ভিতৰ আৰু বাহিৰ মূল- ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘সদৰ ও অন্দৰ’ অনুবাদ – নয়নমণি হালৈ

 

বিপিনকিশোৰ ধনীঘৰত জন্ম পোৱা ল’ৰা, সেইকাৰণে সি খৰচ কৰিবলৈ শিকিলে যিমান, তাৰ আধাও কিন্তুু উপাৰ্জন কৰিবলৈ নিশিকিলে৷ আনকি যিটো ঘৰত তাৰ জন্ম, সেই ঘৰটোকো সি নিজৰ কৰি ৰাখিবলৈ সক্ষম নহ’ল৷ কিন্তুু সি দেখাই-শুনাই সুন্দৰ সুঠাম, গান, বাজনা এইবোৰত সিদ্ধহস্ত, সুকুমাৰ কলাত ৰাপ থকা তৰুণ যুৱক আছিল৷ মাত্ৰ জীৱনযাত্ৰাৰ ৰথখন চলিবলৈ যি বিপুল আয়োজন লাগে, সেইখিনি কৰাটো তাৰ আয়ত্তৰ বাহিৰত, গতিকে জগন্নাথৰ ৰথখনৰ দৰেই তাৰ ৰথখন অচল৷

তাৰ বিপৰীতে ৰজা চিত্তৰঞ্জন আছিল সৌভাগ্যশালী৷ তেওঁ বহুদিনীয়া মোকৰ্দমা এটাৰ পৰাও বহু বিষয়-সম্পত্তিৰ অধিকাৰী হৈ বহুদিনীয়া চখ পূৰণ কৰি থিয়েটাৰ পাৰ্টি এটা খুলি বহিছে৷ হেন সময়তে তেওঁৰ লগালগি হ’ল বিপিনকিশোৰৰ সৈতে৷ বিপিনকিশোৰৰ দৰে ধুনীয়া চেহেৰাৰ, তাতে আকৌ গান লিখে, গান গায়, এনে মানুহ পায় তেওঁ মুগ্ধ হ’ল আৰু আদৰ-সাদৰ কৰি থিয়েটাৰ পাৰ্টিটোতে সোমাই লৈ কম সময়তে তাক ৰজাৰ অনুগামী কৰি তুলিলে৷

ৰজা বি.এ পাচ কৰা লোক৷ তাতে তেওঁৰ কোনোধৰণৰ উচ্ছৃঙ্খল স্বভাৱ নাই৷ ডাঙৰ মানুহৰ ঘৰত জন্মিও তেওঁ নিয়ম মতে চলে, সময়মতে খায়, সময়মতে শোৱে৷ কিন্তুু হঠাতে তেওঁৰ এটা নিচা হৈ পৰিল, সেয়া হ’ল বিপিনকিশোৰৰ সংগ৷ বিপিনকিশোৰৰ সংগত ৰজাই সকলো পাহৰি যায়৷ বিপিনৰ লগত গান, বাজনা, গীতিনাট্য এইবোৰ আলোচনা কৰি থাকোতে ৰাতি বাঢ়ি যায়, সাজি থোৱা ভাত চেচা পৰি যায়৷ ঘৰৰ লগুৱা লিকচৌৱে কোৱা-কুই আৰম্ভ কৰিলে বোলে, ‘ৰজাৰ নিস্কলংক গাত চেকা বুলিবলৈ এতিয়া এটাই, সেয়া হল এই বিপিনকিশোৰৰ প্ৰতি অতি আসক্তি’৷

হেনদেখি ৰাণী বসন্তকুমাৰীয়ে এদিন গিৰিয়েকক তৰ্জন-গৰ্জন কৰি উঠিল বোলে, ‘ক’ৰ পৰা ধৰি অনা বান্দৰ এটাই আমাৰ সুখৰ সংসাৰ মাটি কৰিবলৈ ওলাইছে৷ সি দূৰ নোহোৱালৈ মোৰ শান্তি নাই৷ ’

ৰজাই তাৰ কম বয়সীয়া ঘৈণীয়েকৰ কথা শুনি মনে-মনে হাঁহে৷ ভাবে, ‘এই তিৰোতাবোৰো যে আৰু.. যাক ভাল পায়, কেবল তাকহে চিনি পায়৷ জগতত যে ভাল পাবলৈ আৰু কিমান গুণী পাত্ৰ আছে, সেইবোৰ কথা ইহতে একো নাজানে৷ যিটো মানুহে ইহতৰ কাণৰ কাষত কিবা দুইষাৰ মন্ত্ৰ পঢ়ি বিয়া কৰাই লৈ গুচি আহে, পৃথিৱীখনৰ য’ত মৰম-আদৰ আছে কেবল তাকহে দিব৷ গিৰিয়েকৰ ভাত খোৱা সময় আধাঘণ্টা পাৰ হ’লেই ইহতৰ হাহাকাৰ লাগি যায়, কিন্তুু যাৰ বাবে গিৰিয়েক চলি আছে, তাক দূৰ কৰি দিলে যে একমুঠা ভাত পাবলৈও হাহাকাৰ হ’ব, সেইবোৰ কথা হ’লে ক’ব নোৱাৰে’৷ তিৰোতা মানুহৰ এনেহেন বিবেচনাহীন কাম দূষণীয় হলেও কিন্তুু ঘৈণীয়েকৰ এই খং চিত্তৰঞ্জনৰ কাৰণে কিবা এটা স্ফুৰ্তিৰ কথা হৈ পৰিল৷ সি যেতিয়াই-তেতিয়াই ঘৈণীয়েকৰ ওচৰত বিপিনৰ গুণ-গান আৰম্ভ কৰি দিয়ে আৰু তাতে যে ঘৈণীয়েকৰ খঙ উঠে, সেয়া সি ভিতৰি প্ৰাণভৰি উপভোগ কৰে৷

ৰজা-ৰাণীৰ অন্দৰমহলৰ এই খেল কিন্তুু বেচেৰা বিপিনৰ বাবে বৰ সুবিধাজনক নহ’ল৷ ধনীঘৰৰ ভৃত্য, কৰ্মচাৰী আদিৰ বাবে স্বভাৱতেই মালিকৰ আশ্ৰিত আলহী ওপৰঞ্চি বোজাস্বৰূপ, তাতে স্বয়ং ৰাণী যিহেতু আলহীৰ পক্ষত নাই, গতিকে চাকৰ-নাকৰ সকলোৱে তাক গুৰুত্ব কমাই দি ভিতৰি-ভিতৰি উপেক্ষা কৰিবলৈ আৰম্ভ কৰিলে৷

তাৰে এটা চাকৰ ‘পুটু’ক এদিন ৰাণীয়ে হুৰহুৰাই উঠিল, ‘তোক যে একো কামতেই দেখা নাপাও, গোটেই দিনটো তই কৰা কি’৷
সিও উত্তৰ দিলে, ‘ৰজাই দেখোন সেই বিপিন বোলাটোৰ কামতেই মোক লগাই থৈ দিছে’৷
ৰাণীয়ে ক’লে: ‘ইচ, বিপিনটো কি ইয়াৰ নবাব ওলাইছে নেকি’৷

তাৰে পিছদিনাৰ পৰাই পুটুৱে বিপিনৰ খোৱা-লোৱা বাচন একো চাফ-চিকুণ নকৰে, আনকি তাৰ খোৱা বস্তুত যে ঢাকোনখন দি থব লাগে, সেই কামটোকো সি নকৰে৷ উপাই নাপাই বেচেৰা বিপিনে নিজৰ খোৱা কাহী নিজে ধুই আনে, কেতিয়াবা ধুবলৈ এলাহ লাগিলে উপবাস দিয়ে৷ কিন্তুু ৰজাৰ ওচৰত এইবোৰ আপত্তি লৈ সি যাব নোখোজে৷ এইবোৰ অভিযোগ দি সি চাকৰ-নাকৰৰ দৰে মানুহৰ লগত কাজিয়া এখন চপাই লৈ নিজৰ আত্মসন্মান হেৰুৱাব নোখোজে৷ এনেকৈয়ে বিপিনৰ ভাগ্যই বাহিৰৰ পৰা আদৰ-সন্মান লৈ থাকিল যদিও অন্দৰমহলত অবজ্ঞাৰ সীমা নোহোৱা হ’ল৷

এইফালে ‘সুভদ্ৰা হৰণ’ গীতিনাটকৰ ৰিহাৰ্চেল শেষ৷ ৰাজহাউলিৰ চোতালতে হব নাটকৰ অভিনয়৷ শ্ৰীকৃষ্ণৰ ভাওত স্বয়ং ৰজা আৰু অৰ্জুনৰ ভাওত আমাৰ এই বিপিন৷ আঃ অৰ্জুন নে অৰ্জুন৷ যেনে অৰ্জুনৰ মাত, তেনে অৰ্জুনৰ ৰূপ৷ দৰ্শক থৰ লাগিল৷ সকলোৰে মুখেৰে ওলাল কেবল দুটা শব্দ ‘ধন্য ধন্য’৷

ৰাতি শয়নকক্ষত ৰজাই ৰাণী বসন্তকুমাৰীক সোধে, ‘কেনে দেখিলা পিছে অভিনয়’৷
ৰাণীয়ে ক’লে, ‘বিপিনক অৰ্জুনৰ বেশত ইমান যে ধুনীয়া লাগিছিল৷ সি ল’ৰাটো চেহেৰাই-পাতিয়ে ভাল ঘৰৰ ল’ৰাৰ নিচিনাই, আৰু তাৰ মাতটোও যে ইম্মান মিঠা’৷
ৰজা: আৰু মোৰ চেহেৰা, মোৰ মাত এইবোৰত কি একো নাই?
ৰাণীয়ে ‘তোমাৰ কথা বেলেগ’ বুলি ক’লে যদিও মুখেৰে আকৌ বিপিনৰ অভিনয় প্ৰতিভাকেই বখানি থাকিল৷

ৰাণীৰ এই উত্‍সাহতকৈ বহু বেছি উত্‍সাহেৰে ৰজাই ৰাণীৰ আগত বিপিনৰ এনে প্ৰশংসা বহুবাৰ কৰি আহিছে, কিন্তুু এইমাত্ৰ ৰাণীৰ নিজ মুখেদি বিপিনৰ গুণগান শুনাৰ লগে-লগে তাৰ ভাব হ’ল যে, বিপিনৰ যিমানখিনি প্ৰতিভা, অবিবেচক মানুহবোৰে তাতকৈ বেছি প্ৰশংসা কৰি তাক বহুত ওপৰত উঠাই দিছে৷ তাৰ চেহেৰাই বা কি, তাৰ কন্ঠই বা কি বেলেগ! মাত্ৰ কিছুসময় আগলৈ এই মানুহজনীও অবিবেচক শ্ৰেণীৰ ভিতৰতে আছিল, হঠাত্‍ এইজনীৰো বিবেচনা জাগি উঠিল কেনেকৈ!

পিছদিনাৰ পৰা কিন্তুু বিপিনৰ খোৱা-লোৱাৰ ব্যৱস্থা উন্নত হ’ল৷ বসন্তকুমাৰীয়ে ৰজাক ক’লে, ‘বিপিনক তলৰ সেই চাকৰ-নাকৰ থকা ঘৰটোত থাকিবলৈ দিয়াটো বৰ বেয়া কথা হৈছে৷ হাজাৰ হওক, সিও এটা সময়ত ভাল ঘৰৰ ল’ৰাই আছিল’৷ ৰজাই কেবল সংক্ষেপে ‘হ’ব’ বুলি কৈ কথাটো সামৰি থ’লে৷

তাৰপিছত এদিন ৰাণীৰ পৰা অনুৰোধ আহিল, ‘শুনিছানে, কেঁচুৱাক ভাত মুখত দিয়াৰ দিনা আৰু এবাৰ যেন নাট্যাভিনয় অনুষ্ঠিত কৰা হয়’৷ ৰজাৰ যেন কথাটো কাণতেই নোসোমাল, তেনে দেখা গ’ল৷

এদিন ৰজাৰ খঙ উঠিল, ই ‘পুটু’ই কাপোৰবোৰো ভালদৰে জাপি-জুপি নথয়৷ তাক দুইআষাৰমান গালি দিবলৈ লওতেই পুটুই মাত দিলে, ‘কি কৰিম, ৰাণীমাইৰ কথামতে মই দেখোন বিপিনৰ এইটো কৰা, সেইটো কৰা, বাচন ধোৱা এইবোৰ কৰোতেই যায়’৷ ৰাগে-খঙে ৰজাই কেবল ক’লে, ‘ইচ বিপিন কি ইয়াৰে নবাব ওলাইছে, সি কি নিজৰ বাচন নিজে ধুব নোৱাৰে’৷

বিপিন যেন ‘পুনৰ্মূষিক ভবঃ’ সাধুটোৰ মুষিক হৈ পৰিল৷

ৰাণীয়ে এইবাৰ ৰজাক জোৰ দি ধৰিছে বোলে ‘বিপিনৰ লগত যেতিয়াই সংগীতৰ বৈঠক হয়, ৰাণীক যেন কাষৰ ঘৰৰ পৰ্দাৰ আড়ালৰ পৰা শুনি থাকিবলৈ দিয়া হয়৷ কাৰণ বিপিনৰ গান ৰাণীৰ বিৰাট ভাল লাগে’৷ ৰজাৰ পিছদিনাৰ পৰাই পূৰ্বৰ নিয়ম মতে সঠিক সময়ত আহাৰ, সঠিক সময়ত নিদ্ৰা আৰম্ভ হ’ল৷ গান বাজনা আৰু বন্ধ৷

দুপৰীয়া সময়ত ৰজাই জমিদাৰী কাম-কাজবোৰ চোৱা-চিতা কৰে৷ এদিন পুৱাই পুৱাই অন্তেষপুৰত যায় দেখা পালে ৰাণীয়ে কিবা এখন হাতত লৈ পঢ়ি আছে৷ ৰজাই সুধিলে, ‘কি পঢ়ি আছা? ’ ৰাণী প্ৰথমে অলপ থতমত খালে, তাৰপিছত কলে, ‘বিপিনৰ গানৰ বহীটো আনি দুই এটা গান মূখস্থ কৰিব খুজিছো৷ তোমাৰতো আৰু গান বাজনাৰ চখ গুচিয়েই গ’ল’৷ গান বাজনাৰ চখটো নহোৱা কৰিবলৈ ৰাণীয়েই যে এদিন চেষ্টা চলাইছিল, সেইকথা আৰু ৰাণীক ৰজাই মনত কৰি নিদিলে৷

তাৰ পিছদিনাই ৰজাই বিপিনক মাতি আনি বিদায় দিলে৷ ইয়াৰপিছত সি ক’ত যায়, কি কৰি পেটৰ ভাতমুঠা মোকলায় সেই কথা ৰজাই বিচাৰ কৰাৰ প্ৰয়োজন বোধ নকৰিলে৷

দুখ কেবল সেইটোৱেই নহয়, ইতিমধ্যে বিপিনে যে ৰজাৰ লগত অকৃত্ৰিম অনুৰাগৰ এক বন্ধুত্ব গঢ়ি তুলিছিল, সেয়া যে দৰমহাৰ পইছাতকৈ বহুত বেচি দামৰ আছিল, সেই কথাও ৰাজাই নাভাবিলে৷ কি অপৰাধত হঠাত্‍ ৰজাৰ মনৰ পৰা সি ওলাই আহিবলগা হ’ল, সেই কথা সি বহু ভাবি ভাবিও উলিয়াব নোৱাৰিলে৷ অৱশেষত দীৰ্ঘনিশ্বাস পেলাই বন্ধুৰ সংসাৰৰ পৰা বন্ধুহীন বৃহত্‍ সংসাৰখনলৈ সি বাহিৰ হৈ আহিল৷ অহাৰ সময়ত তাৰ হাতত শেষ সম্বল হিচাপে দুইটকা আছিল৷ সি সেই দুইটকাটো ৰাজভৃত্য ‘পুটু’কে দি থৈ আহিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক