ভিতৰৰ মাত এটাই মাতিছে—নুৰুল আমিন (শ্ৰদ্ধা আৰু কৌতূহলেৰে চৈয়দ আহমেদ ছাহদেৱৰ হাতত।)

বতাহত এটা খবৰ উৰিছিল
কোনোবাই হেনো
মানুহৰ ভিতৰত মানুহ দেখিছিল

নেদেখা ফুলৰ গোন্ধৰ দৰে
চুব নোৱৰা শৰীৰৰ
জুখিব নোৱৰা উচ্চতাৰে
ৰ’দ আৰু বতাহৰ ভাষাৰে
জোনাকী হাঁহি আৰু
বোকাৰ কান্দোনেৰে
অৰণ্যৰ মাজে মাজে ঘূৰি ফুৰা
কিবা এক মায়াবী মানুহ

মানুহৰ আন্ধাৰতে লুকাই থাকে বোলে
এই অশৰীৰী মানুহ
মানুহৰেই বোলে আশ্ৰয় আৰু ঠিকনা
এই মায়াবী মানুহ

সেই যাদুকৰী উৰা বাতৰিটোৰ পাছৰে পৰা
মানুহে মানুহ বিচাৰি ইমান হাবাথুৰি খালে

এদিন এটা ভূতে
ভূত দেখা মানুহৰ দৰে
কাণে কাণে ফুচফুচাই ক’লে
এজন খেতিয়কৰ ঘামত গলি গৈ
মাটিত বিয়পি যোৱা মানুহ এজন
ফুলৰ গোন্ধ হৈ
আকাশলৈ উৰি গৈ
বীজ হৈ সৰি গৈ
শিপা হৈ মাটি হৈ গ’ল

মানুহৰ ভিতৰত মানুহ হেৰাই গ’ল

এদিন এজন কমাৰে
জুইৰ শিখাৰপৰা মানুহ এজন আনি
লোহাৰ হাতুৰীত লুকুৱাই থ’লে

এদিন বিহসনা হুল এডালে
এজাক মৌমাখিৰ ভুনভুনিত
আচম্বিতে এজন মানুহ লুকুৱাই থ’লে

এদিন এজন মাছমৰীয়াই
শামুকৰ ভিতৰত সুমুৱাই
এজন মানুহ সাগৰলৈ দলিয়াই দিলে

এদিন এজন ৰাজকুমাৰে
এজন ভিখাৰীৰ কমণ্ডলুত
তুলি দিলে এজন মানুহ

এদিন একাপ বিষত জুবুৰিয়াই
এজন পুলিচ বিষয়াই
মাটিত পুতি থ’লে এজন মানুহ

এদিন এজাক ভাৱৰীয়াই
আকাশত গজাল মাৰি
ছবিৰ দৰে আঁৰি থ’লে এজন মানুহ

পৃথিৱীৰ যুদ্ধভূমিত
পথাৰৰ বোবা হাহাকাৰত
কলঘৰৰ কোৰ্হালৰ নিঃসংগ হুমুনিয়াহত
ফাঁচীকাঠৰ আন্ধাৰত
কাৰাগাৰ আৰু শ্ৰেণীকোঠাৰ মজিয়াত
সভাঘৰৰ দেৱালত
ৰাজ-আলিৰ মাটিত পৰি ৰোৱা মাতত
বুৰঞ্জীৰ পাতত কোৱা কথাৰ আঁৰত
পোতখাই থাকিল কিমান মানুহ

উৰাবাতৰিত উৰি গৈ
আকাশে বতাহে মানুহে
ইমান হাবাথুৰি খালে

আজি হেনো তেওঁৰ ভিতৰৰপৰা
মানুহৰ এটা মাতে
তেওঁক বৰকৈ ভিতৰলৈ মাতিছে

আপোনাকো মাতিছে নেকি
ভিতৰৰ এটা মাতে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক