ভাৱৰীয়া- নাজমা বেগম

খিৰিকীখন খুলি দিওঁতেই শেৱালিৰ সেই চিনাকি সুবাসটো নম্ৰতাৰ বুকুলৈ বৈ আহিল৷ কিবা এক অবুজ দুখত খিৰিকীৰ গ্ৰীলতে ধৰি চকুৰে মণিব পৰা দূৰলৈ চালে তেওঁ৷ আন্ধাৰৰ মাজত একোকে নেদেখি যদিও সেই অন্ধকাৰৰ মাজতে বাবন আৰু ৰিহাৰ মুখদুখন দেখা যেন পালে৷ পাঁচ বছৰমান আগলৈকে পূজা বিহু আদিত ঘৰখন ৰজনজনাই থাকিছিল৷ দুয়োটা ল’ৰা ছোৱালী সিহঁতৰ বন্ধু বান্ধৱীয়ে ঘৰখনতে এখন পূজা পাতি ৰাখিছিল৷ খোৱাৰ নামত বিবিধ বস্তু যতনাই নম্ৰতাৰ তৎ হেৰাই গৈছিল৷ সেই ব্যস্ততাটো যেন মধুৰতা আছিল৷ নিজৰ বাবে অকণো সময় নাই বুলি চিঞৰি ফুৰা মানুহজনীৰ হাতত এতিয়া সময় অফুৰন্ত৷ খৰচ কৰিবলৈ উপলক্ষ নাই৷ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁলোক দুয়োৰে সময়বোৰ নাযায় নুপুৱায় হৈ পৰিল৷ ৰিহা আৰু বাবন চাকৰি সূত্ৰে এটা বাংগালোৰ আৰু আনটো চিংগাপুৰ৷ ঘৰলৈ আহিবলৈ বৰকৈ মন নকৰে দুয়োটাই৷ আহিলেও সেই ৰূমটোতে সোমাই বিছনাত পেট পেলাই লেপটপত ব্যস্ত হয়৷ আগৰ দৰে দুয়োটাকে বুকুৰ মাজত ভৰাই মৰম কৰিবলৈ বুকুত জাগি ৰোৱা হেঁপাহকণ তেওঁ কঢ়িয়াই ফুৰে৷ কিন্তু নোৱাৰে নম্ৰতাই৷ গাত হাত ফুৰাই থাকিলেও দুয়োটাই কিবা অশান্তি পোৱাদি পায়৷ তথাপি ভাল লাগে নম্ৰতাৰ৷ ঘৰখন ভৰি থাকে সেয়াই শান্তি৷ স্কুলত পঢ়ি থকা কালত দুয়োটা ল’ৰা ছোৱালী বিভিন্ন দিশত পাৰ্গত আছিল৷ এই লৈ মাক দেউতাক হিচাবে নম্ৰতা আৰু সুধাংশুৰ কিছু অহংকাৰ নোহোৱাও নাছিল৷ পৰীক্ষাত পোৱা উচ্চ স্থানবোৰেও তেওঁলোকক সফল পিতৃ মাতৃ হিচাবে সমাজত চিনাকি দিছিল৷ ওচৰ চুবুৰীয়াৰ সন্মুখত তেওঁলোকৰ স্থান বেলেগ আছিল৷ ফলাফল বেয়া কৰা ওচৰৰ ল’ৰা ছোৱালীবোৰে ৰিহা আৰু বাবনক সমীহ কৰি চলিছিল৷ হাতৰ মুঠিয়েদি কেনেকৈ যে সময়বোৰ সৰকি গ’ল গমেই নাপালে৷ এতিয়া শূন্য ঘৰখনৰ প্ৰতিটো কোঠাত নিৰ্জনতাৰ সহবাস৷ নিমাও মাও ঘৰখনত দুটি প্ৰাণীৰ কবলগীয়া পাতিবলগীয়া কথাবোৰ তেনেই সীমিত৷
পূজাৰ কেইদিনত ওচৰৰ ঘৰকেইখনৰ পৰা বাগৰি অহা হুলস্থুলবোৰত স্বগতোক্তি কৰাৰ দৰে কৰিলে নম্ৰতাই “ল’ৰা ছোৱালীবোৰ পঢ়া শুনাত বেয়া হলেও দেখোন সুখ, চাওঁ বুলিলে মাক দেউতাকে মুখ কেইখন চাই থাকিবলৈ পায়৷“ একো নকলে সুধাংশুৱেও৷ দুচকুৰে বাগৰি অহা চকুপানীবোৰ লুকুৱাবলৈ দুয়োটাই তৎক্ষণাত পাকৈত ভাৱৰীয়াৰ ৰূপ ল’লে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক