ভায়লিন বাদনৰ পানী – কুমাৰ প্ৰানজিৎ

বাৰিষাৰ

এমুঠি নৈৰ

পানী……

 

ৰঙা দুৱাৰেদি বৈ আহি

মোৰ

সেউজ দলনিৰ মাটি

চুব খুজিছিল…….

 

কলিজাত

সুখ দিব পৰাকৈ

উত্তাপ এটা

গালে-মুখে সানি দি তুমি মোক

লাজৰ গান শুনালা

 

এই বান

প্ৰথম দেখাৰ লাজ

 

তেজত তোমাৰ

কি হৈছে

আখৈ ফুটিছে!!

 

অন্ধকাৰত

আঙুলি বুলাইছোঁ

মাত দিয়া

ভায়লিন

 

এবাৰলে’ আকৌ

ভায়লিন বাদনৰ পানী

ৰঙা দুৱাৰেদি বৈ আহি

শেষবাৰলৈ টোপনি ভাঙিছে

মাজৰাতিৰ বতাহজাকত

ঢাপৰ ঢেঁকীয়াবোৰ

দেৱদাৰু গছৰ ছাঁৰ দৰে হালিছে।

 

প্ৰেমিক হৈয়ো

অতদিন….

অতদিন….

 

হে মানৱতা,

কুৰুক্ষেত্ৰতকৈও বিশাল

তোমাৰ পৰিচয়।।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক