“ভাল পোৱাৰ ৰং সেউজীয়া“ ….( ✍ অৰ্ণৱ জ্যোতি মহন্ত)

“ভাল পোৱাৰ ৰং সেউজীয়া“ ….
✍ অৰ্ণৱ জ্যোতি মহন্ত৷

তোমাৰ দুচকুত যাদু আছে,
খলাৰ নে গোভাৰ মই নাজানো;
কিন্তুু তোমাৰ ওঠত যেতিয়া
ফুটি ওঠে মাটিৰ গান,2
উঠন বুকুৰ ভাঁজ বোৰেহে বুজে
সেই হেঙুলীয়া অভিমান!
তুমি তোমাৰ ককাঁল সাবতা চুলিবোৰ
কেতিয়াবা খুলিও ৰাখিবা ……..
বতাহৰ ঢৌবোৰত উঠা – নমা কৰি
শিহৰণ তুলিব পাৰে
মোৰ বুকুত,
তুমি নাঙঠ ভৰিৰে
শেৱালিৰ পাপৰি সৰা বাটেৰেও নাহিবা;
সিহতো পৰি যাব পাৰে
তোমাৰ প্ৰেমত!
তুমি শাওণৰ পথাৰত
ভূঁই নোৰোবা,
ভদীয়া বানত জাকৈয়ো নামাৰিবা;
ভয় লাগে, তোমাৰ কোমল কলাফুলত খুন্দিয়াই
মাতাল হৈ পৰিব পাৰে
সৰু দৰিকণাটোও৷
কলেজ কেণ্টিনৰ কোনোবা এটা
বিশেষ কোনত বহি
তুমি আকাশলৈ ৰ লাগি চোৱা,
কেতিয়াবা মোৰো মন যায় জানা;
মেঘৰ বুকুচাৰ পৰা নামি
তোমাৰ বুকুৰ মাজেৰে
কলঙৰ ঢল বোৱাবলৈ৷
তুমি জানো সাতুৰিবা সেই সোতঁত
নে অভিমান কৰি
বহি পৰিবা
সুবিশাল পাৰত?
তোমাৰ পেৰেলেল, ভাৰ্টিকেল ডেভেলপমেণ্টৰ সূত্ৰবোৰ
মই বুজি নাপাওঁ,
বুজি পাওঁ তোমাৰ নিশব্দ হৃদয়ত বাজি ওঠা
খ্ৰাম আৰু মাদলৰ ছন্দবোৰ৷
কেতিয়াবা তুমিও শুনিবাচোন
কিদৰে মোৰ বুকুতো বাজে
চিফুংৰ ৰাগী লগা ধ্বনি,
হয়তু তাৰ শব্দই
তোমাকো বাধ্য কৰে
ঢালিবলৈ মোৰ বুকুত
মৰমৰ সেউজীয়া খিনি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments