ভুটোৰ কথা– (ৰঞ্জনজ্যোতি বৰ্মন)

ভুটোৰ আছিল একাধিক সমস্যা৷ তাৰ ভিতৰত সব সময়তে পেটত লাগি থকা ভোক, নতুন মানুহলৈ হোৱা লাজ-লাজ ভাৱ, লেজাৰৰ পিছৰ ক্লাচবোৰত ৰখাব নোৱাৰা টোপনিটো ইত্যাদি বিভিন্ন সমস্যা৷ এইবোৰ বাৰু সিমান বিশেষ নহয়, সি কোৱা মতে ভয়ংকৰ সমস্যা আছিল তাৰ দুই ধৰণৰ৷ বাৰু, এই সম্পৰ্কে পিছে-পৰেও কোৱা যাব, কিন্তু সদ্যহতে তাৰ সমস্যা হৈ পৰিল দেউতাকৰ আগেৰে পাৰ হৈ কোনোমতে ৰাষ্টাত উঠা৷
ইতিমধ্যে দুই নম্বৰ ৰিংটো উৰি আহি ভুটোৰ কাণত পৰিলেই৷ তাৰমানে প্ৰদীপ, ৰিন্তুহঁত আহি ৰৈয়ে আছে৷ সি ৱাল-ক্লকটোলৈ চালে৷ আধাঘণ্টা বাকী- মেটিনী শ্বোলৈ৷ টাইম মেকআপ হৈ যাব লাগে৷ কথা হ’ল দেউতাকে পিছৰ বাৰাণ্ডাত চকী পাৰি মুড়াত ভৰি তুলি লৈ টোপনিয়াই আছে৷ ভুটোৰ দেউতাকৰ চকীত বহি টোপনিওৱাৰ এটা বিশেষত্ব আছে৷ তেখেতে চকু মেলি টোপনিয়াই৷ এতেকে গম পোৱা নাযায় যে মানুহজনৰ টোপনি আচলতে আহিছে নে নাই৷ তাৰ মাজতেই ভায়েক জোনমণিয়ে ক্ৰিকেট খেলিবলৈ কোনোবা পাকত পলালেই৷ মেকুৰী খোজেৰে দেউতাকৰ আগেৰে পাৰ হৈ যাব ধৰোতেই দেউতাকে মাত দিলে-ক’ত যা এই দুপৰীয়া?
ভুটো ল’ৰাটো চিধাচিধি ধৰণৰ৷ বদমাচি নাজানে৷ সি ক’লে-চিনেমা চাবলৈ৷
-কি চিনেমা অ’? কি নাম?
-লোহা৷
-হুঃ, লোহা লক্কৰৰ নামেৰেও চিনেমা ওলাব ধৰিছে নেকি আজিকালি?
মাক পাকঘৰৰ পৰা হাত মচি ওলাই আহিল- এইখন দেখোন তই কিছুদিন আগতে চাইছ অ’?
ভুটোৱে বেঙা-বেঙি লগালে৷ চিনেমাখন লগোৱাৰ দিনাই চোৱাটো সঁচা, পিছে মন্দাকিনীৰ মোহত বন্দী হৈ চিনেমাখন আকৌ এবাৰ চাবলৈ মনটো উচপিচাই আছিল তাকনো কয় কেনেকৈ সি মাকহঁতক৷

বাচ্, দেউতাকৰ পাল আহি গ’ল৷
-আচ্ছা, কচোন ইংৰাজীত এইটো কেনেকৈ কবি-‘মই ইতিমধ্যে চিনেমাখন চালো’৷ যদি ক’ব পাৰ তেন্তে চিনেমা চাব যাব পাৰিবি, নহ’লে নাই৷ হুস্, আজিকালিৰ ল’ৰাৰ গ্ৰামাৰৰ জ্ঞান! আমি পঢ়িছিলো এচ.এম.দাসৰ বিখ্যাত মডাৰ্ণ ইংলিচ ট্ৰেন্সলেচন, গুড ইংলিচ গ্ৰামাৰ৷ ভইচ, টেন্স, ক্লজ, পাৰ্টচ অফ স্পিচ্ছ, নেৰেচন.. কি পঢ়া নাছিলো? ইংৰাজী জানিবলৈ টেন্সৰ চেন্স লাগিব বুজিছ, এনেই মুখস্ত মাৰি পৰীক্ষা পাচ কৰি লাভ নাই৷ ক এতিয়া- মই ইতিমধ্যে চিনেমাখন চালো৷
ভুটোৱে গম পালে সি ফচিল৷ আগপিনেৰ দুৱাৰৰ খিলি খুলি বাহিৰ নহৈ দেউতাকৰ আগেৰে যাব ওলাই তাৰ নিজৰ ওপৰতে খঙ উঠিল৷ বাৰাণ্ডাৰ চিলিঙলৈ চাই সি ভোৰভোৰালে- এহহ..চব সময়তে ইংৰাজী ভাল লাগে নেকি কিবা?
ভুটোৰ দেউতাক পি.এইচ.চি’ৰ কম্পাউণ্ডাৰ আছিল৷ আগৰ দিনৰ মেট্ৰিক৷ গ্ৰামাৰৰ কথা ওলালেই টেন্সৰ কথা কয়৷ কওতে কওতে আনকি এম.ভি. পাচ ভুটোৰ মাকৰো টেনচৰ-চেন্স বোলা কথাফাঁকি মুখস্ত হৈ গৈছে৷ ভুটোৰ লগৰবোৰে কেনিবা ফুৰিবলৈ যাব হ’লে তাক লগ ধৰিব আহিবও ভয় কৰে৷ এবাৰ কোনোবা এজন আহোতে দেউতাকে জপনামুখতে ধৰিলে-ইংৰাজী প্ৰ’জত কেইটা কবিতা আছে ঔ তহঁতৰ?
-আঠটা(মস্ত গাজা)৷
-তাৰে কিমানটা মুখস্থ আছে তোৰ?
–এএএ…এটা৷
-গাধ, বাকীবোৰ কেতিয়া মুখস্থ হ’ব? যাঃ, বাদ-বাকীকেইটা মুখস্থ কৰগৈ৷

-ক, ইতিমধ্যে মই চিনেমাখন চালো, ইংৰাজীত কি হ’ব এইটো বাক্য?
নখ কামুৰি কামুৰি ভুটোৱে বিৰবিৰালে-আই…আই…..আই…
-গাধ! কি আই-আই কৰি আছ? মই ইতিমধ্যে চিনেমাখন চালো- অলৰেডি আই হেভ চিন দা পিকচাৰ৷ যাঃ, টেনচ পঢ়গৈ৷ আৰু ই জোন ক’ত?
ভুটো-মই কি জানো? খেলিবলৈ ওলাই গৈছে চাগে৷
-কি? ককায়েকটো হৈ ভায়েৰ ক’ত গ’ল নাজান তই? চূড়ান্ত ফপিছ!

ভায়েক জোন মহা চালাক৷ কেতিয়াবা দেউতাকৰ পাল্লাত পৰিলে সি অংকৰ কথা কয়৷ সি জানে দেউতাকে অংক বৰ এটা ভাল নাপায়৷ তাকো চেভেনৰ অংকৰ কিতাপ৷ খটৰনাক অংকৰে গোটেই কিতাপখন ভৰি আছে৷ ইংৰাজীৰ কথা উলিয়ালেই জোনে দেউতাকক কয়-দেউতা, তোৰ পৰা বাৰু ইংৰাজী পিছত শিকিম, অংক এটা আছিল, ভালকৈ বুজি নাই পোৱা৷ এদল মানুহ আহি আছিল, এজনে সুধিলে-তোমালোক কিমানজন৷
দেউতাকে লৰালৰিকৈ কয়-এইটো অংককে যোৱা এবছৰৰ পৰা তই বুজি নাই পোৱানে? এইটো দেখোন যোৱা বছৰেই লাগিছিল তহঁতক৷
জোন-নহয় দেউতা, চাৰে কৈছে এইবাৰো লাগিব বোলে৷ অংকটোত যে কয়-আহিছো যিমান, আহিব সিমান, তাৰ পিছত আহিব আধা….এই ধৰ দেউতা মানুহ আহিছে সমান এক্সজন৷
-দূৰ! এইবোৰ কাৰণতে কিতাপৰ অংকবোৰ ভাল নালাগে মোৰ৷ এই যে এক্স, ৱাই ধৰা অংকবোৰ৷ আচ্ছা, আচলকৈ কোনোবাই তোক সুধিলে তই এনেকে উত্তৰ দিবি নেকি-আহিছো যিমান আহিব সিমান, তাৰ পিছত আহিব আধা, তাৰ পিছত আধাৰ আধা? হ’পলেচ! বাৰু, এইটো তই বসন্তৰ পৰা বুজি লবি(বসন্ত ভুটোহঁতৰ কাষৰ মেট্ৰিকত অংকত লেটাৰ পাই পাচ কৰা ল’ৰা)৷ অংকবোৰো যে আৰু! আলু প্লাচ কচু হোল স্কুয়েৰ ইকুৱেল…৷ হেৰৌ, মানুহ হ’ব খুজিছ যদি ইংৰাজী পঢ়, ইংৰাজী গ্ৰামাৰ পঢ়৷ পিতাই কলেজ পঢ়ুৱাব নোৱাৰিলে মোক, নহ’লে কলেজত ইংৰাজীৰ অধ্যাপক হৈ ভৰি পকাই বহি থাকিলোহেতেন৷ ঔৰা শুনা হে৷
মাক কাষ চাপি আহিল৷
-হেৰা, এইটো নিগেটিভ কৰাচোন৷
-কি নিগেটিভ কৰিব হে লাগে? এইটো বয়সত আৰু নিগেটিভ নকৰো দেই, যি কৰিব লাগে পজিটিভে কৰিম৷
-হেঃ হেঃ, কি বুজি পাবা তুমি ইংৰাজী গ্ৰামাৰ৷ আচ্ছা, এইটো বাক্য ওলোটাই কোৱাচোন- আমটো ভাল৷
মাক-ভাল আমটো৷
দেউতাক-নহয়হে৷ ওলোটা মানে এনেকৈ ক’ব দিছো যে আমটো বেয়া৷
-অ’ অ’ বুজিছো, কিন্তু এনেকৈওতো কব পাৰি আমটো ভাল নহয়৷
গ্ৰামাৰ ব্যাখ্যা কৰিব পালেই দেউতাক উতসাহিত হৈ পৰে৷
-চাব্বাচ, একেবাৰে টু-দা-পইণ্ট৷ আচ্ছা এতিয়া এইটো কোৱাচোন –গাখীৰ বগা- এইটোৰ নিগেটিভ মানে ওলোটাই ক’লে কি হ’ব?
মাক-গাখীৰ ক’লা৷
-হেঃ হেঃ, জানো তেনেকৈয়ে ক’বা তোমালোকে৷ দস্তুৰমত অশুদ্ধ৷ গাখীৰ ক’লা হব পাৰে জানে? ঐ সোণ, কচোন ‘মিল্ক ইজ হোৱাইট’ এইটো নিগেটিভ কৰিলে কি হ’ব?
ভুটো- মিল্কি ইজ নট হোৱাইট৷
-গাধ, তাকেই কৈছো৷ শুন, শুদ্ধ উত্তৰটো হ’ব- মিল্ক ইজ নাথিং বাট হোৱাইট৷ গাখীৰ বগাৰ বাদে বেলেগ একো নহয়৷ অশ্বডিম্ব, যাঃ গ্ৰামাৰ পঢ়গৈ৷
সুৰসুৰকৈ ভুটোৱে তাৰ পঢ়া-ৰুমত সোমালগৈ৷
দেউতাকে মিচিকিয়া হাঁহি এটা মাৰি মাকৰ হাতত ধৰি ক’লে-বুজিছা সোণৰ-মাক, এতিয়া কোৱাচোন ‘তোমাক মই ভাল পাওঁ’-এইটো নিগেটিভ কৰিলে কি হ’ব?
হাতখন আজুৰি আনি মাকে ক’লে-এৰক৷ তোমাক মই ভাল নাপাওঁ, সেয়াই হ’ব আৰু কি৷
-উফ্, কিয় এনে কৰিছাহে? আহাচোন ওচৰলৈ৷ মই বুজাই দিও, মানে উত্তৰটো তোমাৰ ভুল হৈছে৷
-ও আই, কাষতে ল’ৰা আছে, দেখিব ঔ৷ বয়স হয় মানে আপোনাৰো হেৰিটো বেছি হৈছে দিনে দিনে৷ মাকে ফুচফুচালে৷
-হুস্ তোমাৰ গুণধৰ পুত্ৰই ইতিমধ্যে আগফালৰ দুৱাৰ খুলি চিনেমা হল পালেগৈ৷ আহাচোন কওঁ, ও আহা শুনা৷ নিগেটিভ কৰিলে কি হ’ব জানা ‘তোমাক মই ভাল নাপাই নোৱাৰো’৷
-সেইটো ইংৰাজীত ক’লে কি হ’ব?
-হাঁ? ইংৰাজীত? আই-আই-আই……. এহ্ বাদ দিয়া ইংৰাজী-চিংৰাজী৷ সব সময়ত ইংৰাজী ভাল লাগে নেকি কিবা? সোণৰ-মাক, আমাৰ পাটীগণিতে ভাল দিয়া, তাকে কৰোগৈ ব’লা ভিতৰত, নে কি কোৱা?
মাকে তিহবিহাই উঠিল-ঘৰত এগাল কাম পৰি আছে, বুঢ়াৰ লগত মই এতিয়া পাটীগণিত কৰিমগৈ, এনে গৰজ পৰিছে৷

ভুটো৷ ভাল নাম সোণ৷ নাম গৈ কেনেকৈ ভুটো হৈ পৰিল স্বয়ং সিয়ো নাজানে৷ স্কুলৰ কোনোবা সৃষ্টিশীল, উৰ্বৰ মস্তিস্কৰ আবিস্কাৰ৷ হেডমাষ্টৰ কাকতিয়ে কয়-সোণমণি কলিতা৷ সোণ ধাতু উত্তম, মানুহ অধম৷
সোণ ওৰফে ভুটোৱে অকৰাৰ হাঁহি মাৰে৷ বেচেৰা বৰ চিধা ল’ৰা৷ গাত অসুৰৰ দৰে বল৷ বন্ধু, লগ-সংগৰ বাবে জান দি দিব পৰা ল’ৰা৷
তাৰ মতিগতি দেখি এদিন দেউতাকে তাক সুধিলে-কিয় সোণ, তোৰ দেখোন পঢ়া শুনাত চকু-কাণেই নাই, কিতাপবোৰ বান্ধি চাঙতে তুলি থও দে, নে কি কৱ? এতিয়া ক, কিতাপ বাদ দিবি নে লগ-সংগ বাদ দিবি?
ভুটোৱে সবৰে লগত কম্প্ৰ’মাইজ কৰিব পাৰে, কিন্তু লগ-বন্ধুৰ লগত নহয়৷ সি চিধাকৈ উত্তৰ দিলে-সংগীবিহীন মানসিকতা গঢ়ি উঠা নাই দেউতা৷
এপাক তভক খাই দেউতাকে মাকক চিঞৰিলে-ঔৰা শুনা হে শুনা৷ তোমাৰ ল’ৰাই কি কয় গ’ল এইটো, কি বোলে সংগীবিহীন মানসিকতা গঢ়ি উঠা নাই তাৰ, কিবা গানেই নে কবিতাই আওৰাই গ’ল সি৷
মাক মাজত সোমাল৷ -আপুনিও কম নে? আপোনাৰ হে ল’ৰা৷ লগ-বন্ধুবোৰ পালেচোন ৰাতি দুপৰলৈ ডেকা ল’ৰাৰ দৰে ঘৰেই সোমাব নোখোজে?
দেউতাক-হেঃ হেঃ হয় নেকি মোৰ ল’ৰা৷ সন্দেহ এটা আছিল দিয়া, আজি দূৰ কৰিলা, হেঃ হেঃ৷
-কি মুখ! মাকে উচাত মাৰি আতৰে৷

দেউতাক, পঢ়া-শুনা, ইস্কুল সেইবোৰ বৰ এটা কথা নাছিল ভুটোৰ বাবে৷ অসুবিধা পোৱা দুই বস্তুৱে তাক আমনি কৰি মাৰিছিল সদায়৷ সেই দুবিধ হ’ল -এক, তাৰ চকুৰ চাৱনি আৰু দুই-তাৰ চেপা হাঁহিটো৷ জনা দিনৰে ধৰি এই দুটা কথাক লৈ তাৰ যে ক’ত কিমান সমস্যা হৈছে দুনীয়াৰ কোনেনে বুজি পাব? অৱশ্যে মোমায়েক ধৰ্মেন্দ্ৰক বাদ দি৷ মোমায়েকে যি এজন মানুহ যিয়ে তাক বুজে-চিনি পায়৷ মোমায়েকে ধৰ্মেন্দ্ৰই সময়ে-সময়ে তাক বিভিন্ন সমস্যাৰ পৰিত্ৰাণৰ ৰাষ্টা দেখুৱাই আহিছে৷
সি দেৰ বছৰমান থাকোতে বোলে এদিন মাহীয়েকে কোচত তাক লৈ থকা অৱস্থাতে দৌৰি দৌৰি, চিঞৰ মাৰি মাকক কৈছিলগৈ- বাইদেউ চাচোন চা, কেনেকৈ ই হাঁহি আছে৷ ইয়াক ল’ব-তব নোৱাৰো দেই মই৷ বৰ ভয় লাগিছে ইয়াক মোৰ৷ তাৰ কি দোষ? এনেকুৱা ঘটনা ক’ত ঘটিল৷ স্কুলত থাকোতে এদিন স্কুল-সপ্তাহৰ বেডমিণ্টনৰ ফাইনেল খেলখনৰ তাৰিখটো কিবা কাৰণত হেডমাষ্টৰে পিছুৱালে৷ তাকে লৈ ছাত্ৰবোৰৰ অসন্তুষ্টি৷ স্কুল ইউনিয়নৰ চেক্ৰেটাৰিৰ লগত গৈ খেলৰ মাষ্টৰৰ লগত তাকে লৈ কথা পাতি থাকোতে অন্যমনস্ক হৈ কাষতে থকা ঠাকুৰীয়া চাৰলৈ চাই আছিল সি৷ আচলতে সি ভাবি আছিল এইট’ত পঢ়া, পুতলা-পুতলা যেন লগা ঠাকুৰীয়া ছাৰৰ ছোৱালী মনময়ুৰীৰ কথা ভাবি৷
হঠাৎ ঠাকুৰীয়া মাষ্টৰে তাক কলে-ঐ, কি চাই আছ তই মোলৈ? চাওক হে ডেকা, ই এনেভাৱে মোলৈ দৃষ্টি-নিক্ষেপ কৰিছে যেন ইহঁতৰ য’ত-যিমান অসুবিধা, সেইবোৰৰ য’ত কূটৰ ঘাই মইহে৷
সেয়াটো যেন-তেন৷ এদিন তাক তাৰ প্ৰাণৰ পখিলা নিৰুৱে স্কুল চুটিৰ সময়ত সকলোৱে শুনাকৈ ক’লে-ভুটো, মোলৈ কিয় সব সময়তে চাই থাক অ’ তই?
তাৰ বুকুখন ধকধক কৰি উঠিব নৌপাওতেই পুনৰাই তাই কলে-এনেকে চালে গুণ্ডা-গুণ্ডা যেন লাগে৷
ভুটোৰ প্ৰেম-বিলাসৰ বিপৰ্যয়ৰ প্ৰাৰম্ভিক সংকেত৷

স্কুলৰ দেওনা পাৰ হৈ আহি ভুটো কলেজ পালে৷ কি দুৰ্ভাগ্য, তাৰ চকুৰ বেঁকা চাৱনিৰ বাবেই চিনিঅ’ৰ ষ্টুডেণ্টৰ পৰা ৰেগিং’অত ভুকু, থাপৰ আদি খালে৷ ভাগ্যে কথা আগ নাবাঢ়িল বেছি৷ সোনকালেই কম্প্ৰ’মাইজ হৈ গ’ল-কাৰণ তাতকৈ দুবছৰ ডাঙৰ, হোষ্টেলত থাকি পঢ়া মোমায়েক ধৰ্মেন্দ্ৰই আহি মাজত ভেটা দিলে৷
মোমায়েকে ক’লে-ভাগিন, বল আৰু বডী নাথাকিলে কাম নাই আজিৰ যুগত৷ মোৰ লগতে তুমিও বডী-বিল্ডিঙত লাগা৷
তাৰ পিছত সি মোমায়েকৰ লগত একাণপতিয়াকৈ শৰীৰ চৰ্চাত লাগি পৰিল৷ স্কুল-কলেজলৈ অহা ছোৱালীবোৰৰ ৰূপৰ গুণানুকীৰ্ত্তন কৰি দুয়ো নিতৌ ডাম্বেল, লোহাৰ দগা আদি ডঙাত মনোনিৱেশ কৰিলে৷ তাৰ লগে লগে চুলি, চাল আদিৰ সৌন্দৰ্য চৰ্চাও সমান্তৰালভাৱে চলি থাকিল৷
কলেজৰ মাজৰ এডোখৰ বিশেষ স্থানত ঠিয় হৈ দূৰৰ গাৰ্লচ কমন ৰূমৰ লগত কোণ মিলাই ছোৱালী চাই থকা বন্ধুবোৰৰ কাষলৈ ভুটো আহিলে সিহঁতে তাক জোকায়৷ –ঐ ঐ ভুটো, ছোৱালীবোৰক ভয় নুখুৱাবি দেই তই৷ সিহঁতে তোৰ এটা নাম দিছে জান? টেলেকাসুৰ৷ তই বোলে বৰ টেলেকা-টেলেকিকৈ সিহঁতলৈ চাৱ৷
ভুটোৰ মন ভাগি যায়৷
মোমায়েক ধৰ্মেন্দ্ৰই বুদ্ধি দিলে৷ -ভাগিন, চিন্তা নকৰিবা, উপায় আছে৷ ফাটাফাটি ইষ্টাইলৰ এযোৰ গগলচ লগোৱা৷ দেখাতো ভালো দেখিব, লগতে চকু দুটাও নেদেখা হ’ব৷
সেই বিধানটোকে আজিলৈ ভুটোৱে মানি আহিছে৷

এদিন কলেজ চ’কৰ চেলুনৰ আইনাত মুখখন চাই, কপালৰ ওপৰেৰে চুলিখিনি নিখুতভাৱে ব্ৰেকব্ৰাছ কৰি, ডিঙিৰ পিছৰ চুলিখিনি টানি চৰাইৰ ফিচা যেন কৰি ভুটোৱে খাটাং কৰি পেলালে-সি ৰুমীক ভাল পাবই পাব৷
কিন্তু ভগৱানৰ নিষ্ঠুৰতাৰ সীমা নাই- পিছদিনা প্ৰাণেশ্বৰীলৈ চাই সি মিঠা হাঁহি এটা মাৰি পঠিয়াতেই প্ৰাণেশ্বৰী বাঘেশ্বৰী হৈ গৰগৰাই উঠিল-ভুটোদা, এনেকৈ ঠাট্টা কৰি নেহাঁহিবা কিন্তু, কথা বেয়া হৈ যাব৷ ইনচাল্ট কৰি তুমি সদায় মোক এনেকৈ হাঁহা, চাইহে আছো মই৷
ভুটোৰ দ্বিতীয় স্তৰৰ প্ৰেম-বিলাসত লক্ষ্মী-বিলাস তেল হলহলাই বাগৰি পৰিল৷
ধৰ্মেন্দ্ৰই বুজালে-ভাগিন, তোমাৰ হাঁহিটোত অলপ প্ৰব্লেম আছে৷ মানুহৰ আগত, বিশেষকৈ ছোৱালীৰ আগত তুমি মুখ খুলি নেহাঁহিবা৷ তোমাৰ হাঁহিটো বৰ জটিল ধৰণৰ৷ মানে এক কথাত কবলৈ গ’লে বৰ কুটিল হাঁহি মাৰা তুমি৷

মোমায়েক ভাগিনিয়েকৰ কাণ্ড-কাৰখানা দেখি দেউতাকে কপালত চপৰিয়াই কয়-হায় হায়, ইহঁত মানুহ নহয়, গন্ধৰ্ব হৈ থাকিব লাগিছিল ইন্দ্ৰৰ ৰাজসভাত, নাচ-গান, মৌজ-মষ্টি কৰি৷ ইহঁতক সৃজন কৰোতে গোঁসাইৰ ভুল ৰৈ গ’ল৷
ভুটো আৰু মোমায়েক দুয়ো একেলগে ঘৰৰ চোতালত কেৰাটি প্ৰেকটিচ কৰে৷ বাপেকে কয়-এইবোৰ কি ভৰি মেলা, ভৰি ফলা খেলা কৰিছ অ’ তহঁতে? গাত নাই ধৰিবলৈ মঙহ অকণ, বৰ কেৰাটি ফলাইছ৷ হেৰৌ, আমি কুস্তি কৰিছিলোঁ, গাত চিপচিপিয়াকৈ খাইতেল সানি পালোৱানি খেলিছিলো, তহঁতৰ দৰে লাং খাই পৰা চেঙেৰাক এতিয়াও কিজানি মটকা মাৰি ধৰিব পাৰিম৷ পিছে ককালৰ বিষটোৱেহে খালে মোক৷ আমাৰ যেনিবা বয়স হ’ল, হেৰ’ দুটাকৈ ডেকা ল’ৰা, ইমানে যদি তহঁতৰ গাত শক্তি, এনেকৈ মকমকাই নমৰি সৌ খৰিমুঠিকে কুঠাৰেৰে ফালচোন, কাম কৰাও হ’ল, জিৰণি লোৱাও হ’ল৷
——-
বিএ’ত ফেইল মাৰিও ভাগ্যৰ বলেৰে ভুটোৱে পাব্লিক ৱাৰ্কছ বিভাগৰ দায়িত্বশীল মহৰিৰ কামত সোমাল৷ বিটিল-শ্ব’ পিন্ধি, দুই আঠুৰে জিনচৰ নীলা উলিয়াই, হিৰো-হোণ্ডা দৌৰাই সি অফিচ কৰে৷ ঘৰৰ মানুহে কইনা বিচাৰি হায়ৰাণ৷ ছোৱালীৰ ফটোবোৰ আনে, ভুটোৰ পচন্দ নহয়৷
অৱশেষত মাহীয়েকে খবৰ আনিলে৷ এজনী বৰ ধুনীয়া, মৰমলগা, কামে-কাজে, কথাই-বাৰ্তাই সাইলাখ গোসানী ছোৱালী আছে, মাহীয়েকৰ গাঁৱৰে৷ বাকী ক’বই নালাগে, ঈশ্বৰে দিলে পাভযোৰা৷
মোমায়েকক লৈ ভুটো কইনা চাবলৈ ওলাল৷ পিছে কইনা চাব ওলাইও মনটো তাৰ খোলোচা নহ’ল৷ কাৰণ তাৰ চিৰ-সংগী দুই শত্ৰু- এক, তাৰ চকুৰ চাৱনি, দুই, তাৰ কুটিল হাঁহি- এই দুটাই যে নেৰিলে আজিও তাক৷ হাঁহি বাৰু সি নামাৰে কালৈকেও, কিন্তু চাবতো লাগিব, অন্ততঃ কইনাৰ চকুলৈতো এবাৰ চাব লাগিব সি৷
মোমায়েকে এশবাৰমান সাবধানবানী নুশুনালেনে৷
-ভুলতেও নাহাঁহিবা ভাগিন৷ বৰকৈ হাঁহিব লাগিলেও ওঁঠ দুটা সমানকৈ, বুজিছাতো, সমানকৈ, লাহে-লাহে বহলাই নি নি শেষত সমুখৰ পাৰিৰ মাত্ৰ দুটা দাঁতৰ হাফ প’ৰচনহে বাজ উলিয়াবা৷ পাৰিলে সেইবিধ নভৰাবা৷ ওঠৰ চালত কামোৰ খাই ধৰি কেতিয়াবা বস্তুবিধে হাঁহি বেঁকা কৰি পেলায়৷ আৰু ভাগিন, আৰু ছশমাতো ভুলতেও নুখুলিবাই৷
ভুটোৰ হাতখনে ওপৰ ওঁঠৰ ফুলি থকা অঞ্চলটোত বিচৰণ কৰিব ধৰিলে৷
পিছে ঈশ্বৰৰ ইচ্ছাত সকলো সুকলমে পাৰ হৈ গ’ল৷
মাত্ৰ কইনাঘৰৰ ৰচকী খুলশালীয়েক কেইজনীয়ে আহিবৰ সময়ত জোকালে-দৰাৰ মুখত পাউদাৰ কম হৈছে৷
কি কৰিব বেচেৰাই৷ কইনাৰ ঘৰ সোমোৱাৰ আগে মাহীয়েকৰ ঘৰত সোমাইছিল সিহঁত৷ মাহীয়েকে তাক ধৰি লৈ এসোপামান পাউদাৰ গালে-মুখে ঘঁহি দিলে৷ অৱশ্যে ধৰ্মেন্দ্ৰই আপত্তি কৰিছিল-এস্ বাই হ’ব ও, বেছিয়ে হ’ল নেকি পাউদাৰ৷
মাহীয়েকে ওলোতাই ধৰিলে-হওক দে বেছি, কি জান তহঁতে? পাউদাৰ বস্তুটোৱে এনেকুৱা৷ ঘঁহিলে যদি গমেই নাপাই কিনো ঘঁহিলি? এইবোৰ বস্তু অলপ বেছি হ’লেহে ভাল দেখি সদায়৷ চাওঁ ভাগিন, এইফালে ঘুৰাচোন, ডিঙিৰ পিনে ভালকৈ লগাই নাই৷ ঠুতুৰিত ধৰি মাহীয়েকে তাৰ মুখখন আধা ঘণ্টামান পূব পশ্চিম উত্তৰ দক্ষিণ কৰি মনৰ পচন্দমতে পাউদাৰ সানি দিলে৷

ফুলশয্যাৰ নিশা কোঠাত সোমাবলৈ লৈ ভুটো নিজেই আচৰিত হ’ল- সঁচাকৈয়ে সি বিয়া কৰিলেনে? তাকো ইমান মৰমলগা টুকটুকি কইনাজনীক৷
বগা ধুতি-পাঞ্জাৱীৰ সৈতে চকুত ৰঙীন ছশমা পিন্ধি কোঠালৈ সোমাই অহা ভুটোক দেখি বিচুৰ্ত্তি খাই কইনাই বহাৰ পৰা বিছনাত ঠিয় দি ক’লে-এই ৰাতিখন কি পিন্ধিছে আপুনি?
কইনাৰ মৌ-সনা কণ্ঠত যেন ভুটো লেটুসেতু হৈ গলি গৈ মজিয়াৰে বৈহে যাব৷ সেপ ঢুকি কেনেবাকৈ ক’লে সি-বেয়া পাইছা?
কইনাই হাত জোকাৰি থেনথেনাব ধৰিলে-খুলি থওকনা প্লিইইইজ, খুলি থওক৷
আগবাঢ়ি সি কইনাৰ ওচৰলৈ গৈ সৰুকৈ ক’লে-তুমি বৰ ধুনীয়া অ’ মইনা৷
কথকী মইনাই ডাঙৰকৈ মাত দিলে- চকুত কিন্তু এইযোৰ পিন্ধি থাকিলে আপোনাক গুণ্ডা-গুণ্ডা লাগে৷ চাওঁ খোলক এইবোৰ৷
ভুটোৱে কলে-ৰ’বা মইনা, লাইটটো নুমাই দিওঁ৷ মোৰ চকু দেখি তুমি বা আৰু কি বুলি ভাবা৷
কইনাই ক’লে-ৰ’বচোন কথা এটা মনত পৰি গ’ল৷ কইনা চাবলৈ যাওঁতে আপুনি যে মুখ ধুব লৈ ছশমাযোৰ খুলি হাঁহি মাৰি মোলৈ চাইছিল এক্ষন্তেক, মনত আছেনে? জানেনে কি হৈছিল? উমম…নকওঁ নেকি, লাজেই লাগে! মোৰ বুকুখন কঁপি উঠিছিল তেতিয়াই৷ তেতিয়াই মই আপোনাৰ প্ৰেমত….যাঃ নকও….৷ ইমান ধুনীয়া, বাচ্চাৰ দৰে লাগে আপোনাৰ চাৱনিটো৷ আৰু হাঁহিটো যে..উফ্ কিমান দিন যে তাৰ পিছত সপোনতো দেখিলো মই৷ হিন্দী চিনেমাত যে এজন আছে, কি জানো আছিল নামটো..ৰ’ব, কৈ আছো৷
ভুটোৱে ভয়ে ভয়ে সুধিলে-শক্তি কাপুৰ নেকি?
মইনাই কইনাৰ প’জ পাহৰি তাৰ বাহুত থপৰিয়াই দিলে-ধেত্, শক্তি কাপুৰ ভিলেইনহে, মই হিৰোৰ কথা কৈছো, ৰ’ব…৷

আঙুলি এটা ওঁঠৰ ওপৰত থৈ কইনাৰ মাত বন্ধ কৰাই আনখন হাতেৰে ছশমাযোৰ কোঠাৰ এচুকলৈ দলিয়াই পৰম আৱেশেৰ নৱ-পৰিণীতা পত্নীলৈ চাই ভুটোৱে ভাবিলে-হে পৰমপিতা ব্ৰহ্মা, মানুহ নামৰ কি যে আচৰিত পদাৰ্থবিধ সৃষ্টি কৰিলা তুমি৷ তাতকৈয়ো যে কি আচৰিতভাৱে স্ৰজিলা মানুহৰ চকুবোৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments