“ভিলেজ ৰকষ্টাৰ্চ”- বাংময় সময়ৰ এক নিখুঁত দাপোণঃ গীতিকা শইকীয়া

 

বিশ্ববিশ্ৰুত অস্কাৰ এৱাৰ্ডৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে মনোনীত অসমীয়া ছবি “ভিলেজ ৰকষ্টাৰ্চ”ৰ বিষয়ে, ছবিখনৰ কাহিনীৰ বিষয়ে ইতিমধ্যে বিস্তৰ আলোচনা চলি আছে। অস্কাৰলৈ মনোনীত কৰিবৰ বাবে ”ফিল্ম ফেডাৰেছন অৱ ইণ্ডিয়া” (FFI)ৰ দ্বাৰা গঠন কৰা জুৰীৰ সদস্যসকলৰ চিনেমাখন সন্দৰ্ভত কৰা মন্তব্যখিনিৰ বিষয়ে সম্যক আলোচনা কৰিব খুজিছোঁ।

জুৰীৰ বিশেষ সদস্য, বিশিষ্ট ছবি নিৰ্দেশক, কাহিনীকাৰ অনন্ত মহাদেৱনৰ মতে “ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ ছবি উদ্যোগৰ লগত জড়িত তথা একো একোখন কালজয়ী ছবি নিৰ্মাতা-নিৰ্দেশক ক্ৰমে অদূৰ গোপালাকৃষ্ণণ, অৰবিন্দ্ৰ, ৰিত্বিক ঘটক, শ্বাজী এন কৰুণ আৰু বিশেষভাৱে মহান ছবি নিৰ্মাতা নিৰ্দেশক সত্যজিত ৰয়ৰ জীৱনৰ পিছৰফালে নিৰ্মিত ছবিসমূহ কিবা এক বুজাব নোৱাৰা কাৰণত সন্মানীয় অস্কাৰ পূৰস্কাৰৰ বিদেশী ভাষাৰ ছবি শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে মনোনীত হোৱা নাছিল। সেই মহান ছবি নিৰ্মাতা-নিৰ্দেশক সকলৰ পিছত যোৱা কিছু বছৰ ধৰি সেই স্থান খালী হৈ আছিল। অৱশেষত ৰীমা দাসে সেই খালী ঠাই পূৰণ কৰিলে, ভাৰতীয় ছবি-জগতে ৰীমা দাসক বিচাৰি পালে।”

শ্ৰী মহাদেৱনৰ দৰে এজন বিশিষ্ট ছবি নিৰ্মাতাৰ পৰা অসমৰ ৰিমা দাসৰ বিষয়ে এনে মন্তব্যই প্ৰমাণিত কৰে যে বিশ্ববিশ্ৰুত অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ মনোনীত হোৱা ছবি “ভিলেজ ৰকষ্টাৰ্চ”ৰ দৰেই পৰিচালক ৰীমা দাসেও ছবি নিৰ্মাণৰ ক্ষেত্ৰখনত এক বিশিষ্ট আসন ইতিমধ্যেই লাভ কৰিবলৈ সক্ষম হৈছে।

ৰীমা দাসে ছবিখনত প্ৰকৃতিৰ তাণ্ডৱৰ লগত যুঁজি যুঁজি তাৰ লগতেই সহাৱস্থান কৰি জীয়াই থকাৰ বাবে মানুহৰ যি এক চিৰন্তন সাহস তথা সপোনৰ সংগ্ৰাম তাকেই সফলতাৰে দেখুওৱাৰ প্ৰয়াস কৰিছে। স্বাভাৱিকভাৱেই প্ৰকৃতিৰ অতুলনীয়া অৱদানেৰে পৰিপুষ্ট অসমৰ এখন গাঁৱৰ কাহিনী আৰু প্ৰকৃতিৰ স্বভাৱগত বিধ্বংসী ৰূপৰ সন্মুখত সাহসেৰে জীয়াই থকাৰ বাবে মানুহৰ যি সংগ্ৰাম, সেয়াই অত্যন্ত সাধাৰণভাৱে ৰীমা দাসে “ভিলেজ ৰকষ্টাৰ্চ”ত তুলি ধৰিবলৈ সক্ষম হৈছে।

শ্ৰী মহাদেৱনৰ মতে সাধাৰণতে ভাৰতৰ সমাজ-ব্যৱস্থাৰ দৰিদ্ৰ অৱস্থাক দেখুৱায়েই ভাৰতীয় ছবিবোৰ নিৰ্মিত হয় বোলা এক ধাৰণা পশ্চিমৰ চিনেমাপ্ৰেমী দৰ্শক, সমালোচসকলৰ মনত চলি আহিছে। কিন্তু “ভিলেজ ৰকষ্টাৰ্চ”ত প্ৰকৃতিৰ দুৰ্যোগৰ মাজতো সাহসেৰে জীয়াই থকাৰ সংকল্প থকা মানুহৰ কাহিনীক দৰ্শোৱা হৈছে। এয়াই চিনেমাৰ বিশ্বজনীন ভাষা। ভাৰতক প্ৰতিনিধিত্ব কৰা “ভিলেজ ৰকষ্টাৰ্চ”ৰ জৰিয়তে আমি বিশ্বক এয়াই দেখুৱাব খুজিছোঁ।

তেওঁ কয় যে, “বিশ্বত ভাৰতৰ প্ৰতিনিধিত্ব কৰাৰ বাবে গঠিত এই কমিটিখনৰ সকলো সদস্যই সৰ্বসন্মতিক্ৰমে ‘ভিলেজ ৰকষ্টাৰ্চ’ ক মনোনীত কৰাটোৱেই এই ছবিখনৰ বিশেষত্ব। এনেকুৱা খুউব কমেই হয়, অথবা সততে হোৱা দেখাই নাযায়।'”

শ্ৰী মহাদেৱনৰ মতে যোৱা প্ৰায় দহ-বছৰত ভাৰতৰ পৰা অস্কাৰলৈ পঠিওৱা ছবিসমূহৰ মনোনীতকৰণত দেখা কিছু খাম-খেয়ালিৰ বাবেই এইবছৰ কমিটিখনত থাকিবলৈ তেখেতক অনুৰোধ কৰোঁতে তেওঁ এই অনুৰোধ গ্ৰহণ কৰিব নে নকৰে সেই লৈ মনত কিছু সংশয় আছিল। সেয়ে এইবছৰ অস্কাৰৰ বাবে নিৰ্বাচিত কৰা বিভিন্ন দেশৰ ছবিসমূহৰ ওপৰত ভালদৰে চৰ্চা কৰি তথা বিগত বছৰবোৰত সেই দেশসমূহ আৰু ভাৰতৰ মনোনীত ছবিসমূহৰ ওপৰত অধ্যয়ণ কৰিহে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰা ছবিৰ মনোনয়নৰ বাবে গঠন কৰা কমিটিখনত তেখেতে যোগদান কৰিছিল।”

তেওঁ আৰু কয় যে,-“আমি জানিব লাগিব যে ইমান বছৰে ছবি মনোনয়নত আমাৰ ক’ত ভুল হৈ আছে। সেয়ে ‘ভিলেজ ৰকষ্টাৰ্চ’ক মনোনীত কৰাৰ অন্তৰালৰ কথাটো হ’ল ছবিখনত থকা বিশ্বজনীনতাৰ পৰশ, যিয়ে সকলোৰে হৃদয়ক এবাৰৰ বাবে হ’লেও আলোড়িত কৰিবলৈ সক্ষম হ’ব।”

শ্ৰী মহাদেৱনে ভাবে যে ২০১৯ ৰ একাডেমী এৱাৰ্ডচত একেবাৰে অন্তিম পাঁচখন চিনেমাত নাথাকিলেও অন্ততঃ অন্তিম নখন চিনেমাত “ভিলেজ ৰকষ্টাৰ্চ”-এ স্থান পাবলৈ সক্ষম হ’ব।

উল্লেখযোগ্য যে “ভিলেজ ৰকষ্টাৰ্চ”কে আদি কৰি সৰ্বমুঠ ২৮ খন ভাৰতীয় চিনেমাৰ পৰা ছবিখন মনোনীত কৰা হৈছে। হিন্দী, মাৰাঠী, তামিল, টেলেগু, কানাড়া, মালয়ালম আৰু গুজৰাটীকে ধৰি ২৭ খন চিনেমাৰ লগত ফেৰ মাৰি “ভিলেজ ৰকষ্টাৰ্চ”এ এই সন্মান লাভ কৰিছে। সেই চিনেমাসমূহৰ ভিতৰত আছে বহু লাখ কোটিটকীয়া বাজেটৰ সঞ্জয় লীলা বাঞ্চালীৰ “পদ্মাৱট”, মেঘনা গুলজাৰৰ “ৰাজী”, ৰাণী মুখাৰ্জী অভিনীত “হিচ্কী”, সুজিত চিৰকাৰৰ “অক্টোবৰ”, চুপাৰষ্টাৰ অক্ষয় কুমাৰ অভিনীত “পেডমেন”, শতিকাৰ চুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু ঋষি কাপুৰ অভিনীত “১০২ নট আউট”, “লাভ চ’নিয়া”, “টু লেট”, “হালকা”, “পিহু”, “কাদভী হাৱা”, “টুম্বাদ”, “মানট’” , “গুলাৱজাম”, “মহানাটী”, “আ কৰালা ৰাত্ৰী”, “বোগ্ড়া”, “ৰংগস্থলম”, “ৰেৱা”, “মাই গায়ত্ৰী জাধৱ”, “বায়োস্কোপৱালা”, “বেষ্ট অৱ লাক তাতু”, “কোলামাভু”, “ককীলা”, “ভয়ানকম”, “আজ্জী”, “নন্যুউড”, আৰু “গলি গুলেইয়াম” নামৰ এই ছবিসমূহৰ বেছিভাগৰে নিৰ্মাণৰ বাজেট আকাশলংঘী আছিল। তথ্যমতে “পদ্মাৱট”ত অভিনেত্ৰী দীপিকা পাডুকনৰ সাজ-সজ্জাৰ নামতেই বহু কোটি টকা খৰচ কৰা হৈছিল। তাৰ বিপৰীতে ৰিমা দাসে মাত্ৰ এক লাখ টকাৰ বাজেটত নিৰ্মাণ কৰা “ভিলেজ ৰকষ্টাৰ্চ”ৰ মান ভাবিব নোৱাৰাকৈ উচ্চস্তৰৰ।

উল্লেখযোগ্য যে “ফিল্ম ফেডাৰেছন অৱ ইণ্ডিয়া” (FFI) ৰ দ্বাৰা গঠিত ১২ জনীয়া সদস্যৰ কমিটিখনে সৰ্বসন্মতিক্ৰমে “ভিলেজ ৰকষ্টাৰ্চ”ক মনোনীত কৰিছে। কমিটিখনৰ মূখ্য সদস্য শ্ৰী এচ ভি ৰাজেন্দ্ৰ সিং বাবুৰ মতে,

“এই কমিটিখনে প্ৰতি দিনে ইতিমধ্যে নিৰ্বাচিত ২৮ খন চিনেমাৰ পৰা পাঁচখনকৈ চিনেমা চাই লৈ তাৰ ওপৰত বিস্তৃত বাখ্যা- আলোচনাৰ পিছত ‘ভিলেজ ৰকষ্টাৰ্চ’ক মনোনীত কৰিছে। “ভিলেজ ৰকষ্টাৰ্চ”ৰ এই সন্মান প্ৰাপ্য। আমি, কমিটিৰ সদস্যসকলে এই ছবিখনৰ প্ৰতি বিশেষ কিবা সুবিধা প্ৰদান কৰা নাই, বৰঞ্চ অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ এই সন্মান ছবিখনে নিজেই অৰ্জন কৰিছে। অস্কাৰৰ দৰে বিশ্ববন্দিত চিনেমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা সকলো বৈশিষ্ট “ভিলেজ ৰকষ্টাৰ্চ”ত আছে। ছবিখনৰ কাহিনীটো ভাৰতৰ এখন সুন্দৰ ৰাজ্যৰ মানুহৰ কাহিনী। আৰু সেই ৰাজ্যখনৰ সংস্কৃতি, সমাজ-ব্যৱস্থাৰ লগত জড়িত এটি কাহিনী, যিয়ে দুৰ্যোগৰ মাজতো জীৱনৰ সুন্দৰতাৰ সন্ধান কৰি জীয়াই থকাৰ প্ৰয়াস কৰি যায়।”

শ্ৰী ৰাজেন্দ্ৰ সিং বাবুৱে লগতে এইবুলিও কয় যে ৰিমা দাসৰ এই অস্কাৰলৈ যোৱা যাত্ৰাৰ বিষয়তো কমিটিয়ে আলোচনা চলাইছে। ৰীমা দাস এগৰাকী স্বতন্ত্ৰ ছবি নিৰ্মাতা। ছবিখনক আমেৰিকালৈ নি জুৰী কমিটিৰ মাজত প্ৰচাৰ চলাবৰ বাবে, অন্ততঃ দুমাহৰ বাবে ৰিমা দাসক প্ৰায় দুই কোটি অৰ্থৰ প্ৰয়োজন হ’ব। ছবিখন আমেৰিকাত ছবি সমালোচকসকলক, একাডেমীৰ সদস্যসকলক দেখুৱাব লাগিব আৰু ছবিখনৰ ওপৰত যথেষ্ট সংখ্যক বিজ্ঞাপনো দিব লাগিব। আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আগবাঢ়ি আহি সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি দেশৰ আগশাৰীৰ ষ্টুডিঅ’বোৰকো ৰিমা দাসৰ এই অস্কাৰ যাত্ৰাত সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি আশাবাদী যে সময়মতে সুবিধাখিনি পালে ছবিখনে অস্কাৰৰ প্ৰতিযোগিতাত যথেষ্ট আগুৱাই যাব পাৰিব। কাৰণ ইতিমধ্যে ছবিখনে বিশ্বৰ বহুকেইটা সন্মানীয় ছবি মহোত্সৱ ক্ৰমে ট’ৰণ্টো ফিল্ম মহোত্সৱ, মুম্বাই ফিল্ম মহোত্সৱত প্ৰদৰ্শিত হৈ ভূয়সী প্ৰশংসা লাভ কৰিছে।

অস্কাৰলৈ ছবি মনোনীতকৰণ কমিটিৰ আন দুজন সন্মানীয় সদস্য ক্ৰমে বাংলা ছবি জগতৰ এগৰাকী আগশাৰীৰ ছবি নিৰ্মাতা শিৱপ্ৰসাদ মুখাৰ্জী আৰু কলা নিৰ্দেশক ইন্দ্ৰনীল ঘোষে “ভিলেজ ৰকশ্টাৰ্চ” দেখি যথেষ্ট উল্লাসিত হৈ পৰিছিল। শিৱপ্ৰসাদ মুখাৰ্জীৰ মতে এই ছবিখনত এটা সাধাৰণ কাহিনীক অত্যন্ত সাধাৰণভাৱে কোৱা হৈছে। সহজ-সৰল তথা সাধাৰণীকৰণৰ প্ৰক্ৰিয়াই ছবিখনৰ কাহিনীক এক বিশ্বজনীনতা দিছে। আমাৰ দেশৰ যিকোনো খণ্ডৰ মানুহেই ছবিখন চালেই কাহিনীৰ লগত নিজকে সংলগ্ন কৰিব পাৰিব। ইন্দ্ৰনীল ঘোষৰ মতে, “যেতিয়া চিনেমাখন চোৱা যায়, লগে লগেই কাহিনীটোৱে দৰ্শকক এখন বেলেগ জগতলৈ লৈ যায় আৰু সেয়াই হৈছে চিনেমাৰ ক্ষমতা। এই ছবিখনৰ পৰা বহুতো কথা শিকিবলগীয়া আছে।

প্ৰকৃততে “ভিলেজ ৰকষ্টাৰ্চ” অসমৰ সমাজ-ব্যৱস্থাৰ, আমাৰ গাঁৱৰ নিতুল পৰিবেশৰ এক স্বতঃস্ফূৰ্ত প্ৰকাশ। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ অসমৰ এখন ধুনীয়া গাঁও। ধুনু নামৰ ছোৱালীজনীয়ে সচৰাচৰ হোৱাৰ দৰেই সমাজৰ, মানুহৰ দৃষ্টিত আখজা লগা কামবোৰ কৰি ভাল পায়। সম-বয়সীয়া ল’ৰাৰ দৰেই গছত বগাই, পথাৰত অলৌ-তলৌকৈ জঁপিয়াই ঘূৰি ফুৰি, ল’ৰাৰ লগতেই স্কুল যোৱা তথা সকলো সময় ল’ৰাৰ লগতেই কটাই ভাল পোৱা ছোৱালীজনীৰ সপোনো নিশ্চয় গতানুগতিকতাৰ বাহিৰতেই হ’ব।

পেটে-ভাতে খাই থকা, কেতিয়াবা কেৱল নিমখ লৈয়েই ভাত খোৱা বিধৱা মাকৰ আপদালত ডাঙৰ হোৱা ধুনুৱে জীৱনত কেতিয়াবা নিজাকৈ এখন গীটাৰ বজাবলৈ, লগৰ ল’ৰাবোৰক লৈ ৰক-বেণ্ড এটা গঠনৰ সপোন দেখাটো অলৌকিক লগাটোৱেই স্বাভাৱিক। তাতেই কাহিনীকাৰৰ সফলতা। ধুনুৰ এই অলৌকিক যেন লগা সপোনৰ সফলতাৰ পথটোত দেখুওৱা বাধাবোৰ সঁচাকৈয়ে আকাশলংঘী। কিন্তু লগতে কাহিনীকাৰে এইটোও ক’বলৈ পাহৰা নাই যে যিবোৰ বাধা দেখুওৱা হৈছে সেইবোৰ ধুনুৰ দৰে গাঁৱৰ মানুহৰ বাবে প্ৰতিনিয়ত আহে। বানপানীয়ে অসমত এতিয়া প্ৰতিবছৰে অহা এক উত্সৱত পৰিণত হৈছে। বানপানীৰ ফলত জীয়াতু ভোগাটোও গাঁৱৰ মানুহৰ বাবে এক প্ৰকাৰৰ নিয়মীয়া ঘটনা। অথচ প্ৰতিবছৰে সকলো হেৰুৱাইও গাঁৱৰ মানুহে জীয়াই থকাৰ, সপোন দেখাৰ পথ বিচাৰি উলিয়ায়। সেয়েহে ধুনুৰ বিধৱা মাকৰ মুখত এনে সংলাপে শুৱনি কৰে যে, কষ্ট কৰি যোৱাই, সংঘৰ্ষ কৰি যোৱাই ধৰ্ম। জীয়াই থাকিবৰ বাবে সংঘৰ্য কৰি যাবই লাগিব। সেয়েহে পানীয়ে গৰকি যোৱা পথাৰত আকৌ শইচৰ বীজ ৰোৱাৰ, শইচ হোৱাৰ, শইচ বুটলাৰ বাবে গাঁৱৰ মানুহে সপোন দেখিব পাৰে।

বহুক্ষেত্ৰত ধুনুৰ দৃষ্টিৰে পৃথিৱীখন দেখুওৱাৰ এই প্ৰয়াসত দুৰ্যোগৰ মাজেদিয়েই জীৱন নিওৱা মানুহৰ সপোন আৰু কৰ্তব্যৰ কথা দৰ্শকক সোঁৱৰাই দিয়া হৈছে। কাহিনীটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল প্ৰকৃতিৰ তাণ্ডৱৰ ওচৰত কেতিয়াও হাৰ নমনা মানুহৰ কাহিনী। লগতে বিশেষভাৱে এটা দিশ উনুকিওৱা হৈছে। সেইয়া হৈছে শক্তিশালী নাৰী চৰিত্ৰৰ প্ৰকাশ। ধুনুৰ মাকে তথাকথিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গৈ ধুনুক এক স্বাভাৱিক জীৱন দিয়াৰ চেষ্টা কৰিছে। ল’ৰা-ছোৱালীৰ মাজত কোনো পাৰ্থক্য নথকাৰ ধাৰণাটোক ধুনুৰ চৰিত্ৰৰ যোগেদি সুস্পষ্ট ৰূপত দেখুওৱা হৈছে। সেয়ে ধুনুৱে ল’ৰাৰ দৰেই গছত বগাব জানে, মাকক সহায় কৰিবলৈ কেইটামান টকাৰ বিনিময়ত কাৰোবাৰ ঘৰত তামোল গছত উঠি তামোল পাৰি দিবও পাৰে।

পৰিচালক, কাহিনীকাৰে দৰিদ্ৰতাৰ পাৰ্শ্বৱৰ্তী কাৰণ দেখুৱাবলৈ যাওঁতে সেইয়া কাহিনীৰ দুখজনক পৰিণতি হিচাবে দেখুৱাব খোজা নাই। তেওঁ দৰিদ্ৰতাক দৰ্শকৰ আবেগ বিচাৰিবলৈ দেখুওৱা নাই। বিপৰ্যয়ৰ সময়তো স্থিৰ হৈ থাকি স্থিতাৱস্থাৰ বিৰুদ্ধে যুঁজাৰ মানুহৰ যি অদম্য শকতি তাকেই দেখুৱাবলৈ ছবিখনত প্ৰয়াস কৰিছে। সেয়ে কিছুমান দৃশ্যই অন্তৰত খুন্দা মাৰিলেও শেষত সুখৰ সন্ধান দিয়াৰহে চেষ্টা কৰা বাবেই ছবিখনে দৰ্শকক, বিচাৰকক চিন্তাৰ খোৰাক দিছে। আচলতে “ভিলেজ ৰকষ্টাৰ্চ” হ’ল এজনী সৰু ছোৱালী আৰু তাইৰ মাকৰ স্থিতাৱস্থাৰ বিৰুদ্ধে যুঁজাৰ অন্তৰপৰশা কাহিনী।

ৰিমা দাসে তেওঁৰ নিজৰ মানুহৰ কথা কোৱা বুলি ছবিখনৰ আৰম্ভণীতে উল্লেখ কৰিছে। ৰিমা দাসৰ তেওঁৰ এই নিজৰ মানুহৰ কাহিনীটোত আশা, সপোন, আকাংক্ষা আৰু অকল্পনীয় দুৰ্যোগৰ পিছতো হাৰি যাব নোখোঁজা মানৱীয় সংঘৰ্ষক যি ধৰণেৰে আগবাঢ়ি যোৱা দেখুৱালে সেয়াই দৰ্শকৰ কল্পনাক বেলেগ এক গতি দিবলৈ সক্ষম হৈছে। অৱশ্যে বৰ্তমানৰ নাম-গান ধৰ্মী কমাৰ্চিয়েল ছবি চাই ভাল পোৱা দৰ্শকে ছবিখনৰ লগত একাত্ম হ’বলৈ কিছু সময় ল’ব।

খুবেই কম সংলাপ থকা চিনেমা “ভিলেজ ৰকষ্টাৰ্চ”ত আৰম্ভণিৰে পৰা “ৱাইড এংগোল শ্বট”বোৰে সোণত সুৱগা চৰাইছে। প্ৰতিটো শ্বটেই কাহিনীটোক আগুৱাই লৈ গৈ আছে। বিশেষকৈ দিনটোৰ বিভিন্ন সময়ৰ, যেনে সূৰ্য উদয়ৰ, সূৰ্যাস্তৰ, দুপৰীয়াৰ ৰৌদ্রোজ্জল আকাশ, আবেলিৰ পথাৰ একাকাৰ কৰা আকাশ ইত্যাদিৰে বাৰে-ৰহণীয়া আকাশখনৰ ৰঙৰ ‘ৱাইড এংগোল শ্বট’বোৰ ছবিখনৰ বিশেষ বৈশিষ্ট। এনে লাগে যেন আকাশৰ প্ৰতি কাহিনীকাৰ, পৰিচালকৰ বিশেষ দুৰ্বলতা আছে।

অত্যন্ত সুন্দৰ চিনেমাটোগ্ৰাফী আৰু প্ৰাকৃতিক পৰিবেশৰ কোলাহলখিনিক তাতোকৈ সুন্দৰকৈ ধৰি ৰাখি ৰিমা দাসে দৰ্শকক অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমখনক দেখুওৱাৰ চেষ্টা কৰিছে আৰু এইক্ষেত্ৰত তেওঁ সম্পূৰ্ণভাৱে সফলো হৈছে।

ছবিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল কাৰিকৰী দিশটো। বলিউড তথা দক্ষিণ ভাৰতীয় চিনেমাৰ বহু কোটি টকীয়া বাজেটৰ বিপৰীতে “ভিলেজ ৰকষ্টাৰ্চ”ৰ বাজেট মাত্ৰ এক লাখ টকা। গোটেই চিনেমাখন কেনন ফাইৱ ডি কেমেৰাৰে শ্বুটিং কৰাৰ লগতে স্ক্ৰীপ্ট, সম্পাদনাৰ দৰে গুৰুত্বপূৰ্ণ দিশখিনিও ৰিমা দাসে নিজেই কৰিছে।

সম্পূৰ্ণ তিনিটা দশকৰ পিছত অসমীয়া চিনেমা এখনে ৰাষ্ট্ৰীয় সন্মান পোৱাটোৱেই গৌৰৱৰ কাৰণ হৈ পৰিছিল। তেনেসময়তে বিশ্ববন্দিত অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাটো অসমৰ বাবে কিমান গৌৰৱৰ কথা সেয়া বুজাই কোৱাৰ প্ৰয়োজন নাই। যদি অস্কাৰত জুৰী সদস্যসকলৰ দ্বাৰা বিবেচিত হৈ শেষৰ নখন অথবা পাঁচখন চিনেমাতো স্থান পায়, সেয়াও ভাৰতীয় চিনেমা ইতিহাসত এক মাইলৰ খুটি হৈ পৰিব। যদি সঁচাকৈয়ে শেষৰ পাঁচখন চিনেমাত স্থান পাই তেন্তে এটা কথা ভাৱিয়েই বহুত বেছি আনন্দ লাগিছে যে আমাৰ চিৰ চেনেহী সুৱলা ভাষাটো বিশ্ববিশ্ৰুত অস্কাৰ এৱাৰ্ড প্ৰদান কৰা হলঘৰটোৰ বৃহত স্ক্ৰীণত শুনিবলৈ পোৱা যাব।

বিশ্ববখ্যাত তথা মহান চিনেমা নিৰ্মাণৰ বাবে কাৰিকৰী সুবিধাতকৈও জৰুৰী হৈছে মনত থকা এক অদম্য সপোন আৰু তাক পূৰাবৰ বাবে থকা দূৰদৃষ্টি। আচলতে ধুনুৰ সপোনটোৰ দৰেই ৰিমা দাসৰ এই চিনেমাখনৰ নিৰ্মাণৰ সপোনটোৱে এক বিশেষ বাট বিচাৰি আগবাঢ়িছিল। ধুনুৰ সপোনৰ সফল সমাপ্তিৰ দৰেই ৰিমা দাসৰ সপোনটোৱে এতিয়া পাখি মেলি উৰাৰ যো-জা কৰিছে।

চৰম দৰিদ্ৰতাৰ মাজতো জীৱনৰ গান গাব বিচৰা ধুনু সহিতে এজাক শিশুৰ উখল মাখলেৰে পৰিপূৰ্ণ ছবি “ভিলেজ ৰকষ্টাৰ্চ” সময়ৰ কষটি শিলত কেৱল অসমীয়া চিনেমা বুলিয়েই নহয়, ভাৰতীয় তথা বিশ্ব চিনেমাৰ ‘মাইলষ্টোন’ হৈ পৰিব।

০০০০০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments