ভাষিক সংকট আৰু আমাৰ কিছু কৰণীয় – ৰূপাঞ্জলী চেতিয়া

কৰ্মস্থানলৈ আমাৰ লগত একেখন গাড়ীতে হিন্দীভাষী শিক্ষয়িত্ৰী এগৰাকী অহা-যোৱা কৰে৷ বিবাহসূত্ৰে তেওঁ অসমৰ বাহিৰত বেছ কিছুবছৰ আছিল৷ সেয়ে প্ৰথমে ভাবিলোঁ নিশ্চয় অসমীয়াত কথা পাতিবলৈ তেওঁৰ অসুবিধা হয়৷ তাকে ভাবি তেওঁৰ লগত মত বিনিময় কৰোঁতে প্ৰায়ে হিন্দী ভাষা ব্যৱহাৰ কৰিবলৈ ল’লোঁ৷ কিন্তু লাহে লাহে গম পালোঁ যে তেওঁ অসমীয়া ভালদৰে জানে, পিচে ব্যৱহাৰহে নকৰে৷ এদিন কথা-প্ৰসংগত তেওঁ ক’লে যে স্থানীয় কলেজখনত পঢ়ি থাকোঁতে তেওঁৰ সহপাঠী আটাইকেইগৰাকী অসমীয়া আছিল, কিন্তু কেউগৰাকীয়েই তেওঁৰ লগত হিন্দীতেই কথা-বতৰা পাতিছিল৷

“ৱ’হ লোগ মেৰে লিয়ে হিন্দী সিখ্‌ লিয়া, লেকিন মেইনে নেহি বোলা এচামিজ্‌৷ জৰুৰত হী নেহী পৰা!” হাঁহি হাঁহি বেছ গৌৰৱেৰে কৈছিল তেওঁ৷ মোৰ হজম নহ’ল তেওঁৰ হাঁহি, তেওঁৰ কথা আৰু তেওঁৰ মানসিকতা৷ সিদিনাৰ পৰা সিদ্ধান্ত ল’লোঁ বুজক বা নুবুজক, এনে মানুহৰ লগত অসমীয়া ভাষাতহে কথা পাতিম৷ আমাৰ সহমৰ্মিতা আৰু সৰলতাক আমাৰ দুৰ্বলতা বুলি ভবাৰ সুযোগ আৰু কোনোদিনেই নিদিওঁ৷

চিনাকি দোকানখনত বস্তুকেইপদমান বিচাৰি নাপাই কাষতে থকা আন এখন দোকানলৈ গ’লোঁ৷

“বলুন মেডাম৷ কি দিব আপ্‌নাকে?”দোকানী মানুহজনৰ প্ৰশ্ন মোক৷

“এপেকেট চফ আৰু ডেটল এটা দিয়ক৷” মোৰ উত্তৰ

“আৰ্‌ কিচ্ছু?” বস্তু দুটা দিয়াৰ পাছত তেওঁ পুনৰ মোক সুধিলে৷

“আৰু একো নালাগে৷ কিমান হ’ল হিচাপটো কৰি পইচা লওক৷”

“আপোনাৰ এশ পঁইত্ৰিশ্‌ টাকা হ’ল৷” মোৰ উত্তৰ শুনাৰ পাছত তেওঁৰ মুখৰ ভাষাৰ তাৎক্ষণিক পৰিৱৰ্তন৷ চেষ্টা যে কৰিছে তেওঁ! টকাকেইটা দি বস্তুকেইপদ ল’লোঁ আৰু হাঁহি এটাৰে ধন্যবাদ দি গুচি আহিলোঁ৷

আমি প্ৰায়ে ব্যৱহাৰ কৰা ৰিক্সাৰ চিনাকি ৰিক্সাচালক দুয়োজনেই হিন্দীভাষী৷ তেওঁলোক দুয়োজনেই আগতে আমাৰ পৰিয়ালৰ মানুহৰ লগত কেৱল হিন্দীতহে কথা পাতিছিল৷ কিন্তু বৰ্তমান তেওঁলোক বাধ্য অসমীয়াত কথা পাতিবলৈ, কাৰণ আমি তেওঁলোকৰ লগত কেৱল অসমীয়াতহে কথা পাতোঁ৷ আগতে তেওঁলোকে আহি মোক চিঞৰা ‘ভাবী’ সম্বোধনে আজিকালি ‘বাইদেউ’ৰ ৰূপ ল’লে৷

আমি ভালদৰেই জানো যিকোনো বস্তু নাইবা কথাৰ ম্যাদ ইয়াৰ ব্যৱহাৰযোগ্যতাৰ ওপৰতহে বৰ্তি থাকে৷ সেয়ে আমাৰ আপোন ভাষাটোক ব্যৱহাৰযোগ্য কৰি তুলিবলৈ চেষ্টা কৰোঁ আহক৷ আনক অন্য ভাষা ব্যৱহাৰ কৰাত জোৰকৈ বাধা দিয়াতকৈ নিজে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিবলৈ লওঁ৷ নিতান্তই এৰাব নোৱাৰা পৰিৱেশ-পৰিস্থিতিৰ বাদে দৈনন্দিন জীৱনত লগ পাই থকা বিভিন্ন চিনাকি-অচিনাকি লোকসকল, দোকানী, পাচলিৰ বেপাৰী, ৰিক্সাচালক, ঠেলাচালক সকলোৰে লগত অসমীয়াত কথা পাতোঁ, যাতে তেওঁলোকো বাধ্য হৈ পৰে আমাৰ ভাষাটোৰ গুৰুত্ব বুজি ইয়াৰ ব্যৱহাৰ কৰিবলৈ৷

জীৱশ্ৰেষ্ঠ হিচাপে ভিন্ ভিন্ ভাষা আয়ত্ত কৰাৰ সামৰ্থ আমাৰ আছে৷ আৰু এয়া কোনো দোষনীয় কথাও নহয়৷ মই নিজেই কেইবাটাও ভাষা শিকি থৈছোঁ; প্ৰয়োজনসাপেক্ষে ব্যৱহাৰো কৰিম৷ কিন্তু নিজ মুলুকতে হোৱাই-নোহোৱাই আনৰ ভাষা ব্যৱহাৰ কৰি আধুনিক হ’বলৈ নাযাওঁ; তাকো এনে ভাষিক সংকটৰ সময়ত৷ এই পৰিস্থিতিত মই কেৱল অসমীয়া৷

আনৰ ভাষা-সংস্কৃতিক অপমান আৰু অসন্মান আমিও নকৰোঁ৷ কিন্তু আমি অসমীয়াই যদি ‘দেশ চাই বেশ’ কথাষাৰ মানিব জানো, অসমত বাস কৰা অন্যান্য ভাষিক গোষ্ঠীসমূহেও এই শিকনি লওক আৰু এই শিকনি আমিয়েই দিবৰ চেষ্টা কৰোঁ আহক৷ যাতে তেওঁলোকে হাড়ে-হিমজুৱে এই কথা বুজি পায় যে জাত্যভিমান আৰু ভাষিক স্বাভিমান আমাৰো আছে৷ এই স্বাভিমান বজাই ৰাখিবলৈ আমি আমাৰ সুৱদি-সুৰীয়া অসমীয়া ভাষাৰ ব্যৱহাৰ কৰোঁ আহক৷ ■■

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

নিশ্চিত ভাৱে।

মুন
2 years ago

নিশ্চিত ভাৱে