ভিক্ষা বৃত্তি – পাৰ্থ জ্যোতি বৰুৱা

সেই যে বাটে-ঘাটে, বজাৰে-হাটে লগ পোৱা অপৰিপাটি, বিৱৰ্ণমুখৰ মাকবোৰ…কান্ধত শুই থকা নিছলা-পিছলা, ৰুগ্ন এটি কেঁচুৱা আৰু হাতত ভিক্ষাৰ পাত্ৰ….আপোনাৰ কাষলৈ আহি কেঁচুৱাটোৰ বেমাৰ বুলি কৈ, কেঁচুৱাটোক বিস্কুট খুৱাম বুলি কৈ আপোনাৰ পৰা যে পাঁচটকা বা দহটকা বিচাৰে…দেখি দুখ লাগেনে? দিয়েনে কিবা এটা সিহঁতক? অথবা, ধূলিৰে পোত খাই আঠালতীয়া হৈ পৰা অবিন্যস্ত চুলি এমূৰৰ সৈতে সেই যে অকণমানি ছোৱালীজনী, যাৰ নিজৰেই খোজ থৰক-বৰক তথাপি এমা-ডিমা ভায়েক বা ভনীয়েকক কেঁকো-জেঁকোকৈ কোলাত তুলি আপোনালৈ হাত পাতে….দেখি দুখ লাগেনে আপোনাৰো? দিয়েনে কিবা এটা তাইকো? নিশ্চয় দুখ লাগে৷ কিবা এটা নিদিয়াকৈও নাথাকে আপুনি৷ জানো৷ মাকজনীৰ কথা বাদ দিলোঁ৷ অন্ততঃ কেঁচুৱাটোক দেখি আমাৰ হৃদয় দহে৷ মনৰ ভিতৰতে মুহূৰ্তৰ বাবে হ’লেও হাঁহাকাৰ কৰি উঠোঁ আমি৷ নিবিচাৰিলেও সেইসময়তেই আমি আমাৰ সন্তানক ছোৱালীজনীৰ সৈতে বা কেঁচুৱাটোৰ সৈতে এবাৰ ৰিজাই চাওঁ৷ কেঁচুৱা কেঁচুৱাই৷ শিশুবোৰো অবোধ৷ কি জানে সিহঁতে? কি দোষ সিহঁতৰ? বেচেৰাহঁতে কিমান যে কষ্ট পাই আছে! কিমানদিন বা খাবলৈ পোৱা নাই! মুখকেইখনলৈ চাওকচোন৷ ক্ষুধাই কিদৰে পিষ্ট কৰিছে সিহঁতক…ইত্যাদি ভাৱনাবোৰে বৰকৈ মনোকষ্ট দিয়ে আমাক৷
ধৰক, ক’ৰবালৈ যাম বুলি বাছ বা ট্ৰেইনত বহিছোঁ৷ লগ পাই যাওঁ সাধুবাবাবোৰক৷ গাত গেৰুৱা বসন৷ ডিঙিত ৰুদ্ৰাক্ষৰ মালা৷ হাতত কমণ্ডলু, ত্ৰিশূল৷ মূৰত হাত থৈ মন্ত্ৰৰে আশীৰ্বাদ কৰিছে, প্ৰসাদ দিছে, চকুৰ ইংগিতেৰে হাতখন আগবঢ়াই দিবলৈ কৈ মণিবন্ধত আশীৰ্বাদপুষ্ট ৰঙাসূতা মেৰিয়াই দিছে৷ তেওঁৰ আশীৰ্বাদেৰে গদগদ হৈ আমি তেওঁক দিছোঁ দহটকা বা বিছটকা৷ অথবা কেতিয়াবা কেইগৰাকীমান মহিলা আহিছে ঘৰলৈ৷ মা মনসা পূজা পাতিছে তেওঁলোকে ক’ৰবাত৷ বৰঙনি বিচাৰিছে৷ তেওঁলোককো দিছোঁ দহটকা বা বিশটকা৷ দিবলৈ মন নেথাকিলেও দিছোঁ৷ আমনি পালেও দিছোঁ৷ কাৰণ, ভগৱানৰ কথা আছে৷ ক’ত কেনেকৈ কেতিয়া দোষ লাগে ক’বতো নোৱাৰি!
যিয়েই যিভাৱে ব্যাখ্যা নকৰক কিয়, আচলতে এওঁলোক মগনীয়া৷ ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰা ভিক্ষাৰী৷ হয়, জীৱনে এওঁলোকক আনৰ ওচৰত হাত পাতিবলৈ বাধ্য কৰাইছে৷ ট্ৰেইন এখনত উঠিলে আমি সহজেই অনুমান কৰিব পাৰোঁ, পৃথিৱীৰ এচাম অসহায় মানুহৰ বাবে কিদৰে জীৱনটো বিষময় হৈ পৰিছে৷ কণা, কুঁজা, অন্ধ, খোৰা, হাত-ভৰি নোহোৱা এই মানুহবোৰৰ জীৱন দেখি আমাৰ মুখৰ মাত হেৰায়৷ গতিকে সৌভাগ্যৱান হিচাপে তেওঁলোকক কিবা এটা দি সহায় কৰাটো আমাৰ দায়িত্বও৷ এয়া আমাৰ সৰল মনৰ সৰল অনুভৱ৷ এইখিনিলৈকে সকলো ঠিকেই আছিল৷ কিন্তু শেহতীয়াকৈ আমাৰ এই সৰল অনুভৱৰ সুবিধা লৈ এচামে গোটেই জাতিটোক, দেশখনকে যে নিঃশেষ কৰাত উঠিপৰি লাগিছে আৰু আমিও যে সিহঁতক বৰঙণি যোগাইছোঁ সেই খবৰ আমি ৰাখিছোঁনে নাই? গতিকে কিছু খবৰ লওঁ আহক৷ প্ৰতিটো খবৰেই ইটোতকৈ সিটো চৰা৷ তাজ্জৱ৷ আপুনি আচৰিত হৈ পৰিব৷
কথাহ’ল, গোটেই ভাৰতবৰ্ষতে বৰ্তমান সোতৰ লাখতকৈও অধিক ভিক্ষাৰী আছে৷ ভাৰতত ভিক্ষাৰীৰ সংখ্যা দেখিলে এনে লাগে যেন দেশখনক দৰিদ্ৰতাই উশাহ নোপোৱাকৈ হেঁচা মাৰি আছে৷ কিন্তু কথাটো ঠিক দেখাধৰণে সত্যও নহয়৷ দৰিদ্ৰতাৰ বাবে ভিক্ষা খোজা লোক ভাৰতত আপুনি মই দেখাতকৈ দৰাচলতে বহুত কম৷ সঁচা কথাটো হ’ল, ভিক্ষা খোজাটো ভাৰতত এতিয়া এটা বৃহৎ লাভজনক উদ্যোগলৈ পৰিণত হৈছে৷ ছদ্মবেশী ভিক্ষাৰীৰে দেশ ভৰি পৰিছে৷ ভাৰতৰ বেছিভাগ ভিক্ষাৰী বাংলাদেশৰ পৰা আহে৷ আপুনি জানি আচৰিত হ’ব যে, ভাৰতৰ মুঠ ভিক্ষাৰীৰ ৬৬ শতাংশই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ, আপুনি মই দেখা বা ভৱাৰ দৰে অক্ষম নহয়৷ দৰিদ্ৰও নহয়৷ ভাৰতৰ প্ৰায় ৭০ শতাংশ ভিক্ষাৰীৰ দৈনিক উপাৰ্জন সচৰাচৰ মধ্যবিত্ত পৰিয়াল একোটাৰ উপাৰ্জনতকৈ বহুত বেছি৷
ভাৰতৰ আটাইতকৈ চহকী ভিক্ষাৰী হিচাপে খ্যাত ভাৰত জৈন এগৰাকী মিলিয়নাৰ৷ ভিক্ষা খুজি খুজিয়েই ৪৯ বছৰীয়া ভাৰত জৈন সম্প্ৰতি সত্তৰ লাখটকীয়া দুটাকৈ বৃহৎ এপাৰ্টমেণ্টৰ গৰাকী হৈ পৰিছে৷ তাকো মুম্বাই হেন মহানগৰীত৷ এইগৰাকী মিলিয়নাৰ ভিক্ষাৰীৰ মাহেকীয়া উপাৰ্জন প্ৰায় ৭৫ হেজাৰ টকা৷ মুম্বাইৰ চাৰ্নি পথত ভিক্ষা খোজা কৃষ্ণ কুমাৰ গাইট দেশৰ এজন অন্যতম চহকী ভিক্ষাৰী৷ মুম্বাইত তেওঁৰ ৫ লাখ টকীয়া এটা ফ্লেট থকাৰ উপৰিও অন্য কিছু ব্যৱসায় আছে৷ কৃষ্ণৰ মাহিলি উপাৰ্জন প্ৰায় ৬০ হেজাৰ টকা৷ দেশৰ অন্যতম চহকী মহিলা ভিক্ষাৰী হিচাপে পৰিচিত পাটনাৰ চাৰ্বাতিয়া দেৱী৷ পাটনাৰ অশোক চিনেমা হলৰ ওচৰত ভিক্ষা খোজা চাৰ্বাতিয়াই বছৰি ৩৬ হেজাৰ টকা ইঞ্চিওৰেন্স প্ৰিমিয়াম দিয়ে৷ উপাৰ্জিত ধনেৰে এওঁ দেশৰ সকলো ঠাই ফুৰিছে আৰু প্ৰায়বোৰ পৱিত্ৰস্থান ভ্ৰমণ কৰিছে৷ এয়া মাত্ৰ তিনিটা উদাহৰণহে৷ দেশত এনেকুৱা অনেক ভিক্ষাৰী আছে, যি হয়তো আপোনাতকৈও চহকী৷ আপোনাতকৈও অধিক সচ্ছল জীৱন-যাপন কৰে৷ আপুনি কল্পনাও কৰিব নোৱাৰে৷
ভিক্ষাবৃত্তিত মহিলা আৰু শিশুৰ কদৰ বেছি৷ কাৰণ মহিলা আৰু শিশুৱে সহজে আপোনাক আবেগিক কৰি তুলিব পাৰে৷ আৰু সেয়েহে দেশত মহিলা আৰু শিশু ভিক্ষাৰীৰ হাৰ প্ৰতিদিনে দ্ৰুত হাৰত বৃদ্ধি পাবলৈ লৈছে৷ ভাৰতৰ মুঠ ভিক্ষাৰীৰ আধাতকৈও বেছি সংখ্যক মহিলা আৰু শিশু৷ পুৰুষ ভিক্ষাৰীবোৰে সেয়েহে কেইবাবাৰো বিয়া কৰাই সন্তান জন্ম দিয়াৰ কাৰখানা গঢ়ি তোলে৷ শিশু ভাড়ালৈয়ো পোৱা যায়৷ সেই যে মাকৰ কোলাত শুই থকা কেঁচুৱাটো, সি সেইজনী মাকৰ সন্তান নহ’বও পাৰে৷ আপুনি আচৰিত হ’ব, দুশটকাৰ ভাড়াত এনে কেঁচুৱা পোৱা যায়৷ ভাড়াতীয়া কেঁচুৱাই যাতে আমনি নকৰাকৈ শুই থাকে, দেখাত যাতে কেঁচুৱাটো বেমাৰী যেন লাগে, তাৰবাবে কেঁচুৱাটোক নিচাসক্ত কৰি শুৱাই থোৱা হয়৷ কেঁচুৱা ভাড়াত দিও একোহাল দম্পতীয়ে নিতৌ পাঁচশৰ পৰা হেজাৰ টকা উপাৰ্জন কৰিব পাৰে৷
এইবাৰ শুনক ভিক্ষাৰীৰ ছিণ্ডিকেটৰ কথা৷ হয়, দিল্লী, ক’লকাতা, হায়দৰাবাদ, বেঙ্গালুৰু, নয়ডা, গুৰগাঁও, মুম্বাইৰ দৰে মহানগৰবোৰত ভিক্ষাৰীৰ বৃহৎ বৃহৎ ছিণ্ডিকেট আছে৷ অসমৰ গুৱাহাটীতো ভিক্ষাৰীৰ ছিণ্ডিকেট উপলভ্য৷ এই ছিণ্ডিকেটবোৰে কোন ভিক্ষাৰীয়ে কোনটো পথত বা কোনটো অঞ্চলত ভিক্ষা খুজিব সেয়া নিৰ্ধাৰণ কৰি দিয়ে আৰু তাৰ বিনিময়ত একোটাহঁত ভিক্ষাৰীৰ পৰিয়ালে ছিণ্ডিকেটৰ মাফিয়া মালিকক নিতৌ দুশ-তিনিশ টকা কমিশ্যন হিচাপে আদায় দিব লাগে৷ জনসমাগম বেছি হোৱা অঞ্চলত উপাৰ্জন বেছি৷ তেনেবোৰ অঞ্চলৰ কমিশ্যনো বেছি৷ কমিশ্যনৰ বিনিময়ত ভিক্ষাৰীয়ে কিছু সুবিধা লাভ কৰে৷ যেনে: নিৰ্দিষ্ট ঠাইলৈ গাড়ীৰে অহা-যোৱাৰ কৰাৰ সুবিধা, পুলিচৰ ঝামেলাৰ পৰা ৰক্ষা পোৱাৰ সুবিধা, বিনামূলীয়া মদ্যপানৰ সুবিধা, শাৰীৰিকভাৱে অক্ষমসকলে চালচলনৰ বাবে চকালগা বাহন লাভ কৰাৰ সুবিধা ইত্যাদি ইত্যাদি৷ ভিক্ষাৰীবোৰ যাতে অন্য মাফিয়াৰ ওচৰলৈ গুচি যাব নোৱাৰে, তাৰবাবে ছিণ্ডিকেটসমূহে ভিক্ষাৰীক ড্ৰাগছ আসক্তও কৰে৷ মাফিয়াবোৰে শিশু অপহৰণ কৰি শিশুবোৰক ভিক্ষাত নিয়োজিত কৰে৷ শিশুবোৰক মাৰ-পিট কৰি আতংকিত কৰি ৰাখে৷ দেখাত যাতে বেমাৰী যেন লাগে, হাড়ে-ছালে লগা যেন লাগে, পুষ্টিহীন আৰু অভাৱগ্ৰস্ত যেন লাগে, তাৰবাবে সিহঁতক পেট ভৰাই খাবলৈ দিয়া নহয়, তাৰ পৰিবৰ্তে নিচা খোৱাৰ অভ্যাস কৰোৱা হয়৷ এই ছিণ্ডিকেটবোৰে ভিক্ষাৰীক ভিক্ষা খোজাৰ প্ৰশিক্ষণ দিয়ে৷ অভিনয় শিকোৱা হয়৷ সেয়ে ভিক্ষাৰীৰ আচৰণ প্ৰায়বোৰ ঠাইতেই একে হয়৷ ভাৰতবৰ্ষত মঠ-মন্দিৰ, ঐতিহাসিক পৰ্যটনথলী ইত্যাদি অধিক৷ কাজেই ইয়াত বিদেশী পৰ্যটকৰো অভাৱ নাই৷ ভাৰতৰ বেছিভাগ ভিক্ষাৰীৰে মূল লক্ষ্য হ’ল বিদেশী পৰ্যটকসকল৷ বিদেশী পৰ্যটকৰ সৈতে ভাৱ বিনিময় কৰিব পৰাকৈ ছিণ্ডিকেটসমূহে ভিক্ষাৰীক ইংৰাজী ভাষাও ক’বলৈ শিকায়৷
ভাৰতৰ ভিতৰত মুম্বাইত সৰ্বাধিক ভিক্ষাৰী আছে৷ চাৰিলাখৰো অধিক৷ মুম্বাইৰ পাছতেই আছে দিল্লী(৬০ হেজাৰৰো অধিক), হায়দৰাবাদ আৰু বেংগালুৰু(৪০ হেজাৰৰো অধিক)৷ অন্যহাতে উত্তৰ-পূব ভাৰতৰ ভিতৰত অসমত ভিক্ষাৰীৰ সংখ্যা অধিক৷ অসমত প্ৰায় ২৫ হেজাৰ ভিক্ষাৰী থকাৰ বিপৰীতে কেৱল গুৱাহাটীতে প্ৰায় ৬-৭ হেজাৰ ভিক্ষাৰী আছে৷ এতিয়া কথা হ’ল- এখন দেশত ভিক্ষাৰীৰ সংখ্যা অধিক হোৱাটোৱে দেশখনত মানৱ সম্পদৰ অপচয় হোৱাটোকে বুজায়৷ আৰু মানৱ সম্পদৰ অপচয় হোৱা এখন দেশৰ অৰ্থনৈতিক শ্ৰীবৃদ্ধি কেৱল মন্থৰ হোৱাই নহয়, কেতিয়াবা স্তব্ধও হৈ পৰে৷ ৷ কোটি কোটি টকাৰ ৰাজহ লোকচান হয়৷ ইফালে ভিক্ষাবৃত্তিৰ জৰিয়তে সহজে উপাৰ্জন কৰিব পৰা বাবে কিশোৰসকল ড্ৰাগছ আসক্ত হোৱাৰ উপৰি ধৰ্ষণ, হত্যা ইত্যাদিৰ দৰে ভয়ংকৰ অপৰাধ সংঘটিত কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে৷ আৰু সমাজে ইয়াৰ কুফল ভোগ কৰিবলগীয়া হয়৷ সেয়ে সম্প্ৰতি ভিক্ষাবৃত্তি দেশৰ এটা গুৰুতৰ সামাজিক সমস্যা ৰূপে চিহ্নিত হৈছে৷ কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰণালয়ে এই সমস্যা নাইকিয়া কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি লৈছে যদিও ফলপ্ৰসূ হোৱাগৈ নাই৷ দেশত দিনক দিনে ভিক্ষাৰীৰ সংখ্যা কমাৰ সলনি বাঢ়িছেহে৷
এটা কথা ঠিক যে এই ভিক্ষাবৃত্তিক আমি বৰ্তাই ৰাখিছোঁ৷ ভিক্ষাৰীৰ আবেগসনা কথাত ভোল গৈ অথবা ভগবান বিতুষ্ট হোৱাৰ ভয়ত ভিক্ষাদান কৰি এচাম সহজে ধন ঘটা লোকক আমি নিতৌ অনুপ্ৰাণিত কৰি আহিছোঁ৷ চাবলৈ গ’লে এটকা বা দুটকা তেনেই সাধাৰণ কথা৷ কিন্তু ভিক্ষাৰীক এই এটকা বা দুটকা দি আমি যে সমাজ আৰু দেশৰ কিমান ক্ষতিসাধন কৰিছোঁ, কিমান যে মানৱ সম্পদৰ অপচয় কৰিছোঁ আমি হয়তো উপলব্ধিয়েই কৰিব পৰা নাই৷ আমি এয়াও উপলব্ধি কৰিব পৰা নাই যে আমাৰ ভিক্ষাদানৰ অভ্যাসে আমাৰ পিছৰ প্ৰজন্মক কিমান ভয়াবহ পৰিস্থিতিৰ সন্মুখীন কৰোৱাব৷ ভিক্ষাৰী এজনৰ প্ৰতি সঁচাই যদি আমাৰ সমমৰ্মিতা আছে, তেন্তে তেওঁক আমি ভিক্ষাদানৰ সলনি কৰ্ম কৰি সন্মান সহকাৰে জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব নোৱাৰো কিয়? অন্ধ বা শাৰীৰিকভাৱে অক্ষম এজন মানুহে চলন্ত ট্ৰেইনৰ ডবা বগাই যদি ভিক্ষা খুজিব পাৰে, তেন্তে আপুনি নিশ্চিত হওক যে জীৱন-যাপনৰ জোখাৰে অন্য বহু কিবা কিবি কৰ্ম কৰিবলৈ তেওঁ সক্ষম৷ তাত কোনো সন্দেহ নাই৷ হাত-ভৰি নোহোৱাকৈয়ো সুন্দৰকৈ জীৱন উদযাপন কৰা বহুলোকৰ কাহিনী আমি শুনিছোঁ৷ Born Different নামৰ ফেইচবুক পে’জ এটাত এনে বহুলোকৰ কাহিনী প্ৰচাৰ কৰা হয়৷ চাবচোন! আপুনিও উৎসাহিত হ’ব৷ আৰু সেই উৎসাহেৰে আপুনি এটা সিদ্ধান্তত অন্ততঃ উপনীত হ’ব পাৰিব যে তীব্ৰ ইচ্ছাশক্তি থাকিলে যিকোনো মানুহেই জীৱনৰ সমস্ত প্ৰতিকূলতাক নেওচিও জীৱন যাপন কৰিব পাৰে৷ ভিক্ষাবৃত্তি জীৱনৰ বিকল্প নহয়, হ’ব নোৱাৰে৷
শাৰীৰিক অক্ষমতাৰ বাবে, নিৰক্ষৰতাৰ বাবে, দৰিদ্ৰতাৰ বাবে কোনো যদি জীৱনত দিকভ্ৰান্ত হৈ পৰিছে, অসহায় হৈ পৰিছে, তেওঁলোকক সহায় কৰিবলৈ ভাৰতবৰ্ষত কেইবাটাও স্বেচ্ছাসেৱী সংস্থা আছে৷ এই সংস্থাসমূহে এনে লোকক, বিশেষকৈ শিশুসকলক যথোপযুক্ত শিক্ষণ আৰু প্ৰশিক্ষণেৰে স্বনিৰ্ভৰশীল হৈ জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে৷ এই সংস্থাসমূহৰ ভিতৰত ‘প্ৰেমদান’ আৰু ’উম্মিদ’ উল্লেখযোগ্য৷ ভিক্ষাবৃত্তি নাইকিয়া কৰাত এই সংস্থাসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে৷ কিন্তু ভাৰতৰ ভিক্ষাৰীৰ সংখ্যাৰ তুলনাত এই সংস্থাসমূহ হয়তো পৰ্যাপ্ত হোৱা নাই৷ ভিক্ষাদানৰ সলনি আমি এই সংস্থাসমূহক সহায় কৰা উচিত৷
মুঠৰ ওপৰত ভিক্ষাবৃত্তি নিঃশেষ নকৰিলে জাতি আৰু দেশৰ ভৱিষ্যত অন্ধকাৰ৷ গতিকে ভিক্ষাদানৰ অভ্যাস পৰিত্যাগ কৰোঁ আহক৷ তাৰ সলনি আৰ্তজনক কৰ্ম কৰিবলৈ যিকোনো প্ৰকাৰে উৎসাহিত কৰোঁ, অনুপ্ৰাণিত কৰোঁ৷ এয়া আমি আমাৰ সন্তানকো এই শিক্ষাৰে শিক্ষিত কৰাৰ সময়৷ ভিক্ষা দি ভিক্ষাৰী এজনক আজীৱন ভিক্ষাৰী হৈ থকাৰ অভিশাপ কিয়নো দিওঁ? এয়াওতো কম অপৰাধ নহয়৷ এনে অপৰাধেৰে আমি অপৰাধী হ’ব নোৱাৰোঁ৷ নহওঁ৷


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক