ভিটামিন ‘এম’ (ঈশান জ্যোতি বৰা)

উচৰ্গা : প্ৰদ্যুৎ দাই এদিন মোক কৈছিল যে ‘তুমি পালমৰা পদ্য লিখিছা ৷ ভাল লাগিছে ৷ এতিয়া তুমি এটা গল্প বা উপন্যাস লিখিব চেষ্টা কৰা ‘৷ ‘তেওঁৰ কথা মনত ৰাখিয়েই আজি অকবত মোৰ প্ৰথমটো গল্প পষ্ট কৰাৰ সাহসকন কৰিছো ৷ গল্পটো প্ৰদ্যুৎ দালৈ বুলি উচৰ্গা কৰিলো ৷ মোক গল্প লিখিবলৈ উৎসাহিত কৰাৰ বাবে আপোনাক বহু ধন্যবাদ ৷ (গল্পটো বেয়া হ’লেও গালি নাপাৰিব )

 

চোতালতে বহি ৰাস্তাৰে যোৱা মানুহ চাই আছিল ৷ তেওঁৰ আজিকালি এই কামটোৱে প্ৰিয়  হৈ পৰিছে  ৷ দুপৰবেলা নামঘৰত ৰাইজৰ বছেৰেকীয়া সকামভাগ আছিল যদিও যোৱাহে নহ’ল ৷ জেঠমহীয়া এই ৰ’দখনত ওলাই যোৱাটোও কম ৰিস্কৰ কথানে !  তাতে বুঢ়া হ’ল হাই প্ৰেচাৰৰ পেচেন্ট ৷ সুৰ্যদেৱতাৰ তাপ সহিব নোৱাৰি  কেনেবাকৈ ৰাস্তাতে বাগৰি পৰিলে কোন মহাপুৰুষে আহিনো তেওঁক দাঙি ধৰিবহি ? বুঢ়াৰ কিবা এটা হ’লে বুঢ়াক ওৰেতো  জীৱন সংগ দিয়া অৰুণা বুঢ়ীৰেই পানীত হাহঁ নচৰা অৱস্থা হ’ব ৷বুঢ়ীৰো দেহাৰ অৱস্থা ইমান এটা ভাল বুলিব নোৱাৰি ৷  গতিকে সকলোবোৰ কথা জুকিয়াই চাই সকামভাগলৈ নোযোৱাটোকে মহাজন বুঢাই ঠিৰাং কৰিলে ৷

কাহঁৰ বাটিত বাকী থকা লাল চাহকনৰ শেষ ঢোকাটো মাৰিব লৈছেহে ,এনেতে মহাজন বুঢ়াই নঙলাৰ সিটোপাৰে মহীকান্তক থিয়দি থকা দেখা পালে ৷ মহীকান্তয়ো বুঢ়াৰ নজৰ পোৱালৈহে বাট চাই আহিল হ’বলা , বুঢ়াৰ চকুত চকু পৰাৰ লগে লগেই সি নঙলাডাল খুলি সোমায়েই আহিল ৷ ৰাজনীতিৰ লগত দুৰ্নীতি ‘ফ্ৰি’তে অহাৰ নিচিনাকে মহীকান্তৰ লগতে তাৰ চিৰপৰিচিত হাহিঁটোৰো মহাজন বুঢ়াৰ চৌহদত প্ৰৱেশ ঘটিল ৷ দাঁতৰ যদি ফেশ্বন শ্ব’ পতা হয় নিশ্চয় এই কেৰকনেই বিজয়মালা পিন্ধিব ৷

:অ’ মহাজন দাইটি,কি ইমানকে ভাবিছা , বোলো হয়নে ? চিনিব পৰা নাই নেকি এই অধমক ?’-মহীকান্তৰ মাতত মহাজন জাপ মাৰি উঠিল ৷ এনেহে লাগিল যেন কোনোবাই তেওঁৰ কানৰ ওচৰত আহি বৰতালহে বজালে ৷

:হেৰ’ শনিগুটি,অলপ লাহে লাহে চিঞৰিব নোৱাৰ ?? বুঢ়াৰ এনেই কানদুখনৰ অৱস্থা তথৈবচ ৷ তাতে তোৰ  যিহে টেটুফলা চিঞৰ ! মানুহ মাৰি দিবি অ’ তই ! তেৰাইও যাক দিয়ে,একে দিও বুলি দিয়ে দেই ৷ আৰু তোক চিনি নোপোৱা মানুহ যে  এই খাটোৱাল মৌজাত কোনোবা ওলাব তাত মোৰ সন্দেহ আছে  ৷ ক’চোন  পিছে  কি সকামত আজি মোৰ ঘৰত পদধূলা দিলিহি ৷ ’-কাষৰঘৰৰ মালতীয়ে কেতিয়াবাই দি থৈ যোৱা তামোলৰ বঁটাটোত কেঁচা তামোল এটুকুৰাৰ সৈতে পান আধাখিলা পৰি আছিল ৷ বুঢ়াই তাৰে অকনমান চিকুটি মুখত ভৰালে,ৰৈ যোৱাকন মহীকান্তৰ হাতত দিলে ৷

: হে: হে: হে: দাইটিয়েও জমাই দিছে আৰু ৷ মোৰনো কি ইম্পৰটেন কামদাল থাকিব !? এনেই   দেখা দিম  বুলি আহিলো আৰু ৷ পিছে কথা এটা নথকা নহয় ৷ হে:হে: হে: ল’ৰাটোৰ চাকৰিটো যেনেতেনে হ’লগে নহয় দাইটি ৷ –তামোলখন মুখত ভৰাই মহিকান্তই গৌৰৱেৰে ক’লে ৷

:হেৰ’ সেইটো দেখোন বৰ ভাল খবৰেই ৷ তই যেনেকৈহে লাজ কৰি কথাটো ক’লি যেন ল’ৰাই বাংলাদেশী তিৰী আনি ঘৰত সুমুৱালেহি ৷ পিছে ক’ত হ’ল চাকৰিভাগ হয়নে ? –বুঢ়াই আকৌ এনেকুৱা খবৰবোৰ বৰ ভাল পায় ৷ চাকৰিটোৰ বিষয়ে তেঁওৰ অধিক জানিবলৈ মন গ’ল ৷

:হওতেটো গ্ৰামোন্নয়ন বিভাগত হৈছে ৰ’বা ৷ এতিয়া কামত জইন কৰিবলৈহে বাকী আৰু ৷ চব প্ৰভুৰ কৃপা, বুইছা চব প্ৰভুৰ কৃপা ৷ এতিয়াহে মনলে অলপ শান্তি ঘুৰি আহিছে দাইটী ৷ কিমান দিনৰ পৰা যে টাকুৰি ঘুৰাদি গুৰি আছিলো অ’!! শেষত যেনিবা কৰুনাময়ে দয়া কৰিলেগৈ আৰু ৷  দৰমহা-পাটিটো ভালেই এইটো বিভাগত ৷ আৰু বাহিৰা পইচাও ঢেৰ আছে ৷ –তামোল পাগুলি পাগুলি মহিকান্তই কৈ উঠিল ৷ মুখৰ হাঁহিতো শাম কটাই নাই ৷

:   পিছে ৰচোন…তোৰ ল’ৰাটোৰ সেইটো বিভাগত চাকৰি কৰাৰ জোখাৰে অৰ্হতা আছেনে নাই ? সি দেখোন হায়াৰ ছেকেণ্ডাৰীত ফেল কৰিছিল বুলিহে শুনিছিলো  মই ৷-মহাজন এইবাৰ আচৰিত হোৱাৰ পাল ৷

:ল’ৰাটোৱে হায়াৰ ছেকেণ্ডাৰীত ফেল কৰাটো হয় ৷ আজিলৈকে সি তাৰ দেওনা পাৰ কৰিবই নোৱাৰিলে ৷ তুমি থিকেই শুনিছা দাইটী ৷ পিছে আজিকালি হ’বলা অৰ্হতা লাগে চাকৰি পাবলৈ !! তুমি কোনখন দেশত আছাহে দাইটী??-মুখৰ হাহিঁটো অলপ কমাই মহীয়ে দাইটীক ‘ইনছাল্ট’ৰ সুৰত সুধিলে ৷

:মোৰ ডাঙৰ ল’ৰাটোৱৈ দেখোন নিজৰ অৰ্হতা দেখুৱাইয়ে চাকৰিটো পাইছিল ৷ আজিকালি সেইটো নালাগে নেকি অ’? কথাটো হয় পিছে ৷ দিনকাল সলনি হ’লতো ৷ গতিকে চব সলনি হৈছে ৷ –মহাজন বুঢ়াই হুমনিয়াহ কাঢ়ি ক’লে ৷

:হে ৰ’বা হে দাইটী ৷ ইমান ‘ছেন্টি’ ফালিব নালাগে ৷ আজিকালি অৰ্হতা দেখুৱাই চাকৰি বিচাৰি ফুৰাৰ দিন উকলিল ৷ আজিৰ যুগত ভিটামিন ‘এম’ লাগে ৷ ভিটামিন ‘এম’ !!  ইয়াৰ দুটোপালমান সৰহকে খুৱাই দিলে চাকৰি আহি তোমাৰ ওচৰত হাজিৰ হৈ যাব ৷ তুমি টেনছন ল’ব দৰকাৰ নাই ৷ চব ভিটামিন ‘এম’ৰ ওপৰত এৰি দি ঠেঙৰ ওপৰত ঠেঙ তুলি বহি থাকা ৷ মইয়ো কথাটো কাষৰ যোগেন কওঁতেহে গম পালো ৷ বৰ কামত অহা বস্তু এই ভিটামিন ‘এম’টো দেই দাইটী ৷ দিলো দুটোপাল খুৱাই উপৰৱালা দুজনক ৷ এতিয়া দেখিলা ,কেনেকৈ পতককে চাকৰিটো পাই গ’লো ৷ –বিশ্বজয় কৰি অহা ৰজাৰ দৰে মহীকান্তৰো একেই অৱস্থা ৷   ৷ তাৰ চাগে বুকুখন পাঁচ-ছয় ছেন্টিমিটাৰমান ওখ হৈ গৈছে গপতে ৷ একে উশাহে কথাবোৰ কৈ তাৰ অলপ ভাগৰো লাগিছিল হ’বলা ৷ কেইটামান ঘন-ঘন উশাহ ল’লে  সি
আৰু সৰু পুতেকৰ মুখত মহীয়ে এই ‘ছেণ্টি’ শব্দটো  শুনিছিল ৷ পুতেকৰ পৰা তাৰ অৰ্থটো জানি ল’লে ৷  এতিয়া যাকে-তাকে চল পালেই সেইটো শব্দ সি কবলৈ লাজ নকৰে  ৷ পিছে মহাজন বুঢ়াই এতিয়াও বুজি পোৱা নাই ‘ভিটামিন এম’ৰ ৰহস্য ৷

বুঢ়াই আকৌ সুধিলে-“হেৰ’ মহী ৷ এইটো কেনেকুৱা ভিটামিন অ’ ? আগে-পিছে ইয়াৰ নাম শুনা দেখোণ  মনত নপৰে ৷ ভালকে কচোন অলপ ৷ কিজানি দুটোপালমান আমাৰ বুঢ়ীকো খোৱাব পাৰি ৷”

:হে:হে:হে: দাইটী ৷ সেইটো তেনেকে খুৱাব পৰা বস্তু নহয় নহয় ৷ আৰু ভাল মানুহে সেইটো নাখায় দাইটী ৷ –মহীকান্তৰ মুখত আকৌ সেই চিৰপৰিচিত বিশ্বজয়ৰ হাঁহিটো ৷

:হেৰ’ কি মোৰ লগত মুখৰ চুপটি মাৰি আছ ? সোনকালে ক’ বস্তুটো কি ?কি এই ভিটামিন ‘এম’ ?- বুঢ়াৰ মধ্যমা আঙুলিত অথনিৰে পৰা এটা অঘাইটং মহে কু-কুৱাই আছে ৷ তাক তেজ লাগে হ’বলা ৷ বুঢ়াই বাৰে বাৰে মহটো খেদি যায়,বাৰে বাৰে মহটো উৰি যায় ৷ আকৌ আহে  সি উভটি ৷ মুঠতে সি নাছোৰবান্দা,তেজ খাবই আজি সি ৷ বুঢ়াই বোলো এই কথাই কথা নহয় ৷ ইয়াক আজি বধিমেই ৷অলপ পাছত মহটো আকৌ আহিল ৷ এইবাৰ বুঢ়াই তাক গোটেই শৰীৰত  যিটোহে ‘চৰ’ বহুৱালে ,বেচেৰা মহটো একেকোবে গৈ সিপুৰী পালেগৈ ৷  মহীকান্তৰ আওপকীয়া কথাবোৰ  শুনি শুনি বুঢ়াৰ এনেও খং উঠি আহিছিল ৷ সাতে-পাঁচে বাৰ মিলি খঙতে চৰটো অলপ জোৰতেই পৰিল মহটোৰ গাত ৷

বুঢ়াই আকৌ সুধিলে -“তই ক’লে ক’৷ নক’লে যা ৷ এনেই মোৰ মাথাটো নুচুবাবি বুজিছ ৷ নিজৰটো কাম-ঢাম নাইয়েই ৷ মোকো তোৰ লেখীয়া বুলি ভাবিছ নেকি ? ” দাইটীৰ খং তুংগত ৷

: বাৰু দাইটী ৷ কোৱাচোন  ৷ ‘এ’ ফৰ যদি ‘অখিল গগৈ’ হয়, ‘টি’ ফৰ যদি ‘তৰুন গগৈ’হয় আৰু ‘চি’ফৰ যদি কৰাপচন হয় তেন্তে ‘এম’ফৰ কি হ’ব ?-মহীকান্তই এইবাৰ সাঁথৰ সোধাত লাগিল ৷ এলা-পেচা সাঁথৰ নহয় আকৌ ৷ ‘পলিটিকেল সাঁথৰ’ !

:হেৰ’ গৰু ৷ মোৰ ইমান জ্ঞান থকাহ’লে আজি তোৰ নিচিনা এটা বুৰ্ব্বকৰ লগত এইদৰে মুখৰ চুপটি মাৰি থাকিবলগীয়া নহ’ল হয় ৷ ডাক্তৰ বা ইঞ্জিনিয়াৰ হৈ কোনোবা প্ৰদেশত থাকিলোহেতেন ৷ গতিকে তইয়েই সাথঁৰৰ ভাঙনি কৰ  সোনকালে –মহাজন বুঢ়াই তাক মাৰিবলৈ খেদি যাবহে বাকী আৰু  ৷

: তোমাক ইমানবোৰ আইদিয়া দিওতেও তুমি বুজি পোৱা নাইনে !! বাৰু পইছাক ইংৰাজীত কি বুলে জানানে?-মহীকান্তও সাতঘাটৰ সৈয়াকণী ৷ইমান সহজে এৰি দিয়া ভকত নহয় সি ৷বুঢ়ালৈ বুলি আকৌ প্ৰশ্নবান এৰি পঠিয়ালে ৷ এইবাৰ সি ইংৰাজীত পাণ্ডিত্য দেখুৱাব বুলি ঠিৰাং কৰিলে ৷

:সেইটোটো মোৰ বুঢ়ীয়েও জানিব ৷ মই নাজানিমনে ??  পইছাক ইংৰাজীত ‘মানি’ বুলি কয় আকৌ ৷-বুঢ়াই বহুত গহীন হৈ  বীৰৰ দৰে উত্তৰ দিলে ৷

: সেইটোৱেইটো ভিটামিন ‘এম’ আকৌ ৷ হা:হা:হা: ৷ বুজা নাই !! ‘এম’ ফৰ ‘মানি’ আকৌ দাইটী  ৷ হে: হে: হে: হে: হে: হে: !!! পিছে তাকে কৰিব যাঁওতে খেতি কৰা মাটি এবিঘা বেচিবলগা হ’ল ৷ এতিয়া আৰু সেইবোৰ দুখ নকৰো ৷ ল’ৰাটোৰ চাকৰিটো হ’ল যেতিয়া মই সুখী  ৷ এতিয়া বুজিলা ‘ভিটামিন এম’ৰ ৰহস্য ? —মহিকান্তই গাৰ সৰ্বশক্তি প্ৰয়োগ কৰি হাঁহিলে ৷ তাৰ হাঁহিৰ শব্দত কাষৰ ঘৰৰ কেচুৱাটোৱে কন্দা শব্দ মহাজন বুঢ়াই শুনা পালে ৷

:এৰা ,বুজিলো দে  মহী ৷ভালকৈয়ে বুজিলো ৷  তোৰ কথাৰ পৰা এইটোও  বুজিলো  যে এতিয়া ভিটামিন ‘এম’ৰহে যুগ ৷ পইচা নহ’লে আজি যেন খোজটোও ভালকৈ কাঢ়িব নোৱাৰি ৷ সেইটো নহ’লে আজিকালি একো নচলে ৷’ –কথাষাৰ কৈ কৈ নিত্যানন্দ মহাজনে পশ্চিমৰ মাৰ যাব ধৰা বেলিটোলৈ চাই পঠিয়ালে ৷ বেলিৰ ৰংটো  লাহে লাহে টিকটিকিয়া  ৰঙা  হৈ পৰিছে ৷ ঠিক অৰুনা বুঢ়ীৰ কপালত থকা  ফোঁটটোৰ দৰেই …

xxxxxxxxxxxxxxxx    অন্ত  xxxxxxxxxxxxxxxxxxxxxxx

“সংসাৰত বাস কৰিব লাগে বোকাত থকা মাগুৰ মাছৰ দৰে। যেনেকৈ মাগুৰ মাছ বোকাত থাকে, অথচ গাত অকনো বোকা নালাগে। ” – ৰামকৃষ্ণ পৰমহংসদেৱ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments