ভাষা (মনোহৰ দত্ত)

মনোহৰ দত্ত
 
তেতিয়াও নিয়ৰ সৰিছিল
শৰতত
ফুলিছিল শেৱালি
আহীনমহীয়া শুকুলা জোনে
মনৰ বাতৰি দিছিল।
এতিয়াও নিয়ৰ সৰে
শৰতত
পিছে আহিনমহীয়া জোনটো
ডাৱৰে ঢাকি ৰাখে
মনৰ বাতৰি মনতে লুকায়।
উভতি যাও ব’লা
বিংশ শতিকালৈ
আনো বিচাৰি
জপাত ভৰাই থোৱা
ৰেডিওটো
‘কোইলৰ গান’ শুনা
যতনটো।
কিৰিং কিৰিং কৈ বাজি উঠা
টেলিফোনটো।
মোৰ সেই হাৰকিউলিচ চাইকেলখন
কাক জানো বেচিছিলোঁ
মনত পেলাও ব’লা।
খৰিকটীয়াজনে খৰি কাটিবলৈ
গছৰ পুলি ৰুম
ৰতুমি ভাত ৰান্ধিবলৈ
খৰি কাটিবলৈ দিম
সুদূৰৰ পাহাৰীয়া গাওঁখনৰ পৰা
গাই গৰু এজনী আধিয়ালৈ আনিম
বাৰীত ৰুম লাই লফা ধনীয়া।
যাও ব’লা উভতি
বেছি দূৰলৈ নহয়
উঁকি মাৰি ৰে’ল চলা
দিনবোৰলৈ,
ল’ৰাহতে কান্ধত হাত থৈ
শাৰী পাতি ঘূৰি ফুৰা
আবেলিবোৰলৈ,
মন্দিৰৰ বৰগীত
মছজিদৰ আজান
গীৰ্জাৰ ঘণ্টা বাজিলে
জাগি উঠা
সোণালী সময়লৈ।
ইতিহাস হেনো আগুৱাই যায়
ওভতনি ইতিহাস লিখো ব’লা।
কোনোবাই হাঁহিলে হাঁহক
ভেঙুচালি কৰিলে কৰক,
ৰচো ব’লা
সকলোৱে বুজি পোৱা
সকলোৱ্ৰ আদৰি লোৱা
এটি নতুন ভাষা
জীৱনৰ ভাষা
মানৱীয় ভাষা।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments