ভাৱৰীয়া হৈ এদিন (নিতুল বৰা)

বহুদিনৰ আগৰ কথা , তেতিয়া মই ক্লাছ নৱম মানত পঢ়ি আছো । আমাৰ গাঁৱৰ নামঘৰত প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ লগতে ৰাতিলৈ ভাওনা এখনৰো আয়োজন কৰিলে , অনুষ্ঠানলৈ কিছু দিন থাকোতেই ৰাইজ গোটখাই কাক কি ভাও দিয়া হব সেই লৈ আলোচনা কৰিলে নামঘৰৰ মজিয়াতেই । ভাওনাখনৰ নামটো এই মুহূৰ্তত মনত পৰা নাই । মইও সকলোৰে লগত সেইদিনাৰ আলোচনাত উপস্থিত আছিলো । এটা এটাকৈ সকলোকে ভাওবোৰ চেহেৰাৰ আৰু মাতৰ লগত খাপ খোৱাকৈ ভগাই দিলে, মোৰ বন্ধু এজনৰ ভাগত ৰজাৰ ভাও পৰিল, আগতে তাৰ ভাও কৰাৰ অভ্যাস আছে বাবে বিনাদ্বিধাই ৰজাৰ ভাও গ্ৰহণ কৰিলে । সকলোকে ভাও ভগাই দিয়াৰ পাছত এটা ভাওঁ] বাকী থাকিল, কৰিবলৈ ভাওটোৰ লগত মিলাকৈ কাকো পোৱা নাই, ভাওঁ]নাত পাকৈত সকলোকে ভাওঁ] দিলেই , কি কৰা যায় এতিয়া, ৰাইজে চিন্তা কৰি পোৱা নাই, কাক দিয়া ভাল হৱ সেই ভাওটো। ভাওটো আছিল মন্ত্ৰীৰ। ঠিক তেনেতে কোনোৱা এজনে দিলো নহয় মোৰ নামটোকে চিঞৰি—“ ৰাইজ , দাইটি পুতেক অমুকক দিলে কেনে হয়, নতুন চামকো সুবিধা দিব লাগে,  কৰিবলৈ তেহে শিকিব পাৰিব, নেকি কয় ? মোৰ বুকুখন চিৰিংকৈ মাৰিলেই নহয়, কি হ’ব এতিয়া ? মই কিবা কোৱাৰ আগতেই সকলোৱেই হাত চাপৰিৰে সমৰ্থন কৰিয়েই দিলে নহয় । চেহ কি কৰা যায় এতিয়া , এনেবুলি জনা হলে নাহিলোৱেইহেঁতেন আজি নামঘৰলৈ । কেতিয়াওঁ ভাও-চাও কৰিয়েই পোৱা নাই মই জীৱনত, মই ৰাইজৰ আগত হোৱাই নোহোৱাই কিবা কিবি আপত্তি দেখুৱালো । বয়োজ্যেষ্ঠ দুজন মানে একেবাৰে আদেশৰ সুৰতেই কলে —-“ পাৰিবি কিয় নোৱাৰিবি, আমি বোৰেও লাহে লাহেহে শিকিছো, দেখুৱাই দিবই নহয় সকলোৱে, হ’ব দে চিন্তা নাই” । ভাও ভগাই শেষ হোৱাত ৰাইজৰ ফালৰ পৰাই ঘোষণা কৰিলে যে কাইলৈৰ পৰাই তেনেহলে আখৰা আৰম্ভ কৰা হওক, আৰু দেৰি কৰি লাভ নাই, সময় তাকৰ ।

 

 

 

 

 

 

 

 

যথাসময়ত পাছদিনা সন্ধিয়া আখৰাৰ কাৰণে সকলো প্ৰস্তুতি কৰি ভাৱৰীয়া সকল এক দুই কৰি আহি গোট খালেহি। মইয়ো ভয় শংকাৰে ভৰা মনটোৰে নামঘৰত প্ৰবেশ কৰিলো , কি হ’ব কি হ’ব ভাব এটা লৈ । লাহে লাহে আখৰা আৰম্ভ হল, দুই একে কিছু বচনো মাতি আছে, তেনেতে মই মোৰ বন্ধুটোক সুধিলো—“ অই মন্ত্ৰীৰ কাম কি অ ? বচন বহুতো নেকি” ? সি ক’লে – “ বেছি নাই দুটামানহে পাৰিবি, বচন হৈ যাব বাৰু , তই কেৱল নাচিবলৈ শিকিবি, নাচটো যদি পাৰ তেনেহলে তোৰ আৰু চিন্তা নাই” । এনেকৈ দুদিনমান গল, মোৰো ভয়টো লাহে লাহে কমিবলৈ ধৰিলে, পাকৈত ভাৱৰীয়াবোৰৰ ভিতৰত মোৰ বন্ধুটোও কম নহয়, সেয়ে সি সদায় আখৰাত নাচোতে মোক তাৰ পাছতে নাচিবলৈ দিছিল। এনেকৈ এপাক দুপাককৈ শিকি শিকি নাচিব পৰা হৈছোগৈ, কোনোবা সময়ত অলপ খোকোজা লাগে । তেতিয়ালৈকে সকলো ঠিকেই আছে। নাচ আৰু বচন মতাত পাকৈত নহলেও ভালকৈ পৰা হলো আৰু । ভাওনাৰ পোছাক আনিবলৈ সকলোৰে লগতে মইয়ো আমাৰ গাঁৱৰ পৰা প্ৰায় ১৫ কি.মি. দুৰৰ ৰাইদেঙীয়া আইভেটী গাঁৱলৈ বুলি চাইকেল মাৰিয়েই গৈ ঠিক কৰি আহিলোগৈ ।

আখৰাৰ শেষ দিন, সেইদিনা কোনোবাই ভুল কৰিলে কথা শুনিব লাগিব বুলি সকলোৱে শেষ আখৰা ভালকৈ কৰিলে, মোৰো ভালেই হৈছে বুলি সকলোৱে শলাগিলে । আখৰা শেষ, সৰু সৰু কাগজ কাটি ৰছিত আঠা লগাই নামঘৰটো সজাই-পৰাই তুলিলে, ভাওনাৰ দিন পালেহি । সন্ধিয়া হৈ আহিছে যিমানে মোৰো বুকুৰ মাজত অজান আশংকাই ধান বনাদি বানিবলৈ আৰম্ভ কৰিলে, মুখত সেই ভাব প্ৰকাশ নাপালেও মই নিজেহে বুজিব পাৰিছিলো কেনেকুৱা ভাব হৈছিল মোৰ। কিছু সময়ৰ পাছতেই সকলো ভাৱৰীয়া আহি ছোঁঘৰত গোটখালেহি , সকলো সাজি-কাচি হল, মই আৰু মোৰ বন্ধুটোৰ ৰংচং সকলো লগাই পোছাকো পিন্ধি সাজু হলো।
নামঘৰৰ ভিতৰত আৰু বাহিৰত ৰাইজৰ ভিৰ, কতো খালি ঠাই বুলিবলৈ নাই। সকলো বিষয়ববীয়া ব্যস্ত হৈ পৰিল। এটি ঘোষনাৰ পাছতেই সূত্ৰৰ প্ৰৱেশ আৰু তাৰ পাছতেই কৃষ্ণৰ প্ৰৱেশো হৈ গল। এক দুইকৈ ভাৱৰীয়াসকলৰ  প্ৰৱেশ ঘটিল। এটা সময়ত  আমাৰ পাল আহিল , সূত্ৰই ৰাইজৰ মাজৰপৰাই ব্ৰজাৱলী ভাষাতেই —“ অ সূত্ৰেই এহি বুলি অমুক ৰাজা-ৰাণী,মন্ত্ৰীসহিতেই ৰাজ্য-প্ৰসাদত প্ৰৱেশ কৰিল্ল”  —-এইবুলি কোৱাৰ লগে লগে প্ৰায় দৌৰিয়েই দুজন ব্যক্তিয়ে এখন আঁৰ কাপোৰ লৈ গৈ ছোঁঘৰ পালেগৈ আৰু ক’লে — “ঐ তহঁত কেইটা আহ প্ৰৱেশ কৰিবৰ হ’ল । এইবুলি মই, মোৰ বন্ধুৰজা, ৰাণী আৰু দুটামানৰজাৰ অঙহী-বঙহী ৰজাৰ পিছ পিছে । আমাক আঁৰ-কাপোৰেৰে ঢাকি লৈ গৈ নামঘৰৰ প্ৰৱেশ পথত ৰবলৈ ক’লে , এইখিনিলৈকে সকলো ঠিকেই গৈ আছিলো  । তেনেতে মোৰ বন্ধুৱে মোক উদ্দ্যেশি ক’লে——
“ ঐ তই মোৰ আগলৈ আহ আৰু বাকীবোৰে মোৰ পাছত লাইন কৰ ভালকৈ”। গণ্ডগোলটো লাগি গল নহয় সেইখিনিতেই—– “ কেলেই ,  মই আগত নহওঁ দেই, তহঁত ভালকৈ জনা এটা আগত হ আক । তেতিয়াহে আমাৰ ভুল নহব । সি ক’লে- “ধেততেৰিকা, কি কথা কৈছ ? তই আগত হ , ৰজাৰ আগত মন্ত্ৰী হয় অ । তই মন্ত্ৰী নহয় নেকি কিবা ? আগত হ কাপোৰখন আঁতৰাই দিয়াৰ আগতেই”। এইবাৰ সি অলপ খঙতেই কোৱা যেন অনুমান কৰি উঠি গল নহয় মোৰো খংটো – “মন্ত্ৰী-চন্ত্ৰী সেইবোৰ মই নাজোনো, আখৰাত সদায় তই আগত আৰু মই পাছত হৈহে নাচিছিলোঁ , এতিয়া আক’ মই কেলেই  আগত হম হা ?  অ অ অ অ,  বুজিছো তাৰমানে তই ভয়খাইছ ন ? নহ’লে তই নাজান চাগৈ , সেয়েহে মোক নজনাটোক আগত হ’বলৈ কৈ আছ ? এনেকৈ খতবান্ধ লাগি থকা দেখি এজনে আহি আমাক ধমকি দিলেহিয়েই—-“ ঐ তহঁত দুটাৰ কি হল অ’  হা ? এতিয়া ওলোৱাৰ সময়ত কি কাজিয়া কৰি আছ”? এই বুলি কৈ মোক আগত দিলে আৰু তাক মোৰ ঠিক পাছতে দিলে বোলে—“এনেকৈয়ে ওলাবি গণ্ডগোলখন নলগাবি” ? আদেশৰ সুৰতেই কোৱা দি ক’লে ।

উপায় নাপায়  হ’লো আৰু মান্তি মই , তেনেতে দিলে আঁৰ কাপোৰখন আঁতৰাই । সকলোৱে মণিকুটলৈ আৰু ৰাইজলৈ বুলি আঁঠুলৈ সেৱা জনালে, জীৱনৰ প্ৰথম অভিনয় , বুকুখন ডাঠ কৰি ময়ো সেৱা এটি লৈ মুৰটো দাঙিছোঁহে মাত্ৰ তেনেতে বাজিলেই নহয় খোল আৰু তালৰ চেও । তৌতৌ তাক—ধিন তৌ তাক, ধিন তৌ তাক—ধিন ধিন তাক ধিন, তাক ধিন তৌ তাক তাক । আঁঠুলৈ ওপৰলৈ মুৰ তোলোতেই ৰাইজলৈ চকু পৰিল । দেখা পালো সকলোৱে দেখোন মোৰ ফালেই চাই আছে , দুই এটাৰ মাত শুনা পালো –“ঐ সৌটো অমুক ঐ,”  ৰাইজৰ মাজৰে দুই এজনক চিনি পালো, চকুৱে চকুৱে পৰাত লাজ লাজ ভাব এটাই কৰপৰা আহি জানো হেঁচা মাৰি ধৰিলেহি কবই নোৱাৰিলো  , যেনিয়েই চাও তেনিয়েই দেখোন সকলোৱে মোলৈকে চাই থকা যেন লাগিল, ভৰি দুখন থৰ থৰকৈ কঁপিবলৈ ধৰিছে দেখোন, আগলৈ নাযায়হে নাযায় , কি কৰো এতিয়া, এনেকৈ এক মুহূৰ্ত পাৰ হৈ গৈছে, পাছফালৰ পৰা ৰজাই দিলে নহয় খোছ এটা মাৰি—-
“ঐ নাযাৱ কিয় ? আগলৈ ৰৈয়েই থাকিবিনে নাচিবি তই ?” (ভোৰভোৰালে মুখৰ ভিতৰতে)।
“ ৰহ অ কিয় খুচিছ ? মইহে জানিছো কেনেকুৱা লাগিছে , ছবেই কেনেকৈ মোলৈকে চাই আছে দেখা নাই”? পাছফালৰ পৰা তেনেতে বৰমুৰীয়া এজনে কোৱা কাণত পৰিল—“ ঐ, আগলৈ নাচি নাচি যা । দুই এটা  টিতকিৰি ৰাইজৰ মাজৰ পৰা আহি মোৰ কাণত থল থলকৈ পৰিলহি । যি হয় দেখা যাব , এই বুলি ভগৱানকে আওৰাই দিলো খোজ খোলৰ তালেতালে, মোৰ পাছে পাছে বাকীবোৰো ।
কেতিয়া যে কেনেকৈ ৰাইজৰ মাজেদি নাচি পাৰহৈ গলো কব নোৱাৰো , এপাক নাচিয়েই সামৰিলো , চিধাই গৈ ৰাজ-প্ৰসাদত বহি পৰিলোগৈ ,উহ ৰক্ষা এতিয়াহে মোৰ উশাহটো ঘুৰি অহা যেন লাগিল । তেতিয়াহে অনুমান কৰিলো যে মই ঘামি-জামি গোটেইতো ৰঙা-চিঙা পৰি গলো । তাৰ পাছত ৰজাৰ লগত প্ৰায় তৰ্ক,  ভোৰভোৰনি , তেতিয়া বিশেষ বৰকৈ একো নকলো যদিও ভিতৰি ভিতৰি খঙে চুলিৰ আগ পাইছিলগৈ । ভাওনাৰ শেষত পৰিচালক আৰু মোৰ বন্ধু ৰজাক বহুতো কথাই কলো—“আপোনালোকেতো জানেই মই কেতিয়াও ভাওনা কৰি পোৱা নাই, আগতেই কব লাগিছিল মোক যে প্ৰৱেশ কৰিয়েই তই ৰাইজৰ মাজলৈ নাচাবি বুলি । মোৰ গণ্ডগোলতো সেইখিনিতেই আৰম্ভ হৈছে । যেনিয়েই চাও সকলোৱে মোলৈকৈ চাই থকা দেখা পাওঁ , ক’ত আৰু মই আগলৈ যাব পাৰো , যি শিকিছিলো আখৰাত সেইখিনিতেই চব পাহৰি গলো । আৰু তই ৰজাই, আগতে বোলে বহুত ভাও কৰিছ , তইওতো মোক কোৱা নাই, ৰজাৰ আগত যদি মন্ত্ৰী ওলাবই লাগে তেনেহলে আখৰাৰ পৰাই তেনেকৈ শিকা হলে মোৰটো আজি এই গতি নহয় ।আচলতে আখৰা কৰোতে মই একো আও-ভাৱেই পোৱা নাছিলো। যি হ’ল হ’ল জীৱনত এটা নতুন শিক্ষা হ’ল মোৰ,  সেইদিনটোৰ কথা মই কাহানিও পাহৰিব নোৱাৰো ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক