ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ সৈতে হোৱা সাক্ষাৎকাৰ

শিল্প-ভাস্কৰ্যই সদায়ে মানুহক আকৰ্ষিত কৰি আহিছে! একোটা ভাস্কৰ্যই একো একোটা যুগক প্ৰতিনিধিত্ব কৰে৷ এইবাৰ শাৰদীয় সংখ্যা সাহিত্য ডট্ অৰ্গ ই-আলোচনীখনৰ সাক্ষাৎকাৰৰ বাবে আমি বাছি লৈছিলোঁ এজন প্ৰথিতযশা ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াক৷ শৈশৱ আৰু কৈশোৰ কালছোৱা চৰম দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰা বীৰেন সিংহ ডাঙৰীয়াৰ উত্তৰণ তথা খ্যাতিৰ আঁৰত আছিল তেখেতৰ প্ৰবল মানসিক শক্তি আৰু জীৱনবোধ৷ তেনেই কম বয়সতে তেখেতে পেটৰ তাড়নাত চাহ দোকানত কাম কৰা, গাড়ীত ৰং কৰা, গাঁৱৰ বিয়াবোৰত উপহাৰৰ বাবে ছবি অঁকা এইবোৰ কাম কৰিছিল৷ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ ভিন্ন চিত্ৰপট অঁকা বা একো একোটা জীৱন্ত প্ৰতিমূৰ্তি তৈয়াৰ কৰা তেখেতৰ দ্বাৰা কেনেকৈ সম্ভৱ হৈছিল বাৰু?

এনেকুৱা বহুতো কথা তেখেতৰ মুখেৰে জানিবলৈ ১০ অক্টোবৰৰ আবেলি ডাঃ হিতেশ্বৰ শৰ্মা, সঞ্জীৱ বৰগোহাঞি আৰু মই তেখেতৰ পাঞ্জাবাৰীৰ বাসভৱনত উপস্থিত হৈছিলোঁ৷ গেট খুলি সোমাই যাওঁতেই পোনেই চকুত পৰিছিল বিশাল-কায় জোঙাল বলহুৰ প্ৰতিমূৰ্তি, সোঁফালে ভূপেনদাৰ প্ৰতিমূৰ্তি আৰু বাওঁফালে দুটা গঁড়ৰ প্ৰতিমূৰ্তি৷ আমি যোৱা গম পাই তেখেতে কাৰখানাৰ পৰা ওলাই আহি আমাক ড্ৰয়িং ৰুমলৈ লৈ গৈছিল৷ আনকি তেখেতৰ ড্ৰয়িং ৰুমটোতো বিয়পি আছিল শিল্পী-সুলভ পৰিচয়৷ তেখেতৰ লগত হোৱা কথোপকথন অসম্পাদিত ৰূপতেই প্ৰকাশ কৰিলোঁ৷

সাহিত্য ডট্ অৰ্গঃ  প্ৰথমেই আপোনাৰ শৈশৱৰ দিনবোৰৰ বিষয়ে অলপ কওকচোন৷

বীৰেন সিংহঃ সৰুতে আমি অভাৱত ডাঙৰ হোৱা৷ আগতে এনেকুৱা আছিলে যে গাঁৱৰ খেতিৰ কামত, ধান কটা কামত বা অন্য কিবা কামত মানুহে সহায় বিচাৰিছিলে৷ “অলপ মোক ধান কাটি দে অ” বুলি যেতিয়া কয়৷ তেতিয়া তিনি চাৰিজন মানুহ গ’ল, ধান কাটিলে, এসপ্তাহ মান ধান কাটিলে তাৰ বিনিময়ত কিবা অলপ চাউল পাত দিলে, এই ধৰণৰ নিয়ম এটা আছিল৷ আৰু এইটো কোনো দাবী নাছিল৷ কেতিয়াবা একো নিদিলেও সহায় কৰি দিছিল৷ আমাৰ কোনো খেতি-বাতি নাছিল৷ আমি গোটেই গাওঁখনৰ ভিতৰতে দুখীয়া আছিলোঁ৷ সেয়েহে চলা বৰ অসুবিধা হৈছিল৷ সদায়ে কাম নাথাকে৷ পিতাই ৰাজ-মিস্ত্ৰীৰ কাম কৰিছিল যদিও পকা কৰা কাম তেনেকৈ নহৈছিল৷ বহু ক্ষেত্ৰত মাটিৰে লেপা কাম হে বেছিকৈ আছিল৷ প্ৰায়ে ৰাজহুৱা কাম, মন্দিৰ আদিৰ কাম এনেয়ে কৰিব লগীয়া হৈছিল৷ গতিকে খেতি-বাতি নথকা, মাটি নথকা লগতে কামো নথকা মুঠতে দুখীয়া বুলি কলে আমি সঁচাকৈয়ে দুখীয়া আছিলোঁ৷ প্ৰায়ে লঘোন পৰি থাকে৷ এটা বেলা কাম কৰিও মানুহে খাবলৈ পায়৷ আমিতো চাউল মুঠিও নাপাইছিলোঁ৷ সাধাৰণতে অলপ খেতি-বাতি থকা মানুহে ল’ৰা ছোৱালী বোৰক চাহ দোকানত কাম কৰিব নপঠিয়ায়, এটা চেণ্টিমেণ্ট থাকে৷ আমি একেবাৰে দুখীয়াবোৰ চাহ দোকানীৰ টাৰ্গেট আছিল৷ মই অলপ দেখাত ডাঙৰ দীঘল আছিলোঁ৷ মোৰ সমবয়সীয়া ল’ৰাবোৰৰ মাজত চকুত পৰা বিধৰ আছিলোঁ৷ দোকানীবোৰ ঘৰলৈ আহে আৰু আইতাক ধৰে “তোৰ নাতিটো বহুত ডাঙৰ হৈছে অ’, কামো কৰিব পইছা অলপ পাবি দে৷” লঘোনত পৰি থাকোঁ, তাতে আকৌ শনিবাৰ দেওবাৰ এনেয়ে থাকো, সেয়েহে চাহ দোকানত কাম কৰিছিলোঁ৷ সেইটো লৈ মই কেতিয়াও আবেগিক হোৱা নাছিলোঁ বা দুখ পোৱা নাছিলোঁ৷ ঘৰৰ অৱস্থাই তেনেকুৱা আৰু আমি অলপমান অন্তৰ্মুখী আছিলোঁ৷ কাৰণ খাব নাপাওঁ, তাৰোপৰি আমি সমাজৰ আটাইতকৈ নিম্ন স্তৰৰ আছিলোঁ বাবেই অৱহেলাও পাইছিলোঁ৷

সাহিত্য ডট্ অৰ্গ : আপুনি এই শিল্পৰ প্ৰতি আকৃষ্ট কেনেদৰে হ’ল?

বীৰেন সিংহ: শিল্প বুলি ক’লে বহুত কিবাকিবি কথা আহি পৰে৷ মই শিল্প বুলি ক’লে শিল্প ভাল পাওঁ বুলি তেনে কথা নাছিল৷ তাতো এটা বিৰাট ডাঙৰ ঘটনা এটা আছে৷ অভাৱ যথেষ্ট আছিল৷ অভাৱৰ কাৰণে স্কুলৰ বহী বনাব পৰা নাছিলোঁ যাৰ বাবে স্কুলত মাৰো খাইছিলোঁ৷ তেতিয়া প্ৰথম মান শ্ৰেণীত৷ ক’ মান, খ’ মান আমি কলপাতত লিখিছিলোঁ৷ প্ৰথম মান শ্ৰেণী যেতিয়া পালোঁ আমাক কাগজৰ বহী বনাব দিছিল৷ দেউতাই তেতিয়া আধা দিস্তা কাগজ আনি দিছিলে৷ গোটেইখিনি বহী বনাব নোৱাৰিলোঁ৷ হাতৰ আখৰ আৰু ছবিৰ বহী নহ’ল৷ বাকী সাহিত্য, গণিত ইত্যাদি বোৰ হ’ল৷ ছবি অঁকা শেষৰ পিৰিয়ডত থাকে বাবে ভাবিলো হৈ যাব৷ মই সেইটো পিৰিয়ডত একেবাৰে শেষৰ শাৰীত বহোঁ৷ গৰম বন্ধলৈ দুদিন মান থাকোঁতে মোক পিতাই কাগজ আধা-দিস্তা আনি দিলে আৰু তাৰেই ছবি অঁকা বহী বনালোঁ৷ তেনেতে এদিন  ছাৰে আমাৰ বহী চেক কৰিলে আৰু মোৰ বহীত একো নিলিখাৰ বাবে এডাল বেট মোক পিটি পিটি ভাঙি দিলে৷ কিন্তু মই কন্দা নাছিলোঁ, আচলতে মই কান্দিব নোৱাৰো! কিন্তু সেইদিনা আইতাই খুব কান্দিছিল, কৈছিলে বোলে “ আমি দুখীয়া বাবেই, এনেকৈ পিটিছে৷“ পিতা আহি মোক দেখি বৰ দুখ কৰিছিল৷ সেইদিনা পিতাই মোক টাউনলৈ লৈ গৈ মই কাম কৰা হোটেলখনত মোক চাহ খুৱাবলৈ লৈ গৈছিল৷ সেইদিনা প্ৰথমবাৰৰ বাবে মই গ্ৰাহক হৈ হোটেলত বঢ়িছিলোঁ৷ বৰ ভাল লাগিছিল জানা৷ অ’ মই বৰ অভিমানী আছিলোঁ, কোনোদিনে কোনো বস্তু নিজে লৈ নাখাইছিলোঁ৷ হোটেলত কাম কৰা বেলেগ ল’ৰাবোৰে চুৰ কৰি কিবাকিবি খায়, কিন্তু মোক সিহঁতে আনি দিলেও মই নাখাইছিলোঁ৷ আনকি মায়ে পিঠা-পনা বনাই মোৰ হাতত তুলি নিদিয়ালৈকে মই নাখাইছিলোঁ৷ যি কি নহওক সেইবোৰ বৰ দীঘল কাহিনী৷ শিল্পৰ প্ৰতি আকৃষ্ট কেনেকৈ হ’লোঁ বুলি ক’লে বহুতো কথাই আহে, তথাপি কওঁ কিছুমান মানুহৰ আগবাঢ়ি যাবলৈ কিছুমান আকাংক্ষা থাকে আৰু পিছুৱাই যাবলৈ কোনো পথ নাথাকে৷ পিছুৱাই গ’লেই যে পৰি যাম অটল গহ্বৰত৷

সাহিত্য ডট্ অৰ্গ:  আপোনাৰ সেই সৰু কালত মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ লগত হোৱা ঘটনাটোৰ বিষয়ে অলপ ক’ব নেকি?

বীৰেন সিংহ: মই তেতিয়া পঞ্চম শ্ৰেণীত নে ষষ্ঠ শ্ৰেণীত পঢ়োঁ৷ আৰু তবলা বজাও৷ কোনো আনুষ্ঠানিক তবলাৰ শিক্ষা নাছিল কিন্তু শুনি শুনিয়েই শিকাঁ৷ আমাৰ সেই অঞ্চলটোত সমবেত সংগীত আদিত ভালদৰে তবলা বজাব জানিছিলোঁ৷ আৰু ছবি আঁকো৷ বিহু উৎসৱ আদিত ছবি আঁকো৷ এবাৰ ছবি বাতৰি কাকতত ওলাইছিল য’ত মোৰ নাম থাকে শ্ৰেণীৰ নাম লগতে স্কুলৰ নাম ওলায়৷ স্কুলৰ নাম ওলোৱা বাবে হেড মাষ্টৰেও মোৰ ছবিক লৈ উৎসাহিত হয়৷ মোক মতাই আনি ছবিৰ বিষয়ে সোধা-পোছা কৰে৷ এদিনাখন আমাৰ হিন্দী শিক্ষক গৰাকীয়ে এটা খাম আনি দিলে, চিঠি এখন ড্ৰাফট কৰি দিলে আৰু ছবি এখন উলিয়াই দিলে, চেক্সপীয়েৰৰ আৰু সুধিলে “আঁকিব পাৰিবি?” ময়ো ক’লো, “পাৰিম ছাৰ৷” মোক ক’লা চিয়াঁহীৰে খামটোৰ জোখত ছবিখন আঁকিব ক’লে লগতে চিঠিখন ধুনীয়া হাতৰ আখৰেৰে লিখি, ঠিকনাটো ঠিকমতে লিখি ডাকঘৰত জমা দিবলৈ ক’লে৷ ময়ো তাকেই কৰিলোঁ৷ এবাৰ আকৌ বিমালা প্ৰসাদ চলিহা আহিছিল ছয়গাঁৱলৈ, মই তেখেতৰ এখন ডাঙৰ ছবি আঁকিছিলোঁ৷ ছবিখন তেওঁক উপহাৰ দিছিল, ছবিখনৰ তলত মোৰ নাম লিখা আছিল৷ ছবিখন দেখি তেখেতে মোক বিচাৰিলে৷ মই সেই সময়ত মঞ্চত তবলা বজাই আছিলোঁ৷ তেখেতে আমাৰ দৰে পিছপৰা ঠাইত তেনেকুৱা প্ৰতিভা দেখি আচৰিত হৈছিল, মোক খুব প্ৰশংসা কৰিছিল৷ মেট্ৰিক পৰীক্ষা পাছ কৰি তেখেতে মোক তেখেতৰ ওচৰলৈ যাবলৈ কৈছিল৷ অ’ সেইযে পেপাৰত এবাৰ মোৰ ছবি ওলাল তাৰ পাচত পেপাৰে-পত্ৰই ধাৰাবাহিক ভাবে ছবি দিবলৈ ধৰিলোঁ৷ প্ৰায়ে নতুন অসমীয়া আৰু দৈনিক অসমত ছবি ওলায়৷  এই দুখনেই অসমীয়া বাতৰি কাকত তাৰ “অকণি বংশৰ(?) … আৰু অকণিৰ মৌ মেল“ দুয়ো খনতেই মোৰ ছবি ওলায়৷ তাকে লৈ হেডমাষ্টৰ তথা আন আন শিক্ষকসকলেও গৌৰৱ বোধ কৰিছিল৷ মোক কোৱা মনত আছে “তোৰ কাৰণেই আমাৰ স্কুলৰ নাম পেপাৰত আহিছে৷“ তেতিয়া পেপাৰত নাম অহাটো বৰ ডাঙৰ কথা আছিল৷

সাহিত্য ডট্ অৰ্গ: আপুনি যি পৰিবেশত ডাঙৰ হৈছিল তাততো ছবি অঁকাৰ বাবে ৰং, পেঞ্চিল আদি সঁজুলি পোৱা নাছিল চাগৈ?

বীৰেন সিংহ: নাই, মই পাইছিলোঁ৷ পাইছিলোঁ মানে যোগাৰ কৰি লৈছিলোঁ৷ আমাৰ সেই সময়ত বিয়াবোৰত প্ৰীতি উপহাৰ আঁকিব লাগে৷ মানে কইনা জনীয়ে উপহাৰ দিয়ে য’ত এখন এখন ছবি থাকে আৰু কথা অলপ লিখা থাকে৷ সেই ক্ষেত্ৰত মোৰ বহুত নাম আছিলে৷ নলবাৰী, পাঠশালা আদি দূৰ দূৰণিৰ পৰাও প্ৰীতি উপহাৰ অঁকাই নিবলৈ আহিছিল৷ কেনেকৈ মোৰ বিষয়ে গম পাইছিল নাজানো কিন্তু ছয়গাঁৱত এজন ল’ৰা আছে, বৰ ধুনীয়া ছবি আঁকে বুলি অলপ নাম হৈছিল৷ তেনেকৈ মই ছবিৰ বাবে প্ৰয়োজনীয় বস্তু কেইপদ পাইছিলোঁ৷

সাহিত্য ডট্ অৰ্গ: আপুনি এই ছবি অঁকা বিদ্যাটো কেনেকৈ আয়ত্ত কৰিছিল৷ নে জন্মগত কিবা বিশেষ প্ৰতিভা থকা বুলি আপুনি ভাবে?

বীৰেন সিংহ: তেনেকুৱা একো ছবিৰ বাবে আনুষ্ঠানিক শিক্ষা নাছিল৷ বা কাৰো পৰাও শিকা নাই৷ জন্মগত কিছু প্ৰতিভা আছিল বোধহয়৷ লগতে চেষ্টা আৰু যত্ন৷

সাহিত্য ডট্ অৰ্গ:  ছয়গাঁওৰ পৰা গুৱাহাটীলৈ এই যিটো যাত্ৰা তাৰ বিষয়ে অলপ জানিব বিচাৰিম৷

বীৰেন সিংহ:  মই যেতিয়া৷ গুৱাহাটীলৈ আহিলোঁ তেতিয়া ক্লাছ এইট পাছ কৰি ক্লাছ নাইন পাইছোঁ৷ ঘৰৰ আৰ্থিক অৱস্থা অতি বেয়া৷ পিতা বিছনাত পৰিয়েই থাকে৷ পেটৰ বিষ আৰু গেষ্ট্ৰাইটিচ্ ত ভুগি থাকে৷ পাঁচ মাহ নৰিয়াত পৰিছিল৷ ঘৰখনত ঔষধ-পাতি একোৱেই নাই , ডাক্তৰটো দূৰৈৰ কথা খাবলৈও একো নাই৷ বাচন বৰ্তন একো নাই, সকলো বেচি শেষ৷ কলপাতত ভাত খাওঁ৷ মই তেতিয়া স্কুলৰ চাইনবৰ্ড লিখোঁ৷ গড়কাপ্তানি বিভাগৰ ফলকবোৰ লিখোঁ৷ ওচৰে পাজৰে থকা বাছবোৰ ৰং কৰা কামত ধৰিলোঁ৷ এখন বাছ ৰং কৰিলে ৪০ টকা পাওঁ৷ তেতিয়া ৪০ টকা বহুত৷ বাছ বা ট্ৰাক ৰং কৰাটো মই অতি নিষ্ঠাৰে কৰিছিলোঁ৷ পুৰণি ৰং ভালকৈ এৰুৱাই দুই তিনিটা ৰঙৰ প্ৰলেপ লগাইছিলোঁ৷ ইয়াৰ উপৰিও সন্মুখৰ আইনাত মহাদেৱ পাৰ্বতীৰ ছবি আঁকি দিব লাগে৷ সেইখন আকৌ ভিতৰ ফালৰ পৰা ওলোটাকৈ আঁকিব লাগে যাতে বৰষুণ ৰ’দ লাগি নষ্ট হৈ নাযায়৷ বেলেগে ৰং কৰিলে এক বা ডেৰ বছৰ পাছত পুনৰ কৰিব লগীয়া হৈছিল কিন্তু মই কৰিলে দুই আঢ়ৈ বছৰ সুন্দৰকৈ চলি গৈছিল৷ সেয়েহে মোৰ অলপ নাম হৈছিল লগতে পইছাও কিছু উপাৰ্জন কৰিব পাৰিছিলোঁ৷ এনেকৈ ঘৰ চলোৱাত সহায় কৰি দিছিলোঁ৷ কিন্তু সেইখিনিৰে অভাৱ নকমিছিল৷ সেয়েহে গুৱাহাটীলৈ আহিব লগীয়া হ’ল৷ কিজানি অভাৱ অনাটনৰ পৰা ঘৰখনক ৰক্ষা কৰিব পাৰোঁৱেই৷

সাহিত্য ডট্ অৰ্গ: গুৱাহাটীলৈ আহি আপুনি কেনেদৰে কৰ্মজীৱন আৰম্ভ কৰিলে?

বীৰেন সিংহ:  গুৱাহাটীলৈ প্ৰথম আহি থাকিবলৈ ঠাই নাছিল বাবে ৰাতি প্ৰথমে ৰেলৱে প্লেটফৰ্মত থাকিম বুলি ভাৱিছিলোঁ৷ কিন্তু তাত থাকিবলৈ পইচা দিব লাগে, মোৰ হাতত পইচা নাই বাবে নৰ্দমাৰ কিনাৰত শুই থাকিছিলোঁ৷ ওচৰতে এজন ৰিক্সাৱালা থাকে৷ আনকি এদিন মই দিনৰ দিনটো ৰিক্সাও চলাইছিলোঁ৷ তথাপিও মই গুৱাহাটীলৈ আহি চাৰিমাহ কাম কৰিয়েই নিজৰ ষ্টুডিঅ’ খুলি দিছিলোঁ৷ মানে কথাটো এনেকুৱা, মই যিটো কাম কৰোঁ বৰ নিষ্ঠাৰে সেইটো কাম কৰোঁ৷ ১৯৬৮ চনত গুৱাহাটীলৈ আহিয়েই এটা ষ্টুডিঅ’ত সোমালোঁ৷ প্ৰথম মাহত মালিকে মোক ৮০ টকা দৰমহা বন্দবস্ত কৰিছিল আৰু বাকী কাম চাই পইচা দিম বুলি কৈছিল৷ তেওঁলোকে মোক প্ৰথমতে এখন চাইনবৰ্ড লিখিবলৈ দিলে৷ মই অন্য চিত্ৰকৰৰ দৰে চাইনবৰ্ড আঁকোতে কেতিয়াও হাতখন থ’বলৈ বেলেগে মাৰি বা লাঠি ব্যৱহাৰ কৰা নাছিলোঁ আৰু পটাপট লিখি যোৱা অভ্যাস আছিলে৷ চাইনবৰ্ড কম সময়তে খৰকৈ আৰু সুন্দৰকৈ বনাই দিয়াত তেওঁলোকে আচৰিত হৈছিল৷ মালিকে তেতিয়া নিজৰ মাজতেই আলোচনা কৰা শুনিবলৈ পাইছিলোঁ যে এই ল’ৰাটো এদিন কিন্তু বহুত ওপৰলৈ আগ বাঢ়িব৷ মালিকে পিচৰ মাহত লগে লগে ডেৰশ টকালৈ বঢ়াই দিলে৷ তাৰ পিছৰ মাহত দুশ টকালৈ বঢ়াই দিলে৷ তেতিয়া দুশ টকা পোৱা চিত্ৰকৰ আমি তিনিজনমানহে হ’ম৷ মই অকলেই পাঁচজনমান মানুহৰ কাম কৰিছিলোঁ৷ সেই ষ্টুডিঅ’ত মোৰ কাম চাবলৈ মানুহে ভিৰ কৰিছিল, কাৰণ মোৰ কামবোৰ আনতকৈ বেলেগ আৰু বেছি ভাল আছিল৷ মালিকে পিচৰ মাহত মোৰ দৰমহা আঢ়ৈশ কৰি দিছিল৷ সেই মাহটোতে মই সেইটো ষ্টুডিঅ’ৰ পৰা ওলাই আহিলোঁ, আৰু নিজাকৈ গুৱাহাটীৰ লাখটকীয়াত এটা ষ্টুডিঅ খুলিলোঁ৷ ষ্টুডিঅ’টোৰ নাম আছিল “তুলিকা৷“ চাইনবৰ্ড লিখা আৰু চাইনবৰ্ডত ছবি আঁকি গুৱাহাটীৰ কৰ্মজীৱন আৰম্ভ কৰি দিলোঁ৷

সাহিত্য ডট্ অৰ্গ: আপুনি বাণিজ্যিক চিত্ৰকৰ আছিল কিন্তু তাৰ পৰা আৰ্টিষ্ট গীল্ডৰ সান্নিধ্য কেনেকৈ পালে? বা ফাইন্ আৰ্টচৰ প্ৰতি কেনেদৰে আগ্ৰহী হৈ পৰিল?

বীৰেন সিংহ: মই গাঁৱৰ পৰা ওলাই আহি, নতুন ষ্টুডিঅ খুলি কাম আৰম্ভ কৰি দিলোঁ৷ মোৰ কাম মানুহে পচন্দ কৰিবলৈ ধৰিলে৷ ৰাস্তাৰ কিনাৰৰ হৰ্ডিং বোৰৰ কাম বহুত কৰিবলগীয়া হৈছিল৷ মই কামো যথেষ্ট পাইছিলোঁ৷ গুৱাহাটীৰ পৰা প্ৰায় তিনিচুকীয়া পৰ্যন্ত কাম কৰিছোঁ৷ সেই সময়ত ডাঙৰ ডাঙৰ হৰ্ডিং বোৰ হাতেৰে আঁকিব লগীয়া হৈছিল৷ আজি-কালিৰ দৰে ফটো বা প্ৰিণ্টিং সুবিধা নাছিল৷ ডিজাইনবোৰ তেওঁলোকেই কৰি দিছিল৷ কেতিয়াবা ময়ো কৰিব লাগিছিল৷  প্ৰচাৰ বিভাগে কিছুমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী, কৰ্মশালা আদিৰ জৰিয়তে প্ৰচাৰ কৰিছিল৷ কি কি আঁচনিত কেনেকুৱা সাফল্য লাভ কৰিলে বা কেনেকুৱা ধৰণৰ পৰিকল্পনা ইত্যাদি বিভিন্ন বিষয় সাঙুৰি লৈছিল৷ যিহেতু কেমেৰা উন্নত নাছিল, সেয়েহে ছবি অঁকা চিত্ৰকৰৰ ওপৰত কামৰ যথেষ্ট হেঁচা আছিল৷ তেতিয়া ছবি অঁকা, চাইনবৰ্ড লিখা মানুহ কম আছিল৷ ৷ গতিকে এনেকুৱা প্ৰদৰ্শনীৰ পাতিলে বাহিৰৰ চিত্ৰকৰ প্ৰায়েই মাতিবলগীয়া হৈছিল৷ অসমত প্ৰায়ে কলিকতাৰ পৰা চিত্ৰকৰ মাতি আনি এই সকলোবোৰ চৰকাৰী বা বেচৰকাৰী প্ৰদৰ্শনীৰ কাম কৰোৱা হৈছিল৷ বহু সময়ত কলিকতাৰ চিত্ৰকৰে নানান অজুহাত দেখুৱাই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ তেতিয়া যুগল দাস আছিল চৰকাৰৰ আৰ্ট এডভাইচৰ তেওঁ অসমত এনেকুৱা কাম কৰা মানুহ নাই নেকি বুলি বিচাৰ-খোচৰ কৰাত মোৰ নামটো ওলাল৷ থাকোঁতে চাইনবৰ্ড লিখা মানুহ বহুতেই আছিল কিন্তু সেই ধৰণৰ প্ৰদৰ্শনীত ছবি আঁকিব পৰা মানুহ প্ৰায় নাছিলেই৷ শান্তি নিকেতনত পাছ কৰি অহা আৰ্টিষ্ট আছিল যদিও বাণিজ্যিক ছবি অঁকা মানুহ নাছিল৷ তেওঁলোকে মোৰ ওচৰলৈ আহি কেইখনমান পৰীক্ষামূলকভাবে ডিছপ্লে বোৰ্ড (প্ৰদৰ্শনীৰ চিত্ৰ) আঁকিবলৈ দিলে৷ মই সুধিলোঁ “ কিমান দিনৰ পিচত আঁকি দিব লাগিব? “ তেওঁলোকে ক’লে “এসপ্তাহৰ ভিতৰত আঁকি দিবা৷ “ ময়ো মোৰ মতে আঁকি তৈয়াৰ কৰি থৈ দিলোঁ৷ প্ৰায় এমাহমানৰ মূৰত চাবলৈ আহি অলপ আচৰিত হোৱাৰ দৰেই হ’ল৷ ডিছপ্লে বৰ্ডখন আগৰবিলাকতকৈ অলপ বেলেগ ধৰণৰ হৈছিল৷ যুগল দাই চাই কলে, “আমি কলিকতাৰ পৰা কিয় শিল্পী মাতিব লাগে? আমাৰ ইয়াতেই আছে দেখোন৷ এটা অসমীয়া অসমীয়া ভাবো ফুটি উঠিছে“ এনেকুৱা ধৰণৰ কথাবোৰ হৈছিল৷ তাৰ পাচত মোৰ কামবোৰে এটা বিশেষ পৰিসৰ লাভ কৰিলে৷ লগতে ফাইন্ আৰ্টচৰ চিত্ৰ শিল্পী সকলৰ লগতো যোগাযোগ আৰম্ভ হৈ গ’ল৷ সেই সময়তেই চান্দমাৰীৰ আৰ্টিষ্ট গীল্ডৰ পৰিকল্পনা হাতত লোৱা হৈছিল আৰু মানুহখিনিয়ে মোক যথেষ্ট ভাল পাইছিল বাবে মোকো লগত ৰাখিলে৷ যদিও ফাইন্ আৰ্টচৰ বিষয়ে মই একো জনা নাছিলোঁ৷ এই মানুহখিনিৰ সান্নিধ্যতেই ফাইন্ আৰ্টচৰ বিষয়ে জানিলোঁ আৰু লাহে লাহে কমাৰ্চিয়েল আৰ্টচৰ পৰা আঁতৰি আহিলোঁ৷

সাহিত্য ডট্ অৰ্গ:  কাৰ্বি আংলঙৰ প্ৰতি কেনেকৈ আকৃষ্ট হ’ল? বা কাৰ্বি আংলং কেনেকৈ গৈ পালে৷

বীৰেন সিংহ: ইতিমধ্যে মই কলাত্মক চিত্ৰ বেছিকৈ আঁকিবলৈ ধৰিলোঁ আৰু বাণিজ্যিক দিশটোৰ পৰা আঁতৰি আহিবলৈ ধৰিলোঁ৷ তেনেকুৱা সময়তেই মই এখন বিশেষ প্ৰদৰ্শনীৰ বাবে কাৰ্বি আংলং যাবলগীয়া হ’ল৷ আচলতে প্ৰদৰ্শনী সমূহ মোৰ একচেটিয়া ধৰণৰ হৈ পৰিছিল৷ যিকোনো প্ৰদৰ্শনীতেই মই যাব লাগে, সজাই মেলি দিব লাগে৷ তালৈ গৈ যেতিয়া দেখিলোঁ মানুহ খিনিৰ চকুত নিভাঁজ আবেগৰ প্ৰকাশ, মনোমোহা দৃশ্যৰাজী, সহজ-সৰল জীৱন শৈলী৷ মই লাহে লাহে আকৃষ্ট হৈ পৰিবলৈ ধৰিলোঁ৷ তেতিয়া কলাত্মক দিশটো বেছিকৈ অনুভৱ কৰিব ধৰিলোঁ৷ কলাই আচলতে মানুহক মানুহৰ ওচৰলৈ হে লৈ যায়৷ মোৰো ঠিক তেনেকুৱাই হ’ল৷ ছবি আঁকিবলৈ কাৰ্বি আংলঙলৈ যাবলৈ ধৰিলোঁ৷ তেনেকৈয়ে মই কাৰ্বি আংলঙৰ লগত জড়িত হৈ পৰিলোঁ৷ জীৱনৰ ৩২টা বছৰ তাতেই থাকিলোঁ৷ কাৰ্বি জনজীৱনক প্ৰতিনিধিত্ব কৰা ৰংফাৰপি ৰংবেৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰিছিলোঁ৷

সাহিত্য ডট্ অৰ্গ: আপোনাৰ ৰং তুলিকাৰ শিল্প জীৱনৰ পৰা ভাস্কৰ্য্য শিল্পলৈ কৰা যাত্ৰাৰ বিষয়ে অলপ জানিবলৈ মন গৈছে৷

বীৰেন সিংহ: ৰাষ্ট্ৰীয় পৰ্য্যায়ত যেতিয়া প্ৰদৰ্শনী কৰিবলৈ যাওঁ, মই প্ৰথমতে বিশেষ একো জনা নাছিলোঁ৷ বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা প্ৰদৰ্শনস্থলবোৰ চোৱা আৰম্ভ কৰি দিলোঁ৷ দেখিলোঁ যে তেওঁলোকে জীৱন ধাৰা, সাংস্কৃতিক শৈলী, ইত্যাদি বিষয়ৰ ওপৰত প্ৰদৰ্শন কৰা আৰম্ভ কৰি দিছে৷ গতিকে ময়ো সেইবোৰৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ৷ তেতিয়া ভাস্কৰ্য্যৰ ফালে আগবাঢ়ি আহিব লগা হ’ল৷ মই যিমানেই বিষয়টোৰ গভীৰতালৈ সোমাই গ’লোঁ, সিমানেই উপলব্ধি হ’ল যে সৃষ্টিশীল প্ৰতিটো কামেই মানুহক হাতত ধৰি মানুহৰ ওচৰলৈ হে লৈ যায়৷ ভূপেনদাই পাহাৰ বগাই অমৰ সৃষ্টি কৰিব পাৰিছিল ‍৷ কাৰণ তেওঁ মানুহ বিচাৰি গৈছিল মানুহৰ ওচৰলৈ৷ ময়ো লাহে লাহে বিষয়টোত সোমাই পৰিলোঁ৷ জীৱনবোধ বিচাৰি পালোঁ৷ সেই জীৱনবোধ বা জীৱন ধাৰা সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰিবলৈ চিত্ৰ কলাৰ লগতে ভাস্কৰ্য্যৰ প্ৰয়োজনো অনুভৱ কৰিলোঁ৷ লাহে লাহে ভাস্কৰ্য্যৰ প্ৰতি আকৃষ্ট হ’লোঁ৷

সাহিত্য ডট্ অৰ্গ:  আপুনি বৰ্ত্তমানৰ নৱ প্ৰজন্মৰ বিষয়ে কি ক’ব?

বীৰেন সিংহঃ এতিয়া কথা হ’ল আমাৰ প্ৰতিটো ক্ষেত্ৰতেই একো একোটা বিস্ফোৰণ আৰম্ভ হৈ গৈছে৷ এই বিস্ফোৰণটোৰ বহু কেইটা কাৰক আছে৷ অসমখন এতিয়া ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ পৰা ফালৰি কাটি আহি প্ৰতিটো খাপে খাপে উঠি গৈ গৈ উচ্চ শিখৰত উপনীত হৈছে৷ এই যে ৰীমা, হিমা, ৰঞ্জন গগৈ ইত্যাদি বোৰে আজি জয়জয় ময়ময় কৰি তুলিছে, অসমখন কঁপাই তুলিলে, বিশ্ব জুৰি এক আলোড়ন সৃষ্টি কৰিছে, ই এটা গতি আনি দিছে৷ আমি অসমীয়া জাতিয়ে বিগত কেইবাটাও দশক সংকটত পাৰ কৰিছোঁ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰজন্মৰ পৰাই হওক বা ভূপেন হাজৰিকাৰ প্ৰজন্মৰ পৰাই হওক৷ নিজৰ অস্তিত্ব ৰাখিবলৈ সময়ে সময়ে এই ৰাজনৈতিক, সামজিক, প্ৰাকৃতিক, অৰ্থনৈতিক ইত্যাদি বিভিন্ন সংকট কালীন পৰিস্থিতিৰ মুখামুখি হ’ব লগীয়া হৈছোঁ৷ সংকট বা প্ৰতিকূল পৰিস্থিতিয়ে মানুহক, জাতি এটাক সু-সংগঠিত আৰু শক্তিশালী কৰাত সহায় কৰে৷ আন এটা সাংঘাতিক ভাল দিশ হ’ল আমাৰ ইয়াৰ জীৱন ধাৰাৰ লগত জড়িত প্ৰকৃতি৷ এই প্ৰকৃতিৰ লগত জড়িত … ধৰি ল’লোঁ বৰষুণজাক আৰু তাৰ লগত কঢ়িয়াই অনা বানপানী, ভৰাই তোলা নদীখন, গছ বন, অৰণ্য ইত্যাদিয়ে আমাৰ জীৱন ধাৰাটোক যি এক পূৰ্ণতা আনি দিছে সেয়া আন ঠাইত পাবলৈ নাই৷ এই পূৰ্ণতাই হয়তো আমাৰ বিপদৰ সময়ত ভাগি যোৱা সপোন, সকলো হেৰুওৱাৰ পাচতো আমাৰ জীৱন ভৰাই ৰাখিছে৷ ইয়েই আমাৰ অসমীয়াৰ জীৱন ঐশ্বৰ্য্যশালী কৰি ৰাখিছে৷ গতিকে এটা দিশত আমি ইমানেই পূৰ্ণ যে খেতি পথাৰত সেউজীয়া ৰঙৰ যিটো বিপ্লৱ হ’ব লাগে তাৰ প্ৰতি ইমান আমি চিন্তিত নহয়৷ পথাৰত ইমান মাছ যে মাছৰ খেতি কৰিব লাগে বুলি চিন্তা কৰা নাছিলোঁ৷ গতিকে জীৱন ধাৰণ খুব সহজ আৰু সৰল৷ কিন্তু আমাৰ এটা বস্তুৰ অভাৱ আছিল সেইটো হ’ল আমাক এটা লক্ষ্য লাগে, এটা উদ্দেশ্য লাগে৷ যিয়েই লক্ষ্য স্থিৰ কৰি ল’ব পাৰিছে সিয়েই বিশ্বত ফুতি ফাটি  যোৱাকৈ ওলাই পৰিছে৷ মই যদি হিমাক চাওঁ, নে তাই চুলিখিনিত কিবা সানিব, নে তাই মুখত কিবা লেপন দিব, ওঁঠত কিবা লেপন দিব নে কাপোৰত কিবা আছে, তাইৰ লক্ষ্য কেৱল দৌৰা ট্ৰেকটোত৷ তাইৰ কেৱল কৰি ভালপোৱা এটা বিষয় যাৰ বাহিৰে তাইৰ জীৱনটোৰ কোনো অৰ্থই নাই৷ কথাখিনি ৰীমাৰ ক্ষেত্ৰতো খাটে৷ গতিকে উত্তৰ পুৰুষৰ বিষয়ে ক’বলৈ গ’লে আমি আশাবাদৰ ধাৰা এটা পাওঁ৷ সকলোৰে চিন্তা, ধ্যান ধাৰণা, আদৰ্শ, উদ্দেশ্য বেলেগ বেলেগ হ’লেও একে মাটি পানীৰ গোন্ধ সোৱাদ লৈ ডাঙৰ হৈছে৷ সকলোৱে কিন্তু একেখিনি সময়েই পায় জীৱনটোত৷ গতিকে নৱ প্ৰজন্মই সময়ৰ সদ ব্যৱহাৰ শিকা উচিত৷ এতিয়া সময়েই আটাইতকৈ মূল্যবান হৈছে, যিমানেই সময়ৰ মূল্য বেছি হৈ আহিছে সিমানেই জীৱনৰ মূল্য কমি আহিছে৷ তথাপিও সময়ৰ উচিত মূল্যায়ন নৱ প্ৰজন্মই জানিব লাগিব যাতে জীৱনৰ মূল্য কমি নাযায়৷

সাহিত্য ডট্ অৰ্গ:  বৰ্তমান ডিজিটেল মেডিয়াৰ যুগ৷ ইয়াৰ প্ৰতি আপোনাৰ ধাৰণা কেনে?

বীৰেন সিংহ: বহু ক্ষেত্ৰত মানুহৰ জীৱন ধাৰণৰ প্ৰণালীত আমি অভ্যস্ত আছিলোঁ, সেইবোৰ এতিয়া সলনি হ’ল৷ এখন বস্তুবাদী জগতৰ ফালে আগুৱাই যোৱা যেন লাগে৷ ঘৰখনত বস্তু বেছি হ’ল কিন্তু মানুহবোৰ হেৰাই গ’ল৷ মানুহবোৰ এতিয়া আগতকৈ বেছি বিষণ্ণ দেখোঁ৷ কাৰণ বস্তুবাদী জগতত মূল আধাৰ হ’ল অৰ্থ, সেয়েহে জীৱনৰ মূল্য কমি গ’ল৷ ইণ্টাৰনেটে জীৱনৰ প্ৰতিটো স্তৰকে চলাই আছে৷ ইণ্টাৰনেটৰ পৰা আমি যিমান পাইছোঁ, সিমান কিন্তু মূল্যও ভৰিব লগা হৈছে কাৰণ ই আমাৰ আটাইতকৈ মূল্যবান সময় কাঢ়ি নিছে৷ কলাৰ মৌলিক সৃষ্টি কিন্তু চিন্তাৰ পৰা হয়৷ ইণ্টাৰনেটে বহু ক্ষেত্ৰত চিন্তাৰ বাটহে বন্ধ কৰি দিছে৷ এটা শক্তিশালী নতুনত্বৰ বাৰ্তা লৈ আহিব পৰা নাই৷ সেয়েহে মই নাভাবো মৌলিক কলাৰ সৃষ্টিত ই বহুত গুৰুত্বপূৰ্ণ৷ কিন্তু বাণিজ্যিক দিশটোত অৱশ্যে ইয়াৰ দৰকাৰ আছে৷

সাহিত্য ডট্ অৰ্গ:  চিত্ৰ, শিল্প কলাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে আপোনাৰ ধাৰণা কি?

বীৰেন সিংহ:  কোনো বস্তু স্থায়ী নহয়৷ এইটো মই অনুভৱ কৰিছোঁ৷ প্ৰাচীন ইজিপ্তত যি শিল্প কলাৰ কাম হৈছিল, গ্ৰীছত যি কাম হৈছিল বা ইউৰোপত যি ধৰণে কলাৰ চৰ্চা হৈছিল এই সকলোবোৰে যুগে যুগে পৰিৱৰ্তন হলেও সময়ৰ এটা সাক্ষী হৈ ৰৈ গৈছে৷ শিল্প এটা এনেকুৱা বস্তু ই যেন ক’ৰবাত প্ৰহৰী হৈ আছে৷ এটা যুগৰ সভ্যতাৰ পহৰা দি আছে৷ শিল্প এটা ডাঙৰ বস্তু৷ তাৰ গতি সময়ৰ লগত৷ মাজে মাজে বহুতো ধাৰা৷ সাহিত্য, কলা, শিল্পৰ জগতখন সময়ে সময়ে একো একোটা ধাৰাৰ সৃষ্টি হয়৷ অতীতৰ সেই সুমধুৰ শিল্প কলাৰ, সেই সৌন্দৰ্য পান কৰি আজিও মানুহে আনন্দ লয়৷ যুগ যুগ ধৰি বিভিন্ন পৰ্য্যায়ত বিভিন্ন মানুহে সুখ দুখ আনন্দ আদি উপাদান সমূহক যি যি ধৰণে আবেগ অনুভৱেৰে সজায়, নিজৰ জীৱন বোধৰ আত্মিক চেতনাৰে যি সৃষ্টি কৰি থৈ গ’ল, সি যুগ যুগ ধৰি পোহৰাই থাকে৷ তিনি চাৰি হাজাৰ বছৰ আগৰ যিখিনি জীৱনবোধ, জীৱন চৰ্চা, জীয়াই থকাৰ যিখিনি সংগ্ৰাম শিলত, ধাতুত, মাটিত চিহ্নিত কৰি থৈ গ’ল সেই জীৱনবোধকেই আমি কঢ়িয়াই আছোঁ আৰু সেয়েহে জীয়াই আছোঁ৷ এৰি দিলেই হেৰাই যাব৷ আজিৰ সৃষ্টিখিনিও সময়ে কঢ়িয়াই নিলে জীয়াই থাকিব৷ আৰু সেইখিনিহে জীয়াই থাকিব যিখিনি জীৱনৰ লগত জড়িত বা সংপৃক্ত হৈ আছে৷

সাহিত্য ডট্ অৰ্গ:  আমি ভূপেন হাজৰিকাক দেখিছোঁ বা বিষ্ণু ৰাভাক দেখিছোঁ, তেওঁলোকৰ মূৰ্তি নিৰ্মাণ কৰা প্ৰক্ৰিয়াটো আপোনাৰ বাবে চাই চাই ছবি অঁকাৰ দৰে৷ কিন্তু আপুনি ঐতিহাসিক চৰিত্ৰৰ প্ৰতিকৃতি এটা বনাবলৈ কিহৰ সহায় লয়?

বীৰেন সিংহ:  আমাক বহুত বস্তু লাগে৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে জীৱনবোধ, এইটোৱে বহুত কাম দিয়ে৷ প্ৰত্যেক মানুহৰ নিজস্ব কিছুমান শৈলী থাকে৷ সেইটো জানি বুজি লোৱাটো অত্যন্ত দৰকাৰ৷ আৰু এটা কথা হ’ল সংবেদনশীলতা৷ চৰিত্ৰ এটাক আপুনি কি ধৰণে অনুভৱ কৰিছে বা উপলব্ধি কৰিছে৷ অলপতে মোক লাচিতৰ মূৰ্তি এটা নিৰ্মাণৰ দায়িত্ব দিলে আৰু বৰ্তমানৰ মূৰ্তিটো চাই ল’বলৈ দিলে৷ মই চাই মেলি তেওঁলোকক জনালোঁ যে সেইটো নহ’ব৷ কাৰণৰ মোৰ মনত লাচিত বুলি ক’লে যি ছবি ভাহি আহে তাৰ লগত একেবাৰে মিল অনুভৱ কৰা নাই৷ লাচিত বুলি ক’লে মোৰ উপলব্ধি এনেকুৱা যে, সেনাপতি এজনৰ বুকুত একুৰা জুই যিটো চকুত অনুভৱ হ’ব লাগিব, সেই উত্তাপখিনি চোৱা মানুহজনে অনুভৱ কৰিব লাগিব৷ লগতে এটা চিঞৰ মাৰিব পৰা গলা লাগিব৷ অৰ্থাৎ “আক্ৰমণ“ বুলি কলে ডিঙিৰ ফুলা সিৰা চকুত পৰা হ’ব লাগিব৷ সেয়েহে চৰিত্ৰ এটা বনাবলৈ যোৱাৰ আগতে জীৱনবোধ বুজি ল’ব লাগিব৷

সাহিত্য ডট্ অৰ্গ: আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল৷ সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা আপোনালৈ শাৰদীয় শুভেচ্ছা জনোৱাৰ উপৰিও আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷ ধন্যবাদ৷

বীৰেণ সিংহঃ  আপোনালোককো ধন্যবাদ আৰু আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ৷

 

☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments