“ভিন্নজনৰ দৃষ্টিত জনতাৰ বিষ্ণুৰাভা” ( অঞ্জনা তামুলী)



বিষ্ণুৰাভাই সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত শঙ্কৰদেৱৰ অৱদান স্বীকাৰ কৰি অসমৰ নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল। এইখিনি কৰোঁতে শঙ্কৰদেৱৰ মূল্যায়ন অৰ্থাৎ শঙ্কৰদেৱৰ সাংস্কৃতিক চেতনাৰ প্ৰভাৱৰপৰা আঁতৰি অহা নাছিল। শঙ্কৰদেৱৰ আদৰ্শত অনুৰক্ত আছিল বাবেই ৰাভাৰ জাতীয়তাবাদ আছিল উদাৰ, গভীৰ, নাছিল সংকীৰ্ণ মনোভাৱৰ চামনি। মহান প্ৰয়াস আছিল জাতিভেদ, বৰ্ণভেদ সাম্প্ৰদায়িকতাৰ ঊৰ্দ্ধত এক মহান সংস্কৃতি গঢ়ি তোলাৰ। সমাজৰ জাতিভেদ, বৰ্ণভেদৰ বিষাক্ত বীজাণূৰ কথা মৰ্মে মৰ্মে অনুভৱ কৰিছিল। সেয়েহে তেওঁ পাপকহে ঘিণাইছিল পাপীক নহয়। সমগ্ৰ জীৱনটোৱেই ৰাইজৰ স্বাৰ্থত উৎসৰ্গা কৰিছিল। তেওঁ আছিল প্ৰকৃতাৰ্থত বিপ্লৱী।
তেখেতৰ মৃত্যুৰ পিছতেই ডঃ ভূপেন হাজৰিকাই কৈছিল- বিষ্ণুপ্ৰসাদ ৰাভাই পাৰ্থিৱ অস্তিত্ব হেৰুওৱা এমাহ হ‘ল। যোৱা জুনৰ কুৰি তাৰিখে শোণিতপুৰৰ মৰাভৰালী আৰু লুইতৰ সঙ্গমস্থলত উদ্দাম বিপ্লৱী ৰাভাৰ দেহা চিতাগ্নিয়ে সামৰি ল’লে। একুৰা জুইক চিতাৰ জুইয়ে একে কৰি অমৰ জুইত পৰিণত কৰি পেলালে। বিপ্লৱী মনৰ লোকৰ মনত সৰু সৰু জুই জ্বলালেই বিষ্ণু ৰাভাৰ আদৰ্শই শান্তি পাব। অসমৰ চিৰ যৌৱনৰ প্ৰকাশ সেমেকি গ’লেহে বিষ্ণু ৰাভাৰ মনৰ অগনিয়ে কষ্ট পাব। বিষ্ণুদাৰ কিছু সোঁৱৰণীত আকৌ হাজৰীকাই লিখিছিল- গুৱাহাটীৰ এখন বিহু সন্মিলনত ৰাভাদেৱে ভাষণত কৈছিল, “আপোনালোকে মোক কয় জীৱন শিল্পী,” মই যদি সঁচাই শিল্পী হওঁ তেনেহলে সেয়া ভগৱানৰ কৃপাত নহওঁ, জনতাৰ সৃজন শক্তিতহে। ভূপেন হাজৰিকাও ৰাভাৰ অতি প্ৰিয় শিষ্য আছিল।

বিভিন্ন জনে কি কৈছিল ৰাভাৰ বিষয়ে-
অন্নদা শঙ্কৰ ৰায়- হাতত ষ্টেনগান লৈ গান গাই, ছবি আঁকি, সাহিত্য ৰচাৰ উদাহৰণ ইটালীয় নৱন্যাস যুগত আছে বুলি শুনা যায়। কিন্তু এই দেশত এনে সব্যসাচীৰ দৃষ্টান্ত বিৰল। তেওঁৰ সমগ্ৰ কৰ্ম প্ৰচেষ্টাকে ধৰি ৰখাৰ চেষ্টা কৰা উচিত।
ৰত্ন ওজা- ’যি শিল্পী জনতাৰ বাবে নাচি, গান গাই, গীত, কবিতা, গল্প, উপন্যাস ৰচি, মঞ্চ পৰ্দাত অভিনয় কৰি, চিত্ৰ আঁকি, বক্তৃতা দি, ৰাজনীতি এই সকলোবোৰ কৰি অথবা যিকোনো এবিধ কৰি আকৰ্ষণত পৰিণত হয় আৰু ব্যক্তিগত জীৱনতো ৰাইজৰ মাজতে থাকি সেই আকৰ্ষণ অক্ষত ৰাখে তেনে শিল্পীৰ জীৱন ব্যতিক্ৰমৰো ব্যতিক্ৰমৰ ঐতিহ্য আমাৰ অসমত আছে।’
হেমাঙ্গ বিশ্বাস- ‘ৰাভাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সভ্য হিচাপে সমাজবাদ প্ৰতিষ্ঠাৰ কাৰণে একালত যি বন্দুক তুলি লৈছিল, সেই হাতেৰেই তেওঁ শতাধিক গীত ৰচনা কৰিছে। সেই হাতেৰেই ছবি আঁকিছে। গাঁৱৰ কৃষকৰ লগত একেলগে নাচিছে , গাইছে। অসমৰ ঐতিহ্যমূলক ওজাপালি, সত্ৰীয়া নাচ, বৰ্হিজগতত সুধী সমাজৰ আগত পৰিবেশন কৰিছে। জীৱনৰ বহুকাল যাৰ কাৰাগাৰৰ অন্তৰালত তেঁৱেই আকৌ ফিল্ম ষ্টুডিঅ‘ৰ বন্তিৰ পোহৰত থাকি চিত্ৰ পৰিচলনা কৰিছে। ৰাভা আছিল পাহাৰ আৰু সমতলৰ সবাতোকৈ প্ৰিয় লোক- সমন্বয়ৰ হেতু।‘
ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য- ১৯৭৯-৮০ চনৰ গণ আন্দোলনৰ পটভূমিত ‘জুনাৰেঙ্গী দুলীয়াজান, ওলাই আহা মইনাজান‘ বুলি আকৌ জাগ্ৰত জন গণ ‘আহ ঔ আহ ওলাই আহ‘ ধ্বনিৰে ‘তেজ দিম তেল নিদিও‘ ৰক্ত লেখাৰে শত দুলাল আহিছে, শত খৰ্গেশ্বৰ তালুকদাৰ, দিলীপ হুজুৰীয়ে শ্বহীদ মন্ত্ৰেৰে আকাশে-বতাহে জাগৃতিৰ মহাবাণী উচ্চাৰি আছে। ৰাভাহঁত এদিন আগবাঢ়ি আহিছিল জনতাৰ মাজলৈ, বিপ্লৱী মন লৈ। আজিৰ নিচিনা ছাত্ৰ আন্দোলনৰ দৰে ১৯৩০ খৃষ্টাব্দত কোচবিহাৰত ছাত্ৰ আন্দোলনৰ লগত জঁপিয়াই পৰি দেশৰ বন্ধন শিকলি চিঙিবলৈ আপ্ৰাণ কষ্টেৰে সংগ্ৰাম কৰিছিল ৰাভায়ো।
অসমৰ জনপ্ৰিয় সাহিত্যিক সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদিত ‘প্ৰকাশ‘ আলোচনীৰ গ্ৰন্থ সমালোচনাত ডঃ সত্যেন্দ্ৰ নাথ শৰ্মাই লিখিছিল- “বিষ্ণু প্ৰসাদ ৰাভা বৰ্তমান যুগৰ এক ৰহস্যময় চৰিত্ৰ। অসীম সম্ভাৱনা সুপ্ত হৈ থকা, মাজে মাজে মাত্ৰ সেই সম্ভাৱনাসমূহে অস্তিত্বৰ সঁহাৰি দিয়া এই সৰ্বগুণী বিপ্লৱী শিল্পী গৰাকীক মধ্যযুগৰ ইটালীৰ ৰোমান্টিক ভাৱাপন্ন, প্ৰতিভা চঞ্চল বেনভেনটো ছেলেনিৰ লগত তুলনা কৰিবৰ মন যায়।”
সাহিত্যিক তিলক হাজৰিকাদেৱে মত প্ৰকাশ কৰিছে- ৰাভা এজন আঁকোৰগোজ স্বভাৱৰ কমিউনিষ্ট নহয়, প্ৰধানতঃ আদৰ্শবাদী। সেইবাবে তেওঁ শঙ্কৰদেৱৰো ভকত, গান্ধীৰো গুণমুগ্ধ। ৰাভাই শঙ্কৰদেৱৰ সমাজ বিপ্লৱক এক যোগাত্মক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিবলৈ আৰু বৈজ্ঞানিক ব্যাখ্যাৰে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে। ইয়াকে কৰোঁতে সাম্যবাদৰ দৰ্শন তেওঁৰ সহায়ক হোৱা যেন লাগে।
কবি সাহিত্যিক অমলেন্দু গুহই কৈছিল – ‘বিষ্ণুৰাভা যেন অসমৰেই প্ৰতীক। বিভিন্ন সাধনা আৰু বহুমুখী প্ৰচেষ্টাৰ মাজেদি তেওঁ লক্ষ্যৰ সেই ঐক্যত উপনীত হৈছিলগৈ যি আজি অসমৰ তথা ভাৰতৰ শোষিত সমাজৰ শ্ৰমিক কৃষক আৰু দাৰিদ্ৰ উপজাতীয় মানুহৰ জীয়াই থকাৰ আন্দোলনৰ কেন্দ্ৰবিন্দু।‘
বঙ্গদেশৰ নিৰঞ্জন সেনগুপ্তই কৈছিল- ‘তেওঁ দুজন ৰাভাক চিনি পায়, এজনে গান গায়, নৃত্য কৰে, লিখে আৰু হো হোকৈ আপোনভোলা হৈ হাঁহে, আনজনে নিজৰ ভিতৰত ষ্টেনগান লৈ কৃষক বিদ্ৰোহৰ পাতনি মেলে।‘
লক্ষ্যধৰ চৌধুৰীয়ে লিখিছিল- ‘নাঙল যাৰ মাটি তাৰ‘ এই আন্দোলনত ৰাভায়ো জঁপিয়াই পৰিছিল। ১৯৬৭ চনৰ কথা। আমি একেটা ৰাজনৈতিক মতবাদৰ সভ্য নহ‘লেও এটা কথাত আমাৰ ভিতৰত মিল আছিল। আমি বিৰোধী দলৰ এম.এল.এ.। তেতিয়াৰ শাসকদল আছিল কংগ্ৰেছ। বিৰোধী এম.এল.এ. হোৱা বাবেই চিলঙত ৰাভাক নিচেই ওচৰতে পাইছিলোঁ। তেতিয়াই তেওঁৰ মন বুজিবলৈ বৰ সুযোগ মিলিছিল। কিন্তু আকাশ লঙ্ঘা মনৰ ৰাভাক আমাৰ বাওনা মনেৰে সহজে জানিবলৈ বা বুজিবলৈ ভবামতে সহজ নহৈছিল। বিষ্ণুৰাভা ভ্ৰাম্যমান ব্যক্তি। শৰীৰ, মন সকলো থিৰেৰে থাকিব নোৱাৰে। উৰি ফুৰে, উৰা মাৰিব খোজে, বিপ্লৱৰ কঠিয়া সিঁচি। গাওঁ-ভূই গছকি সকলো তহিলং কৰে। এনেদৰে ঘূৰি ফুৰোঁতে ৰাভাদেৱক দেখিছিলোঁ আৰু কেতিয়াবা একেলগে বহি তেওঁৰ জ্ঞানগৰ্ভ আৰু তথ্যপূৰ্ণ কথা শুনাৰ সৌভাগ্যও ঘটিছিল।
অসম গৌৰৱ হেম বৰুৱাই কৈছিল- স্বাধীন ভাৰতত যি গৰাকী শিল্পী-সংস্কৃতিৰ পূজাৰী, বিপ্লৱী পুৰুষক চৰকাৰে ডকাইত বুলি গণ্য কৰিছিল, সেইজন মহান দেশপ্ৰেমিক হ‘ল বিষ্ণুপ্ৰসাদ ৰাভা। সাংস্কৃতিক সমন্বয়ৰ সাক্ষী ‘বিষ্ণুৰাভা‘ত ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই লিখিছিল – ‘লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত যথাক্ৰমে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, কমল নাৰায়ণ চৌধুৰী, বীৰেন্দ্ৰনাথ দত্ত, তফজ্জুল আলি, দিলীপ কুমাৰ শৰ্মা, লক্ষহীৰা দাস, সুদক্ষিণা শৰ্মা আদিয়ে নিজৰ নিজৰ বৰঙণি যোগাইছে।‘
ৰাভা আছিল সহস্ৰ গুণৰ অধিকাৰী। ধৈৰ্য, সাহসী, কষ্টসহিষ্ণু, চিত্ত আকৰ্ষক, প্ৰেমিক, শিল্পী, বিপ্লৱী, কঠোৰ মনোবলী। আজি ৰাভাৰ গুণৰ হীৰাৰ পানী চাৰিওফালে চিটিকি পৰিবলৈ ধৰিছে। মৌ বৰষা বক্তৃতা দিব পাৰিছিল তেওঁ। তেওঁৰ কথাই আছিল বক্তৃতা। জীৱনত বেছিভাগ সময় অসমৰ বাহিৰত থাকিও মৰ্মে মৰ্মে উপলব্ধি কৰিছিল- অসমীয়া জাতিৰ দুখ-যন্ত্ৰণা, বুঢ়া লুইতৰ বিননি। ৰাভা আছিল একেৰাহে কবি, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, প্ৰৱন্ধকাৰ, খেলুৱৈ, চিত্ৰকৰ, ৰান্ধনি, নৃত্য-বিশাৰদ, যুগস্ৰষ্টা, কথা সাহিত্যিক, কন্ঠ শিল্পী, বাদ্য শিল্পী, ভাস্কৰ্যবিদ, সুৰকাৰ, ৰাজনৈতিক নেতা, সশস্ত্ৰ বিপ্লৱী, জীৱনটোৱেই সংগ্ৰামী ।
বিষ্ণুৰাভা, তোমাৰদৰে বীৰ পুৰুষ এজনক শত-সহস্ৰ প্ৰণিপাত জনাইছোঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bhaskar Barman
6 years ago

ভাল লাগিলে ৷৷ বহু সিকিব পালো ৷৷