ভাৰতীয় জনগাঁথনি আৰু উৰ্বৰতা হাৰ – এক অৱলোকন- ড. আৰমান উল্লাহ মুজাদ্দাদী

ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যা ১৩০ কোটি অতিক্ৰম কৰিছে। এই ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰৰ বিভিন্ন পৰিকল্পনাসমূহ কিমান ফলপ্ৰসূ হৈছে তাৰ উমান লোকপিয়ল আৰু সময়ে সময়ে চৰকাৰীভাৱে হাতত লোৱা কিছুমান জৰীপৰ মাধ্যমেৰে পোৱা যায়। এনে এটি জৰীপ হল অৰ্থনৈতিক জৰীপ (Economic Survey)। শেষতীয়া অৰ্থনৈতিক জৰীপৰ (Economic Survey ২০১৮-১৯) প্ৰতিবেদন ১৯১৯ চনৰ জুলাই মাহৰ চাৰি তাৰিখে সংসদত উপস্থাপন কৰা হৈছিল। এই প্ৰতিবেদনত কোৱা হৈছে যে অহা দুটা দশকত ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ(population growth) হাৰ ক্ষিপ্ৰ গতিৰে হ্ৰাস হ’ব যাৰ লগত সংশ্লিষ্ট থাকিব এইকেইটা চিন্তনীয় বিষয়, য্থা
১. ভাৰতীয় জনগাঁথনিৰ ধাৰা (demographic trend)অহা দুটা শতিকাত বিপজ্জনকভাবে পৰিবৰ্তন হব আৰু যুৱপ্ৰজন্মৰ (০ ৰ পৰা ১৯ বছৰ বয়সলৈ) জনসংখ্যা (যি ২০১১ চনত মোট জনসংখ্যাৰ ৪১ শতাংশ আছিল)২০৪১ চনত মুঠ জনসংখ্যাৰ ২৫ শতাংশলৈ হ্ৰাস পাব।
২. বয়োজেষ্ঠ্যসকলৰ (৬০ বছৰ আৰু তাৰ উৰ্ধ্ব) জনসংখ্যা ক্ষিপ্ৰ গতিৰে বাঢ়িব, এই জনসংখ্যা (যি ২০১১ চনত মোট জনসংখ্যাৰ ৮.৫ শতাংশ আছিল) ২০৪১ চনত মোট জনসংখ্যাৰ ১৬ শতাংশ হ’বগৈ।
ইয়াৰ মূল কাৰণ হৈছে দেশৰ মুঠ উৰ্বৰতা হাৰ (Total Fertility Rate) ক্ৰমশঃ নিম্নগামী হোৱা পৰিঘটনাটো। কোনো এক জাতিৰ জনগাঁথনি বৰ্তি থাকিবলৈ হ’লে মুঠ উৰ্বৰতা হাৰ প্ৰতিষ্ঠাপন স্তৰৰ(replacement level)ওপৰত থাকিব লাগে আৰু এই স্তৰ ২.১ (সন্তান প্ৰতি মহিলা) বুলি আন্তৰ্জাতিকভাৱে গ্ৰহণ কৰা হৈছে। ভাৰতৰ মুঠ উৰ্বৰতা হাৰ ১৯৮১ চনত আছিল ৪.৫ আৰু দেখা গৈছে যে ২০১৬ চনত এই হাৰ কমি গৈ ২.২ পাইছেগৈ আৰু যাৰ দ্বাৰা ভাৰতে বিশ্বৰ মোট উৰ্বৰতা হাৰ তালিকাত ১০২ তম স্থান দখল কৰিছে। উল্লেখযোগ্য যে এই তালিকাত উৰ্ধতন স্থানত অতি নিম্ন উৰ্বৰতা হাৰ বিশিষ্ট দেশবোৰ আছে।
দেশৰ প্ৰায় সকলোবোৰ ৰাজ্যতে মুঠ উৰ্বৰতা হাৰ প্ৰতিষ্ঠাপন স্তৰৰ পৰা ক্ৰমান্বয়ে নিম্নগামী হৈ যাব ধৰিছে (তালিকা ১ দ্ৰষ্টব্য)। সাধাৰণ দৃষ্টিত য্দিও এইয়া জনসংখ্যা নিয়ন্ত্ৰণৰ দিশত এক বাঞ্ছনীয় অগ্ৰগতি, গভীৰভাৱে পৰ্যবেক্ষণ কৰিলে ইয়াৰ কিছুমান নেতিবাচক দিশো চকুত ধৰা পৰে। তাৰ আগতে আমি জানি লব লাগিব মুঠ উৰ্বৰতা হাৰৰ বিশয়ে।
মুঠ উৰ্বৰতা হাৰ কি?
মুঠ উৰ্বৰতা হাৰ বা টি এফ আৰ (TFR) হ’ল মানক জনগাঁথনি সূচক বা সংকেতক। আন কথাত ই হৈছে শিশুৰ গড় সংখ্যা, যি প্ৰতিগৰাকী মহিলাই নিজৰ সন্তান জন্মদান বয়স ১৫-৪৯ বছৰলৈকে জন্ম দিব পাৰে। সেয়া বিশ্লেষণ কৰিবলৈকে এই সূচক আন্তৰ্জাতিকভাৱে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ভিত্তি ৰখা হয় বৰ্তমান জন্ম প্ৰবৃত্তিৰ ওপৰত। ইয়াৰ গণনা কৰা হয় ১৫ বছৰৰ পৰা আৰম্ভ কৰি ৪৯ বছৰ বয়সৰ মহিলাৰ পাঁচ বছৰ বয়সৰ অন্তৰালৰ ৭টা গ্ৰুপত আৰু প্ৰতি মহিলাৰ দ্বাৰা জন্মা শিশুৰ সংখ্যাৰ গড় লোৱা হয়।
লক্ষণীয় বিষয়টো হ’ল আমাৰ দেশখনে বৰ্তমান এনে এক সন্ধিক্ষণত অবস্থান কৰিছে যি ক্ষণৰ পিছত ভাৰতীয় জনগাঁথনিৰ (demography) এক উল্লেখনীয় পৰিবৰ্তন অবধাৰ্য হৈ পৰিছে।
নিয়ন্ত্ৰিত হাৰত জনসংখ্যা বৃদ্ধি বাঞ্ছনীয়
জনসংখ্যাৰ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি হোৱাটো সমগ্ৰ বিশ্বৰ বাবে যেনেকৈ এক অবাঞ্ছিত সমস্যা, একেদৰে নিয়ন্ত্ৰিত হাৰত জনসংখ্যা বৃদ্ধি নোহোৱাটোও কোনো এটা জনগোষ্ঠীৰ কাৰণে এক জটিল সমস্যা। বৰ্তমান বিশ্বৰ বহুবোৰ ৰাষ্ট্ৰত জনসংখ্যা নিম্নতম হাৰতো বৃদ্ধি নোহোৱাত সেই ৰাষ্ট্ৰসমূহ এক অদ্ভুত সমাস্যাৰ সন্মুখীন হৈছে আৰু বহুতো দেশে জনসংখ্যা বৃদ্ধিৰ বাবেহে বিভিন্ন উপায় অৱলম্বন কৰিব লগীয়া হৈছে। আনকি চীন দেশৰ নিচিনা দেশেও জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি পৰিবৰ্তন কৰিবলগীয়া হৈছে। যি দেশত এটা মাথোঁ সন্তান জন্ম দিয়াৰ নীতিটো কঠোৰভাৱে বলৱৎ কৰা হৈছিল, সেই দেশেও আজি দুটা সন্তান জন্ম দিয়াৰ অনুমতি দিছে আৰু লগতে বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামুলক সুবিধা আগবঢ়াইছে। একেধৰণৰ সমাস্যাত ভুগিছে জাপান, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু প্ৰায় আটাইবোৰ ইউৰোপীয় দেশবোৰে।
উৰ্বৰতা হাৰ নিম্নগামী হোৱাৰ কাৰণ
ভাৰতীৰ মুঠ উৰ্বৰতা হাৰ নিম্নগামী হোৱাৰ মুখ্য কাৰকবোৰৰ ভিতৰৰ কিছুমান হ’ল
· নিম্ন জন্ম আৰু মৃত্যুৰ হাৰ
· মানুহৰ জীৱিকাভিত্তিক গতিশীলতা (occupational mobility),
· নগৰায়ন (urbanization)
· ভাল জীবনধাৰা (better life style)
· নাৰী ক্ষমতায়ন (Women empowerment)
· বিলম্বিত বিবাহ (late marriage)
· এক সন্তান জন্ম দিয়ৰ প্ৰবণতা
· এককভাবে জীৱন যাপন কৰাৰ প্ৰবণতা
উক্ত কাৰকবোৰৰ ভিতৰত ক্ৰমাংক একৰ পৰা পাঁচলৈ বাঞ্ছনীয় কাৰক আৰু এইবোৰ কোনো এখন দেশৰ প্ৰগতিৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ আমি এৰাই চলিব নোৱাৰোঁ। কিন্তু শেষৰ তিনিটা কাৰক জনসাধাৰণৰ মৌলিক জীৱন-যাপনৰ ওপৰত নিৰ্ভৰশীল। কোনো এক সমাজত শেষৰ তিনিটা কাৰকৰ পয়োভৰ হলে সেই সমাজৰ জনগাঁথনি সন্তুলিতভাৱে শ শ বছৰ নিৰবছিন্নভাৱে পৃথিৱীত তিষ্ঠি থাকিব নোৱাৰা হয় আৰু জনগাঁথনিৰ সন্তুলন বিনষ্ট হয়, আনকি বিলুপ্তিৰ ভাবুকিও আহি যাব পাৰে। কেৱল সেয়ে নহয়, এই কাৰকবোৰে আমাৰ বাপতি সাহোন ভাৰতীয় সমাজ-নীতি আৰু সাংস্কৃতিৰ ওপৰতো মছিব নোৱাৰা প্ৰভাৱ পেলাব পাৰে।
এক সন্তান জন্ম দিয়াটো কিমন যুক্তিকৰ?
এক শিশু জন্ম দিয়াটো বৰ্তমান অসমকে ধৰি ভাৰতৰ বহু ৰাজ্যত এক প্ৰকাৰ অলিখিত আইনৰ দৰে মানুহে যেন গ্ৰহণ কৰিছে। পশ্চিম বংগ, ত্ৰিপুৰা, চিকিম, ভাৰতৰ উত্তৰ দিশৰ ৰাজ্য আৰু দাক্ষিণাত্যৰ ৰাজ্যসমূহত এনে মানসিকতা দুই বা তিনি প্ৰজন্মৰ আগৰ পৰাই প্ৰচলিত। ইয়াৰ মুখ্য কাৰণ মানুহৰ উচ্চাকাংক্ষা আৰু সন্তানৰ লালন-পালন আৰু উচ্চ শিক্ষা ব্যয়বহুল হোৱাৰ বাবে মানুহৰ মনত জন্ম হোৱা ভিতি। এই ব্যৱস্থা বৰ্তি থাকিলে অদূৰ ভৱিষ্যতে আমাৰ ঐতিহ্য আৰু পৰম্পৰা বিনষ্ট হোৱাটো প্ৰায় নিশ্চিত। কাৰণ যদি কোন এটা জনগোষ্ঠিত এক সন্তান জন্ম দিয়া প্ৰবণতা নিৰবছিন্নভাৱে তিনি-চাৰিটা প্ৰজন্মধৰি চলি থাকে, তেনেহলে এসময়ত সেই জনগোষ্ঠিৰ আটাইবোৰ আত্মীয় আৰু পাৰিবাৰিক সম্পৰ্ক নিঃচিহ্ন হৈ যাব। এটা সময়ত মানুহৰ নেথাকিব কোনো ভাই-ভনী, বাইদেউ বা কোনো ককাইদেউ। তাৰ পিছৰ প্ৰজন্মত নেথাকিব কোনো খুড়া, বৰদেউতা, মাহী, পেহী, জেঠাই, মামা, ভাগীন বা ভতিজা। সেয়ে মানুহৰ থাকি যাব মাথোঁ দুটা বা তিনিটা সম্পৰ্ক যেনে মা-দেউতা আৰু ককা-আইতা। তেনে এখন সমাজৰ কথা ভাৱিলেই কিবা নিঠৰুৱা নিঠৰুৱা নেলাগেনে বাৰু? কোনো এজন ব্যক্তিৰ যদি মাক-দেউতাক বা ককা-আইতা ঢুকাই য়ায়, তেনেহলে তেওঁৰ আৰু কোনো বয়োজেষ্ঠ্য আত্মীয় লোক এই পৃথিৱীত বাচি নেথাকিব।
আসন্ন পৰিণতি
অৰ্থনৈতিক জৰিপৰ (Economic Survey 2018-19) প্ৰতিবেদনৰ মতে ২০২১ পৰা ২০৪১ চনৰ ভিতৰত স্কুলীয়া শিশুৰ সংখ্যা ১৮.৪ শতাংশ হ্ৰাস পাব আৰু ৪-১৪ বছৰ বয়সী শিশুৰ সংখ্যা উল্লেখনীয়ভাবে হ্ৰাস পাব। ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ অভাবত কেইবাখনো স্কুল একত্ৰিত কৰি এখন স্কুললৈ ৰূপান্তৰিত হ’ব। নতুনকৈ কোনো স্কুল খোলাৰ প্ৰয়োজন নহব। বয়োবৃদ্ধৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে চাকৰীয়াল সকলৰ সেৱানিবৃত্তি আয়ুস(retirement age) বঢ়াব লগীয়া হ’ব।
ইণ্টাৰ্নেশ্বনেল ইন্‌ষ্টিটিউট অব পপুলেশ্বন চাইন্সেচ (IIPS, মুম্বাই)ৰ তথ্য মতে ভাৰতৰ কৰ্মিক জনসংখ্যা (২০ ৰ পৰা ৫৯ বছৰ বয়স) ২০৪১ সৰ্বাধিক হবগৈ আৰু তাৰ পাছত এই সংখ্যা দ্ৰুতগতিত হ্ৰাস পাব।
অঞ্চলভেদে জনগাঁথনিৰ সমীকৰণ সম্পূৰ্ণ উলট-পালট হৈ যাব। উদাহৰণস্বৰূপে যি সম্প্ৰদায়ৰ মানুহে এক সন্তান জন্ম দিয়াৰ প্ৰবণতা ৰাখিব (উৰ্বৰতা হাৰ দুইতকৈ কম) সেই সম্প্ৰদায়ৰ জনসংখ্যা দিনক দিনে কমি আহিব, আনহাতে যিবোৰ সম্প্ৰদায়ৰ উৰ্বৰতা হাৰ দুইতকৈ বেছি হ’ব সেই সম্প্ৰদায়ৰ জনসংখ্যা প্ৰভাবী হাৰত বাঢ়ি যাব। এনেদৰে কোনো এক জাতিৰ মানুহ এসময়ত পৃথিৱীৰ পৰা বিলুপ্ত হোৱাৰো সম্ভৱনা যেনেকৈ আছে ঠিক তেনেকৈ আন কোনোবা এটা জাতিৰ জনসংখ্যা অনাকাংখিতভাৱে বাঢ়ি যোৱাৰ সম্ভাৱনাও আছে।
কোনো এটা জাতি বৰ্তি থাকিবলৈ হ’লে সেই জাতিৰ প্ৰতি মহিলাই দুটাকৈ শিশু জন্ম দিয়াটো এক বৈজ্ঞানিক, সামাজিক আৰু সাংস্কৃতিক প্ৰয়োজন বুলি আজি সমগ্ৰ বিশ্বই মানি লৈছে। অসমীয়া জাতিৰ ক্ষেত্ৰতো প্ৰতিজন অসমীয়াই এই সত্যটো কিমান সোনকালে মানি লব পাৰিব সেইয়া অনাগত সময়েহে ক’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক