“ভাৰত ৰত্ন” প্ৰাপ্ত খেতিয়কজনৰ কথাৰে—দাৰাক উল্লা

কোন তেওঁ? কাক দিয়া হ’ল ভাৰতৰত্ন? তেওঁতো মোৰ চিনাকি নহয়?

ৰাতিপুৱাই দেখিলো ফেচবুকৰ মেচেঞ্জাৰত এটা ভিডিঅ’৷ মোৰ স্কুলীয়া প্ৰিয় বন্ধু পাৰ্থই (সকলোৰে পৰিচিত হাৱাইন গীটাৰৰ জনপ্ৰিয় শিল্পী পাৰ্থ বৰগোঁহাই) পঠাইছে৷ অলপ পিছত বন্ধুৰ বাৰ্ত্তা- “দোস্ত এই বিষয়ৰ ওপৰত কিবা এটা লিখিব পাৰি নেকি ভাবি চাবিচোন৷ ” বন্ধুৰ আহবানত পুনৰ চালো ভিডিঅ’টো৷ কি আচৰিত! মোৰ অনুভৱৰ পৃথিৱীত বিচৰণৰ যে প্ৰৱেশ পত্ৰ বিচাৰি পালো মই৷

এটা শৈক্ষিক নে স্কলাৰশ্বিপ সহ ডিজিটেল শিক্ষা দিবৰ বাবে ছাত্ৰ-ছাত্ৰী বিচাৰি কল চেণ্টাৰৰ পৰা ফোন কৰিছে এজন ব্যক্তিক৷ ব্যক্তিজনৰ উত্তৰ তেওঁক খেতিয়ক বনোৱা পাঠ্যক্ৰমহে লাগে৷ মানুহ বহুত আছে, কিন্তু খেতি কৰা ল’ৰা নাই৷ তেওঁ দুগুণ মজুৰী দিবলৈ প্ৰস্তুত৷ বাৰ্ত্তালাপত পুনৰ অনুৰোধ যুৱ-প্ৰজন্মক খেতিয়ক ৰূপে গঢ়ি তোলাৰ, অন্যথা খেতিৰ মাটিকণ বিক্ৰী কৰি- ডিজিটেল শিক্ষাৰে শিক্ষিত হৈ কৰ্মহীন হোৱা যুৱ-প্ৰজন্মই যে কেতিয়াও কৰিব নাজানিব খেতি কৰাৰ কৌশল৷ অব্যৱহাৰিক শিক্ষাৰে এন্দুৰ দৌৰত অৱত্তীৰ্ণ কৰোৱাৰ প্ৰতিযোগিতাত যে পিতৃয়ে হেৰুৱাই তেওঁৰ সাৰুৱা পথাৰখন৷

মোৰ অনুভৱত মই যে বিভোৰ হৈ ৰও৷ হয়৷ এইখন সুজলা, সুফলা-শস্য-শ্যামলা মোৰ দেশ৷ ১৯৫০ চনৰ পৰা সত্তৰ শতাংশ ভাৰতীয়ই প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে জড়িত হৈ মুঠ ঘৰুৱা উৎপাদনৰ শত্কৰা বাৱন্ন শতাংশ (৫২%) আহৰণ কৰে কৃষিখণ্ডৰ যোগেদি৷ বৰ্ত্তমান নিয়োজিত হয় কেৱল ৫০ শতাংশ জনগণ৷ মুঠ ঘৰুৱা উৎপাদনতো ইয়াৰ অংশ হ্ৰাস হৈ পাইছেহি ১৬-১৭ শতাংশ৷

কি যে গৌৰৱময় ইতিহাস আছিল আমাৰ! শাক-পাচলি, ফলমূল, ম’হৰ গাখীৰ, নেমুটেঙা, মৰাপাট, কল, অমিতা, আদা, ছাগলীৰ গাখীৰ, মধুৰীআম আদি বহু সামগ্ৰীৰ উৎপাদনত বিশ্বত অভিলেখ উৎপাদনকাৰী দেশ আমি৷

ঘেহু, ধান, কুঁহিয়াৰ, গৰুৰ গাখীৰ, মটৰ, আলু, পিয়াজ, বন্ধাকবি, নহৰু, বাদাম, দাইল, ফুলকবি, তিল, কাজু, পলু আদিৰ শত-শহশ্ৰ সামগ্ৰীৰ উৎপাদনত দ্বিতীয়; কণী, কমলা, নাৰিকল, বিলাহী, বীন আদি উৎপাদনত বিশ্বত তৃতীয় বৃহত উৎপাদনকাৰী হোৱাৰ গৰ্বৰে গৌৰাৱাম্বিত আমি৷ ৬০০০ বছৰৰ কৃষিৰ গৌৰৱময় ইতিহাস আমাৰ৷ উভতনি যাত্ৰাত মেচিদোনিয়াৰ সৈন্য সকলেও হেনো আমাৰ দেশৰ পৰা কঢ়িয়াই লৈ গৈছিল কুঁহিয়াৰৰ শিপা৷ ওঠৰশ শতিকাত কুঁহিয়াৰ খেতিৰ সৰ্বাধিক অংশ ভাৰতবৰ্ষত হে পোৱাৰ গৌৰৱোজ্জ্বল ইতিহাস আমাৰ৷ তথাপিও কিয়? ক’ত? কেনেকৈ হেৰাই যায় শালি, লাহি, জহা, বৰা, বাও আদি ধানৰ সচঁবোৰ? কেনেকৈ হেৰাই যায় আমাৰ গৌৰৱময় ঐতিহ্যবোৰ?

আজিও দেখোন মোৰ দেশত কৃষকে আত্মহত্যা কৰে, কৃষকে যথোচিত কৃষিমূল্য নাপায়, খেতিৰ প্ৰতি আকৃষ্ট নহয় কোনেও৷ নিজৰ সাৰুৱা পথাৰখনি এৰি মোৰ দেশৰ সুন্দৰ, সুঠাম স্বাস্থ্যৰ পাহোৱাল ডেকাবোৰে পেটে ভাতে খাই থাকিব পৰা মজুৰীৰ বাবে মহা-মহানগৰবোৰৰ কোনোবা ব্যৱসায়িক নত সুৰক্ষা কৰ্মী (Security Guard) ৰ বাবে দৌৰা-দৌৰি কৰে৷ পথাৰবোৰ চন পৰি ৰয়৷ চন পৰি থকা পথাৰবোৰত দুষ্টচক্ৰৰ লোলুপ দৃষ্টি৷ তেওঁলোকক খেদিবলৈ আমাৰ ৰাস্তাত আন্দোলন……………….. ………………………৷

সপোনৰ পৃথিৱীত মই সপোন ৰচোঁ এখন নতুন পৃথিৱীৰ, য’ত মোৰ দেশৰ শিশুক হয়তো দিয়া হব খেতিয়ক হোৱাৰ সোপান৷ কৃষি গৱেষক এম. এচ. স্বামীনাথন অথবা নবেল বটাঁ বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে গৱেষণা কৰি উলিয়াব এক নতুন পাঠ্যক্ৰম- বিজ্ঞানসন্মত আধুনিক খেতিয়ক হোৱাৰ৷ অভিভাৱক সকলে নিজৰ সন্তানক কেৱল ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখুওৱাত ব্যস্ত নাথাকিব৷ কৃষকৰ থাকিব সৰ্বোত্তম আসনখন৷ গাঁৱৰ বিহুমঞ্চখনৰ পৰা আৰম্ভ কৰি ৰাজহুৱা স্থানত গামোছা এখনেৰে সন্মানিত হোৱাৰ পৰা উপেক্ষিত নহয় আমাৰ গাঁৱৰ কৃষক ৰহিমলা দাইটি অথবা মনচুৰ ককাইটি৷ দেশৰ ৰাজধানীত কৃষিৰ উন্নতিৰ সভাবোৰত অংশ লব আদৰ্শ কৃষকে৷ কৃষকৰ বাবে দিয়া বটাঁটো গ্ৰহণ কৰিবলৈ নাযাব কোনো বিয়াগোম নেতা অথবা ফাংফাল-গুটিফাল চিনি নোপোৱা কোনো বৰমুৰীয়া বিষয়া৷ হয়তো যাব এজন সুদক্ষ কৃষক৷

আমাৰ গাঁৱৰ আদৰ্শ কৃষক ৰহিমলা দাইটি, মনচুৰ ককাইটি অথবা হৰদ্বীপ সিং ভাইহঁতে পাব দেশৰ জনতাৰ সন্মান- পদ্মশ্ৰী, পদ্মভুষণ, পদ্ম-বিভুষণ অথবা ভাৰত-ৰত্ন৷ তেনে এটা সপোন দিঠক কৰাৰ আশাত বন্দী মই৷ দিঠক কৰাৰ অপেক্ষাত অপেক্ষাৰত মই……………৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক