ভুল প্ৰশ্ন (উদ্দীপ তালুকদাৰ)

 

সমস্যাটো ডাঙৰেই। নহ’লে গ্ৰহটোৰ মূধা-ফুটা কেইজন একেলগ হৈ সম্পূৰ্ণ তিনিদিন (এইটো গ্ৰহৰ দিনবিলাক আকৌ আমাৰ হিচাপত প্ৰায় চাৰিগুণ দীঘল, অৱশ্যে ৰাতিবিলাক চুটি) সন্মিলন পাতিবলগীয়া নহয়। বহুদিন গ্ৰহটোত এনে ডাঙৰ সমস্যা ওলোৱা নাছিল। আগৰ দিনৰ ডাঙৰ ডাঙৰ সমস্যা, যেনে, দেশৰ মাজত কাজিয়া, নিউক্লিয় বিভীষিকা, পৰিৱেশ প্ৰদূষণ, শক্তিৰ সমস্যা আদি কেতিয়াবাই নাইকিয়া হ’ল। আনকি আন্তঃগ্ৰহ যুঁজ-বাগৰো এইবাৰ নাছিল। প্ৰথমে চবেই এইটো কোনো সমস্যাই নহয়, এনেয়ে চবেই সময় পাৰ কৰিছে বুলি উৰুৱাই দিব খুজিছিল যদিও মূৰকত এনে এখন সন্মিলন পাতিবলগীয়া হ’ল। নহ’বনো কিয়? সমস্যাটো যে বেছ ডাঙৰ!

আমাৰ মানে পৃথিৱীৰ মানদণ্ডৰে চাবলৈ গ’লে তেনে একো ডাঙৰ সমস্যা নহয়। কিন্তু তেওঁলোকৰ বাবে ডাঙৰেই। প্ৰথমে খুচুৰাকৈ জুমে জুমে আলোচনা হৈছিল, পাছলৈ আলোচনাটো আন্তঃ-গ্ৰহ তথ্য জালিকা-ৰ সৰু সৰু গোটৰ মাজত বিয়পি পৰিল। এটা সময়ত সকলোৱে সেই সমস্যাটোৰ বিষয়ে কিবা নহয় কিবা এষাৰ ক’বলৈ আৰম্ভ কৰিলে। এনেকৈ ইজনে কওঁতে, সিজনে উত্তৰ দিওঁতে, সিজনক আকৌ সৌজনে উত্তৰ দিওঁতে আন্তঃ-গ্ৰহ তথ্য জালিকাখনেই একেটা বিষয়ৰ মেৰপাকত সোমাই পৰিল। চৰকাৰীভাৱে জালিকাত তেনে আলোচনা কৰিব নোৱাৰাকৈ প্ৰতিবন্ধ লগোৱা হৈছিল যদিও, খুব সোনকালেই্ হেকাৰবিলাকে সেই প্ৰতিবন্ধ আঁতৰালে আৰু আকৌ আলোচনাবিলাক আৰম্ভ হৈ গ’ল। হেকাৰবিলাকে আনকি বিশেষ চেনেলবিলাকো খুলি দিলে। গতিকে আলোচনা এনেকৈ বিয়পিল যে গ্ৰহটোৰ আন্তঃ-জালিকাত জৰুৰী তথ্য সৰবৰাহেই বন্ধ হোৱাৰ উপক্ৰম হ’ল। তেতিয়াহে চৰকাৰৰ গা লৰিল। আৰু সমস্যাটো একেবাৰে নিৰহ-নিপানীকৈ সমাধান কৰিবলৈ মন মেলিলে। অৱশ্য অকল সেইটোকে চৰকাৰৰ আগ্ৰহৰ কাৰণ বুলিলে ভুল কোৱা হয়। উপনামত আনকি চৰকাৰৰ মূৰব্বী আৰু উপ-মূৰব্বীও আলোচনাত জড়িত হৈ পৰিছিল আৰু দুয়োৰে মত আছিল বিপৰীত। দুয়োজনৰে নিজাকৈ মো-চাহাবৰো অন্ত নাছিল। গতিকে দুয়োৰে মাজতো অলপ টনা-আঁজোৰা আৰম্ভ হৈছিল। সেয়ে, বিষয়টো শেষ ক’ত হয়, সেইটো চাবলৈ দুয়ো ব্যগ্ৰ হৈ আছিল। সেয়ে তিনিদিনীয়া সন্মিলনখন পতাত দুয়ো আগ্ৰহ দেখুৱাইছিল।

সমস্যাটো কি এতিয়াও নক’লে আপোনালোকে মোকেই কিবা ভাবিব। সেয়ে, সহজকৈ কৈ থওঁ। গ্ৰহটোৰ প্ৰাণীৰ মাজত বৰকৈ বিয়পি পৰা সমস্যাটো আমি প্ৰায়েই শুনি অহা ঈশ্বৰৰ বিষয়ে। গ্ৰহটোৰ কিছূমানৰ মতে ঈশ্বৰ আছে, আন কিছুমানৰ মতে নাই। আন কিছুমানৰ মতে আকৌ ঈশ্বৰ আছিল, কিন্তু এতিয়া নাই। কিছুমানৰ মতে আকৌ ঈশ্বৰ নাই, কিন্তু ঈশ্বৰৰ ইচ্ছা আছে। কিছুমানৰ মতে আকৌ…. বাদ দিয়ক। আপোনালোকে জানেই! মুঠতে গ্ৰহটোৰ বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ঈশ্বৰ আছে নে নাই, সেইটো খাটাং কৰিব লাগে!

কেনেকৈ খাটাং কৰা যায়, তাৰ কাৰণেই আয়োজন কৰা হৈছিল মহা সন্মিলনখন। নিমন্ত্ৰণ কৰি অনা হৈছিল বিয়াগোম বিয়াগোম বিজ্ঞানী, দাৰ্শনিক, সাহিত্যিক, ধৰ্মগুৰু সকলোকে। কিন্তু সন্মিলনৰ অৱস্থাও তথৈবচ! হাই-উৰুমি-কোৰ্হালত কোনেও একো নুশুনা অৱস্থা । প্ৰতিজনৰে মত ভিন্ন। কোনো জনেই কাৰো কথা মানি নলয়। সন্মিলনৰ ৰেহ-ৰূপ দেখি চৰকাৰৰ মূৰব্বী আৰু উপ-মূৰব্বীয়ে ভেবাচেকা খালে। এনেকৈতো নহ’ব। যি বুজা গৈছে ঈশ্বৰ আছে নে নাই সেইটো সম্বন্ধে কোনো নিশ্চিত মত এতিয়াও নাই। বুধিয়ক মূৰব্বীয়ে লগে লগেই বুজি পালে, আচলতে সেইটো কাৰণেই সমস্যাটো হৈ আছে। কোনেও ভালকৈ নাজানে বাবেই চিঞৰ-বাখৰ, বাচ্যা-বাচ্যি বেছি হৈছে। সেয়ে সন্মিলনখনৰ আধাতে তেওঁ মত দিলে যিহেতু আচলতে কোনেও নাজানে ঈশ্বৰ আছে নে নাই, সেয়ে এই বিষয়টোৰ ওপৰত তেওঁলোকে তৰ্ক কৰি সময় নষ্ট কৰিব নালাগে। প্ৰশ্নটোৰ সমাধান কৰিব পৰা বেলেগ এটা ব্যৱস্থাৰ কথাহে সকলোৱে ভাবিব লাগে।

কথাটো সকলোৰে মন খালে। লগে লগেই সমিলমিলেৰে কেবাং আকৌ বহিল। বহু ভবা-চিন্তাৰ অন্ততঃ তেওঁলোকে এটা উপায় পালে। তেওঁলোকে এই ব্ৰহ্মাণ্ডৰ আটাইতকৈ শক্তিশালী কম্পিউটাৰটো সাজি উলিয়াব আৰু কম্পিউটাৰটোৱেই প্ৰশ্নটো বিশ্লেষণ কৰি তাৰ উত্তৰ দিব। বাকী চবেই সেই উত্তৰ নহালৈ এই বিষয়ে আলোচনা কৰি সময় নষ্ট নকৰে। ভবা মতে কাম। লগে লগে আহিল জাকত-উঠা কম্পিউটাৰ বিজ্ঞানী, ডাঙৰ ডাঙৰ প্ৰোগ্ৰামাৰ, তেওঁলোকে কম্পিউটাৰৰ আৰ্হি সাজিলে। ছফ্টৱেৰৰ কামত আনকি দাৰ্শনিক কেইজনেও লাগি দিলে। গণিত, পদাৰ্থবিদ্যা, ধৰ্মগুৰু সকলতো আছিলেই। মুঠৰ ওপৰত ইলাহী কাৰবাৰ।

যিটো কম্পিউটাৰ সাজিলে সেইটো ইমানেই ডাঙৰ হ’ল যে তাক সাজিবলগীয়া হ’ল বেলেগ এটা গ্ৰহত। ভূ-গৰ্ভত কম্পিউটাৰটো সজা হ’ল। অৱশ্যে কম্পিউটাৰৰ আউটপুট আৰু ইনপুট নিজা গ্ৰহটোৰপৰাই কৰিব পৰা ব্যৱস্থা ৰখা হ’ল।

‘ঈশ্বৰ আছে নে নাই’ প্ৰশ্নটো কম্পিউতাৰটোত সুমুৱাই দিয়া হ’ল। কম্পিউটাৰটোৰ আৱিষ্কাৰকে জানিছিল উত্তৰটো পাবলৈ কেইবা শতিকা লাগিব। কাৰণ বহুত হিচাপ-নিকাচ কৰিবলগীয়া আছে। কম্পিউটাৰক কামত লগাই গ্ৰহটোৰ আটায়ে আকৌ নিজ নিজ কামত মনোযোগ দিলে। আন্তঃ-জালিকা আকৌ আগৰদৰে কৰ্মক্ষম হৈ উঠিল। বেছিভাগ মানুহেই ভগৱানৰ বিষয়ে তৰ্ক কৰা বাদ দিলে। অৱশ্যে আন্তঃজালিকাত কাম নোহোৱা কিছুমান মানুহে কম্পিউটাৰটোৱে কি উত্তৰ দিব সেইটো লৈ আকৌ তৰ্কত লাগিল। কিন্তু পাছৰ তৰ্কখিনি আগৰদৰে ইমান জোৰদাৰ নহ’ল। কাৰণ প্ৰতিটো আলোচনাৰ শেষলৈ কোনোবাই নহয় কোনোবাই ‘তৰ্ক কৰি থকাতকৈ উত্তৰলৈ বাট নাচায় কিয়’ বুলি মন্তব্য দিয়া হ’ল। মুঠতে তৰ্কখনে আগৰদৰে মুখৰ জুটি দিব নোৱৰা হ’ল।

সময় ধীৰে ধীৰে বাগৰিল। এদিন কম্পিউটাৰটোৱে মেছেজ দিলে যে গণনা শেষ হৈছে। উত্তৰ সাজু। লগে লগেই আকৌ গ্ৰহটোত চঞ্চলতা বাঢ়ি আহিল। উত্তৰটো ল’বলৈ এটা দিন ঠিক কৰা হ’ল। বাতৰিত সেইটোক লৈ আলোচনা-বিলোচনা চলিল। তেনেতে সেই বিশেষ দিনটো আহিল। কম্পিউটাৰটোৰ ৰিম’ট মনিটৰৰ আগত গ্ৰহটোৰ মূৰব্বী আহি বহিল। তেখেতক ঘেৰি বহিল বহু উৎসুক ৰাইজ। টিভিৰ পৰ্দাত ঘটনাটোৰ পোনপটীয়া প্ৰচাৰ কৰা হ’ল।

মূৰব্বীয়ে কম্পিউটাৰৰ আগত বহি প্ৰথমে নিজৰ চিনাকী দি লগ-ইন কৰিলে। তাৰ পাছত ভয়চ ইনপুট ব্যৱস্থাত লাহেকৈ সুধিলে, আমি কৰিব দিয়া গণনাটো শেষ নে? কম্পিউটাৰৰ উত্তৰ আহিল–
–হয় শেষ!
–তেন্তে প্ৰশ্নটোৰ উত্তৰ আছে? মূৰব্বীয়ে সুধিলে।
–হয় আছে।
–তেন্তে কওক উত্তৰটো কি?
–প্ৰশ্নটো ভুল!
–মানে?
–সেইটোৱেই উত্তৰ।
–মানে?
–মানে সোধা প্ৰশ্নটো ভুল।
–মানে?
–ঈশ্বৰ আছে নে নাই, বুলি প্ৰশ্নটো হ’ব নোৱাৰে।
–তেন্তে কি হ’ব লাগে?
–সেইটো ক’বলৈ আকৌ গণনা কৰিব লাগিব।

মূৰব্বীয়ে মুখখন বিকটাই দিলে। চাৰিওফালৰ ৰাইজৰ মাজৰপৰা হুমুনিয়াহ কঢ়াৰ শব্দ শুনা গ’ল। তেনেতে কম্পিউটাৰটোৱে আকৌ মাত দিলে– সেই গণনাৰ বাবে সাধাৰণ কম্পিউটাৰেৰে নহ’ব। জৈৱিক প্ৰণালীযুক্ত আৰু স্ব-শিক্ষিত হ’ব লাগিব সেই কম্পিউটাৰ। লগতে তাক ব্ৰহ্মাণ্ডৰ কোৰ্হালৰপৰা আঁতৰত ৰাখিব লাগিব। তাৰ প্ৰতিটো মাইক্ৰ-প্ৰছেছৰেই হ’ব একো একোটা স্বয়ং-সম্পূৰ্ণ মাইক্ৰ’-প্ৰছেছৰ। এটা মাইক্ৰ-প্ৰছেছৰে আন এটাৰ লগত বিভিন্ন প্ৰকাৰে ক্ৰিয়া কৰি গণনা কৰি যাব। প্ৰয়োজনবোধে দুটা প্ৰছেছৰ লগ হৈ নিজতকৈ অধিক গুণ সম্পন্ন একোটা প্ৰছেছৰ সৃষ্টি কৰি ল’ব পাৰিব। আপোনালোকে ইচ্ছা কৰিলে মই সেইটো সজাত সহায় কৰি দিব পাৰোঁ।

মূৰব্বীজনে কিবা এটা ভাবিলে, আৰু উপস্থিত ৰাইজৰ ফালে চালে। সকলোৱে মূৰ দুপিয়াই মূৰব্বীলৈ নিজৰ সমৰ্থন জনালে। মূৰব্বীয়ে কম্পিউটাৰটোক আনটো কম্পিউটাৰ সজাৰ বাবে অনুমতি দিলে। কম্পিউটাৰটোৱে পুনৰ ক’লে,
–সাজিবলগীয়া কম্পিউটাৰটো হ’ব বিশাল আৰু জৈৱিক। সেয়ে তাৰ বাবে কোনো গ্ৰহত ঠাই বিচৰাৰ সলনি নিজাকৈ এটা গ্ৰহ হিচাপে সজা হ’ব। গ্ৰহটোৰ বিভিন্ন জীৱ হিচাপে থাকিব কাৰ্বন-হাইড্ৰ’জেনেৰে নিৰ্মিত প্ৰছেছৰসমূহ। ব্ৰহ্মাণ্ডৰ সূৰ্য নামৰ নক্ষত্ৰটোৰ সৌৰজগতেই হ’ব তাক স্থাপন কৰাৰ বাবে উপযুক্ত ঠাই। কাৰণ সূৰ্যৰপৰা গ্ৰহটোৱে নিজৰ শক্তি লাভ কৰিব পাৰিব। গণনাৰ বাবে লাগিব প্ৰায় বিয়াল্লিছ নিযুত কোটি বছৰ। গ্ৰহটোৰ লগত বাহিৰৰ ব্ৰহ্মাণ্ডৰ কোনো প্ৰাণীয়ে যোগাযোগ কৰিব নোৱাৰিব। সেই কম্পিউটাৰটোৰ গণনাৰ পৰাহে আমি জানিব পাৰিম প্ৰশ্নটো কি হোৱা উচিত। আৰু গ্ৰহটোৰ নামটো হ’ব লাগিব–পৃথিৱী।

(লেখাটোত হাস্য-কল্পবিজ্ঞান লিখক ডগলাছ আডাম্‌ছ-ৰ এখন চমু উপন্যাসৰ এটা অংশৰ ছাঁ বাৰুকৈয়ে পৰিছে। )

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক