ভাৰতীয় সমাজত বৰ্ণব্যৱস্থা : উদ্ভৱ আৰু ক্ৰমবিকাশ – হেমচন্দ্ৰ শইকীয়া


ঋকবৈদিক যুগত বৰ্ণব্যৱস্থাৰ উদ্ভৱ হৈছিল নে ?

  ভাৰতীয় সমাজত বৰ্ণব্যৱস্থাৰ উদ্ভৱ আৰু সমাজত এই বৰ্ণব্যৱস্থাৰ ইতিবাচক অথবা নেতিবাচক প্ৰভাৱৰ সন্দৰ্ভত দেশী-বিদেশী পণ্ডিতসকলে যথেষ্ট গৱেষণা কৰিছে । ভাৰতৰ বৰ্ণব্যৱস্থা মানে বিশেষকৈ  চতুবৰ্ণ ব্যৱস্থাকে বুজায় । এই চতুবৰ্ণ হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ । এই চাৰি বৰ্ণৰ বাহিৰত ৰৈ যোৱা  ভাৰতৰ অন্যান্য  জাতি-জনগোষ্ঠীৰ লোকসকল যেনে, ম্লেচ্ছ, চাণ্ডাল, শৱৰ, পুক্কচ, নিষাদ আদিসকলক অবৰ্ণ(অৰ্থাৎ বৰ্ণহীন) আখ্যা দিয়া হৈছিল। উদাহৰণস্বৰূপে, প্ৰাচীন কামৰূপ তথা প্ৰাচীন বংগদেশৰ লোকসকলক ম্লেচ্ছ আখ্যা দিয়া হৈছিল। সেয়েহে কামৰূপ ম্লেচ্ছ দেশ হিচাপে প্ৰখ্যাত আছিল । আনহাতে চাণ্ডাল, শৱৰ আদি লোকসকলৰ মাজৰ পৰাই কালক্ৰমত অস্পৃশ্য শ্ৰেণীটোৰ উদ্ভৱ হয় । অস্পৃশ্যৰ অৰ্থ হৈছে যাক স্পৰ্শ কৰিলে, যাক দেখিলে বা যাৰ ছাঁ গাত পৰিলেও তথাকথিত উচ্চ জাতিৰ লোক অপৱিত্ৰ হয় বুলি হিন্দু শাস্ত্ৰসমূহত উল্লেখ আছে ।

এতিয়া আমাৰ আলোচ্য বিষয় হৈছে, ভাৰতত এই বৰ্ণব্যৱস্থাৰ উদ্ভৱ কেতিয়া আৰু কেনেদৰে হৈছিল ? এই বিষয়টো আলোচনা কৰিবলৈ গ’লেই স্বাভাৱিকতে প্ৰথমেই আৰ্য আৰু অনাৰ্য প্ৰসংগটো আহে । আৰ্য হৈছে এটা ভাষিক গোষ্ঠী, নৃতাত্ত্বিক দৃষ্টিৰে আৰ্যসকল নৰ্ডিক গোষ্ঠীৰ লোক । নৰ্ডিক গোষ্ঠীৰ লোকসকল শ্বেতবৰ্ণৰ আৰু সেই গতিকে আৰ্যসকলো শ্বেতবৰ্ণৰ লোক আছিল । এই আৰ্যসকলেই ভাৰতত বৈদিক সভ্যতাৰ পাতনি মেলিছিল। (অৱশ্যে আৰ্যসকল ভাৰতৰ মূল নিবাসী নে বাহিৰৰ পৰা প্ৰব্ৰজন কৰা, সেই বিষয়টো বৰ্তমান অতি বিতৰ্কিত বিষয় । আমি সেই বিতৰ্কৰ মাজলৈ নোযোৱাকৈয়ে আলোচনাৰ খাতিৰত আৰ্যসকল ভাৰতলৈ প্ৰব্ৰজন কৰা বুলি ধৰি লৈয়ে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম, যিহেতুকে আৰ্যসকল ভাৰতৰ মূল নিবাসীয়েই হওক বা প্ৰব্ৰজনকাৰীয়েই হওক, বৰ্ণব্যৱস্থাৰ উদ্ভৱৰ প্ৰসংগত সেই কথাটোৱে প্ৰভাৱ নেপেলায় ।)
আৰ্যসকল ভাৰতলৈ প্ৰব্ৰজন কৰিয়েই সপ্ত সিন্ধু উপত্যকাত কৃষ্ণ বৰ্ণৰ দ্ৰাবিড়সকলৰ মুখা-মুখি হৈছিল আৰু সেইসকলক দাস বা দস্যু বুলি আখ্যা দিছিল। এই দাস বা দস্যুসকলকে অনাৰ্য বুলি কোৱা হয়। অনাৰ্য শব্দটো বাস্তৱতে হীন অৰ্থত ব্যৱহাৰ কৰা নহয়, যি আৰ্য নহয় সেয়ে অনাৰ্য–এই অৰ্থতহে ব্যৱহাৰ কৰা হয়(যেনেদৰে যি অসমীয়া নহয়, তেওঁ অনা-অসমীয়া)। পণ্ডিত-গৱেষকসকলৰ মতে সভ্যতা-সংস্কৃতিৰ দিশেৰে অনাৰ্যসকল আৰ্যসকলতকৈ বহু আগবঢ়া আছিল। কিন্তু যুদ্ধ-বিগ্ৰহৰ ক্ষেত্ৰত অনাৰ্যসকল বৰ পাকৈত নাছিল । সিন্ধু উপত্যকাত বসবাস কৰি থকা এই অনাৰ্যসকলৰ লগত আৰ্যসকলৰ সংঘাত হয় আৰু অনাৰ্যসকল টিকি থাকিব নোৱাৰিলে । ড৹ সুনীতি কুমাৰ চেটাৰ্জীয়ে লিখিছে–” কতকগুলি অনাৰ্য্য আৰ্য্যদেৰ বশ্যতা স্বীকাৰ ক’ৰলে, তাৰা আৰ্য্যদেৰ দাস হ’ল, আৰ্য্যদেৰ সমাজে তাদেৰ স্থান দেওয়া হ’ল, তাদেৰ নাম হ’ল ‘শূদ্ৰ’ । বাকী সব, হয় আৰ্য্যদেৰ হাতে ম’ল, নয় পাহাৰে জঙ্গলে পালিয়ে গেল…।”(‘ভাৰত সংস্কৃতি’, তৃতীয় সংস্কৰণ, পৃ:2)। সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ মতেও–” কিন্তু তাহাৰা(অৰ্থাৎ অনাৰ্যসকল) আৰ্য্যদেৰ সহিত পাৰিয়া উঠিল না। যুদ্ধে হাৰিয়া অনেকে বন-জঙ্গলে, পাহাড়-পৰ্ব্বতে আশ্ৰয় লইল ; কেহ কেহ বশ্যতা স্বীকাৰ কৰিয়া আৰ্য্যসমাজে স্থান পাইল।”(‘ভাৰতবৰ্ষেৰ সংক্ষিপ্ত ইতিহাস’, দ্বিতীয় সংস্কৰণ, পৃ: 18)। আনকি Edwin R.A.Seligman-অৰ মুখ্য সম্পাদনাত প্ৰকাশিত ” Encyclopaedia of Social Sciences”(Vol.One)-অত আৰ্য-অনাৰ্যৰ সংঘৰ্ষৰ সন্দৰ্ভত এনেদৰে পঢ়িবলৈ পোৱা যায়–” As a result of the conflict the indigenous tribes were either slain in battle, driven to the mountains or reduced to slavery, until the word Dasa came finally to mean ‘slave’ “(Reprint, 1951,P.675). এয়া হৈছে ঋকবৈদিক যুগৰ কথা । মুঠতে সেই সময়ত বৰ্ণ ব্যৱস্থা নাছিল, আৰ্য আৰু অনাৰ্য বুলি দুটা শ্ৰেণীহে আছিল । জাৰ্মাণ পণ্ডিত Wilhelm Von Pochhammer-এ লিখিছে–” Thus we find that in the beginning there were only two groups– the Aryans who were each other’s blood relatives and the non-Aryans, the ‘Dasa’s or ‘Shudras’ as they came to be called later. From this differentiation, the ‘caste system’ was later evolved.”(‘India’s Road to Nationhood’, Reprint, 1992, P.14).
যি নহওক, ঋকবৈদিক যুগত আৰ্য আৰু অনাৰ্যৰ মাজত সংঘৰ্ষ হ’লেও কিন্তু বৰ্ণ বৈষম্য অথবা অস্পৃশ্যতাৰ কথাবিলাক নাছিল । অশোক গাঙ্গুলীয়ে লিখিছে–” However caste rigidity and practice of untouchability was not in existence during the Rig-Vedic Age.”(A Chronological Account of Indian History’, 1996, Prologue).আনহাতে ড৹ এছ. আৰ. গোয়েলেও লিখিছে–” There was no untouchability in the Vedic age, but it had become an important feature of the Hindu society of Puranika period.”(‘The Religious History of Ancient India, Vol.2, P.133).
পণ্ডিতসকলৰ মতে ঋকবৈদিক যুগত বৰ্ণব্যৱস্থা নথকাই নহয়, আনকি ব্ৰাহ্মণ নামৰ এটা জাতিও নাছিল আৰু পুৰোহিত বোলা শ্ৰেণীটোও নাছিল। বেদজ্ঞ পণ্ডিত আব্দুল আজীজ আল আমানে লিখিছে–” বিপ্ৰ শব্দেৰ এখন যে অৰ্থ, ঋগ্বেদ ৰচনাৰ সময় সেই অৰ্থ ছিল না । তখন ব্ৰাহ্মণ বলে একটি ‘জাতি’ ছিল না ।”(‘ঋকবেদ’, দ্বিতীয় খণ্ড, P.212). শ্ৰীপদ বন্দ্যোপাধ্যায়ৰ মতেও সেই সময়ত আৰ্যসকলৰ মাজত শ্ৰেণী বিভাজন নাছিল, সকলোৱেই একে বৈদিক গোষ্ঠীৰ অন্তৰ্গত আছিল–” The Rg-Vedic Hymns came at the very beginning of humanity, they are the Divine legacy of all human beings, irrespective of any caste, creed, sects, community and also nationality. As when the Vedas were bestowed, the entire humanity constituted one single homogeneous Vedic community speaking in Sanskrit.”(‘Indian Music Through the Ages’, 1995, P.3). ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতেও আৰ্যসকল একে শ্ৰেণীভুক্ত আছিল আৰু তেতিয়া পুৰোহিত নামৰ সুবিধাবাদী শ্ৰেণীৰ এটাৰ উদ্ভৱ হোৱা নাছিল—” The original Aryans all belonged to one class, every one being priest and soldier, trader and tiller of the soil. There was no privileged order of priests.”(‘Indian Philosophy’, Vol.1, P.111). আনহাতে ড৹ ডি.ডি.কৌশাম্বীৰ মতে যিহেতু তেতিয়া ব্ৰাহ্মণ নামৰ বৰ্ণ এটাই নাছিল, গতিকে পুৰোহিত নামৰ শ্ৰেণী এটাও নাছিল–” The priestly function was not as yet specialised to any caste in the Rig Veda, and in fact the only caste difference in the earliest Veda was of colour between light-skinned and their darker enemies. … there is no Brahmin caste as such with a monopoly of the priesthood.”(‘ The Culture and Civilization of Ancient India in Historical Outline’, 1986, P.82) সমাজ বিজ্ঞানী বি.এন.লুনীয়াই লিখিছে যে যিহেতু ঋকবৈদিক যুগত মন্দিৰ, মূৰ্তি তথা যজ্ঞৰ বেদী নাছিল, গতিকে পুৰোহিত শ্ৰেণীটোৰ উদ্ভৱো হোৱা নাছিল । বি. এন. লুনীয়াৰ ভাষাৰে—” There was no priestly class. Every householder was himself a priest. He lighted the sacrificial fire in his home and chanted the hymns. …. There were neither temples nor altars, neither images nor hereditary priests.”(‘Life and Culture in Ancient India’,2nd Edn., 1978, P.96-97). বাস্তৱতে ঋকবৈদিক যুগত পুৰোহিতৰ প্ৰয়োজনো নাছিল, কাৰণ তেতিয়া উপাসনা পদ্ধতি ইমান সৰল-সহজ আছিল যে মধ্যস্থতাকাৰী পুৰোহিতৰ প্ৰয়োজনেই নাছিল। সেয়ে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণনে লিখিছে–” Men had direct communion with gods without any mediation.”(Ibid,P.108).
অৱশ্যে ভাৰততত্ত্ববিদ ড৹ মৰিচ ৱিন্টাৰনিটচৰ মতে ঋকবৈদিক যুগত সাধাৰণ শ্ৰেণীৰ লোকে কোনো পুৰোহিতৰ সহায় নোলোৱাকৈ ধৰ্মাচৰণ কৰিছিল যদিও ৰজাৰ হৈ ধৰ্মীয় কাম-কাজ সম্পাদন কৰিবৰ বাবে এজন ঘৰুৱা পুৰোহিতৰ ব্যৱস্থা আছিল । ড৹ ৱিন্টাৰনিটচে লিখিছে–” As in later times, so indeed already in the Rigveda, it was the custom that, at the king’s side there stood a house priest(purohita) who offered sacrifices for him. But we still hear often enough– even in the later Vedic period—of sacrifices and ceremonies, which the pater- families perform alone without priestly aid.”(‘History of Indian Literature ‘, Vol.1, 2nd. Edn., 1972, P.66). আনহাতে কলিকতা বিশ্ববিদ্যালয়ৰ Late Premchand Roychand Scholar ড৹ নৰেন্দ্ৰ নাথ ল’ৰ গৱেষণাৰ পৰা জানিব পাৰোঁ যে বৰ্ণব্যৱস্থাৰ আৰম্ভণিৰ পূৰ্বে ৰজায়ো কোনো পুৰোহিতৰ সহায় নোলোৱাকৈ ধৰ্ম কাৰ্য সম্পাদন কৰিছিল । ড৹ নৰেন্দ্ৰ নাথ ল’ৰ ভাষাৰে—” Previous to the origin of caste and even in the period when their(purohita’s) functions were not stereotyped, the king could sacrifice for himself and his subjects unaided.”(‘ Aspects of Ancient Indian Polity’, Reprint, 1960, P.42).
ওপৰত দাঙি ধৰা পৰ্যালোচনাৰ পৰা এটা কথা স্পষ্ট হৈছে যে ঋকবৈদিক যুগত বৰ্ণব্যৱস্থা নাছিল অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ–এই চতুৰ্বৰ্ণ ব্যৱস্থা নাছিল, পুৰোহিতৰ ব্যৱস্থাও নাছিল । অৱশ্যে ঋকবেদত ‘ব্ৰাহ্মণ’ৰ শব্দটোৰ উল্লেখ দুশতকৈ অধিক স্থানত পোৱা যায় আৰু প্ৰতিবাৰেই প্ৰাৰ্থনা বুজাবৰ বাবে এই ‘ব্ৰাহ্মণ’ শব্দৰ ব্যৱহাৰ হৈছে । এই প্ৰসংগত Dr. Paul Deussen-এ লিখিছে–” … the word Brahman throughout the Rigveda in which it occurs more than 200 times, signifies without exception nothing more than ‘prayer’ “( ‘Outlines of Indian Philosophy ‘, 1st. Indian Reprint.,1976, P.19). প্ৰাৰ্থনাৰ অৰ্থত ব্যৱহৃত এই ‘ব্ৰাহ্মণ’ শব্দটোৱেই পৰৱৰ্তী সময়ত ‘ব্ৰাহ্মণ’ বৰ্ণটোক নিৰ্দেশ কৰা হ’ল , যাৰ অৰ্থ হৈছে যি প্ৰাৰ্থনা কৰে সেয়ে ব্ৰাহ্মণ । Royal Weiler-এ এনেদৰে মত প্ৰকাশ কৰিছে–” He who recited them(brahman, i.e. prayer) was a ‘ pray-er'(brahman), or one related to prayer(Brahmana). From this concept developed the brahman, or priestly, caste.”(‘Sources of Indian Tradition’, Compiled by:-Wm Theodore de Bary & others, 2nd. Issue, 1963, Intro. P.6). একেখন গ্ৰন্থতে আৰ. এন. দাণ্ডেকাৰে লিখিছে–” Since the Veda contains both terms brahman ‘prayer’ and brahman(pray-er), the Brahmanas can be considered as either referring to the knowledge of the brahman or as belonging to the priesthood (brahmana), though the former interpretation seems more likely”(Ibid, P. 21).
যি কি নহওক, ঋকবৈদিক যুগত বৰ্ণবিভাজিত সমাজ ব্যৱস্থাৰ উদ্ভৱ হোৱা নাছিল বাবেই সেই সময়ত ব্ৰাহ্মণ্যবাদৰো উদ্ভৱ হোৱা নাছিল । মুঠতে সেই সময়ছোৱাত সমাজত ব্ৰাহ্মণৰ কোনো ভূমিকাই নাছিল । সেয়ে বিখ্যাত পণ্ডিত এলবাৰ্ট চুইটজাৰে প্ৰশ্ন উত্থাপন কৰিছে—” But who are the Brahmins ? In the hymns of the Rigveda they have not begun to play any part.”(‘Indian Thought and Its Development’, Reprint.,1951, P. 26).

ভাৰতীয় সমাজত বৰ্ণব্যৱস্থাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ : (2)
বৰ্ণ ব্যৱস্থা কেতিয়া , কেনেদৰে আৰু কোনে সৃষ্টি কৰিলে ?
@@@@@@@@@@@@@@@@@@@@

   আমি এই লানি প্ৰবন্ধৰ প্ৰথম খণ্ডতে ঋকবৈদিক যুগৰ কথা আলোচনা কৰিলোঁ । ঋকবৈদিক যুগৰ সময় লৈ পণ্ডিতসকলৰ মাজত মত পাৰ্থক্য আছে যদিও সেই যুগটোৰ সময় 1500 খ্ৰী:পূ:ৰ পৰা 1000 খ্ৰী:পূ:লৈ বুলি বুৰজ্ঞীবিদ আৰ.এছ.শৰ্মাকে আদি কৰি কোনো কোনো পণ্ডিতে নিৰূপণ কৰিছে। সেই সময়ছোৱাত আৰ্যসকল সপ্তসিন্ধু(বৰ্তমান পাকিস্তান) অঞ্চলতে আবদ্ধ আছিল।কিন্তু ঋকবৈদিক যুগৰ শেষৰ ফালে আৰ্যসকলে গংগা উপত্যকালৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে সিন্ধু অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰি থকা অনাৰ্য অৰ্থাৎ  দাস বা দস্যু আদিসকলৰ লগত হোৱা আৰ্যসকলৰ সংঘৰ্ষৰো অৱসান ঘটিছে। আনহাতে গংগা উপত্যকালৈ প্ৰব্ৰজন কৰি আৰ্যসকল অন্যান্য অনাৰ্য জনগোষ্ঠীসমূহৰ মুখা-মুখি হ'ল। তেনে সময়তে আৰ্যসকলৰ মাজৰে বুদ্ধিজীৱী শ্ৰেণীটোৱে ভাৰতীয় সমাজত বৰ্ণব্যৱস্থাৰ প্ৰৱৰ্তন কৰে।

ফ্ৰান্স দেশৰ পণ্ডিত Maurice Herzog-এ বৰ্ণব্যৱস্থাৰ প্ৰৱৰ্তনৰ কাৰণ এনেদৰে লিখিছে যে ভাৰতৰ আদিবাসীসকলৰ তুলনাত আৰ্যসকলৰ সংখ্যা যথেষ্ট কম হোৱাৰ বাবে তেওঁলোকে নিজৰ ৰাজনৈতিক তথা সামাজিক প্ৰতিপত্তি ৰক্ষা কৰাৰ স্বাৰ্থতে সমাজৰ মানুহখিনিক ভিন ভিন গোটত ভাগ কৰি শাসন কৰাৰ কৌশল ৰচনা কৰিছিল, যাক ‘divide and rule’ নীতি বুলি কোৱা হয়। Maurice Herzog-অৰ ভাষাৰে–” This ethnic group(Aryan) was concerned above all to preserve its racial purity. Politically, its(Aryans) members could not hope to maintain their dominant position and the resultant social privileges they enjoyed, since the aboriginal population outnumbered them many times over. They, therefore, pursued a policy of divide and rule, classifying the populace in rigidly separate categories. In this way the caste system came into being, justified and given divine sanction by a religion.”(‘HIMALAYA : Encounter with Eternity’, Translated by: Jane Brenton, P. 21). আৰ্যসকলৰ লগত যাতে অনাৰ্যসকলৰ ৰক্ত সংমিশ্ৰণ হ’ব নোৱাৰে, বৰ্ণব্যৱস্থাৰ প্ৰৱৰ্তনৰ সিও এক প্ৰধান কাৰণ আছিল ।

কোনো এটা ব্যৱস্থা সমাজত প্ৰৱৰ্তন কৰিবলৈ হ’লে ধৰ্মীয় অনুমোদনৰ প্ৰয়োজন হয় । সেই সময়ত একমাত্ৰ ধৰ্মগ্ৰন্থ আছিল ঋকবেদ, যিখন হৈছে সমগ্ৰ পৃথিৱীৰে আদি গ্ৰন্থ। গতিকে বৰ্ণব্যৱস্থাৰ প্ৰতি যদি ঋকবেদৰ অনুমোদন আছে বুলি প্ৰচাৰ কৰিব পৰা হয়, তেনেহ’লে সমাজত সেই ব্যৱস্থা গ্ৰহণযোগ্য হ’ব–আৰ্যসকলৰ মাজৰে বুদ্ধিজীৱী শ্ৰেণীটোৱে এনেদৰে চিন্তা কৰিলে। আদিতে ঋকবেদত নটা মণ্ডল(অধ্যায়)হে আছিল। পৰৱৰ্তী সময়ত সেই নটা মণ্ডলৰ শেষত আৰু এটা মণ্ডল অৰ্থাৎ দশম মণ্ডলটো সংযোজন কৰি দিয়া হয়। ঋকবেদৰ সেই দশম মণ্ডলত নিম্নোক্ত শ্লোকটো প্ৰক্ষেপ কৰি দিয়া হয়–
”ব্ৰাহ্মণোঽস্য মুখমাসীদ্বাহু ৰাজন্য: কৃত: ।
ঊৰু তদস্য যদ্বৈশ্য: পদ্ভ্যাং শূদ্ৰো অজায়ত ।।”(10/90/12)
ইয়াৰ অৰ্থ হৈছে, সৃষ্টিকৰ্তাৰ মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, ঊৰুৰ পৰা বৈশ্য আৰু পদযুগলৰ পৰা শূদ্ৰৰ সৃষ্টি হয় । পুৰুষসূক্ত হিচাপে খ্যাত এই মন্ত্ৰটোৱেই হৈছে ভাৰতীয় বৰ্ণব্যৱস্থাৰ মূল আধাৰ আৰু ইয়াৰ যোগেদিয়েই বৰ্ণব্যৱস্থাক বৈদিক অৰ্থাৎ ধৰ্মীয় স্বীকৃতি প্ৰদান কৰা হয় ।

এতিয়া প্ৰশ্ন হৈছে, এই কামটো কেতিয়া কৰা হয় ? এই প্ৰশ্নৰ উত্তৰ বুৰজ্ঞীবিদ বি.ভি.ৰাৱে এনেদৰে দিছে–” The class distinctions must have begun at the fag end of the Rig Vedic period. …. When did the caste system develop ? The answer to this question should be traced to the new environment the Aryans had to adjust with their tribes migrated further east. The genesis of the warrior class (Kshatriyas) was the result of systematic conquests undertaken by the Aryan rulers. They needed a permanent class of fighting men. Those who specialized in the Vedic studies and rituals, constituted the priestly class(Brahmanas). Many others who settled down and engaged in the pursuit of agriculture and trade and commerce were known as Vaisyas. Many aborigines living in the villages as well as belonged to the wild tribes came to be known as Sudras.”(‘World History’,1st.Edn.,1985,P.59-60).

আৰ্য বুদ্ধিজীৱী শ্ৰেণীটোৱে ঋকবেদৰ শেষত দশম মণ্ডলটো সংযোজন কৰি দিয়া কথাটো আধুনিক যুগৰ গৱেষণাত পোহৰলৈ আহিছে । ড° হংস নাৰায়ণ ভট্টাচাৰ্যই ভালেকেইজন পণ্ডিতৰ বক্তব্য দাঙি ধৰি মন্তব্য কৰিছে–” ঋগ্বেদেৰ দশম মণ্ডলটি অন্যান্য মণ্ডলেৰ তুলনায় পৰবৰ্তী কালেৰ ৰচনা।”(‘হিন্দুদেৰ দেবদেবী : উদ্ভব ও ক্ৰমবিকাশ ‘, প্ৰথম পৰ্ব, দ্বিতীয় সংস্কৰণ, 1987,P.13). ড° হংস নাৰায়ণ ভট্টাচাৰ্যই তেওঁৰ মতৰ সমৰ্থনত Dr. A.B.Keith, ড° বি.কে.ঘোষ আৰু ৰমেশ চন্দ্ৰৰ মতামতো দাঙি ধৰিছে। ঋকবেদৰ দশম মণ্ডলৰ সন্দৰ্ভত Dr. A. B.Keith-অৰ মত হৈছে–” The tenth book also displays both in metrical form and linguistic details, signs of more recent origin that the bulk of the collection.”(‘Cambridge History of India’, Vol.1,P.77). আনহাতে ভাষাতত্ত্ববিদ ড° বি. কে. ঘোষৰ মন্তব্য এনেধৰণৰ–” The tenth mandal is latter in origin than the first nine is, however, perfectly certain from the evidence of the language.”(‘Vedic Age, P.227). আনহাতে বেদজ্ঞ পণ্ডিত ৰমেশ চন্দ্ৰই “ঋগ্বেদেৰ বঙ্গানুবাদ”(2য়)ত লিখিছে–” ঋগ্বেদ ৰচনা কালেৰ অনেক পৰে এই অংশ ৰচিত হইয়া প্ৰক্ষিপ্ত হইয়াছে, তাহাৰ সন্দেহ নাই।” তাৰ উপৰি হিৰন্ময় বন্দোপাধ্যায়ৰ মতে–” ঋগ্ বেদেৰ দশম মণ্ডল সম্ভবত সবাৰ শেষে ৰচিত হয়েছিল । তাৰ একটি প্ৰমাণ তাৰ সূক্তগুলি একেবাৰে এই বেদেৰ প্ৰান্তে স্থাপিত। আৰও ভাল প্ৰমাণ হল এই মণ্ডলে এমন অনেকগুলি সূক্ত আছে যাদেৰ সঙ্গে শ্ৰৌত কৰ্মেৰ কোনও সংযোগ নেই। “(ঋগ্বেদ-সংহিতা, প্ৰথম খণ্ড, চতুৰ্থ মুদ্ৰণ,1976, পৃ:31, সম্পাদক: আব্দুল আজীজ আল আমান)।

        আনহাতে  ঋকবেদৰ দশম মণ্ডলৰ বিশেষকৈ পুৰুষসূক্ত হিচাপে খ্যাত বৰ্ণবিভাজনৰ একমাত্ৰ মন্ত্ৰটো যে প্ৰক্ষিপ্ত , সেই কথা বহু পণ্ডিতে একমুখে স্বীকাৰ কৰিছে । বেদৰ ভাষ্যকাৰ আব্দুল আজীজ আল আমানে লিখিছে--" ঋগ্বেদেৰ অন্য কোনও অংশে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এ চাৰ জাতিৰ উল্লেখ নেই । ঋগ্বেদ ৰচনাকালে আৰ্যদেৰ মধ্যে জাতি বিভাগ ছিল না । ব্যাকৰণবিৎ পণ্ডিতগণ প্ৰমাণ কৰেছেন যে এই পুৰুষ সূক্তেৰ ভাষা বৈদিক ভাষা নয়, অপেক্ষাকৃত আধুনিক সংস্কৃত ।"('ঋগ্বেদ-সংহিতা', দ্বিতীয় খণ্ড, চতুৰ্থ মুদ্ৰণ,1978,পৃ:571)। এই প্ৰসংগত ড° ডি. ডি. কৌশাম্বীৰ মত অতি স্পষ্ট--" ঋকবেদত(10.90) চাৰিটা জাতৰ কথা কেৱল এবাৰ উল্লেখ কৰা হৈছে, অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ । এই শ্লোক পিচত সুমুৱাই দিয়া ।"( 'ভাৰতীয় ইতিহাস', অনুবাদ: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, 1973,পৃ: 101)। বুৰঞ্জীবিদ ড° ভি.দি.মহাজনৰ মতেও চাৰি বৰ্ণৰ প্ৰথম উল্লেখ থকা ঋকবেদৰ পুৰুষসূক্তটো পৰৱৰ্তী কালৰ সংযোজনহে, মূল ঋকবেদৰ বিষয় নহয় । ড°  মহাজনৰ ভাষাৰে--" The Purusha  Sukta which is to be found in the tenth Mandala of the Rig-Veda , refers to the four castes. However, it is pointed out that the tenth Mandala is a later addition and does not belong to the period when most of the Rigveda was written.''('Ancient India',13th Edn.,2003, P.121). আনহাতে অধ্যাপক আৰ.এন. দাণ্ডেকাৰৰ মতে ঋকবেদত উল্লেখ থকা বৰ্ণবিভাজনৰ কাহিনীটো ইতিহাস নহয়,  কল্প কাহিনীহে--" The hymn makes the earliest reference to the four social classes (Varnas). ... This is, of course myth, not history. "('Sources of Indian Tradition', Vol.-One, Editor: Ainslie T. Embree, 1992, P.18). বিখ্যাত পণ্ডিত এ.এছ.এলটেকৰৰ মতেও ঋকবেদত উল্লেখ থকা বৰ্ণবিভাজনৰ একমাত্ৰ মন্ত্ৰটো পৰৱৰ্তী কালৰ সংযোজনহে । এ.এছ.এলটেকৰে লিখিছে--" The names of the four castes of the later period, Brahmana, Ksatriya, Vaisya, and Sudra, are expressly mentioned with their special characteristics in the famous RG-Vedic Purusa-sukta(10.90). This is considered a late hymn,   ...In the first place it is to be noted that had the Brahmanas, Ksatriyas, Vaisyas, and Sudras developed into rigid castes in the Vedic period, they would have been mentioned certainly more than twice in the RG-Veda, as is actually the case."('The Cultural Heritage of India',Vol.1, Editors: Dr. S.K.Chatterjee & Others, Reprint, 1970,P.225).

অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক চি.কুলহন ৰাজাৰ মতেও ঋকবেদৰ পুৰুষসূক্তটো পৰৱৰ্তী সময়ৰ বিষয়হে । অধ্যাপক চি. কুলহন ৰাজাৰ ভাষাৰে–” It is generally believed that there was no caste system in the early Vedic period. The first mention of the four castes in the Rg-Veda is in the famous Purusasukta. And this is considered to be later hymn.”(‘The Cultural Heritage of India’,Vol.-1, Editor: Dr.S.K.Chatterjee, Reprint, 1970,P.214). আনহাতে ড° শ্যামা প্ৰসাদ চক্ৰৱৰ্তীৰ মতে এই বিখ্যাত পুৰুষসূক্তৰ ভাষা বৈদিক ভাষাৰ লগত মিল নাই, তাৰ কাৰণ হৈছে এই পুৰুষসূক্তটো পিচতহে প্ৰক্ষিপ্ত কৰা হৈছে। ড° চক্ৰৱৰ্তীৰ ভাষাৰে–” The pundits tend to treat this ‘Sukta’ as a comparatively modern version, since nowhere in the Rigveda class-divisions have been made. Besides, the language is in non-Vedic Sanskrit.”(‘Twilight And Dark : Life in a Sundarban Village’,1995,P.49).

বুৰঞ্জীবিদ সচ্চিদানন্দ ভট্টাচাৰ্যই লিখিছে যে ভাৰতীয় সমাজত বৰ্ণবিভাজনৰ মূলত কোনো দৈৱিক শক্তি জড়িত নাই, ই এক মানৱ-সৃষ্টি ব্যৱস্থা অৰ্থাৎ ‘man-made institution’হে(‘A Dictionary of Indian History’,2nd Edn.,P.208). আনহাতে ওম প্ৰকাশৰ মতে ব্ৰাহ্মণ শাস্ত্ৰকাৰসকলে নিজৰ লাভৰ বাবে বৌদ্ধিক কচৰতৰ যোগে কৃটিমভাৱে বৰ্ণব্যৱস্থাৰ সৃষ্টি কৰি ভাৰতীয় সমাজৰ ওপৰত জাপি দিয়ে । ওম প্ৰকাশৰ ভাষাৰে–” Varnas have been interpreted by a section of modern scholars as an intellectual construction of artificial character which mostly the Brahmana-sastrakars invented and imposed on the Indian people entirely for their own advantage.”(‘History of Science, Philosophy and Culture in Indian Civilization, Vol.-1, Pt.-2, Editor: G.C.Pande, 2001,P.237). অৱশ্যে প্ৰখ্যাত সাহিত্যিক শৰৎ চন্দ্ৰ চেটাৰ্জীয়ে মতে ঋক বেদৰ পুৰুষসূক্তটো সত্য কথা নহয়, ৰূপকহে মাত্ৰ । শৰৎ চন্দ্ৰ চেটাৰ্জীয়ে লিখিছে–” কিন্তু এই প্ৰখ্যাত সূক্তটি কি ? এহাতেৰে পৰমপুৰুষেৰ মুখ-হাত-পা দিয়া ব্ৰাহ্মণ প্ৰভৃতি তৈৰী হওয়াৰ কথা ।… এই পৃথিবীৰ উপৰ মানবজন্মেৰ তুলনায় চাতুৰ্বৰ্ণ্য ঋগ্বেদে থাকুক আৰ না-থাকুক, সেই কালকেৰ কথা । অতএব হিন্দুজাতিৰ প্ৰাণস্বৰূপ এই সূক্তটিতে চাতুৰ্বৰ্ণ্যৰ সৃষ্টি যেভাবে দৃষ্টি কৰা হইয়াছে, তাহা প্ৰক্ষিপ্ত না হইলেও খাঁটি সত্য জিনিস নয়–ৰূপক। …বেদেৰ মধ্যে যখন ৰূপকেৰ স্থান ৰহিয়াছে, যখন বুদ্ধি-বিচাৰেৰ অবকাশ আছে ।সুতৰাং শুধু উক্তিকেই অকাট্য যুক্তি বলিয়া দাঁড় কৰানো যাইবে না।”(‘শৰৎ ৰচনাবলী’, তৃতীয় খণ্ড, দ্বিতীয় মুদ্ৰণ, 1408, পৃ:417-418, সম্পাদকমণ্ডলী : ড° সুবোধ চন্দ্ৰ সেনগুপ্ত আৰু অন্যান্য)।

   বিখ্যাত সমাজবিজ্ঞানী মেক্স ৱেবাৰৰ গৱেষণাৰ পৰাও জানিব পাৰি যে ঋকবেদত বৰ্ণৰ কোনো উল্লেখ নাই, কেৱল পিচত সুমুৱাই দিয়া এটা মন্ত্ৰতহে বৰ্ণৰ উল্লেখ পোৱা যায় । মেক্স ৱেবাৰৰ ভাষাৰে--" Perhaps the most important gap in the ancient Veda is its lack of any reference to caste. The Veda refers to the four later caste names in only one place, which is considered a very late passage ; nowhere does it refer to the substantive content of the caste order with the meaning it later assumed and which is characteristic only of Hinduism."('The Religion of India', 1st. Indian Edn.,1992, P.29).বেদজ্ঞ পণ্ডিত R.T.H.Griffith-অৰ ঋকবেদৰ কেৱল পুৰুষসূক্ত(10/90/12)টোতহে  চতুৰ্বৰ্ণৰ কথা উল্লেখ আছে--" This is the only passage in the Rigveda which enumerates the four castes."('The Hymns of the RGVEDA, Vol.2, 4th Edn.,1963,P.519).

আনকি বিশ্ববিখ্যাত পণ্ডিত ফ্ৰেডেৰিক মেক্সমুলাৰৰ মতেও বৈদিক যুগৰ আদি অৱস্থাত বৰ্ণব্যৱস্থা মুঠেই নাছিল । মেক্সমুলাৰে লিখি গৈছে–” If then with all the documents before us, we ask the question : Does caste, as we find it in Manu and at the present day, form part of the most ancient religious teachings of the Vedas ? We can answer with a decided ‘No’ “(Quoted : ” Simple History of Ancient India’, Dr. K.L.Khurana & Dr. R.C.Sarma, 5th Edn.,1996, P.96).

     ওপৰৰ পৰ্যালোচনাৰ পৰা এটা কথা পৰিষ্কাৰ হৈ পৰিছে যে ঋকবৈদিক যুগত ভাৰতীয় সমাজত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ-- এই চতুৰ্বৰ্ণৰ ব্যৱস্থা নাছিল,  অস্পৃশ্যতাৰ কথাটোও নাছিল, আৰ্যসকলৰ পৰস্পৰৰ মাজত বৈবাহিক সম্পৰ্ক হৈছিল আৰু আনকি আৰ্য-অনাৰ্যৰ মাজতো বৈবাহিক সম্পৰ্ক হৈছিল । 1000 খ্ৰী:পূ: মানত আৰ্য সভ্যতা  গংগা উপত্যকালৈ সম্প্ৰসাৰণ হয় আৰু তেতিয়াই আৰ্য বুদ্ধিজীৱী শ্ৰেণীটোৱে  বেদৰ দোহাই দি কৃত্ৰিমভাৱে চতুৰ্বৰ্ণ বিভাজন কৰে । ড° ৰাধাকৃষ্ণনৰ মতে আদিতে গুণ-কৰ্মৰ ভিত্তিত বৰ্ণবিভাজন হৈছিল যদিও এই ব্যৱস্থা  সোনকালেই জন্মভিত্তিক হৈ পৰে--" Originally occupational, the division soon became hereditary."('Indian Philosophy', Vol.1, 9th Impression, 1971,P.112). আনহাতে Dr. Paul Deussen-অৰ মতে ঋকবৈদিক যুগত বৰ্ণ, আশ্ৰম বা ব্ৰাহ্মণ্যবাদ একো নাছিল--"...there were no castes, no acramas(stages of life), and no Brahminical order of life in general."('Outlines of Indian Philosophy',1st. Indian Reprint, 1976,P.5). 

খণ্ড-২

এনে এখন সমাজৰ মানুহখিনিকে আৰ্য বুদ্ধিজীৱী শ্ৰেণীটোৱে চাৰি বৰ্ণত বিভক্ত কৰাৰ লগতে সেই ব্যৱস্থাৰ বাহিৰত ৰৈ যোৱা লোকখিনিক ম্লেচ্ছ, নিষাদ আদি নানা আখ্যা দি সমাজখন টুকুৰা-টুকুৰ কৰি পেলালে ।
কেৱল সেয়ে নহয়, সেই বুদ্ধিজীৱী শ্ৰেণীটোৱে নিজকে পৰমপুৰুষৰ মুখৰ পৰা সৃষ্টি হোৱা ‘ব্ৰাহ্মণ’ বুলি প্ৰচাৰ কৰাতেই ক্ষান্ত নাথাকিল, আনকি তেওঁলোকে নিজকে মৰ্ত্যৰ দেৱতা অৰ্থাৎ ‘ভূদেৱ’ বুলিও ঘোষণা কৰিলে। তেনে সময়তে প্ৰথমখন ব্ৰাহ্মণ(গ্ৰন্থ) ‘শতপথ ব্ৰাহ্মণ’ ৰচনা কৰা হয়। সেই ‘শতপথ ব্ৰাহ্মণ’ত ঘোষণা কৰা হ’ল যে দেৱতা দুই প্ৰকাৰৰ , এবিধ হৈছে স্বৰ্গৰ দেৱতা আৰু আনবিধ হৈছে ব্ৰাহ্মণ অৰ্থাৎ মানৱৰূপী দেৱতা। Ralph T.H.Griffith-এ ‘শতপথ ব্ৰাহ্মণ’ৰ এটা বাক্য(11.2.2.6)ৰ এনেদৰে অনুবাদ কৰিছে–” Verily there are two kinds of gods ; for, indeed, the gods are the gods and the Brahmans who have studied and teach holy lore are the human gods.”(‘The Hymns of The RGVEDA, Vol.2, 4th Edn.,P.569). আনহাতে Prof. John Dowson-এ লিখিছে–” A Brahmana is the chief of all created beings; his person is inviolate; he is entitled to all honour, and enjoys many rights and privileges. The Satapatha Brahmana declares that ‘ there are two kinds of gods; first the gods, then those who are Brahmanas, and have learnt the Veda and repeat it ; they are human gods.”(‘A Classical Dictionary of Hindu Mythology and Religion’, 2nd Impression, 2000,P.61). আনহাতে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা সুকুমাৰী ভট্টাচাৰ্যই কৈছে যে ব্ৰাহ্মণসকলৰ ভিতৰত পুৰোহিত শ্ৰেণীটো আটাইতকৈ ক্ষমতাশালী হৈ পৰিল আৰু তেওঁলোকে নিজকে অগ্নি দেৱতাৰ সমকক্ষ বুলি জ্ঞান কৰিছিল । সুকুমাৰী ভট্টাচাৰ্যৰ ভাষাৰে–” The priests were thus really the privileged class, they bore resemblance to Agni. ….Of the brahmins the priestly class was the most privileged. Once entrenched in power and position, the brahmin priest retained them for centuries. His rise to a privileged position dates from the Brahmanas.”(‘Literature in the Vedic Age’,Vol.2, 1st.Edn.,1986,P.105-106). উল্লেখ্য সুকুমাৰী ভট্টাচাৰ্যৰ মতে ব্ৰাহ্মণ(গ্ৰন্থ)সমূহ খ্ৰী:পূ: দশম শতিকাৰ পৰা ষষ্ঠ শতিকাৰ ভিতৰত ৰচিত হৈছিল ।
‘শতপথ ব্ৰাহ্মণ’-এ ব্ৰাহ্মণক মানৱৰূপী দেৱতা অৰ্থাৎ ভূদেৱ বুলি ঘোষণা কৰাৰ বিপৰীতে শূদ্ৰক সকলো মানৱীয় মৰ্যাদা পৰা বঞ্চিত কৰিলে। ড° যোগীৰাজ বসুৱে লিখিছে–” The Sudras thus comprised many non-Aryan aboriginal races and tribes. They became serfs and served the three upper classes. … The Sudra had no right of property or security of life ; he could be slain at the sweet will of his master.
It seems the priestly class attained the height of its glory during the age of the A.B. and S.B. which extol power, importance and the glory of the priests in hyperbolic terms.”(‘India of the Age of the Brahmanas’,1st. Edn.,1969,P.80). (টোকা :- A.B=ঐতৰিয় ব্ৰাহ্মণ, S.B=শতপথ ব্ৰাহ্মণ)।
আনহাতে J.L.Kachroo আৰু Vijay Kachroo-এ ব্ৰাহ্মণ গ্ৰন্থসমূহৰ মতে সমাজত শূদ্ৰৰ স্থান কিমান নিম্নস্তৰত আছিল সেই সম্পৰ্কত লিখিছে–” The Sudra is described as the ‘servant of another’,’to be expelled at will’, and ‘to be slain at will.’ The Panchavimsha Brahmana defines this position still more precisely when it declares that the Sudra, even if he be prosperous, cannot but be a servant of another, washing his superiors’ feet being his main business.”(‘Society in India’,3rd. Edn.,P.97) উল্লেখ্য গৱেষক দুগৰাকীয়ে এই গ্ৰন্থখন ‘ Civil Services Main Exam.’- উপলক্ষ্যে যুগুত কৰি উলিয়াইছে । এইবিলাক কথাৰ বাবেই ড° দেৱীপ্ৰসাদ চট্টোপাধ্যায়ই লিখিছে যে এই পুৰোহিতালি শাস্ত্ৰসমূহে শূদ্ৰক অৰ্ধ-মানৱ হিচাপেহে গণ্য কৰিছিল–” …the sudra-s –viewed as sub-human creatures by the priestly literature..”(‘Global Philosophy for Everman-1’,1st.Edn.,1990,P.38). ড° দেৱীপ্ৰসাদ চট্টোপাধ্যায়ৰ মতে এই ব্ৰাহ্মণ গ্ৰন্থসমূহ 1000–800 খ্ৰী:পূ:ৰ ভিতৰত ৰচিত আৰু সেই কালছোৱাতে ভাৰতত বিশেষকৈ আৰ্যাৱৰ্তত ব্ৰাহ্মণ্যবাদ গজগজীয়া হয় ।


বৰ্ণব্যৱস্থাক স্থায়ীভাৱে বৰ্তাই ৰাখিবলৈ কি কি ব্যৱস্থা লোৱা হৈছিল ?

বেদৰ দোহাই দি বৰ্ণব্যৱস্থা কেনেদৰে কৃত্ৰিমভাৱে সৃষ্টি কৰি ভাৰতীয় সমাজত জাপি দিয়া হ’ল, সেই প্ৰসংগত পূৰ্বৰ খণ্ড দুটাত ইতিমধ্যে আলোচনা কৰা হৈছে। বৰ্ণব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ লগে লগেই ভাৰতীয় সমাজত এটা নতুন যুগৰ সূত্ৰপাত হয়। সেই যুগটোত আৰ্যসকলৰ ধ্যান-ধাৰণা, সমাজ ব্যৱস্থা, ধৰ্মীয় চিন্তা-চৰ্চা আদি সকলো ক্ষেত্ৰতে আমূল পৰিৱৰ্তন হোৱা দেখা গ’ল। অনিল কুমাৰ ত্যাগীয়ে লিখিছে–” Great changes occurred in the Aryan mode of life during the later Vedic age(1000 BC–600 BC). Agriculture became the chief mode of livelihood during this period. Settled life led to a further crystallisation of the fourfold division of society, i,e. Brahmins, Kshatriyas, Vaisyas and Sudras.”(‘ Ancient India’, Published by Govt. Of India).
সেই সময়তে সমাজৰ মানুহখিনিক আকৌ প্ৰধানকৈ দুভাগত বিভক্ত কৰা হয়–‘দ্বিজ’ আৰু ‘একজাতি’ । শূদ্ৰক বাদ দি বাকী তিনিটা আৰ্যগোষ্ঠী অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য –এই তিনি বৰ্ণৰ কাৰণে উপনয়নৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। যি উপবীত ধাৰণা কৰে সেইজনেই ‘দ্বিজ’ আৰু যাৰ সেই অধিকাৰ নাই সেইজনেই ‘একজাতি’। এইদৰেই মানুহখিনিক প্ৰধান দুভাগত ভাগ কৰি মাজত এডাল লক্ষ্মণ ৰেখা টানি দিয়া হ’ল। এই কাম খ্ৰী:পূ: ষষ্ঠ শতিকা মানতে কৰা হয়। ব্ৰাহ্মণসকলে শাস্ত্ৰ ৰচনা কৰি ঘোষণা কৰিলে যে যাৰ উপনয়নৰ ব্যৱস্থা নাই, সেইবিলাকৰ অৰ্থাৎ শূদ্ৰৰ জ্ঞান-বিদ্যা চৰ্চা কৰাৰ বা শিক্ষা গ্ৰহণৰ কোনো অধিকাৰ নাই। আনহাতে দ্বিজসকলৰ বাবে শিক্ষাৰ দ্বাৰ মুকলি থাকিল যদিও বৈদিক চৰ্চাৰ ক্ষেত্ৰত ব্ৰাহ্মণৰ একচেতীয়া অধিকাৰ বুলি দাবী কৰা হ’ল। অনিল কুমাৰ ত্যাগীয়ে লিখিছে–” Theoretically, education was open to all dvijas, though the Vedas tended to become an exclusive preserve of the brahmins.”(Ibid)
আনহাতে শূদ্ৰৰ যিহেতু উপনয়নৰ ব্যৱস্থা নাই, গতিকে তেওঁলোক দ্বিজ ন’ব নোৱাৰে, একজাতিহে । সেয়ে শূদ্ৰক বৈদিক শিক্ষাৰ পৰা বঞ্চিত কৰা হ’ল। অনিল কুমাৰ ত্যাগীয়ে ভাষাৰে–” Shudras were excluded from the Vedic education and they could not be admitted to the Upanayana. Shudras were specifically referred to as ekajati.”(Ibid). আনহাতে বিখ্যাত সমাজবিজ্ঞানী ড° ডি.আৰ.যাতৱৰ ভাষাৰে–” If there is no upanayana the road to knowledge is closed. … The stoppage of upanayana was a most deadly weapon discovered by the Brahmins to avenge themselves against the Shudras. It had the effect of an atomic bomb. It did make the Shudra, to use the language of the Brahmins, a graveyard.”(‘Hindu Sociology’).
সেই সময়তে ৰচনা কৰা গৌতম স্মৃতি আৰু মনুস্মৃতিয়ে ঘোষণা কৰিলে যে যদিহে শূদ্ৰই বেদমন্ত্ৰ শ্ৰৱণ কৰে, তেনেহ’লে তেওঁৰ কাণত গৰম তাম ভৰাই দিব লাগে, যদিহে বেদমন্ত্ৰ উচ্চাৰণ কৰে তেনেজনৰ জিভাখন কাটি পেলাব লাগে আৰু যদিহে কোনো শূদ্ৰই বেদমন্ত্ৰ স্মৰণ কৰে অৰ্থাৎ মনত ৰাখে তেনেহ’লে তেনেজন শূদ্ৰৰ শৰীৰ টুকুৰা-টুকুৰ কৰি দিব লাগে। ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশিত উল্লিখিত গ্ৰন্থখনতে অনিল কুমাৰ ত্যাগীয়ে লিখিছে–” Gautam(600–300 B.C) and Manu go to the extent of declaring that in case a Shudra heard the Vedas his ears ought to be filled with molten tin ; if he recited it, his tongue could be cut off, and if he remembered it, his body could be split apart.”(Ibid). এইখিনি কথা আদি শঙ্কৰাচাৰ্যয়ো তেওঁৰ বিখ্যাত ‘ব্ৰহ্মসূত্ৰ ভাষ্য’ত লিখি গৈছে। এইদৰেই সমাজখনক দ্বিজ আৰু একজাতি(শূদ্ৰ আদি)ত উলম্বভাৱে(vertically) দুভাগে বিভক্ত কৰা হ’ল ।
সেই সময়তে সমাজত ব্ৰাহ্মণসকল সৰ্বেসৰ্বা হৈ পৰিল। তেওঁলোকেই বেদ চৰ্চাৰ অধিকাৰী হৈ ৰাজ্য শাসন পদ্ধতি, সামাজিক নীতি-নিবন্ধ, আইন-কানুন, দণ্ডবিধি আদি সকলো প্ৰণয়ন কৰিবলৈ ধৰিলে। ব্ৰাহ্মণ শাস্ত্ৰকাৰসকলে এই দ্বিজাতিসকলৰ মাজত নিজৰ প্ৰভুত্ব বিস্তাৰৰ পৰিকল্পনা কৰিলে। তেওঁলোকে নিজকে ভূদেৱ বুলি ঘোষণা কৰাই নহয়, আনকি স্বৰ্গৰ দেৱতাসকলো তেওঁলোকৰ নিয়ন্ত্ৰণাধীন বুলি প্ৰচাৰ কৰিব ধৰিলে। ছাৰ জেমচ জৰ্জ ফ্ৰেজাৰে এই সম্পৰ্কীয় এটা মন্ত্ৰৰ অনুবাদ এনেদৰে কৰিছে–” There is a saying everywhere current in India : ‘ The whole universe is subject to the gods ; the gods are subject to the spells(mantras) ; the spells to the Brahmanas; therefore the Brahmanas are our gods’ “(‘The Golden Bough : A Study in Magic and Religion’). ফ্ৰেজাৰৰ মতে পুৰোহিত শ্ৰেণীটো ইমানেই শক্তিশালী হৈ পৰিল যে তেওঁলোকে মন্ত্ৰৰ বলত হিন্দুৰ ত্ৰিমূৰ্তিকো বশ কৰিব পৰা হ’ল। বুৰঞ্জীবিদ Mountstuart Alphinstone-এ হিন্দুধৰ্মৰ এইটোৱেই আটাইতকৈ ডাঙৰ আসোঁৱাহ বুলি উল্লেখ কৰি লিখিছে–” The most singular anomaly in the Hindu religion is the power of sacrifices and religious austerities. Through them a religious ascetic can inflict the severest calamities, even on a deity, by his curse ; and the most wicked and most impious of mankind may acquire such a ascendency over the gods as to render them the passive instruments of his ambition, and even to force them to submit their heaven and themselves to his sovereignty.(‘History of India’). এলফিনষ্ট’নে এনেধৰণৰ দুটামান উদাহৰণ দাঙি ধৰি পুনৰ লিখিছে–” These are a few but numerous instances of a similar nature ; all doubtless, invented to show the virtue of ritual observances, and thus increase the consequences and profits of the Bramins.”(Ibid). আনহাতে যোধপুৰ বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° এছ.আৰ.গোয়েলৰ মতে–” The age represented by the Samveda,Yajurveda, and the Brahmanas is an age of forms, concerned more with externals of religion than its spirit. ….Secondly, the Priests because of being the custodian of the cult of sacrifice now arrogated to themselves such powers in this regard that they claimed that they could not only force the gods to do what they liked, they could also ruin (if they pleased) even the patron for whom they officiated by deliberately committing errors. “(‘Religious History of Ancient India’).

এইবিলাক কাম কৰিবলৈ যাওঁতে পুৰোহিত শ্ৰেণীটোৱে যাদুবিদ্যাৰ আশ্ৰয় লৈছিল। সেয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে লিখিছে যে এনে সময়তে যাদুবিদ্যা আৰু ভেলেকীবাজিয়ে শুদ্ধ বৈদিক ধৰ্মৰ স্থান দখল কৰিলে—” A religion of magic, with its childish reliance on sorcery and witchcraft, takes the place of the purer Vedic religion.”(‘Indian Philosophy’,Vol.1). আনহাতে Royal Weiler-অৰ মতেও–” Later the sacrifice itself was viewed cosmologically and the correct performance of the sacrifice possessed a magical potency which could coerce even the gods.”(‘Sources of Indian Tradition’, Compiled by: Wm Theodore de Bary & others). সেয়ে সুকুমাৰী ভট্টাচাৰ্যয়ো লিখিছে–” Magic played a big role in ritual. … All ritual is in a sense basically magical ;…”(‘Literature in the Vedic Age’, Vol.2). যি নহওক, ড ° ৰাধাকৃষ্ণনৰ মতে এই যাদুকৰী যাগ-যজ্ঞবিলাক বেদৰ আদি ধৰ্ম নহয়, দ্বিতীয় স্তৰৰ বিষয়হে–” Sacrifices represent the second stage of the Vedic religion. In the first it was simple prayer.”(Ibid) .

আনহাতে ৰাজস্থান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° গোবিন্দ চন্দ্ৰ পাণ্ডেৰ মতে এইবিলাক বাস্তৱতে পুৰোহিত শ্ৰেণীটোৰ ধূৰ্তালিহে আছিল । ড° গোবিন্দ চন্দ্ৰ পাণ্ডেৰ ভাষাৰে–” Later Vedic religion has moved away from simple feeling and transparent symbolism. …Ritual tends to develop as if it were science with precise practical injunctions oriented to specific ends. Modern scholarship describes such an outlook as magical, or superstitious or, worse as a cunning device of the priests to strengthen their social hold.”(‘Foundations of Indian Culture’,Vol.-1). তাৰউপৰি আচাৰ্য চতুৰসেনেও সেই সুৰতে কৈছে–” ব্ৰাহ্মণো নে যজ্ঞ কো কামধেনু বনা দিয়া । অচ্ছী দক্ষিণা মিলনে পৰ যজ্ঞ দ্বাৰা প্ৰত্যেক অচ্ছে-বুৰে কৰ্ম কৰায়ে জা সকতে থে । ধীৰে ধীৰে ইন যজ্ঞোঁ মেঁ পশু ব্ৰাহ্মণ্যবাদ কা প্ৰসংগ চলা ঔৰ বেদোঁ কা সংহিতা ভাগ ইন যজ্ঞ-কৃত্যোঁ কে লিয়ে যথেষ্ট নহীঁ প্ৰমাণিত হুআ, তব যজ্ঞ- ব্য পুৰোহিতোঁ নে বেদোঁ কে ব্ৰাহ্মণ ভাগোঁ কা নিৰ্মাণ কিয়া।”(‘বৈদিক সংস্কৃতি : পৌৰাণিক প্ৰভাৱ’). এয়া হৈছে ব্ৰাহ্মণ(গ্ৰন্থ)ৰ কথা। ড° এছ.আৰ.গোয়েলেও ব্ৰাহ্মণ(গ্ৰন্থ)সমূহৰ সম্পৰ্কত এনেদৰে কৈছে–” The Brahmanas are regarded as dull and disappointing. The general impression they give is that of pedantry and priestly conceit.”(‘Religious History of Ancient India’, Vol.One). ড° সুকুমাৰ অষীকোড(Azhicode)-অৰ মতে এই ব্ৰাহ্মণ যুগটোৱেই হৈছে ভাৰতৰ আত্মক্ষয়ৰ দু:খ কাব্যৰ প্ৰথম সৰ্গ। ড° অষীকোডে সাহিত্য অকাডেমীৰ পুৰস্কাৰপ্ৰাপ্ত তেওঁৰ ” তত্ত্বমসি” নামৰ গ্ৰন্থখনত লিখিছে –” য়হী কহানী হৈ ভাৰত কে আত্মক্ষয় কে দু:খ-কাব্য কা প্ৰথম সৰ্গ”(অনুবাদ : সুধাংশু চতুৰ্বেদী)।
ব্ৰাহ্মণ্যবাদৰ ব্যৱস্থাত যিস্থলত মন্ত্ৰৰ বলত আনকি দেৱতাকো বশ কৰিব পৰা হ’ল বা দেৱতাকো অভিশাপ দিব পৰা হ’ল, তেনেস্থলত মানুহক অভিশাপ দিয়াটো সাধাৰণ কথা। গতিকে বাহ্মণৰ ব্ৰহ্মশাপৰ ভয়ত ক্ষত্ৰিয় আৰু বৈশ্যই ব্ৰাহ্মণে প্ৰৱৰ্তন কৰা আইন-কানুন, ধৰ্মীয় নীতি-নিবন্ধবিলাক মানি চলিবলৈ ধৰিলে। এইদৰেই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ বাবে বৰ্ণ অনুসৰি বেলেগ বেলেগ ধৰ্ম নিৰূপণ কৰিলে, যাক কোৱা হয় ‘স্বধৰ্ম’ । এই ‘স্বধৰ্ম’ৰ পৰা আঁতৰি গ’লে ভয়ানক পৰিণতিৰ আশংকা মানুহৰ মনত সুমুৱাই দিয়া হ’ল আৰু নিয়াৰিকৈ ‘স্বধৰ্ম’ পালন কৰি চলিলে পৰ জনমত এটা সুন্দৰ ভৱিষ্যতৰ প্ৰলোভন মানুহৰ মনত ৰোপণ কৰি দিলে, যাক কোৱা হয় আধ্যাত্মিক বীমা(spiritual insurance)। আনকি ব্ৰাহ্মণসকলৰ মনতো তেনে এটা শংকা ভৰাই দিয়া হ’ল। Dr. R. C.Prasad-এ লিখিছে–” All the four castes were therefore expected to follow the immemorial rule of conduct and a Brahmana, who transgressed this rule, was cautioned that he would not reap the fruit of the Vedas.”(‘The Upanayana : The Hindu Ceremonies of the Sacred Thread’).
এইদৰেই উত্তৰ বৈদিক যুগ(later Vedic age) বা ব্ৰাহ্মণ যুগতে নানা কৌশল ৰচনা কৰি সমাজত ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠা কৰা হয় আৰু সমাজত ব্ৰাহ্মণসকল ‘ভূদেৱ’ হিচাপে পৰিগণিত হয় । সেই ‘ভূদেৱ’সকলক সমাজৰ সকলো শ্ৰেণীৰ লোকেই মানি চলিবলৈ ধৰিলে । প্ৰাচীন ভাৰতৰ এই ব্যৱস্থাৰ সন্দৰ্ভত বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে লিখি গৈছে–” মানুহৰ বিশ্বাস যে, প্ৰাচীন ভাৰতত কেৱল ক্ষত্ৰিয়হে ৰজা আছিল। প্ৰকৃততে সেইটো নহয় । ৰাজকাৰ্য দুভাগত বিভক্ত আছিল। যুদ্ধ আদিৰ ভাৰ ন্যস্ত হৈছিল ক্ষত্ৰিয়ৰ ওপৰত । ৰাজব্যৱস্থা নিৰ্বাচন, বিচাৰ আদিৰ দায

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
RDHazorika
1 year ago

ইমান তথ্য সমৃদ্ধ লেখা। পঢ়ি আপ্লুতই নহয় বৰ্ণ অপ সংস্কৃতি হৃদয়ংগম কৰিব পাৰিছোঁ‌।