ভাষা নবচালে জাতিও যাব – বিশ্বজ্যোতি শৰ্ম্মা

বহুদিনৰ পৰাই অসমীয়া ভাষাটোৰ দুৰ্দশাৰ বিষয়ে বিভিন্নজনে মত পোষণ কৰি আহিছে৷ বিভিন্নজনে এই সংকটৰ কাৰণ সমূহ সময়ে সময়ে ফঁহিয়াই আলোচনা কৰিছে যদিও এই অৱস্থাৰ ধনাত্মক দিশত পৰিবৰ্তন দৃষ্টিগোচৰ হোৱা নাই৷ বৰঞ্চ অৱস্থাৰ দ্ৰুত অৱনমিত হোৱাহে দৃশ্যমান হৈ পৰিছে৷ ফলত ভাষাটোৰ প্ৰতি এক অশনি সংকেত পৰিলক্ষিত হৈছে৷ এনে অৱস্থা বাহাল থাকিলে এটা সময়ত হয়তো আমাৰ বুকুৰ আপোন ভাষাটোৰ জৰাজীৰ্ণ কথিত ৰূপ এটাহে অদূৰ ভৱিষ্যতে থাকি যাব৷ সময় সাপেক্ষে হোৱা জৰীপত যদি চকু ফুৰাওঁ এটা কথা স্পষ্ট হৈ পৰে যে অসমত বাংলা-ভাষীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু অসমীয়া-ভাষীৰ তুলনামূলক সংখ্যা হ্ৰাস পাইছে৷ শতকৰা হিচাপত এতিয়াৰ অসমত অসমীয়া-ভাষীৰ সংখ্যা ৫০ শতাংশতকৈও কম৷ অতিকে দুখৰ বিষয় যে এই সংখ্যাৰ সকলোৱে ভাষাটো কয়হে, অসমীয়া ভাষাত সকলোৱে লিখা-পঢ়া নকৰে৷ গতিকে তেওঁলোক ভাষা-সাহিত্যৰ প্ৰতি আকৃষ্টও নহয়৷ ইয়াৰ অন্তৰালত এক হৃদয় বিদাৰক সত্য লুকাই আছে৷ বৰ্তমান আমাৰ ৰাজ্যৰ শিক্ষিত আৰু আৰ্থিকভাৱে সচ্ছল শ্ৰেণীটোৱে নিজ সন্তানক চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত পঢ়ুৱাব নিবিচাৰে বা নপঢ়ুৱায়৷ কাৰণ তেওঁলোকে অনুভৱ কৰে যে চৰকাৰী বিদ্যালয় সমূহৰ সৰহ সংখ্যকেই আধুনিক যুগৰ সৈতে খাপ খাব পৰাকৈ গুণগত শিক্ষা প্ৰদানত অপাৰগ৷ গতিকে চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ পয়াঁলগা ৰূপটো দেখি সচেতন অভিভাৱকে সন্তানক সেই বিদ্যালয়সমূহত নামভৰ্তি কৰাই তেওঁলোকৰ ভৱিষ্যতৰ লগত খেলা কৰিব নিবিচাৰে৷

সেয়েহে সেইসকল ব্যক্তিয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ ঢাপলি মেলে৷ তাৰেই আকৌ সৰহ সংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয়৷ এই বিদ্যালয়সমূহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীক ইংৰাজীত কথা-বতৰা পাতিবৰ বাবে উৎসাহিত বা বাধ্য কৰোৱা হয়৷ সেই ছাত্ৰ-ছাত্ৰী সকল কালক্ৰমত বেলেগ গ্ৰহৰ প্ৰাণী হৈ পৰে আৰু অসমীয়া ভাষা লিখা বা মাতৃভাষাৰ গ্ৰন্থ অধ্যয়ন কৰাৰ পৰা বিৰত থাকে৷ (অৱশ্যে ইয়াতো ব্যতিক্ৰম নথকা নহয়৷ ব্যতিক্ৰম থাকিলেও সেইয়া এপাচি শাকত এটা জালুক সদৃশ৷ )

এটা সত্য আমি অস্বীকাৰ কৰিব নোৱাৰো যে ইংৰাজী মাধ্যমৰ বহু বিদ্যালয়ে মানবিশিষ্ট শিক্ষাৰ যোগান ধৰি আহিছে আৰু তাৰ দ্বাৰা উপকৃত হৈ বহু ব্যক্তি ৰাজ্যৰ ভিতৰে-বাহিৰে জিলিকি উঠিছে৷ কিন্তু তাৰে সিংহভাগৰেই মাতৃভাষাটোৰ প্ৰতি প্ৰয়োজনীয় দায়িত্ববোধ নাই৷ আনহাতে ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত অসম জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতনৰ দৰে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ তুলনামূলকভাৱে এই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে মাতৃভাষাত পঢ়া-শুনা আৰু সাহিত্য চৰ্চা কৰাও দৃষ্টিগোচৰ হৈছে৷

একো নহলেও অসমীয়া ভাষাৰ বিখ্যাত দুই-চাৰিখন গ্ৰন্থৰ সৈতে তেওঁলোকৰ সম্পৰ্ক হৈছে৷ কিন্তু এই সংখ্যাও বৰ উৎসাহজনক নোহোৱাৰ বাবে বৰ্তমান অসমীয়া ভাষাৰ গ্ৰন্থ উদ্যোগটোও সংকটত পৰিছে৷ যোৱা দহটা বছৰৰ ভিতৰত পাঠ্যপুথিৰ বাদে আন গ্ৰন্থৰ বিক্ৰীৰ ক্ষেত্ৰত চিন্তনীয় ধৰণৰ হ্ৰাস পৰিলক্ষিত হৈছে৷ গ্ৰন্থমেলা সমূহত উৎসৱৰ পৰিৱেশ এটা উপভোগ কৰিবলৈ বহু ব্যক্তিৰেই আগমন ঘটে৷ তাৰে সৰহ সংখ্যকেই গ্ৰন্থ ক্ৰয় কৰে কিন্তু সেইয়াও “দেখাক দেখি উঠিল গা” ৰ দৰেহে লাগে৷ সেই গ্ৰন্থসমূহ প্ৰকৃতাৰ্থত কেইজনে পঢ়ে সন্দেহ আছে৷

এই যে গ্ৰন্থৰ প্ৰতি বৰ্তমান প্ৰজন্মৰ সৰহ সংখ্যকৰেই অনীহা তাৰ এটা কাৰণ হৈছে – মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ! মোবাইল ফোনৰ অবিহনে আজিৰ ছাত্ৰ-ছাত্ৰীৰ পেটলৈ ভাতেই নাযায়৷ গতিকে কিতাপ পঢ়াৰ আনন্দ উপভোগ নকৰাকৈয়ে শৈশৱ আৰু কৈশোৰ পাৰ হৈ যায়৷ যৌৱনৰ কথা নকলেও হ’ল! আঙুলিৰ এটা স্পৰ্শত যেতিয়া সঁচাই-মিছাই সকলো তথ্য মোবাইল স্ক্ৰীনত পোৱা যাব, ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ তথ্যৰে সমৃদ্ধ গ্ৰন্থসমূহ কিয় অধ্যয়ন কৰিব? অৱশ্যে মাতৃভাষাৰ প্ৰতি মোহ সৃষ্টিত ঘৰখনৰো অৱদান অনস্বীকাৰ্য৷ ঘৰত পিতৃ-মাতৃৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ দেখিলে সন্তানৰো কিছু পৰিমাণে হলেও আগ্ৰহ সৃষ্টি হ’বই৷ সেয়েহে ঘৰখনত বৌদ্ধিক সংস্কাৰ পৰিৱেশ এটা বৰ্তাই ৰখাৰ মহান দায়িত্বটো অভিভাৱকে আন্তৰিকতাৰে পালন কৰিব লাগিব৷

একবিংশ শতিকাত চ’ছিয়েল মিডিয়াৰ চাইটসমূহে বৰবিহৰ দৰে কাম কৰিছে৷ যুৱক-যুৱতী সকলক এক মিছা সমাজত বসবাস কৰিবলৈ উৎসাহিত কৰি তেওঁলোকক একাকীত্ব উপহাৰ হিচাপে প্ৰদান কৰিছে৷ গতিকে তেওঁলোকৰ সামাজিক জীৱন, খেলা-ধূলা, সাংস্কৃতিক জীৱন আদি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে লগতে আপোন ভাষাটোৰ পৰা বহু যোজন বাট আঁতৰি গৈছে৷

এতিয়া লাখটকীয়া প্ৰশ্নটো হ’ল এই অৱস্থাৰ উন্নয়ন কেনেকৈ সম্ভৱ? আমাৰ মাতৃভাষাটোক আমি মৰিবলৈ এৰি দিমনে?

প্ৰথমে চৰকাৰে এক কঠোৰ ভাষা-নীতি গ্ৰহণ কৰিব লাগিব৷ য’ত অসমীয়া ভাষা সকলো বিদ্যালয়ত প্ৰথম বা দ্বিতীয় ভাষা ৰূপে বাধ্যতামূলক হয়৷ অৱশ্যে এইক্ষেত্ৰত জনজাতীয় ভাষা সমূহ যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ ওপৰতো চকু ৰাখিব লাগিব৷ অন্যথা হিতে বিপৰীতহে হ’ব পাৰে৷ দ্বিতীয়তে অভিভাৱকসকল মাতৃভাষাৰ প্ৰতি দায়িত্বশীল হ’ব লাগিব৷ তেতিয়াহে সতি-সন্ততিয়ে মাতৃভাষাটোক গুৰুত্ব প্ৰদান কৰিব৷ এই ক্ষেত্ৰত শিক্ষক সমাজো দায়িত্বশীল হ’ব লাগিব৷ তেখেতসকলৰ অধ্যয়ন পিপাসু মন এটা দেখিলে ছাত্ৰ-ছাত্ৰীয়েও অধ্যয়নৰ প্ৰতি আগ্ৰহান্বিত হ’ব৷ মাতৃভাষাৰ প্ৰয়োজনীয়তাৰ বিভিন্ন দিশ খুটি-নাটি মাৰি বুজাই দিলে, প্ৰতিখন বিদ্যালয়ত প্ৰাচীৰ-পত্ৰিকা আৰু বাৰ্ষিক অসমীয়া আলোচনীখনৰ সৃষ্টিত ছাত্ৰ-ছাত্ৰীক প্ৰক্ষেপ কৰিলেও ভাল ফলাফল আশা কৰিব পাৰি৷ তদুপৰি অসমীয়া মাধ্যমৰ প্ৰতিখন বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীক ইংৰাজী ভাষাতো সুন্দৰকৈ লিখিব আৰু ক’বলৈ শিকালে ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহলৈ থকা আকৰ্ষণ বহু পৰিমাণে হ্ৰাস পাব৷ গৰমৰ বন্ধত যদি প্ৰতিজন ছাত্ৰ-ছাত্ৰীক এখন অসমীয়া কিতাপ পঢ়ি তাৰ ওপৰত এটি টোকা লিখি অনাটো বাধ্যতামূলক কৰা হয় তেতিয়াও হয়তো সুফল পোৱা যাব৷ আমি কেইটামান সৰু সৰু উদাহৰণহে দিলোঁ৷ সুস্থ মগজুৰে চিন্তা কৰিলে, আন্তৰিকতাৰে কৰ্ম কৰিলে আৰু বহু উপায়েই উদ্ভাৱন হ’ব পাৰে৷

অসমীয়া ভাষাটো আমাৰ৷ আমাক অসমীয়া জাতি হিচাপে একত্ৰিত কৰি ৰখাত এই ভাষাটোৰ অৱদানৰ সমতুল্য আন একো কাৰকেই থাকিব নোৱাৰে৷ গতিকে ভাষাটো ৰক্ষাৰ তাগিদাত আজি যদি আমি মাৰ বান্ধি থিয় নিদিওঁ, কোনোবা এদিন ভাষাটোৰ সৈতে জাতিটোও অস্তিত্ব বিহীন হৈ পৰিব৷ সকলো সাৱধান হ’বৰ হ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক