ভিন্ন জীৱন (এটা ভাল লগা অভিজ্ঞতা)- তুলিকা নাথ

চাকৰিসূত্ৰে স্বামী অসমৰ বাহিৰত থকা বাবে বিয়াৰ পিছতে অসমৰ বাহিৰলৈ ওলাই আহিছিলোঁ। মাজুলীৰ ছোৱালী মই৷ যান্ত্ৰিকতাৰ পৰা দূৰৈত সহজ-সৰল পৰিৱেশ আৰু সহজ-সৰললোকৰ মাজত ডাঙৰ হৈছিলোঁ৷ সৰুৰে পৰা মায়ে ডাঙৰক সন্মান কৰিবলৈ শিকাইছিল৷ মাক ঘৰুৱা কামত সহায় কৰিবলৈ অহা বাই কিজনীকো আমি যথেষ্ট সন্মান কৰিছিলোঁ৷ তেওঁলোকৰ লগত কথা পতাত একো বাধা নিষেধ নাছিল৷ কিন্তু মায়ে সততে চকু ৰাখিছিল কি কথা পাতোঁ৷ সৰুৰে পৰি মই খুউব অনুভৱী আছিলোঁ৷ ডাঙৰ হৈ অহাৰ লগে লগে ঘৰুৱা কামত সহায় কৰিব অহা ৰেনুমাই বাইৰ দুখ সুখৰ লগৰী হৈ পৰিছিলোঁ৷ তেওঁৰ দৰিদ্ৰতাৰ বাবে কৰিব লগা সংগ্ৰাম, তিনি বছৰ হওতেই ঢুকাই যোৱা ল’ৰাটোৰ কথা, ঘৰুৱা অশান্তি সকলোবোৰ আহি মোৰ আগত কয়হি৷ কেতিয়াবা চকুলো বোৱাই৷ মই সান্তনা দিও৷ সৰুৰে পৰা দেখি অহা সেই বাইজনীৰ প্ৰতি এক আত্মীয়তাৰ ভাৱ আছিল৷ মোৰ বিয়াৰ খবৰ দিয়া দিনা এগৰাকী মাকৰ দৰেই তেওঁ খুউৱ কান্দিছিল৷ সেয়ে যেতিয়া মই বিয়াৰ পিছত অসমৰ বাহিৰলৈ আহিব ওলাইছিলোঁ তেতিয়া মাৰ অলেখ উপদেশবাণীৰ ভিতৰত সেইটো এটা,- “ঘৰত কাম কৰিবলৈ অহা মানুহক বিশ্বাস নকৰিবি৷ বেছি কথা নাপাতিবি৷ সেইবোৰ অচিনাকি মানুহ৷ সকলো মানুহ ৰেনুমাই বাইৰ নিচিনা নহয়৷ “
মাৰ উপদেশশাৰী অলপ দিনলৈহে মনত ৰাখিলোঁ৷ স্বামী কামলৈ ওলাই যোৱাৰ পিছত অকলশৰীয়া অনুভৱ কৰোঁ৷ কথা পাতিবলৈ মন যায় কৰোবাৰ লগত৷ লাহে লাহে দুই এটা কথা বিনিময় কৰিব আৰম্ভ কৰিলো ঘৰত কাম কৰিবলৈ অহা মানুহজনীৰ লগত৷ আনকি জাৱৰ নিবলৈ অহা মানুহজনীৰ লগতো৷ এই সহজ-সৰল মানুহবোৰ মোৰ ভাল লাগে৷ সিহঁতৰ জীৱনৰ কথা জানিবলৈ মোৰ খুউব মন যায়৷ সদায় এখন পৰিষ্কাৰ শাৰী পিন্ধি একান্ত মনে নিজৰ কাম কৰা মাৰ্জিত ব্যৱহাৰৰ জাৱৰ নিবলৈ অহা মানুহজনী মোৰ আনবোৰতকৈ অলপ বেলেগ লাগে৷ লেতেৰা কাম কৰে তাই নিজৰ জীৱিকাৰ বাবে৷ মই সন্মান কৰো এনেলোকক৷ কিয় জানো মোৰ তাইৰ জীৱনৰ কথা জানিবলৈ মন যায়৷ মাজে মাজে দুই এটা কথা পাতো তাইৰ লগত৷ এদিন সুধি পেলালো “ঘৰত কোন কোন আছে? “

“এটা ল’ৰা আছে৷ আদমীয়ে বেলেগ মাইকী বিয়া পাতিছে“৷
মই আকৌ সুধিলো অতি উৎসুকতাৰে
“ল’ৰা কিমান ডাঙৰ? “
তাই অতি উৎসাহেৰে উত্তৰ দিলে “কলেজ পঢ়ি আছে“
ভাল লাগিল শুনি৷ হওক তেও সি কলেজ পালেগৈ৷ সাধাৰণতে জাৱৰ পেলোৱা মানুহক আন মানুহে দুৱাৰৰ বাহিৰতে জাৱৰ দি বিদায় দিয়ে৷ কথা পতাটো বহু দূৰৰ কথা৷ কিন্তু মই তাৰ ব্যতিক্ৰম৷ মই কেতিয়াবা তাইক ভিতৰলৈ মাতি চাহ -জলপানো খুৱাওঁ৷ দিনবোৰ গৈ থাকিল৷ উৎসৱ পাৰ্বনে তাইক দুই এটকা দিওঁ৷ নিজে কেতিয়াও একো বস্তু তাই নোখোজে৷
এদিন অসময়ত আহি তাই কলিং বেল বজালে৷
“বাইদেউ মোক এটা সহায় কৰক৷ ল’ৰাৰ ফাইনেল পৰীক্ষা৷ কিতাপ কিনিবলৈ মই পইচা যোগাৰ কৰিব পৰা নাই৷ পইচা কেইটকা মান ধাৰলে দিয়কচোন৷ পিচত ধাৰ মাৰি দিম৷ “
মনলৈ বিজুলী বেগেৰে এটা কথা আহিল তাই মিছা কথাওটো ক’ব পাৰে৷ সেয়ে তাইক কিতাপৰ লিষ্টখন লৈ আহিবলৈ কলোঁ৷ পিচদিনা তাই কিতাপৰ লিষ্টখন লৈ আহিল৷ লগত পুতেককো লৈ আহিল৷ মেকানিকেল ইজ্ঞিনিয়াৰিং বিভাগৰ কিতাপ৷ দেখি স্তম্ভিত হ’লোঁ৷ স্বামীও মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী৷ ঘৰত অসংখ্য কিতাপ আছে৷ মই তেওঁক প্ৰয়োজনীয় কিতাপ তাৰপৰা বিচাৰি লবলৈ উলিয়াই দিলো আৰু পৰীক্ষাৰ পিচত ঘূৰাই দিবলৈ কলোঁ৷ মনটো ভাল লাগিল সহায় কৰিবলৈ পায়৷ তাইৰ চেষ্টা সচাঁই প্ৰশংসনীয়৷ তাই যে অকলেই সন্তানক ইমান আগবঢ়াই নিব পাৰিছে৷ তাই যেন প্ৰত্যেক নাৰীৰ বাবেই এক অনুপ্ৰেৰণা ৷ ল’ৰা পঢ়াবৰ কাৰণে মাজে মাজে পইচা-পাতি দি সহায় কৰিলোঁ৷ স্বামীৰ আগত কথাটো কোৱাত তেওঁ জানি সুখী হ’ল আৰু ক’লে “তোমাৰ ঝাৰুৱালী বান্ধৱীক ক’বা ল’ৰাই পঢ়াত কিবা অসুবিধা পালে মোৰ ওচৰলৈ লৈ আহিবলৈ“৷ মই উল্লাসিত হৈ পৰিলো৷ এৰা কিতাপ কিনিবলৈকে পইচা নাই সিনো ক’ৰপৰা টিউচন ল’ব পাৰিব৷ পিচদিনা তাইক সেই কথা কোৱাত তাই বৰ সুখী হৈছিল৷ তাইৰ আনন্দত লোটক বৈ আহিছিল৷
ল’ৰাটো মাজে-সময়ে আহে স্বামীৰ ওচৰলৈ৷ কিবা নুবুজা বিষয় থাকিলে আলোচনা কৰে৷ দিনবোৰ গৈ থাকিল৷ তাৰ ফাইনেল পৰীক্ষা হৈ গ’ল৷ যথাসময়ত পৰিণামো ঘোষণা হ’ল৷ বহুত ভাল নম্বৰ পাই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে নিজা কলেজত অহা কেম্পাচ ইণ্টাৰভিউত নিৰ্বাচিত হৈ এটা বহুজাতিক কোম্পানীত চাকৰী পাবলৈ সমৰ্থ হৈছে৷ ৰিজাল্ট আৰু চাকৰিৰ খবৰ আমাক ফোনতে দি দুয়ো আমাক লগ কৰিবলৈ আহিবলৈ ওলাল৷ সেই সময়ত আমি কিবা কাৰণত ঘৰৰ পৰা বাহিৰত আছিলো সেয়ে কলো যে ঘৰ আহি পালে আমি নিজেই গৈ লগ কৰি আহিম৷ প্ৰথমে তাই আপত্তি কৰিছিল৷ পিচত মই জোৰ দি কোৱাত মোৰ কথা পেলাব নোৱৰি তাই সন্মতি দিলে৷ মই তাইৰ ঠিকনাটো লৈ ৰাতি যাবলৈ ওলালোঁ৷ এখন ডাঙৰ শাকপাচলিৰ বজাৰ পাৰ হৈ এখন অৰ্ধনিৰ্মিত দলং দেখিবলৈ পালো৷ মোৰ অভিজ্ঞতাৰে বাহিৰৰ কাম কৰা মানুহবোৰৰ থাকিবৰ বাবে একোটাহঁত বস্তি থাকে৷ দুই কোঠালী হ’লেও একোটাহঁত ঘৰ থাকে৷ তাতে প্ৰয়োজনীয় সকলো বস্তু আটোমটোকৰীকৈ ৰাখে৷ টি ভিৰ পৰ আৰম্ভ কৰি ফ্ৰিজ চ’ফা বাচন-বৰ্তনলৈকে৷ কিন্তু সেই ঠাইত তেনে কোনো বস্তি দেখা নগ’ল৷ কেৱল মাত্ৰ অৰ্ধনিৰ্মিত দলংখনৰ তলত নীলা-নীলা কাপোৰেৰে বেৰা কিছুমান জুপুৰী ঘৰ৷ খেলি মেলিকৈ থকা কিছুমান ঘৰ৷ ঘৰ বোৰৰ সন্মুখত লেতেৰা-পেতেৰা কাপোৰ পৰিহিত দুটামান কনমাণি খেলি আছে, কোনোবাটোৰ সন্মুখত কোনো মহিলাই জুই ফুৱাই ৰুটি বনোৱাত লাগিছে, কোনোবাটোত কিছুমান চেঙেলীয়াৰ অসংলগ্ন কথা বাৰ্তা৷ মাজে মাজ দুই এটা ছাল চিঙা কুকুৰ কিবা শুঙি শুঙি ঘূৰি ফুৰিছে৷ মোৰ কিবা ভাল লগা নাছিল পৰিবেশটো৷ মনতে ভাবিলো আমি ভুল ৰাষ্টাৰে আহিলো৷ তাকে ভাবি মই তাইলৈ ফ’ন লগালো৷ এনেতে দেখিলো একাষে থকা নীলাজুপুৰী এটাৰ পৰা মাক-পুতেক ওলাই আহিছে৷ ল’ৰাটোৱে ওলাই আহি আমাৰ ভৰি চুই সেৱা জনালে৷ মাকে কলে “আমাৰ ঘৰ নাই৷ দলংখনৰ কাম বন্ধ হৈ থকা কাৰণে আজি কেইমাহ মান ইয়াতে আছোঁ…“তাই আৰু কিবকিবি কৈ আছিল৷ মই নুশুনিলো৷ এক মিশ্ৰিত অনুভৱত চকুলো বৈ আহিছিল৷ মনতে তাক বহুত আশীৰ্বাদ দিলোঁ৷ সি যাতে জীৱনত সকলো সুখ পায়৷ মাকৰ সকলো অভাৱ, দুখ আৰু কষ্ট দূৰ হওক৷

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
সোনটো
3 years ago

পঢ়ি আপ্লুত হ’লো।

সোনটো
3 years ago

বহুত ভাল লাগিল পঢ়ি

সোনটো
3 years ago

মন চুই গ’ল