ভিচুভিয়াচ -ভাস্কৰজ্যোতি বৰা

উত্তৰ আধুনিকতাবাদী যদি আমি হওঁ,
সুস্থ মন আৰু সু শিক্ষাৰ যদি অধিকাৰী হওঁ,
নতুন যুগৰ নতুন চিন্তাৰ যদি বাহক হওঁ
সোঁতৰ বিপৰীতে সাঁতোৰা যদি মানসিকতা হয় আমাৰ,
তেন্তে কিছুমান অযুক্তিকৰ কথা আজিও প্ৰাসংগিক কিয়?
পিঠিৰ পিছফালে হাজাৰটা ক্ষোভ উজাৰিব পাৰোঁ,
মুখাখন সযতনে পিন্ধো আন্ধাৰতে প্ৰতিদিন,
সঁচাৰ পোহৰ যে সহ্য নহয়,
মুখা নিপিন্ধাক সেয়ে ঘৃণাও,
নতুনৰ দোহাই দি পুৰণিকে সাবটো প্ৰতিপল,
“বোপাককাৰ“ আঁৰ লৈ স্বাৰ্থ সিদ্ধি কৰোঁ নিজৰ,
বাটৰ খলা-বমাবোৰে কৰা কঁকালৰ বিষবোৰৰ অজুহাত দেখুৱাই সমাজৰ বৈষম্যই দিয়া মনৰ বিষবোৰ ঢাকি ৰাখো,
স্থান কাল পাত্ৰৰ অপেক্ষাত পাৰ কৰা সময়ৰ
উপহাসবোৰ আমাৰ বাবে দুৰ্বোধ্য শব্দ হৈ থাকি যায়,
বিকৃত কৰা ভাষ্যৰ মাজত আমি বিচাৰি পাওঁ
আমোদৰ উৎস,
সেয়েহে চাগে আমি পাৰ্থক্য অনুভৱ কৰিব নোৱাৰোঁ
যুক্তিবাদীৰ ক্ষোভৰ মুক্ত প্ৰকাশ আৰু ভিচুভিয়াচৰ
উদ্গীৰণৰ মাজত৷

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments