিটোত মানুহৰ চকু আটাইতকৈ বেছিকৈ যাব। প্ৰায়েই ফ’কেল পইন্ট আৰু ছাবজেক্ট একেটাই হয়। কিন্তু কেতিয়াবা নহ’বও পাৰে। যেনে, ধৰি লওক, সাগৰৰ ধুমুহাৰ ছবি এখন। ইয়াত মূল বিষয় সাগৰৰ ধুমুহা, কিন্তু ফ’কেল পইণ্ট হ’ব পাৰে, ধুমুহাত তুলুং-ভুতুং কৰি থকা নাও এখন। কম্প’জিছনৰ দ্বাৰা ফ’কেল পইণ্টলৈ দৰ্শনাৰ্থীৰ চাৱনি আকৰ্ষিত কৰা হয়।
মূল বিষয়টো তুলি ধৰিবলৈ আন কিছূমান টেকনিক ব্যৱহাৰ কৰা হয়। যেনে, বিষয়টোৰ ৰঙ ছবিখনৰ অন্যান্য অংশতকৈ বিপৰীত (contrast) হ’ব লাগে, বা ছাঁ-পোহৰৰ তাৰতম্যৰে মূল বিষয়টোক উজ্বল কৰি ৰাখিব লাগে। বা অদৰকাৰী অংশ আউট অৱ ফ’কাছ কৰি ৰাখি অকল ছাবজেক্টটো স্পষ্ট কৰিব লাগে।

ইয়াৰোপৰি সহায়কাৰী ৰেখাসমূহ (auxiliary lines) এনেকৈ ৰাখিব লাগে যাতে, এই ৰেখাসমূহে চাওঁতাৰ দৃষ্টিক মূল বিষয়টোলৈ ঠেলি দিয়ে। সহায়কাৰী ৰেখাৰ ধাৰণাটো কৈ বুজোৱা অলপ টান। ছবিত হৈ দেখুৱাব পাৰি।

ছবি এখনত ৰঙৰ গাঢ়তাৰ বৈচিত্ৰ কিমান হ’ব সেইটোও ছবিৰ মুড লৈহে হ’ব। সাধাৰণতে কৰ্কশ অৱস্থা বুজাবলৈ গাঢ়তা বৈচিত্ৰ (contrast) বঢ়াই দিয়া হয়। আনহাতে মৰম-লগা (soft) মুড আনিবলৈ হ’লে ৰঙৰ গাঢ়তা কমাই দিব লাগে। ৰঙৰ উষ্ণতা বুলিও এটা কথা আছে। যেনে হালধীয়া, ৰঙা, কমলা এই তিনিটা ৰঙক উষ্ণ ৰঙ বুলি ধৰা হয়, আনহাতে নীলা, গাঢ় সেউজীয়া, মটীয়া আদিক শীতল ৰঙ বুলি ধৰা হয়। গতিকে ছবিখনৰ মুড লৈ কেনে ৰঙৰ প্ৰাবল্য বেছি থাকিব সেইটো ঠিক কৰিব লাগিব।

আৰু কেতিয়াবা আৰু কিছুমান কথা লিখিম। আৰু এটা কথা, এইখিনি মই অ’ত-ত’ত পঢ়ি শুনি যোগাৰ কৰা কথাহে। ইয়াৰ প্ৰায়োগিক দিশত মোৰ সিমান অভিজ্ঞতা নাই। আৰু শেষত কও, এই নিয়মবিলাক যে মানিবই লাগিব তেনে কোনো কথা নাই। কিন্তু এইখিনি ছবিৰ অতি বুনিয়াদী কথা। বেছিভাগ ভাল ছবিতেই এই নিয়মবিলাক প্ৰয়োগ কৰাৰ লগতে কৌশলপূৰ্ণ ভাৱে ভঙাও হয়। কিন্তু নিয়মবিলাক সফলভাৱে ভাঙিবলৈ আগতে ভালকৈ জানি ল’ব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক