ভাৰতবৰ্ষৰ স্ত্ৰী শিক্ষাৰ এগৰাকী অগ্ৰণী নাৰী – পাপৰি বৰা

 

বৈদিক কালৰ ভাৰতবৰ্ষৰ নাৰী বা মহিলা সকলৰ ধৰ্মীয় শিক্ষা সংস্কাৰ তথা সমাজ জীৱন যথেষ্ট চহকী আছিল৷ ৰাজবংশৰ নাৰীয়ে ৰাজধৰ্ম পালন কৰি কোনো কোনো প্ৰদেশত ৰাজ্য শাসনৰ ভাৰ পৰ্য্যন্ত মূৰ পাতি লৈছিল৷ ইতিহাসৰ পাত লুটিয়ালে তেনে বীৰাগংনা নাৰীৰ গৌৰৱপূৰ্ণ জীৱনগাঁথা আমি জানিবলৈ পাওঁ৷ যদিও আমাৰ দেশৰ পৌৰাণিক যুগৰ নাৰীসকলে সমাজ সংস্কাৰৰ লগত জড়িত আছিল তথা সমাজৰ সংস্কাৰক ৰূপে নিজৰ অগ্ৰণী ভূমিকা পালন কৰিছিল কিন্তু তাৰ পৰবৰ্তী কালত কিছু সামাজিক পৰিৱৰ্তনৰ ফলস্বৰূপে নাৰীসকল সম্পূৰ্ণ ভাৱে ঘৰুৱা তথা সাংসাৰিক ধৰ্ম পালনতে জড়িত হৈ পৰিছিল৷ পৌৰাণিক ভাৰতীয় সমাজৰ উন্নত মহিলাসকলৰ শিক্ষা সংস্কাৰৰ তুলনাত মধ্যযুগীয় ভাৰতীয় সমাজৰ নাৰীৰ কোনো সামাজিক ভূমিকা নাছিল৷ তেওঁলোকে পুৰুষৰ লগত সমানে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ পৰিছিল ইয়াৰ মূলতঃ তেওঁলোকৰ শিক্ষা লাভৰ ক্ষেত্ৰত গোড়া পুৰষ প্ৰধান সমাজ ব্যৱস্থাটোয়ে সেইসময়খিনিত গা কৰি উঠিছিল যিয়েই মূলতঃ নাৰীৰ শিক্ষা লাভৰ ক্ষেত্ৰত হেঙাৰ ৰূপে থিয় দিছিল৷

পৰবৰ্তী সময়ত ভাৰতবৰ্ষৰ শাসন ভাৰ বৃটিছৰ হাতলৈ যোৱাৰ লগে লগে সমাজ ব্যৱস্থাত পুনৰ আমুল পৰিৱৰ্তন আহে৷ বৃটিছ আমোলত ভাৰতবৰ্ষৰ সমাজ জীৱন পুনৰ যেন উজ্জীৱিত হৈ পৰিছিল৷ তেওঁলোকে যিহেতু শিক্ষা-দীক্ষাক আগস্থান দিছিল গতিকে মহিলাসকলক পুনৰ শিক্ষা-দীক্ষাৰ পোহৰলৈ অনাৰ বাবেও অহৰহ প্ৰচেষ্টা হাতত লৈছিল৷ এই ক্ষেত্ৰত বৃটিছৰ শিক্ষা সংস্কাৰ আৰু নাৰীৰ প্ৰতি থকা সন্মান, সজাগতাই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায় আদিকে কৰি গুণী- জ্ঞানী ব্যক্তিসকলক প্ৰভাৱিত কৰিছিল৷ ফলস্বৰূপে পুনৰ ভাৰতীয় মহিলাসকলে যেন এক নৱজীৱন পাইছিল৷ সেইখন সমাজত অকল উচ্চবৰ্গৰ পুৰুষ সকলৰহে শিক্ষা লাভৰ অধিকাৰ আছিল৷ বাকী সকল বঞ্চিত হৈছিল৷ পিচলৈ জ্যোতিৰাও ফুলে, বাবা চাহেব আম্বেদকাৰৰ দৰে পিচপৰা সমাজৰ প্ৰতিনিধিত্ব কৰা মহান নেতাসকলৰ নেতৃত্বত পিচপৰা সম্প্ৰদায়ৰ লোক সকলে জ্ঞানৰ পোহৰ দেখিছিল৷

এই কাহিনী ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ বহু আগৰ সময়৷ এগৰাকী সমাজ সেৱিকা, পিচপৰা বঞ্চিত সকলৰ হকে মাত মতা, নাৰী তথা কন্যা শিশুৰ শিক্ষাৰ হকে উঠিপৰি লগা ভাৰতীয় মহান মহিলা সাৱিত্ৰী বাঈ ফুলেৰ জন্ম হৈছিল এক মাৰাঠী পৰিয়ালত৷ সম্পূৰ্ণ নাম সাৱিত্ৰী বাঈ জ্যোতিৰাও ফুলে৷ ১৮৩১ চনৰ ৩ জানুৱাৰীত মহাৰাষ্ট্ৰৰ সতাৰা জিলাৰ নয়াগাঁও নামৰ ঠাইত তেওঁ জন্ম গ্ৰহণ কৰিছিল৷ পিতৃ খণ্ডৌজী নিৱাস আৰু মাতৃ লক্ষ্মী৷ জাতিগত ভাবে পিচপৰা সেই দলিত সমাজখনত সেই সময়ত উচ্চবৰ্ণসকলে হেয় কৰিছিল লগতে তেওঁলোকৰ পুৰুষ-মহিলাসকল শিক্ষা লাভৰ পৰাও বঞ্চিত আছিল৷ শিক্ষা লাভ কৰা এক অপৰাধ আছিল৷ বৈষম্যপূৰ্ণ সমাজখনৰ বাসিন্দা হৈ যেন সাৱিত্ৰীয়ে কিবা দোষ হে কৰিছিল! এবাৰ তেওঁ ইংৰাজী কিতাপ এখন পাই পাত লুটিয়াই চাবলৈ লওঁতেই দেউতাকে দেখা পাই খিৰিকীৰে দলিয়াই পেলাই দিছিল৷ কাৰণ সেই সময়ত তেওঁলোকৰ দৰে লোকৰ হাতত কিতাপ মানে এক অক্ষমনীয় অপৰাধ৷ সেই তেতিয়াই সাৱিত্ৰী ৰাওৱে কিতাপখন পুনৰ মনে মনে তুলি আনিছিল আৰু মনতে পণ লৈছিল যে তেওঁ এদিন নহয় এদিন শিক্ষা লাভ কৰিহে এৰিব৷ প্ৰায় ৯ বছৰ বয়সতে তেওঁৰ পুণেৰ জ্যোতিৰাও গোবিন্দৰাও ফুলেৰ লগত বিবাহ সম্পন্ন হৈছিল৷ সেইয়া যেন অকল বিবাহ নহয় সেইয়া আছিল তেওঁৰ বাবে সুবিধা সৌভাগ্যৰ দুৱাৰ দলি৷ তেওঁৰ স্বামী আছিল সেই সময়ৰ মহান সমাজ সংস্কাৰক, যিয়েই নিম্ন তথা পিচপৰা জাতিৰ লোকসকলৰ হকে খাটি তেওঁলোকক শিক্ষা সংস্কাৰৰে আত্মনিৰ্ভৰশীল কৰাৰ মত পোষণ কৰাৰ উপৰিও স্ত্ৰীশিক্ষাৰ হকে মাত মাতি আহিছিল৷

জ্যোতিৰাও ফুলে বংশজসকলে ফুলৰ বাগিছাত কাম কৰাৰ বাবেই তেওঁলোকে ফুলে উপাধি পাইছিল যদিও আচল উপাধি আছিল গৌহে৷ স্ত্ৰীশিক্ষাৰ প্ৰসাৰত আগভাগ লোৱা এই মহান ব্যক্তিজনে পোন প্ৰথমে তেওঁৰ ঘৰৰ পৰাই যেন এই অভিযান চলালে৷ সাৱিত্ৰীয়ে সেই সময়ত তেওঁৰ স্বামীক দুপৰীয়াৰ আহাৰ দিবলৈ খেতি পথাৰলৈ যাব লাগে৷ ঘৰৰ পৰিয়ালৰ সমাজৰ আঁৰ চকুত খেতি পথাৰতে তেওঁ সেই সময়ত নিজৰ পত্নীক পাঠ দান দিবলৈ আৰম্ভ কৰিলে৷ পিচে কিছুদিনৰ পিচতে ঘুনুক-ঘানাককৈ এই খবৰ তেওঁৰ পৰিয়ালে পালে আৰু তিৰস্কাৰ কৰি দুয়োকে ঘৰৰ পৰা আঁতৰ কৰি পঠালে৷ কাৰণ সেই সময়ত এইয়া এক অক্ষমনীয় অপৰাধ আছিল আৰু তেওঁলোকে পুত্ৰৰ সেই অপৰাধ ক্ষমা কৰিলে সমাজৰ ৰোষৰ বলি হ’ব৷

সাৱিত্ৰী আৰু জ্যোতিৰাওৱে নিজৰ ঘৰ এৰিবলগীয়াত পৰিল৷ তেওঁলোকে এজন পুত্ৰ তুলি লৈছিল৷ যাৰ নাম আছিল যশৱন্ত৷ ঘৰৰ পৰা আঁতৰি গৈ তেওঁ পত্নীক পুনৰ পঢ়ুৱালে লগতে প্ৰশিক্ষণ বিদ্যালয়তো ভৰ্তি কৰাই দিলে৷ সকলো ঘৰুৱা আৰু সামাজিক বাধা নেওচি সাবিত্ৰী বাঈয়ে নিজৰ শিক্ষা সম্পূৰ্ণ কৰিলে৷ শিক্ষাৰ পোহৰে তেওঁক আলোকিত কৰিলে, মহান কৰিলে৷ সমাজৰ বাধা নেওচি তেওঁ বাকী মহিলাসকলোকো শিক্ষাৰ পোহৰ বিলোৱাৰ পণ ললে৷

১৮৪৮ চনত তেওঁ স্বামীৰ লগলাগি প্ৰথমখন বালিকা বিদ্যালয় স্থাপন কৰিলে য’ত তেওঁ নিজে প্ৰধান শিক্ষয়িত্ৰী হিচাপে সেৱা আগবঢ়াই সমাজৰ পিচপৰা সম্প্ৰদায়ৰ অনুন্নত অঞ্চল তথা সেই সময়ত সামাজিক ভাৱে বৰ্জিত পিচপৰা জাতিৰ মহিলা আৰু শিশুসকলক বিদ্যালয়লৈ যোৱাৰ প্ৰেৰণা আগবঢ়াই আহিল৷ কন্যা শিশুৰ শিক্ষাৰ বাবে পিচলৈ তেওঁ প্ৰায় ১৮খন বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰে৷

সেই সময়ত ভাৰতবৰ্ষত মহিলা শিক্ষাৰ ক্ষেত্ৰত নৱজাগৰণৰ সূচনা কৰোঁতা বুলিলে তেওঁৰ নামেই সৰ্বপ্ৰথম৷ মুছলিম মহিলাসকলকো তেওঁ শিক্ষা লাভৰ সুবিধা কৰি দিছিল৷ তেওঁ যেতিয়া বিদ্যালয়লৈ অধ্যাপনাৰ বাবে গৈছিল, সেই সময়ত তেওঁক সমাজৰ নেত্ৰীস্থানীয় কিছু সংখ্যক ব্যক্তিয়ে ককৰ্থনা কৰাৰ উপৰিও তেওঁ অহা যোৱা ৰাস্তাত তেওঁক অভদ্ৰ আচৰণ কৰি গালি-শপনি পৰ্য্যন্ত দিছিল আৰু বেয়া লেতেৰা বস্তু, বিষ্ঠালৈকে পৰ্য্যন্ত তেওঁৰ গালৈ মাৰিছিল৷ কিন্তু সাৱিত্ৰী নিজৰ পণত অটল আছিল৷ তেওঁ সদায় বেগত অন্য এখন কাপোৰ লৈ গৈছিল যাতে তেওঁ বিদ্যালয়লৈ গৈ তেওঁৰ বস্ত্ৰ সলাই লবগৈ পাৰে৷ তথাপিও তেওঁ নিজৰ কৰ্ম কৰি গৈছিল৷ পৰিস্থিতিয়ে তেওঁক হাৰ মনাব নোৱাৰিলে৷ এইদৰেই তেওঁ সমাজৰ একাংশক পোহৰৰ দিশলৈ বাট বুলাবলৈ সক্ষম হৈছিল৷ বৃটিছে ফুলে দম্পতীৰ এই মহৎ কাৰ্য্যৰ বাবে প্ৰশংসা কৰাৰ লগতে বঁটাৰে সন্মানিত কৰিছিল৷

স্ত্ৰীশিক্ষা প্ৰসাৰতে সীমাবদ্ধ নাথাকি সাবিত্ৰী বাঈয়ে কম বয়সীয়া শিশু, বিধৱাসকলৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰ তথা কন্যা শিশু হত্যাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল৷ সেই সময়ত একেবাৰে কম বয়সীয়া বিধৱাসকলক আৰু তেওঁলোকৰ শিশুবোৰক প্ৰতিপালন কৰিব নোৱাৰা বাবেই তেওঁ “শিশু প্ৰতিপালন গৃহ” স্থাপন কৰিছিল লগতে নিজেও তেনে শিশুবোৰক চোৱা-চিতা কৰি মহান নিদৰ্শন দাঙি ধৰিছিল৷

অকল এয়াই নহয়, বনুৱা-মজদুৰসকলৰ বাবে তেওঁ নৈশ বিদ্যালয় স্থাপন কৰিছিল৷ তেখেতৰ আন এক উল্লেখযোগ্য কৰ্মৰ কথা সোঁৱৰণ নকৰিলে আধৰুৱা হ’ব৷ এগৰাকী সত্যৰ সাধক সমাজসেৱী ৰূপে তেওঁ বিধৱাসকলৰ ওপৰত কৰা অন্যায়-অবিচাৰৰ ঘোৰ প্ৰতিবাদ কৰিছিল৷ বিধৱা বিবাহৰ মত পোষণ কৰাৰ লগতে সেই সময়ত বিধৱাসকলৰ চুলি খুৰাই দিয়া কুপ্ৰথাটোৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল৷ এই বিধৱা মহিলাৰ শিৰ মুণ্ডন কাৰ্য্যৰ তীব্ৰ বিৰোধ কৰি তেওঁ প্ৰতিবাদ কৰিছিল৷ তেওঁৰ এই প্ৰতিবাদী আন্দোলনত নাপিতসকলেও ভাগ লৈছিল আৰু কোনো বিধবা মহিলাৰে চুলি নুখুৰায় বুলি তেওঁলোকে মত দিছিল আৰু শেষত তেওঁলোকৰ এই আন্দোলন সফল হৈছিল৷ তেওঁ সত্য সাধক সন্মিলনৰ অধ্যক্ষতা কৰি বহু গম্ভীৰ, সাৰমৰ্ম থকা ভাষণ দিছিল আৰু পিচপৰা জাতিৰ লোকৰ চকু মুকলি কৰিছিল৷ শিক্ষাৰ পোহৰ পাই সেই লোক সকলে নিজৰ অধিকাৰ আৰু আত্মসন্মানৰ বুজ পাইছিল আৰু সেই বিষয়ত সচেতন হৈছিল৷

১৮৯৮ চনৰ কথা ভাৰতবৰ্ষত সেই সময়ত ভয়ংকৰ প্লেগ বেমাৰ বিয়পি মহামাৰী ৰূপ লৈছিল৷ হাজাৰ হাজাৰ লোকে এই ভয়ংকৰ মহামাৰীত প্ৰাণ হেৰুৱাইছিল৷ সেই সময়ত এই ৰোগীসকলৰ শুশ্ৰূষা কৰিবলৈ তেওঁ নিজৰ পালিত পুত্ৰৰ লগ লাগি এখন হস্পিতাল খুলিছিল আৰু ৰোগীসকললৈ সেৱা আগবঢ়াইছিল৷ কিছুমান সংক্ৰামক ৰোগৰ কথা তেওঁ জানিছিল যদিও ভিতৰুৱা এখন গাঁৱৰ সৰু ল’ৰা এজন সংক্ৰামিত ৰোগত আক্ৰান্ত বুলি গম পাই সেই গাঁৱলৈ গৈ ল’ৰাটোক পিঠিত কঢ়িয়াই হস্পিতাললৈ আনিছিল৷ এই দৰেই ৰোগীসকলৰ সেৱা কৰোঁতেই এদিন তেওঁলৈও এই সংক্ৰামক ৰোগ বিয়পি পৰে আৰু সেই বছৰেই অৰ্থাৎ ১৮৯৭ চনৰ ১০ মাৰ্চৰ দিনা এই মহান আত্মা গৰাকীয়ে পৃথিৱীৰ পৰা বিদায় লয়৷

তেখেতৰ কাব্যৰচনাতো সমাজৰ হিতৰ কথা আৰু কুসংস্কাৰ মুক্ত এখন সমাজ গঢ়াৰ চেতনাই আগস্থান পায়৷ তেওঁৰ কবিতাৰ পুথি ‘কাব্যফূল’, ‘বাৱন কশী সবোধ ৰত্নাকৰ’, ‘মাতৌশ্ৰী কে ভাষণ’ আদি উল্লেখযোগ্য কাব্য সংগ্ৰহ৷

এগৰাকী মহান নেত্ৰী, ভাৰতবৰ্ষৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী, নাৰী শিক্ষাৰ অগ্ৰণী, সমাজ সংস্কাৰক সাৱিত্ৰী বাঈ ফুলেৰ অৱদান সমূহ পুৰুষ-মহিলা নিৰ্বিশেষে সমগ্ৰ ভাৰত তথা বিশ্ববাসীৰ বাবে চিৰ স্মৰণীয় হৈ ৰ’ব৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক