ভাষাৰ সৰলীকৰণ

ভাষাৰ সৰলীকৰণ

মানবেন্দ্ৰ চহৰীয়া

ভাষা এক স্পৰ্শকাতৰ বিষয়। কোনোবাই যদি তলৰ লেখাটো পঢ়ি বেয়া পায়, ডেকা ল’ৰা বুলি ক্ষমা কৰে যেন। বিজ্ঞ সকলৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। নিজৰ ভাষাটো শুদ্ধকৈ লিখিবলৈ বহুত ইচ্ছা মোৰ, সেইকাৰণে লিখিলোঁ।

অসমীয়া ভাষাৰ সৰলীকৰণ হোৱাটো আপোনালোকে বিচাৰে নে? মই কিন্তু মনে-প্ৰাণে বিচাৰোঁ। মোৰ অসমীয়াৰ জ্ঞান সীমিত কিন্তু এটা কথা জানোঁ যে মোৰ শিকাৰ ক্ষমতা আছে। মই নিয়মীয়াকৈ বাতৰি কাকত আৰু বিভিন্ন আলোচনী সমূহ অনলাইন পঢ়োঁ। সৰুৰে পৰাই প্ৰতিদিনে অসমীয়া বাতৰি-কাকত পঢ়াৰ অভ্যাস আছে। কিন্তু জীৱনৰ দুই কুৰি পাঁচটা বছৰ পাৰ হোৱাৰ পিছতো আজিও এক সম্পূৰ্ণ শুদ্ধ প্ৰবন্ধ নিজৰ মাতৃ-ভাষাত লিখবলৈ মই অসমৰ্থ। নিজৰ মনৰ কথা লিখাতকৈ বানানৰ ভূত বিচাৰি থাকোতেই বেছি সময় নষ্ট হয়। এগৰাকী জনাবুজা লোকক ফেচবুকত এদিন শোধোঁতে মোক ক’লে যে ভাষা আৰু জাতিৰ প্ৰতি মৰম থাকিলেহে হেনো শিকিব পাৰি। মনতে প্ৰশ্ন উঠিল অসমীয়াৰ শিক্ষিত লোকৰ বেছিভাগেই দেশদ্ৰোহী বা জাতিপ্ৰেম নথকা মানুহ নেকি? কাৰণ মইতো আৰু বহুতৰে ভুল হোৱা দেখিছোঁ।

মই ইংৰাজীত কোনো ধৰণৰ ভুল নোহোৱাকৈ লিখিব পাৰোঁ। ইংৰাজীটো বহুত আসোঁৱাহ আছে কিন্তু লিপিটো সহজ হোৱাৰ বাবে লিখি আৰাম পাওঁ। T মানে T, তাত আৰু সৰু ডাঙৰ বিচাৰি ফুৰিব নালাগে। মোৰ কেইবাজনো বন্ধুৱে জাৰ্মান ভাষা ৬ মাহতকৈ কম সময়ত লিখিব আৰু পঢ়িব পাৰিছে, কিন্তু এই বয়সতো মোৰ আজি নিজৰ ভাষা লিখোঁতে হেজাৰটা ভুল। লিখিবলৈ লাজ পাওঁ লোকে হাঁহিব বুলি। দুখো লাগে। পিছে শব্দৰ অফলাইন অভিধান খন হোৱাৰ পৰা বহুত সকাহ পাইছোঁ।

এজন সাধাৰণ মানুহ হিচাপে মই কৰিব পৰা একোৱে নাই। কিন্তু যদি অসমীয়া ভাষা ১৫০ বছৰ পিছতো জীয়াই থকাটো বিচাৰে, ইয়াৰ সৰলীকৰণ হোৱাটো অনিবাৰ্য। অসমৰ শিক্ষিত লোকৰ কিমান শতাংশ মানুহে আজিৰ দিনত এটা সম্পূৰ্ণ শুদ্ধ টোকা অভিধান নোচোৱাকৈ লিখিব পাৰিব? এইটো বিবেচনা কৰিব লগীয়া বিষয়। চ, ছ – ট, ত – এনেবোৰ redundancy য়ে এজন সাধাৰণ মানুহক অসমীয়াক সম্পূৰ্ণ শুদ্ধ ৰূপত লিখাত বাধা দিয়ে। নিজৰ জীৱন কালতে এনে এক দিন দেখিব পাম নে নাই নাজানো য’ত প্ৰতিজন অসমীয়াই শুদ্ধ অসমীয়া লিখিব পাৰিব আৰু যাৰ বাবে ভাষাৰ উচ্চশ্ৰেণীৰ জ্ঞান থকাৰ প্ৰয়োজনীয়তা নাথাকিব।

 

প্ৰতীম প্ৰতাপ বৰুৱাঃ

অসমীয়া ভাষাটো সৰলীকৰণ হ’ব লাগে নে নালাগে সেয়া বেলেগ বিষয়। কিন্তু ভাষা হিচাপে অসমীয়া ভাষা এটা সহজ-সৰল ভাষা বুলি মই অনুভৱ কৰোঁ। এটা ভাষাৰ শুদ্ধ ৰূপটো চৰ্চাৰ জৰিয়তেহে আয়ত্ব কৰিব পাৰি।

উচ্চজিৎ কলিতাঃ

মই ইংৰাজী আৰু অসমীয়া দুয়োটা শুদ্ধকৈ লিখিব পাৰোঁ। আৰু মোৰ মতে ইংৰাজী বেছিহে কঠিন। karakter হে হ’ব লাগে, কিয়নো Character লিখে। আৰু আমেৰিকান ইংৰাজী বা ইংৰাজৰ ইংৰাজীৰ যুঁজ খনটো আছেই। আচল কথা হ’ল সৰুতে (মানে ১৪-১৫ বছৰলৈকে) ভালকৈ অনুশীলন কৰা মানুহৰ ভুল বহুত কম হয়।

মানবেন্দ্র চহৰীয়াঃ

প্ৰতীম দা, লিখাত অলপ ভুল হ’ল। সকলোৱে ভাষাক লিপি বুলি পঢ়ে যেন। অসমীয়া লিপিৰ কথাহে মই কৈছোঁ, ভাষা সৰলীকৰণৰ কথা কোৱা নাই। অসমীয়া ভাষাক এক সৰল ভাষা বুলি ময়ো ভাবোঁ।

উচ্চজিৎ কলিতাঃ

লিপি সৰলীকৰণ মানে আপুনি বৰ্ণৰ সংখ্যা কমোৱাৰ কথা কৈছে নেকি? কিন্তু তেনে ক্ষেত্ৰত ইংৰাজী আকৌ ক’ত সৰল। আমি ভাবিহে লওঁ সৰল বুলি কাৰণ আমাক অতি গুৰুত্ব দি ইংৰাজী শিকোৱা হয়, অসমীয়া জানো তেনেকৈ শিকায় বা শিকে। ইংৰাজীত দেখোন চাৰিখন ফলা। বৰফলা, সৰুফলা, পকোৱা সৰুফলা, পকোৱা বৰফলা। ইমান সোপা তথাপি শিকিছোঁ। পিছে পৃথিৱীত সকলোতকৈ বেছি সংখ্যক মানুহে কোৱা বা লিখা ভাষাটো “মাণ্ডাৰিন” (চাইনীজ), lopograms (ছবি-বৰ্ণ) এৰে লিখা এই ভাষাটো দেখোন আৰু টান যদিহে অসমীয়া বৰ্ণবোৰ টান বুলি কওঁ।

মানবেন্দ্ৰ চহৰীয়াঃ

মই আপোনাৰ লগত সহমত নহয়। সম্পূৰ্ণ একে উচ্চাৰণৰ দুটা-তিনিটাকৈ বৰ্ণ থকাৰ, ভাবিলে কোনো যুক্তি নাই মোৰ মতে। সেইকাৰণে মই দেৱব্ৰত শৰ্মা দাৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ইংৰাজীত লিপিৰ Redundancy এটাও নাই। যদিও উচ্চাৰণ আৰু লিখনিৰ মাজৰ কেতিয়াবা পাৰ্থক্য থাকে। সঘনে এনে শব্দবোৰ বেলেগ ভাষাৰ পৰা ইংৰাজীলৈ অহা শব্দ।

মাণ্ডাৰিনৰ কথা কৈছে কাৰণে এই লিংকটো চাবঃ http://en.wikipedia.org/wiki/Simplified_Chinese_characters চাইনিজ ভাষাক জনপ্ৰিয় কৰিবলৈ ৫ দশক আগতে বহু কাম কৰা হৈছিল আৰু এতিয়াও কৰি থকা হৈছে। আৰু তেওঁলোকৰ ভাষাৰ লগত অসমীয়াৰ তুলনা নহয়। আন আৰ্য্য ভাষাৰ লগতহে হয়। মাণ্ডাৰিনৰ লিপি character based হয়, আমাৰ নহয়।

উচ্চজিৎ কলিতাঃ

ইংৰাজী যদি সৰল বুলি কওঁ তেন্তে C, CH – ক “ক”ৰ কাৰণে ‘K’ – কো “ক”ৰ কাৰণে আকৌ C, CH – ক চ, ছ – কাৰণে ব্যৱহাৰ কৰা হয়। g, j, Z- ৰ ব্যৱহাৰো তেনেকৈ কৰা হয় বহুক্ষেত্ৰত। Education-ৰ দৰে শব্দত আকৌ tion-ৰ উচ্চাৰণো “চন”….ইমান সহজনে ইংৰাজী।

দিপাংক দত্তঃ

মানবেন্দ্ৰ দা, অসমীয়া ভাষাটো শুদ্ধকৈ লিখিব নোৱাৰা কাৰণটো হ’ল ব্যাকৰণ পঢ়াৰ প্ৰতি আমাৰ অৱহেলা। ইংৰাজী ভাষা সহজ নহয়, কিন্তু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি ইমান অভ্যস্ত হৈ গৈছোঁ যে আমি সহজ বুলি ভাবিবলৈ অৰম্ভ কৰি দিছোঁ। সচাঁ কথা কওক চোন ইংৰাজী ভাষা শিকিবলৈ যিমান সময় দিলোঁ অসমীয়া ভাষাটো শিকিবলৈ দিলোঁনে?

উচ্চজিৎ কলিতাঃ

ইংৰাজীত উচ্চাৰণ ভেদৰ কাৰণে বৰ্ণ আছে। কিন্তু তথাপিও একেটা ধ্বনিৰ কাৰণে বেলেগ বেলেগ বৰ্ণও ব্যৱহাৰ কৰে। (tu তু নিলিখি কিয় বাৰু to তু লিখে)। আমাৰ অসমীয়াত উচ্চাৰণ বিভেদৰ বাবে নহয় শব্দ বিভেদ দেখুৱাবলৈ বিভিন্ন বৰ্ণ ব্যৱহাৰ কৰোঁ। সাপ/শাপ, চন/ছন, চুটি/ছুটি/ছুটী।

মানবেন্দ্ৰ চহৰীয়াঃ

উচ্চজিৎ কলিতা, g, j, z – এবাৰ ডাঙৰকৈ ৰূমত কওক। তিনিওটাৰে উচ্চাৰণ সম্পূৰ্ণ বেলেগ! জি, জে, জেদ। শ, স, ষ – এই তিনিজনকে কিন্তু মই বৰ ভয় কৰোঁ। সম্পূৰ্ণ একে উচ্চাৰণ। কিবা বিভেদ আছে যদিও একেবাৰে নগন্য। আৰু লিখোঁতে ক’ত কি লগাম (দৈনন্দিন ব্যৱহাৰ হৈ অহা শব্দক বাদ দি) সদায় খোকোজা লাগে। আপোনাৰ ভুল নহ’ব পাৰে, মোৰ নিচিনা সাধাৰণ মানুহৰ কিন্তু হয়।

পঙ্কজ চেতিয়াঃ

সম্পূৰ্ণ একে উচ্চাৰণৰ বৰ্ণ অসমীয়া ভাষাত নাই আচলতে। আমিহে ভুলকৈ একেধৰণেই উচ্চাৰণ কৰি থৈ দিওঁ। ইংৰাজী ভাষাত যদিও স্বৰবৰ্ণ মাথোঁ ৫ টা, দৰাচলতে উচ্চাৰণ অনুযায়ী (phonetically) স্বৰবৰ্ণ ২০ টা। আমি “চ”, “ছ”, “শ” ইত্যাদিৰ প্ৰকৃত উচ্চাৰণ জানিলে এই ভুলবোৰ নহয়। ইংৰাজীত যদি ৫ টা স্বৰবৰ্ণৰ ২০ ধৰণৰ উচ্চাৰণ থাকিব পাৰে, তেন্তে কোনটো বেছি সহজ বাৰু?

দ্বিজেন্দ্ৰ নাথ শৰ্মাঃ

কথাখিনি সম্ভৱেই নহয়। ভাষা এটাৰ বিভিন্ন স্তৰত বিকাশ হৈ পূৰ্ণতা লাভ কৰে। মই ভাষাবিদ ( linguist) নহয় কিন্তু পঢ়ি শুনি কিছুমান কথা জানোঁ আৰু তাৰ পৰা কিছু কথা এই প্ৰসংগত প্ৰাসংগিক বুলি ভাবি শ্বেয়াৰ কৰিলোঁ। বেছিভাগ ভাৰতীয় ভাষা সংস্কৃতৰ পৰা উদ্ভুত। গতিকে মূল সংস্কৃতত থকা বৰ্ণ কেইটাৰপৰাই ভাৰতীয় ভাষাবিলাকৰ বৰ্ণ বিলাক আহিছে। মূল সংস্কৃতৰ পৰা সংশ্লেষিত ভাষাবিলাকত হয়তো এটা দুটা বৰ্ণৰ সংযোজন বা বিয়োজন ঘটিছে। যেনে অসমীয়া ভাষাত আগতে ব্যৱহৃত লি, ল্লি বুলি দুটা বৰ্ণৰ এতিয়া প্ৰচলন নাই বুলিলেই হয়।

এতিয়া বৰ্ণৰ সৰলীকৰণ কিয় সম্ভৱ নহয়?

এই যে একেটা বৰ্ণৰে বিভিন্ন ৰূপবোৰ থাকিল এইবোৰ ভাষা সৃষ্টিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই আছে আৰু ভাষাৰ বিকাশৰ বিভিন্ন স্তৰত এই বিভিন্ন বৰ্ণবোৰে বিভিন্ন অৰ্থবিশিষ্ট শব্দৰ সৃষ্টি কৰিছে। এতিয়া যদি বৰ্ণৰ বিভিন্ন ৰূপবোৰৰ বিলোপ ঘটোৱাব লগা হয় তেতিয়া ভিন্ন বৰ্ণই ভিন্ন অৰ্থ প্ৰকাশ কৰা শব্দবোৰৰ কি হ’ব? ‘পান’ আৰু ‘পাণৰ’ পাৰ্থক্য কেনেকৈ বুজিম? এনে উদাহৰণৰ লেখ দি শেষ কৰিব নোৱাৰি।

এতিয়া যদি আদিতে এই বৰ্ণভিন্নতা নাথাকিলেহেঁতেন, সেই শব্দবোৰৰ সৃষ্টিয়েই সেই ধৰণে নহ’লহেঁতেন। আজি ভাষা সৰলীকৰণ কৰিবলগীয়া হ’লে এটা বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব আৰু কাৰো কথা কোনোৱে বুজি নোপোৱা পৰিস্থিতিৰ সৃষ্টি হ’ব। আপুনি কিবা বেলেগ বুজাবলৈ শব্দ এটা ব্যৱহাৰ কৰিব আৰু কোনে কি অৰ্থ বুজে তাৰ হিচাব নোহোৱা হ’ব, বিশেষকৈ একে বৰ্ণৰ বেলেগ বেলেগ ৰূপেৰে বেলেগ অৰ্থ বুজোৱা শব্দ বিলাকৰ ক্ষেত্ৰত।

http://www.google.co.in/imgres?imgurl=http://rahulvats.info/blogs/media/blogs/sanskrit/sanskrit_conj.gif&imgrefurl=http://rahulvats.info/blogs/blog3.php/sanskrit-alphabets&h=341&w=577&sz=15&tbnid=Y6jp_cCwMb56WM:&tbnh=79&tbnw=134&zoom=1&usg=__DoNxJFlCiOIP59QfyPXBwR6Zuzg=&docid=j9rFyNRf0eJOrM&sa=X&ei=MlekUdKbC4eRrQeQmoHAAw&ved=0CDgQ9QEwAg&dur=481

উচ্চজিৎ কলিতাঃ

g, j, z -ৰ নিজা নিজা উচ্চাৰণ আছে, সেয়া জানোঁ। কিন্তু স্থানান্তৰত ইহঁতক ব্যতিক্ৰমী উচ্চাৰণতো ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ future শব্দটো কিয় fewsur নিলিখে আজিলৈকে বুজি নাপালোঁ। future মানে “ফুটুৰে” হ’ব লাগে। Psychology-ত আকৌ P টো কিয় লাগে। সেয়া Sykolojy হে হ’ব লাগে। সৰুতে মই শিক্ষকৰ ভয়তহে এই বানান বিলাক তেনেকৈ শিকিছোঁ। এইবোৰ সৰলীকৰণৰ কথা কোনেও নকয় যে।

পঙ্কজ চেতিয়াঃ

“She sells sea shells in the sea shore” বাক্যটো কেইজন মানুহে শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে বাৰু! ইংৰাজী ইমানো সহজ নহয় চাগৈ! খাটি অসমীয়া জিভা নুঘূৰেই দেখোন!

উদ্দীপ তালুকদাৰঃ

আপোনাৰ কথাখিনি দেখাত শুদ্ধ যেন লাগিলেও মোৰ মতে অসমীয়া বানান আমাৰ ভুল হোৱাৰ মূল কাৰণটো জটিল লিপি ব্যৱস্থা নহয়, বৰং চৰ্চাৰ অভাৱহে। আমি বহুতেই বিভিন্ন কাৰণত উচ্চতৰ মাধ্যমিক পৰ্যায় পাৰ হৈ অহাৰ পাছত অসমীয়া লিখিবলৈ এৰি দিছোঁ, যিটোৰ কাৰণে বানান এক সমস্যা হৈ দেখা দিছে।

“কিন্তু জীৱনৰ দুই কুৰি পাচঁটা বছৰ পাৰ হোৱাৰ পিছতো আজিও এক সম্পূৰ্ণ শুদ্ধ প্ৰবন্ধ নিজৰ মাতৃ-ভাষাত লিখবলৈ মই অসমৰ্থ।” আপুনি সময়ৰ হিচাপ কৰিলেও ইয়াত মোৰ মতে জোখাৰ মাপ-কাঠী হ’ব লাগে, এই দুকুৰি-পাঁচটা বছৰত আপুনি কিমানখিনি অসমীয়া লিখিলে আৰু কিমান ইংৰাজী? তাতো এটা কথা আছে, দশম মানলৈকে যিখিনি অসমীয়া লিখা হৈছে, তাত হয়তো নিজাকৈ শব্দ-চয়ন কৰি বানানৰ শুদ্ধতালৈ লক্ষ্য ৰাখি লিখাৰ প্ৰয়াস কৰা বছৰ আছে মাত্ৰ দুটা। সেয়ে আপুনি সময়ৰ হিচাপত হতাশ হ’লেও মোৰ বোধেৰে তেনে কৰাৰ কোনো কাৰণ নাই। দ্বিতীয় অসুবিধাটো আপুনি নিজেই আঙুলিয়াই দিছে, ইংৰাজী ভাষাত অভিধান আদি ইমান সহজে উপলব্ধ যে বানানৰ সন্দেহ হ’লেই পটকৈ চাই ল’ব পাৰি, কিন্তু অসমীয়াত সেইটো উপায় নাই বাবেই ভুলবিলাক বহু দিনলৈ ৰৈ যায়।

“মই ইংৰাজীত কোনো ধৰনৰ ভুল নোহোৱাকৈ লিখিব পাৰোঁ। ইংৰাজীটো বহুত আসোঁৱাহ আছে কিন্তু লিপিটো সহজ হোৱাৰ বাবে লিখি আৰাম পাওঁ।” আপুনি ইংৰাজী ভুল নোহোৱাকৈ লিখিব পাৰিছে মোৰ বোধেৰে চৰ্চাৰ বাবেহে। তাৰোপৰি আপুনি বিদেশতে থাকে বাবে অনবৰত চকুৰ আগত দেখি থকা বিভিন্ন পোষ্টাৰ, বিজ্ঞাপন, পত্ৰিকা আদিতো বানানবিলাক সদায় দেখিয়েই থাকে বাবে বানানৰ শুদ্ধ গঢ় এটা আপোনাৰ মগজুত ৰৈয়েই গৈছে, কিন্তু একে অৱস্থা এটা অসমীয়া ভাষাৰ ক্ষেত্ৰত আপোনাৰ হোৱাতো নায়েই, আনকি অসমতে অসমীয়া পোষ্টাৰ আদি খুব সহজলভ্য নহয়, সেয়ে এই অচেতন তথ্য-সৰবৰাহটো অসমীয়াৰ ক্ষেত্ৰত খুব কম, যিটোৰ বাবে আমাৰ বহুতৰে অসমীয়া বানান ভুল বেছি হয়।

“T মানে T, তাত আৰু সৰু ডাঙৰ বিচাৰি ফুৰিব নালাগে।” এই কথটো মই মানি নলওঁ এই কাৰণেই যে মই প্ৰায়েই আমাৰ বিভাগৰ তলৰ-খাপত কৰ্মচাৰী কেইজনৰ ইংৰাজীত লিখা দৰ্খাস্ত আদি দেখিয়েই থাকোঁ। একে উচ্চাৰণৰ দৰে হোৱা বাবে কিমান বানানৰ খেলি-মেলি হয়, সেইটো ভাবিব নোৱাৰা বিধৰ। যেনেঃ I wud lick to stat that I sall not be atend my duti of January 31 bekaws of my merej. ইয়াৰ প্ৰত্যেকটোৱেই মই সঁচাকৈ দেখা, মাত্ৰ একেলগে মিলাই দিছোঁ। এইটো বাক্য পঢ়িলেই গম পাব, সাধাৰণ ইংৰাজী বানানসমূহো উচ্চাৰণমতে আচলতে নাযায়। গতিকে ইংৰাজী বানান সহজ, এই কথাটো মই মুঠেই মানি ল’ব নোৱাৰোঁ। আকৌ আমেৰিকান বানান, ইংৰাজৰ বানান আদি চাবলৈ গ’লে আৰু অসুবিধা আছে।

জাতীয় অভিধানৰ বিষয়ত মোৰ ক’বলগীয়া হৈছেঃ তেওঁলোকে অসমীয়া ভাষাৰ ব্যৱহাৰ বঢ়াবলৈ বানান সৰলীকৰণৰ যিটো পন্থা লৈছে, সেইটো কোনো তথ্য-ভিত্তিক সমীক্ষাৰ ওপৰত ভিত্তি কৰা যেন লগা নাই। তেওঁলোকে কয়, অসমীয়া বানান টান কাৰণে ল’ৰা-ছোৱালীয়ে ইংৰাজী মাধ্যমলৈ গতি কৰিছে, কিন্তু সেইটো কোনো সমীক্ষাৰ আধাৰত ক’লেহে মানি ল’ব পাৰি। ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমলৈ যোৱাটোৰ লগত অসমীয়া ভাষাৰ বানান-টানতকৈ আন বহুতো গূঢ় কাৰণ আছে।

যিকোনো ভাষা এটা ভালকৈ লিখিবলৈ তাৰ ওপৰত অলপ মনপুতি পঢ়া-শুনা কৰিব লাগিবই, ইয়াৰ কোনো গত্যন্তৰ নাই।

মানবেন্দ্ৰ চহৰীয়াঃ

দ্বিজেন্দ্ৰ দা, আপোনাৰ কথাখিনি পঢ়ি ভাল পালোঁ। মই এটা বেলেগ উদাহৰণ দিব খুজিছোঁ। Turkish Language যাৰ লিপিক একে দিনাই সলনি কৰি দিয়া হৈছিল। আৰবী মূলৰ লিপিক বাদ দি ৰোমান মূলৰ ৰূপ দিয়া হৈছিল। কেলেই সম্ভৱ নহব? দুই-এটা শব্দ নোহোৱা হৈ যাব পাৰে, কিন্তু আহিব লগা প্ৰজন্মই সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া লিখিব পৰাটোহে আমাৰ কাম্য। মই বিনা চিন্তাই অসমীয়া লিখিব বিচাৰোঁ, অভিধান হাতত নোলোৱাকৈ। ভাবকচোন এখন Simplified Assamese Alphabet হ’লে অসমীয়াক কিমান দ্ৰুত গতিত বিস্তাৰ কৰিব পৰা যাব! শিকাবলৈ কিমান উজু হব!

http://en.wikipedia.org/wiki/Turkish_alphabet#Introduction_of_the_modern_Turkish_alphabet

উদ্দীপ দা, আপোনাৰ অচেতন তথ্য-সৰবৰাহৰ কথাটো সম্পূৰ্ণ সত্য। ইংৰাজীতো তেনে ভুল হয় বুলি জনা নাছিলোঁ।

উদ্দীপ তালুকদাৰঃ

আৰু এটা কথা লিখিম বুলিও পাহৰি থাকিলোঁ। আচলতে প্ৰায়েই মোৰ ইমান দীঘল হৈ যায় যে কিবা এটা ৰৈ যাবই যাব! চব ভাষাৰে সৰলীকৰণ হয়েই ধীৰে ধীৰে, কিন্তু সেইটো স্বতঃস্ফূৰ্ত ধীৰ প্ৰক্ৰিয়া। ইংৰাজীতো বহুত সাল-সলনি হৈ আছে, আগৰ দিনৰ দীঘল s-টো নোহোৱাই হৈ গ’ল। তেনেকৈ অসমীয়া ভাষাটো হ’ব। কিন্তু এই প্ৰক্ৰিয়াক খৰতকীয়া কৰিবলৈ বাহিৰৰপৰা জাঁপি দিলে হিতে-বিপৰীত হোৱাৰ আশংকাহে আছে।

লিপি সলনি কৰি বানান শুদ্ধ কৰা কাৰবাৰটো আচলতে ‘বেমাৰ’ এটাক এদিন চব ডাক্তৰে লগ হৈ ‘বেমাৰ নহয়’ বুলি ঘোষণা কৰি সেইটো বেমাৰ চিকিৎসা কৰাৰ দৰে দৰে হ’ব!

মানবেন্দ্ৰ চহৰীয়াঃ

উদ্দীপ দা, স, শ আৰু ষ ৰ সলনি এটা বৰ্ণ ব্যৱহাৰ কৰিব খুজিলে কেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। logistical নহয়, ভাষাৰ continuity পিনৰ পৰা?

উদ্দীপ তালুকদাৰঃ

ৱিকিপিডিয়াৰ প্ৰবন্ধটোত তুৰস্কৰ দ্বিতীয় ৰাষ্ট্ৰপতিয়ে দিয়া মন্তব্যটো চাওকঃ

“The goal of the alphabet reform is not to raise literacy rate. (Before the Latin alphabet) Literacy rate was low not because it was hard to learn the (Ottoman) alphabet(…)For many long years, the (Ottoman) state did not lean on mass education and literacy issues (because of the long lasting wars); if the (Ottoman) state had paid attention (to the literacy and education) it (the literacy rate) would have been higher. One of the main goals of revolution was to close the doors of the past to the newer generations, break the ties with the Arab-Islam world and to lessen the influence of religion on the public(…)Newer generations would not learn the old script and we would control the works written in the new script(…)So, since the religious works were written in old (Arabic) script they would not be read and therefore the influence of religion on the public would lessen”

এইখিনি পঢ়কচোনঃ

“One of the main goals of revolution was to close the doors of the past to the newer generations, break the ties with the Arab-Islam world and to lessen the influence of religion on the public”

এনেকুৱা হোৱাটো আমি বিচাৰো জানো? অতীতৰ লগত যোগ-সূত্ৰ কমি যোৱাটো আমি বিচাৰো জানো?

আৰু ভয়লগা কথা আছে তাৰ পাছৰ পেৰেগ্ৰাফ কেইটাতঃ

The alphabet’s introduction has been described by the historian Bernard Lewis as “not so much practical as pedagogical, as social and cultural _ and Mustafa Kemal, in forcing his people to accept it, was slamming a door on the past as well as opening a door to the future.” It was accompanied by a systematic effort to rid the Turkish language of Arabic and Persian loanwords, often replacing them with words from Western languages, especially French. Atatürk told his friend Falih Rıfkı Atay, who was on the government’s Language Commission, that by carrying out the reform “we were going to cleanse the Turkish mind from its Arabic roots.”[16]

দ্বিজেন্দ্ৰ নাথ শৰ্মাঃ

কিছুমান উদাহৰণেৰে সকলো কথা প্ৰতিষ্টিত কৰিব নোৱাৰি। Turkish Language ৰ যাৰ লিপিক একে দিনাই সলনি কৰি দিয়াৰ সময়ত সেই ভাষাটো বিকাশৰ কি পৰ্যায়ত আছিল তাক গৱেষণা নকৰাকৈ এই প্ৰসংগত উদাহৰণ হিচাবে দিব নোৱাৰি। আৰু তাত লিপি পৰিৱৰ্তন কৰা হৈছিল। আৰু ইয়াত আহিল লিপিৰ বিলোপ সাধন। যিটো আমাৰ ভাষাৰ আজিৰ স্তৰত ব্যৱহাৰিক ভাৱে অসম্ভৱ। তাৰোপৰি আমি আমাৰ মূল উৎস পাহৰি গ’লে নহ’ব। আমাৰ ভাষাটো মূলতঃ সংস্কৃত প্ৰসূত (দিৰাইভদ)। এই লিপিত লগতে আজিৰ পৰ্যায়ত এই চিন্তচৰ্চাই একো ফল নিদিয়ে। ভাষাত লিপিৰ পৰিৱৰ্তনৰ যিটো স্তৰ থাকে সেই স্তৰটো আমি কাহানিবাই পাৰ হৈ আহিছোঁ। এতিয়া আমি নতুনকৈ পুনৰ অসমীয়া ভাষাটো আৰম্ভ কৰিব নোবাৰোঁ। কাৰণ যদি আমি সেইটো কৰিবলৈ লওঁ ই সাপ- লুডুৰ খেলৰ নিচিনা হ’ব।

মানবেন্দ্ৰ চহৰীয়াঃ

এইটো এটা interesting প্ৰবন্ধ। চাব চোন। চাইনাটো বহুত আলোচনা হৈছে এইটোৰ ওপৰত। তেওঁলোকৰ কামটো কিন্তু সাক্ষৰতাৰ বাবেহে কৰা হৈছে। টুৰ্কৰ বেলেগ কাৰণ পিছে।

http://en.wikipedia.org/wiki/Debate_on_traditional_and_simplified_Chinese_characters

দ্বিজেন্দ্ৰ নাথ শৰ্মা দা, সংস্কৃত দিৰাইভদ বুলি ক’লে মোৰ অসমীয়াক অপমান কৰা যেন লাগে। বেয়া নাপাব। সংস্কৃত-influenced বুলিহে মই কৈ ভাল পাওঁ। কাৰণ অসমীয়াত এক বুজন সংখ্যক অন্য মূলৰ শব্দ আছে। পিছে এইটো সম্পূৰ্ণ বেলেগ বিষয়। তাৰ ওপৰত মোৰ আৰু মন্তব্য নাই।

উদ্দীপ তালুকদাৰঃ

চীনা আৰু জাপানী লিপিৰ ডাঙৰ অসুবিধাটো হৈছে তেওঁলোকৰ বিশাল বৰ্ণ-সংখ্যা। শুনা মতে চীনা পাৰম্পৰিক বৰ্ণৰ সংখ্যা ৭০০০০-ৰ মান, আনহাতে জাপানৰ পাৰম্পৰিক লিপিত প্ৰায় ৭০০০। এনে হ’লে ল’ৰা-ছোৱালীৰ ওপৰত যে ভাষা-শিকাৰ নামত অত্যাচাৰ হ’ব সেইটো সহজেই অনুমেয়। তেনে extreme অৱস্থাত কথাবিলাক অলপ বেলেগ হ’ব।

“স, শ আৰু ষ ৰ সলনি এটা বৰ্ণ ব্যৱহাৰ কৰিব খুজিলে কেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। logistical নহয়, ভাষাৰ continuity পিনৰ পৰা?” আচলতে খুব বেছি সমস্যা নাহে, লিখিবলৈ সুবিধাই হ’ব। কিন্তু মোৰ কথাটো হৈছে সুবিধা হ’লেই মানুহে অসমীয়া লিখিবলৈ আৰম্ভ কৰি দিব বুলি ধৰি লোৱাৰ কাৰণ নাই। কাৰণ মানুহে অসমীয়া নিলিখাৰ কাৰণবোৰৰ তালিকাত বানান ভুলটো মোৰ মতে বহুত পাছত আহিব। (অৱশ্যে মই ভাবিহে লৈছোঁ, আচলতে এটা পৰোক্ষ সমীক্ষাই কথাবিলাক পৰিষ্কাৰ কৰিব।) আৰু এইখিনি নকৰিলে অসমীয়া ভাষা বিপদাপন্ন হ’ব বুলি মোৰ বিশ্বাস নহয়। যদি বিপদাপন্ন নহয়েই, তেন্তে এইখিনি কৰি আচলতে লাভ হ’ব জানো?

দ্বিজেন্দ্ৰ নাথ শৰ্মাঃ

আৰু এটা কথা সকলো কথা উদাহৰণেৰে প্ৰতিষ্ঠিত কৰিব নোৱাৰি। বেলেগ লিপি বা বেলেগ দেশৰ উদাহৰণ আমাৰ বাস্তৱিকতাৰ লগত, আমাৰ পৰিস্থিতিত খাপ নাখায়… যিদৰে ৰাছিয়াত কঠীয়া পাৰি সেই কঠীয়া আনি নাজিৰাত ধান উৎপাদন কৰিব নোৱাৰি। কাৰণ ৰাছিয়াৰ পৰিৱেশত পালিত কঠীয়া কিবাকৈ আনি নাজিৰাত ৰুলেও সেই কঠীয়াই পোখা মেলি গোট নধৰে। গতিকে আমি নাজিৰাত কঠীয়া সিঁচি কিদৰে উন্নত ধান উৎপাদন কৰিব পাৰি তাকহে চিন্তা চৰ্চা কৰা উচিত।

দেৱব্ৰত গগৈঃ

অসম জাতীয় অভিধানৰ অন্তৰালত এক সুপ্ত আৰ্থ-ৰাজনৈতিক কাৰণ সোমাই আছে বুলি ভাবোঁ। অতীতৰ কিছুমান অপ্ৰিয় অশান্তিমূলক বিষয়, যিবোৰ আমি ইতিমধ্যে পাহৰিবলৈ লৈছোঁ, যিবোৰে আমাৰ অসমীয়া সমাজত এটা সময়ত তিক্ততাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছিল, তেনেবোৰ বিষয় পুনৰ মূৰ ডাঙি উঠাৰ সম্ভৱনাই দেখা দিছে। সেয়ে এইখন অভিধানক অনুসৰণ কৰাৰ কোনো প্ৰয়োজনীয়তা নেদেখোঁ।

তাতোকৈ ডাঙৰ কথা যে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি কামনা নকৰা এচাম অনা-অসমীয়াই এইখন অভিধানক বেছি গুৰুত্ব দিবলৈ লৈছে। যিখন অভিধানে অনাহকত হেমকোষক প্ৰত্যাহ্বান জনায় সেইখন অভিধানক আমি কি যুক্তিত আঁকোৱালি ল’ম?

মানবেন্দ্ৰ চহৰীয়াঃ

দেৱব্ৰত গগৈ দা, মোৰ কিন্তু কোনো আৰ্থিক কাৰণ নাই দেই। এই দিশটোৰ কথা বহলাই ক’লে বহুত ভাল পাম। মই একেবাৰে নাজানোঁ। মামনি ৰয়চম বাইদেউকো দেখি আছোঁ উন্মোচনী কাৰ্য্যক্ৰমত। ভিতৰৰ কাৰণবোৰ জনালে ভাল পাম।

দ্বিজেন্দ্ৰ নাথ শৰ্মাঃ

মূলৰ পৰা উদ্ভুতকে ‘দিৰাইভদ’ শব্দটোৰে বুজাইছোঁ। লগতে মূল সংস্কৃতৰ পৰা সংশ্লেষিত ভাষাবিলাকত হয়তো এটা দুটা বৰ্ণৰ সংযোজন বা বিয়োজন ঘটিছে আৰু নতুন শব্দৰ সৃষ্টি যিকোনো জীৱিত ভাষাৰ এটা বৈশিষ্ট্য।

মানবেন্দ্ৰ চহৰীয়াঃ

ইয়াত বহুত কথা শিকিবলৈ পালোঁ আজি। কিছুমান দিশ ভবা নাছিলোঁ, সেইবোৰো গম পালোঁ।

গীতাৰ্থ বৰদলৈঃ

“অসমীয়া বানান আমাৰ ভুল হোৱাৰ মূল কাৰণটো জটিল লিপি ব্যৱস্থা নহয়, বৰং চৰ্চাৰ অভাৱহে”- উদ্দীপ দাদাৰ কথাত সহমত পোষণ কৰিছোঁ। মোৰ অসমীয়া আৰু ইংৰাজী দুয়োটাই এতিয়াও ভুল হয়, মাজে মাজে অভিধান-ব্যাকৰণৰ কিতাপ পঢ়ি থাকোঁ।

ৰাজীৱ ৰঞ্জনঃ

বিশেষ কিবা এটা ক’বলৈ মোৰ সিমান জ্ঞান আৰু অৰ্হতা নাই। মাথোঁ এটা কথাহে ভাবিছোঁ। নতুন প্ৰজন্মই বাৰু কোনোবা দিন অদূৰ ভৱিষ্যতত ভাষা সৰলীকৰণ হৈ যোৱাৰ পাছত, মানে এটা শ, এটা ট, এটা চ হোৱাৰ পাছত ভাষাটো শুদ্ধকৈ লিখিব পৰা হ’বগৈ। কিন্তু আমিবোৰৰ আৰু আমাৰ আগৰ প্ৰজন্মবোৰৰ কি হ’ব? আমাৰ ভাষাটো তেতিয়া আকৌ অশুদ্ধ হৈ যাব নহয়। বৰ কষ্ট হ’ব তেতিয়া, নতুনকৈ বানানবোৰ শুদ্ধকৈ (মানে এতিয়াৰ হিচাপত ভুলকৈ) লিখিবলৈ।

দ্বিজেন্দ্ৰ নাথ শৰ্মাঃ

মানবেন্দ্ৰ চহৰীয়া, আৰু এটা কথা বেছিভাগ ভাৰতীয় ভাষা সংস্কৃত প্ৰসূত। কোনো ভাৰতীয় ভাষা সংস্কৃত দ্বাৰা influenced হৈ সৃষ্টি হোৱা নহয়। ভাষাৰ বিকাশত বেলেগ ভাষাৰ প্ৰভাৱৰ অৰিহণা থাকে কিন্তু অকল প্ৰভাৱে (influenced) কোনো ভাষাৰ সৃষ্টি নকৰে। আমি সকলোৱে জানো সংস্কৃত আমাৰ ভাষাৰ মাতৃ। গতিকে ‘দিৰাইভদ’ শব্দটো অপমানজনক বুলি ভাৱিব নালাগে।

বনজীৎ পাঠকঃ

আগতে এটা উদাহৰণ দিছিলোঁ, আকৌ দিওঁ… “সাপ মাৰিলে সাপে শাপ দিব” এই বাক্যটো কেনেকৈ লিখিব? আৰু ওলাব উদাহৰণ।

ৰাজীৱ ৰঞ্জনঃ

এটা শ বা এটা ট যদি কোনোবা দিনা হৈ যায়, তেতিয়া চাগৈ বহু বস্তু বুজাবলৈ ইমানদিনে ব্যৱহাৰ কৰি অহা শব্দবোৰৰো সালসলনি ঘটাব লাগিব।

হিমাশ্ৰী চি. দাসঃ

মানবেন্দ্ৰ চহৰীয়া, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আপুনি আগবঢ়োৱা প্ৰস্তাৱৰ লগত একমত হ’ব নোৱাৰিলোঁ। অসমীষা ভাষাৰ বৰ্ণ, লিপি তথা উচ্চাৰণৰ স্বকীয়তা আছে আৰু তাৰ সাৰলীকৰণৰ লগে লগে ইয়াৰ যি ক্ষতি হব, সেয়া অপূৰণীয় তথা irreparable, irreversible। সৰলীকৰণৰ ফলত আজিৰ অসমীয়া ভাষাই লাহে লাহে নতুন ৰূপ লৈ নতুন এটা dialect ৰ সৃষ্টি কৰিব, অসমীয়াৰ অপভ্ৰংশ কিন্তু অসমীয়া নহয়। অসমীয়া ভাষাৰ শুদ্ধ চৰ্চা আৰু প্ৰয়োগ অবিহনে ইয়াৰ প্ৰসাৰ নিৰৰ্থক বুলি মই ভাবোঁ।

মানবেন্দ্ৰ চহৰীয়াঃ

একে দিনাই সৰলীকৰণ নিশ্চয় সম্ভৱ নহয়, হ’লেও অপ্ৰয়োজনীয় কিছুমান কাম হ’ব পাৰে। পিছে লাহে-লাহে সৰলীকৰণ হোৱাটো জৰুৰী। কেনেকৈ হয়, সেইটো সময়েহে ক’ব। যি কি নহওক, অসমীয়া ভাষাৰ প্ৰসাৰ হওক, সেয়াই মোৰ কামনা।

বিশ্বজিৎ দেৱ শৰ্মাঃ

অলপ জটিলতা আছে। স, ষ, শ ৰ উচ্চাৰণ একে (/x/ বা / ç/) বা ন আৰু ণ ৰো উচ্চাৰণ একে (/n/)। এই বৰ্ণ কেইটা এটা কৰিব পাৰিলে ভালেই হ’লহেঁতেন। কিন্তু লিখোঁতে শব্দৰ অৰ্থ 2 to 1 mapping হৈ যাব পাৰে। যেনে শুন আৰু সোণ। উচ্চাৰণৰ সময়ত context and prosody এ বহুখিনি পাৰ্থক্য আনি দিব। কিন্তু পঢ়ি অৰ্থটো বুজিবলৈ কঠিন হ’ব।

হিমাশ্ৰী চি. দাসঃ

ও” ো ” আৰু উ “ু” এই দুটাৰ উচ্চাৰণ একেদৰে কৰা দেখা যায়, কিন্তু দুয়োটাৰে পাৰ্থক্য আছে। ভূপেন হাজৰিকা দেৱৰ গানবোৰ ভালকৈ শুনিলে গম পোৱা যায়, তেওঁ কিমান সচেতন আছিল এইক্ষেত্ৰত।

সুৰজিৎ নেওগঃ

এই প’ষ্টটোৱে নিঃসন্দেহে এটা নতুন চিন্তাৰ খোৰাক যোগাইছে বুলি মই ভাবোঁ। কিন্তু গোটেই কথাখিনি ইমান সৰল নহয়। ‘স’, ‘শ’, ‘হ’ আদি বিভিন্ন বৰ্ণৰ এটা স্বকীয় উচ্চাৰণ আছে অসমীয়াত। ঠিক তেনেকে ‘ট’, ‘ত’ বা ‘চ’, ‘ছ’ ৰো আছে। আৰু এই ভিন্ন বৰ্ণৰ সমাহাৰেৰে গঠিত বিভিন্ন শব্দৰ সেয়ে এক সুকীয়া উচ্চাৰণেৰে আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছোঁ। এনে নহ’লে আমি ‘হাত’, ‘হাট’, ‘সাত’ আদিক কেনেকৈ বুজাম? সৰুতে যেতিয়া অসমীয়া শিকিছিলোঁ, তেতিয়া আমাৰ মা-দেউতাই বা শিক্ষকসকলে হাতত এচাৰি লৈ আমাৰ ভুলবোৰ শুদ্ধ কৰিছিল! আমিও মাৰৰ ভয়ত সেইবোৰ শিকিবলৈ বাধ্য হৈছিলোঁ আৰু সেইদৰে শিকি আমাৰ ব্যৱহাৰিক বা শৈক্ষিক কামত খটুৱাইছিলোঁ। কিন্তু যিকোনো কাৰণত (দুৰ্ভাগ্যবশতঃ বুলিয়েই ক’ম) লিখিত অসমীয়া ভাষাটোৰ লগত যোৱা প্ৰায় ২৮ বছৰে কোনো সংযোগ (প্ৰয়োজন) নথকাৰ বাবে লাহে লাহে বিভিন্ন শব্দৰ বানানবোৰ পাহৰিবলৈ আৰম্ভ কৰিলোঁ। অৱশ্যে নিয়মীয়াকৈ অসমীয়া কাকত, কিতাপ, আলোচনী আদি পঢ়ি থকাৰ বাবে তেনেধৰণৰ ভুলবোৰ ন্যুনতম কৰি ৰাখিব পাৰিছোঁ বুলি মোৰ ধাৰণা। এতিয়া আকৌ যেতিয়া ইউনিক’ডত অসমীয়া লেখিবলৈ আৰম্ভ কৰিলোঁ, প্ৰথমতে (মই অসমীয়া লেখা ৮ মাহ মানহে হৈছে) কিছু অসুবিধা পাইছিলোঁ যদিও এতিয়া লাহে লাহে তেনে অসহজ অৱস্থাটোৰ শাম কাটিছে। যেতিয়াই এটা বানান ভুলকৈ লেখোঁ, তেতিয়া মই নিজে গ’ম পাওঁ যে মই ভুলকৈ লিখিছোঁ; কেতিয়াবা হয়তো শুদ্ধটো কি সেইটো নাজানো।

এই কথাখিনি কোৱাৰ অৰ্থ এইটোৱেই যে আমাৰ ভাষাটোৰ ওপৰত আমাৰ চৰ্চা, অভ্যাস আদিয়েই আমাক ভাষাটো শুদ্ধকৈ লিখিবলৈ সমৰ্থবান কৰিব। লিপিৰ সৰলীকৰণ কৰাৰ দৰকাৰ নাই। অসমীয়া ভাষাটো কিমান শুদ্ধকৈ লিখিব পাৰিছোঁ সেইটো নিৰ্ভৰ কৰিব মই এই ভাষাটোৰ কিমান অভ্যাস কৰিছোঁ, ইয়াৰ ব্যায়াকৰণিক জ্ঞান কিমান আৰ্জিবলৈ চেষ্টা কৰিছোঁ আদি কথাৰ ওপৰত।

আৰু এটা কথা… ইংৰাজীত বাক্য এটা শুদ্ধকৈ লিখিবলৈ যিমান সহজ, অসমীয়াতো সিমানেই সহজ। পুৱাৰ পৰা গধূলিলৈ শৈক্ষিক অথবা বৃত্তিগত কাৰণত আমি ইংৰাজী ভাষাটো ব্যৱহাৰ কৰি থাকোঁ কাৰণে লাহে লাহে ভাষাটো সহজ যেন হৈ পৰে। ঠিক একে কথা অসমীয়াৰো। অভ্যাস কৰকচোন, দেখিব সহজ হৈ পৰিছে। লিপি বা বৰ্ণ উচ্চাৰণৰ কথা বাদেই দিলোঁ, আমাৰ কেইজনে অসমীয়াত বাক্য গাঁঠনি এটা শুদ্ধকৈ কৰিব পাৰে? আৰু কথিত ভাষাটো একা? সমস্যা তাতেই…

পঙ্কজ জ্যোতি মহন্তঃ

এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাবোৰ আৰু স্পৰ্শকাতৰ বিষয় হোৱাৰ পিছতো ইমান সুন্দৰকৈ ৰুচিসন্মত ভাবে কৰা বিতৰ্কবোৰ বাতৰি-কাকততে হওক বা কোনো গ্ৰুপতে হওক খুব মনোযোগেৰে পঢ়োঁ। যি কি নহওক, ভাষা সংক্ৰান্তীয় এনে বিতৰ্কৰ শেষত নিজৰে খেলিমেলি লাগে যে কোনটো গ্ৰহণযোগ্য, কোনটো গ্ৰহণযোগ্য নহয়…। মোৰো এটা সমস্যা একেৰাহে হৈ থাকে – বনজিৎ দাই দিয়া বাক্যটোৰ নিচিনা বাক্যৰ ক্ষেত্ৰত “সাপ মাৰিলে সাপে শাপ দিব” কোনোবাই কওঁতে “সাপ মাৰিলে সাপে সাপ দিব” বুলি কয় নে “শাপ মাৰিলে শাপে শাপ দিব” বুলি কয় তাৰ একো পাৰ্থক্য বিচাৰি নাপাওঁ। কিন্তু লিখিবলৈ ল’লে শব্দটো কি আছিল বুলি আমি মুখস্থ ৰখা মতে লিখিব লগা হয় আৰু মুখস্থ নাথাকিলে অভিধান মেলিব লগা হয়। অভিধান মেলাত একো অসুবিধা নাই, কিন্তু এনেকুৱা অলেখ শব্দ মুখস্থ ৰাখোঁতে ৰাখোঁতে (যিবোৰৰ উচ্চাৰণ আমি একেদৰেই কৰোঁ কিন্তু) সঘনাই পাহৰি থাকোঁ।

এতিয়া মোৰ এই মন্তব্যটোতে “মুখস্থ”টো শুদ্ধ নে “মুখষ্ঠ”টো শুদ্ধ মোৰ খেলিমেলি লাগিছে, পাহৰি থাকিলোঁ। কাৰণ, মই বা আন সকলোৱে উচ্চাৰণ একেটাই কৰোঁ, কিন্তু লিখোঁতে শুদ্ধকৈ লিখিবই লাগিব, গতিকে আকৌ মই অভিধান মেলিব লাগিব। ক’ৰবাত পঢ়িছিলোঁ নে শুনিছিলোঁ পাহৰিলোঁ- আমাৰ জিভাৰ কিছু ক্ষমতা হ্ৰাস পাইছে যাৰ বাবে আমাৰ এতিয়া জীয়াই থকা সকলো মানুহৰে উচ্চাৰণবোৰ এনেবোৰ শব্দৰ ক্ষেত্ৰত পাৰ্থক্য ৰাখিব নোৱাৰে। আমাৰ যিহেতু ক্ষমতা হ্ৰাস পাইছে আৰু আমি ভুলেই কৰি থাকোঁ, তেন্তে মিছাকৈ ইমান কষ্ট কৰি থকাতকৈ স, শ, ষ তিনিওটাকে আঁতৰাই এটা কৰি পেলালে ভালহে হ’ব দেখোন…। তেনেকৈ চ, ছ; ত, ট; দ, ড এইবোৰকো এটা এটা কৰি পেলালে অসুবিধা কি হ’বনো? উচ্চাৰণটো কোনেও কৰিব নোৱাৰে?
এই কথাখিনি আগতেও মনলৈ আহিছিল, আজি ইমান সুন্দৰকৈ ইয়াত আলোচনা হৈ থকা দেখি মোৰ মনলৈ অহা খু-দুৱনিখিনি প্ৰকাশ কৰিলোঁ। কিন্তু এটা কথা ঠিক- এনেদৰেই যত্ন অব্যাহত ৰাখিম; মোৰ পঢ়া মেজত একেৰাহে তিনিখন অভিধান থাকেই; মোৰ মেজৰ পৰা ভন্তিহঁতে মাজে মাজে লৈ যায় কাৰণে, সিহঁতকো প্ৰতিবিধৰে এখন এখন আনি দিছোঁ…।

গীতাৰ্থ বৰদলৈঃ

সুৰজিৎ নেওগ ডাঙৰীয়া, অসমীয়া ভাষাত শ-ষ-স, চ-ছ, ণ-ত, ট-ত, ড-দ, ৰ-ড় আদিৰ উচ্চাৰণৰ পাৰ্থক্য নাই (ড° মহেশ্বৰ নেওগ, ড° গোলোকচন্দ্ৰ গোস্বামী)।

অঞ্জল বৰাঃ

মোৰ মতে সৰলীকৰণৰ নামত ভাষা এটাক বিকৃত কৰিলে কেনেকৈ হ’ব। কাৰ্য্য > কাৰ্য, ধৰ্ম্ম > ধৰ্ম আদিহে সৰলীকৰণ। অসমীয়া ভাষাত মোৰ বোধেৰে অৰ্থ অনুসৰি ভিন্ন বৰ্ণ ব্যৱহাৰ কৰা বাবে সুবিধাহে হৈছে। ইংৰাজী ভাষা যদি জনা বাবে শুদ্ধকৈ লিখিব পাৰে নিজৰ মাতৃভাষাটো কিয় নোৱাৰে। সৰলীকৰণ কেতিয়াও সম্ভৱ নহয় আৰু ইয়াৰ সমৰ্থক সকলে নিজেও এই ধাৰাৰে মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে।

দ্বিজেন্দ্ৰ নাথ শৰ্মাঃ

পঙ্কজ জ্যোতি মহন্ত, আপুনি কোৱাৰ দৰে (“তেন্তে মিছাকৈ ইমান কষ্ট কৰি থকাতকৈ স, শ, ষ তিনিওটাকে আঁতৰাই এটা কৰি পেলালে ভালহে হ’ব দেখোন…। তেনেকৈ চ, ছ; ত, ট; দ, ড এইবোৰকো এটা এটা কৰি পেলালে অসুবিধা কি হ’বনো?”) কৰিবলগীয়া হ’লে আটাইতকৈ ডাঙৰ অসুবিধাটো হব কি একে বৰ্ণৰে গঠিত আৰু ভিন্ন বৰ্ণৰূপৰ ( কান, কাণ; পান, পাণ; এনেকুৱা অলেখ শব্দ আছে ) শব্দবিলাকে পৰিচয় সংকটত ভুগিব (identity crisis)। আপুনি বুজাব কান মই বুজিম কাণ, আপুনি কৰিব খুজিব পান মই আনি দিম পাণ.

অঞ্জল বৰাঃ

তেতিয়া ণত্ববিধি, ষত্ববিধিৰ ইমান নিয়মবিলাক জনাৰ পৰা মুক্ত হ’ব পাৰিব। কিন্তু গোটেইখন খিচিৰি হ’ব।

মৃদুল কুমাৰ বৰাঃ

ভাৰতীয় ভাষাসমূহ সৰলীকৰণ কৰা বৰ সহজ কথা নহয়। বেছি সৰলীকৰণ কৰিবলৈ গ’লে ভাষাটোৰ সৌন্দৰ্য্য হানি হোৱাৰো আশংকা থাকে। অন্যহাতে সৰলীকৰণ কৰিলেই যে মানুহে ভুল নকৰিব তাৰ কোনো নিশ্চয়তা নাই। সেয়ে মই অসমীয়া ভাষাৰ স্থিতাৱস্থা বাহাল থকাটোৱেই কামনা কৰোঁ।

উচ্চাৰণৰ কথাটো কওঁতে এটা কথা ক’ব লাগিব- আমি শুদ্ধ উচ্চাৰণ কেনেকৈ কৰিব লাগে সেইটো নাজানো। পঢ়োঁতেও আমি হয়তো পঢ়োঁ ‘তালব্য শ’, ‘দন্ত্য স’, বা ‘মূৰ্ঢণ্য ষ’ বুলি। অথচ কোনটো স/শ/ষ উচ্চাৰণ কৰোঁতে জিভাখন মুখৰ ভিতৰত ক’লৈ নিব লাগে সেইটো শিকোৱা নহয়। ফলত আমাৰ নিজৰ মাতৃভাষাটোৱেই আমাৰ বাবে জটিল হৈ পৰে। হিমাশ্ৰী চি. দাসৰ কথাখিনি এইক্ষেত্ৰত উল্লেখযোগ্য।

জিতু বৰগোঁহাইঃ

কলেজত পঢ়ি থকা সময়ত আমাৰ লগত এটা ল’ৰা আছিল, তাৰ মুখত শ, স, ষ আদিৰ উচ্চাৰণ খ বুলিহে ফুটিছিল। তাক এবাৰ কাগজ এখনত ”শিমলুজোপাত সাপ উঠিছে, শিলগুটি মাৰি খহাই দে” বুলি লিখি পঢ়িবলৈ দিওঁতে সি ”খিমলুজোপাত খাপ উঠিছে, খিলগুটি মাৰি খহাই দে” বুলি মাতিছিল।

দ্বিজেন্দ্ৰ নাথ শৰ্মাঃ

ধেমালিৰ চলেৰে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। কিন্তু যত জঞ্জালৰ মূল শ, স, ষ বিলাকক বহিষ্কাৰ কৰি একেলগে খ কৰি থ’লে আৰু এটা বৰ্ণ কমে, নে কি কয়?

শান্তিছায়া শইকীয়াঃ

আপোনাৰ লেখাটো পঢ়ি অনুভৱ কৰোঁ যে অসমীয়া মাতৃভাষা আপোনাৰ, সেই ভাষাতে আপুনি কথাবোৰ ভাবে, ক’ব পাৰে অথচ লিখোঁতে ভুল কৰে কাৰণ বানানৰ আউল নাভাগে। আপুনি নিজেই কৈছে ইংৰাজীতো নথকা নহয়। অথচ আপুনি সাৱলীলভাৱে লিখিব পাৰে। মই ভাবোঁ ইয়াৰ কাৰণ অপোনাৰ অন্তৰত মাতৃভাষাৰ প্ৰতি প্ৰীতি, সন্মান আৰু সদ্ভাৱ হয়তো নাই। সেয়ে ভাষাৰ কালিকা শক্তিটোৰ লগত আপুনি একাত্মবোধ উপলব্ধি কৰিব নোৱাৰে। আপুনি জানেই ইতিমধ্যেই ভাষাৰ বহু সৰলীকৰণ হৈয়ে গৈছে। আমাৰ বৰ্ণমালাখন ধ্বনিতাত্বিক নহয় অথচ ইমানদিনে অসমীয়া মানুহে ভাষা-সাহিত্যৰ চৰ্চা কৰি আহিছে। প্ৰয়োজন সাপেক্ষে ভাষাই নিজেই সৰল হৈ পৰে। কাৰণ ভাষাৰ পৰিৱৰ্তনশীলতাটো ধৰ্মই। কোনেও নিজে পৰিৱৰ্তন কৰোঁ বুলি কৰিব নোৱাৰে।  কৰিলেও সৰ্বজন গ্ৰাহ্য নহয়। সময়ে নিজেই ৰূপ সলাব।

শঙ্কৰ জ্যোতি বৰাঃ

মানবেন্দ্ৰ চহৰীয়া, শ-ষ-স, জ-য, ত-ট, থ-ঠ, আদিৰেই মোৰ ভাষাটো মোৰ বাবে আটাইতকৈ সৰল। আপুনি কোৱাৰ দৰে সৰলীকৰণ (?) হ’লে মোৰ দৰে অসমীয়াত কোনো ধৰণৰ ভুল নোহোৱাকৈ লিখিবলৈ চেষ্টা কৰি থকা বহুতৰে বা ইতিমধ্যেই ভুল নোহোৱাকৈ লিখি থকা বিজ্ঞ সকলৰ বাবে প্ৰক্ৰিয়াটো জটিলকৰণৰ লেখীয়াহে হ’বগৈ।

সন্ধ্যাশ্ৰী বৈশ্যঃ

সমস্যাটো হ’ল আমাৰ আনীহা। নিজৰ ভাষাটোৰ প্ৰতি অনীহা। কথাটো – কোনোবা এজনে ওপৰত কোৱাৰ দৰে, টানি-টুনি ডিগ্ৰী পাচ কৰা ব্যক্তি এজনৰ ইংৰাজী দৰ্খাস্ত এখন চালেই বুজিব পাৰি। ভুল হয় আমা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক