ভুৱা বাতৰি আৰু সংবাদ মাধ্যমৰ কৰণীয় (হিমজ্যোতি তালুকদাৰ)

(যুগ সলনি হ’ল, এটা সময় আছিল যেতিয়া হয়তো কিছুমান বাতৰি আমি সঁচা নে মিছা সেয়া জনাৰ কোনো উপায় নাছিল। কিন্তু সময় সলনি হ’ল। বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ বিপ্লৱত ইন্টাৰনেটৰ যোগেদি যিকোনো বাতৰিৰ সত্যতা যে মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতেই আপোনাৰ হাতত পৰে, সেয়া আমাৰ সকলোৱেই হয়তো মানি ল’ব। আজিকালি তিলটোকে তালটো কৰা মানুহে সমাজ ছানি ধৰি আছে। যাক লাগে মাথোঁ প্ৰচাৰ। তাৰ বাবেই তেওঁলোকে ব্যৱহাৰ কৰে সাংবাদিকক।)

সেয়া আছিল ২০০৮ চনৰ কথা। এটা বাতৰিয়ে সমগ্ৰ অসমতে তোলপাৰ লগাইছিল। অৰ্ণৱ কাকতি নামৰ এজন ছাত্ৰই পদাৰ্থ বিজ্ঞানত লাভ কৰা অভাৱনীয় সাফল্যৰ বাতৰিয়ে অসমৰ বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছিল। বাতৰিটো আছিল অৰ্ণৱ কাকতিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ দ্বাৰা সৰ্বকনিষ্ঠ বিজ্ঞানীৰূপে স্বীকৃতি আৰু পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ মনোনয়ন লাভ কৰিছে। উত্ফুল্লিত হৈ উঠিছিল অসমৰ জনসাধাৰণ। কিন্তু কিছুদিনৰ পাছতে মুখা সুলকি পৰিছিল বাতৰিটোৰ। পৰিয়ালৰ তৰফৰ পৰা ভুৱা তথ্য-পাতিৰে সংবাদ মাধ্যমত সংবাদ যোগান ধৰা বুলি পৰৱৰ্তী কালত প্ৰমাণিত হৈছিল । তথ্যৰ বিশ্লেষণ নকৰাকৈ পৰিবেশন কৰা বাতৰি এটাই যেন সমগ্ৰ সংবাদ ব্যৱস্থা এটাৰ ওপৰত প্ৰচণ্ড মাধমাৰ এটা সোধালে।

ইয়াৰ পাছতে সময়ে সময়ে বিভিন্ন সংবাদ মাধ্যমত কিছুমান বাতৰিয়ে প্ৰাধান্য লাভ কৰি আহিছে। তেনে বাতৰিত সাধাৰণতে কিছুমান বিশেষ কৃতিত্বৰ কথা প্ৰকাশ পায়। কিন্তু সেই কৃতিত্ব অসমত নহয় ৰাষ্ট্ৰীয় অথবা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত লাভ কৰা । কিন্তু ইয়াৰে কিছুমান কৃতিত্বৰ বিষয়ে আমি ভালদৰে চালিজাৰি চাওঁ নে? বাতৰিকাকত এখনত যিখিনি প্ৰকাশ পায়, সেইখিনিকে হয়তো বহুতেই সঁচা মানি ল’বলৈ বাধ্য হৈ পৰে। কাৰণ এটা বাতৰিৰ বিষয়ে ভালকৈ বিচাৰ বিশ্লেষণ কৰিবলৈ সময়, সামৰ্থ আৰু সুবিধাৰ অভাৱত বহু পঢ়ুৱৈয়েই বঞ্চিত হৈ থাকে। সাংবাদিক এজনে পৰিবেশন কৰা বাতৰিটোকে সঁচা বুলি ভাবি ল’বলৈ এক প্ৰকাৰ বাধ্য হৈ পৰে।
কিন্তু এতিয়া এটা প্ৰশ্ন হ’ল সাংবাদিকসকলে কিমান সঁচা বাতৰি পৰিবেশন কৰে? সামাজিক, ৰাজনৈতিক বাতৰিসমূহ আঁতৰাই ৰাখি আমি যদি ব্যক্তিগত পৰ্যায়ৰ বাতৰিসমূহ ভালদৰে নিৰীক্ষণ কৰো তেন্তে দেখা যায়, ইয়াৰে কিছুমান বাতৰি ভুৱা বুলি পৰিগণিত হয়। বৰ্তমান সময়ত ইয়াৰ মাত্ৰা যেন বাঢ়ি গৈছে। কেইটামান উদাহৰণ দিওঁ, আজিৰ পৰা কেইমাহমান আগতে অসমৰ এখন আগশাৰীৰ বাতৰি কাকতত জনৈক গগৈ উপাধিৰ এগৰাকী ছাত্ৰীৰ ঈৰ্ষণীয় সাফল্যৰ বাতৰি পৰিবেশন কৰা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ লগত ভোজ ভাত, অনিল আম্বানি, মুকেশ আম্বানিৰ লগত একেলগে উঠা বহা, ৱাৰেণ বাফেটে ছাত্ৰীগৰাকীৰ বাবে কাপোৰ এযোৰ লৈ অহা ইত্যাদি ইত্যাদি। কি নাছিল বাতৰিটোত? যেন এটা কল্পলোকৰ কাহিনীহে পৰিবেশিত হৈছে। কিন্তু যেতিয়াই এই লেখকে সত্যাসত্য নিৰূপণৰ বাবে ইন্টাৰনেটৰ আশ্ৰয় ল’লে জোলোঙাৰ মেকুৰী ওলাই পৰিছিল। গোটেই বাতৰিটোৱেই যে ৰহণ সানি পৰিবেশন কৰা হৈছিল জলজল পটপটকৈ পোহৰলৈ আহিল। কিন্তু অসমৰ বহু লোকে বাতৰিটো সঁচা বুলিয়েই ভাবি আছিল। তাৰ পাছতো বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ বাতৰি পৰিবেশন কৰি থকা হৈছে। কিছুদিনৰ আগতে অসমৰ সংবাদ মাধ্যমত বহু চৰ্চিত হৈ পৰা ফেচবুকৰ শংকৰদেৱ সংক্ৰান্তীয় এটা গোটত কিছুসংখ্যক জনপ্ৰিয় তাৰকাৰ ভুৱা প্ৰফাইলবোৰ গুৰুজনাৰ অনুগামী হিচাবে যোগ কৰি পৰিবেশন কৰা বাতৰিটোও জনসাধাৰণক বিপথে পৰিচালিত কৰা বাতৰিৰ অন্য এক উদাহৰণ। ইয়াৰ পাছতে এটা বাতৰি পৰিবেশন হ’ল শোণিতপুৰ জিলাৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ এজনে ন’কিয়া বেটাৰী তৈয়াৰ কৰি ন’কিয়াৰ দ্বাৰা উচ্চপদবী লাভ কৰাৰ এটা ৰসাল বাতৰি। অথচ আমোদজনকভাৱে নকিয়াৰ পৰা সেই সম্পৰ্কে একো বাতৰিয়েই প্ৰচাৰ কৰা হোৱা নাই।
এতিয়া প্ৰশ্ন হ’ল, এনে ভুৱা বাতৰিবোৰ বিভাগীয় সম্পাদকৰ চকুৰ সন্মুখতে কিয় আৰু কেনেকৈ প্ৰকাশিত হয়? অতি দুখেৰে জনাওঁ, আমি তথ্য সংবাদৰ এই বিপ্লৱৰ যুগত, খোদ অসমৰ সংবাদ মাধ্যমেই এই বিপ্লৱত নিমজ্জিত হ’ব পৰা নাই। যি সময়ত তথ্য-প্ৰযুক্তিয়ে কেইছেকেণ্ডমানৰ ভিতৰতে এটা বাতৰি সমগ্ৰ বিশ্বৰ চুকে কোণে বিলাই দিবলৈ কাৰ্যক্ষম হৈ উঠিছে, তেনে সময়তে অসমৰ সংবাদ মাধ্যম শুদ্ধ বাতৰি পৰিবেশনৰ ক্ষেত্ৰত যেন এতিয়াও বহু যোজন আঁতৰত। ওপৰত উদাহৰণ হিচাবে দিয়া বাতৰিবোৰ যে অসমৰ পঢ়ুৱৈ সমাজে খুউব আনন্দেৰে আদৰি লয় তাত কোনো দ্বিমত নাই। কাৰণ এই আনন্দদায়ক বাতৰিবোৰ বৰ্তমানৰ সমাজত সঘনে ঘটি ঋণাত্মক ঘটনাৰাজিৰ বিপৰীতে যেন এক মহৌষধ হিচাবেই কাম কৰে। ইয়াৰোপৰি বাতৰি এটা প্ৰকাশ হোৱাৰ পাছত সেইবোৰৰ অনুসন্ধান কৰাৰ কোনো যুক্তিয়েই নেদেখে পঢ়ুৱৈসকলে। সাংবাদিকগৰাকীয়ে যে ভালদৰে চালিজাৰি চায়েই এটা বাতৰি পৰিবেশন কৰে, সেই কথাত নিশ্চিত হৈ থাকে পঢ়ুৱৈসকল। কিন্তু এগৰাকী সাংবাদিকে কিছুমান বাতৰি সঁচকৈয়ে চালিজাৰি অথবা অনুসন্ধান কৰি চাই পৰিবেশন কৰে নে?
সাংবাদিক এগৰাকীৰ গৱেষণাৰ অভাৱৰ বাবেই এনেধৰণৰ ভুল তথ্যৰে ভৰা কিছুমান বাতৰি সঘনে প্ৰকাশিত হয়। কিন্তু এনেধৰণৰ বা-বাতৰিৰ বাবে কেৱল সাংবাদিকগৰাকীয়েই দায়ী নে? নিশ্চয় নহয়। কেৱল মাত্ৰ সেই স্থানীয় সাংবাদিকগৰাকীৰ গাত সম্পূৰ্ণ দোষ দি দিলে হয়তো আমাৰ ভুল কৰা হ’ব। এক শৃংখলিত ৰূপত আমি যদি চাওঁ তেন্তে ভুল বাতৰি সাংবাদিকগৰাকীক দিয়া লোকসকল, বিনা অধ্যয়ন অথবা গৱেষণা নকৰাকৈ বাতৰি কাকতৰ কাৰ্য্যালয়লৈ বাতৰিটো পঠোৱা সাংবাদিকগৰাকী,কাৰ্যালয়ত বাতৰি নিৰ্বাচিত কৰা বিভাগীয় সম্পাদকগৰাকীও সমানে দায়ী নহয় জানো?
যুগ সলনি হ’ল, এটা সময় আছিল যেতিয়া হয়তো কিছুমান বাতৰি আমি সঁচা নে মিছা সেয়া জনাৰ কোনো উপায় নাছিল। কিন্তু সময় সলনি হ’ল। বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ বিপ্লৱত ইন্টাৰনেটৰ যোগেদি যিকোনো বাতৰিৰ সত্যতা যে মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতেই আপোনাৰ হাতত পৰে, সেয়া আমাৰ সকলোৱেই হয়তো মানি ল’ব। আজিকালি তিলটোকে তালটো কৰা মানুহে সমাজ ছানি ধৰি আছে। যাক লাগে মাথোঁ প্ৰচাৰ। তাৰ বাবেই তেওঁলোকে ব্যৱহাৰ কৰে সাংবাদিকক। যেতিয়া এটা বাতৰি ভুৱা হিচাবে প্ৰমাণিত হয়, তেতিয়া মাধমাৰটো পৰে সাংবাদিকগৰাকীৰ মূৰত।
তেন্তে এই ভুৱা বাতৰি বন্ধ কৰাৰ উপায় কি? কেনেকৈ গম পাব পাৰি বাতৰিবোৰৰ সত্য সত্যতা? ইয়াৰ বাবে প্ৰথমেই সাৱধান হ’ব লাগিব স্থানীয় সাংবাদিকজন। কি তথ্যৰ আধাৰত বাতৰি এটা তেওঁক দিয়া হৈছে, সেইবোৰ চালিজাৰি চোৱাটো একান্ত প্ৰয়োজনীয়। অলপ সন্দেহজনক যেন দেখিলেই কম্পিউটাৰ, ইন্টাৰনেট, টেলিফোনেৰে খবৰ লৈ বাতৰিৰ সত্যতা নিৰূপণ কৰাটো খুবেই দৰকাৰ। আজিকালি অসমতো এনেধৰণৰ সা-সুবিধাবোৰ ইতিমধ্যে উপলব্ধ হৈছে। মাথোঁ সাংবাদিকগৰাকীক এই সুবিধাবোৰ বাতৰি পৰিবেশনত প্ৰয়োগ কৰিবলৈ এক উত্সাহৰ প্ৰয়োজন। বাতৰিকাকতৰ স্বত্বাধিকাৰসকলেও কম্পিউটাৰ, ইন্টাৰনেট আদি পৰিচালনাৰ প্ৰশিক্ষণ আদিৰে স্থানীয় সাংবাদিকসকলক সহায় কৰিব পাৰে। ঠিক সেইদৰেই বাতৰি কাকতৰ কাৰ্যালয়তো এইবোৰ বাতৰি পুনৰ পৰীক্ষণ কৰাটো অতিকে জৰুৰী। আৰু কাৰ্যালয়ত যে কম্পিউটাৰ,ইন্টাৰনেট আজিৰ দিনত নাই সেয়া মনে নধৰে। মাথোঁ পাচ মিনিট সময় খৰছ কৰিয়েই বাতৰিৰ সত্যতা নিৰূপন কৰিব পাৰি। আজিকালি অসমৰ প্ৰায়বোৰ বাতৰি কাকত ইন্টাৰনেটত উপলব্ধ। সেইবাবে অসমৰ বাতৰিবোৰ এতিয়া মাথোঁ অসমতেই সীমাবদ্ধ হৈ থকা নাই। প্ৰবাসী অসমীয়াসকলেও এতিয়া এই বাতৰিসমূহ লাভ কৰি থাকে। তাৰোপৰি ফে’চবুক নামৰ ছ’চিয়েল নেটৱৰ্কিং ছাইটযোগে এনেধৰণৰ বাতৰি সঘনে প্ৰচাৰ হয়। ফলত এনেধৰণৰ কিছুমান বাতৰি দৃষ্টিগোচৰ হৈ অনুসন্ধান কৰিলেই জোলোঙাৰ মেকুৰী ওলাই পৰে।
বিগত কিছুদিনত এনেধৰণৰ বিভ্ৰান্তিমূলক বাতৰি প্ৰায়েই বাতৰি কাকতৰ পৃষ্ঠা দখল কৰি আহিছে। যাৰ নাই কোনো সত্যতা, মাথোঁ কিছুমান আভুৱা ভাঁৰা বাতৰি। আৰু যিবোৰ পঢ়ি আমি সেই ‘নায়ক’, ‘নায়িকা’সকলক বাহ্‌বা দিওঁ। অসম অথবা অসমীয়াই কোনো দিশত ভাল কাম কৰি থাকিলে অথবা নিজৰ নিজৰ ক্ষেত্ৰখনত উজলি উঠিলে আমিও অসমীয়া হিচাবে গৌৰৱ অনুভৱ কৰো। কিন্তু ভাল বাতৰি এটা দিয়াৰ নামত যে ভুৱা বাতৰি প্ৰকাশিত হয়, সেয়া কেনেকৈ হজম কৰা যায়? ই যে কেৱল আমাক লাজত পেলাই তেনে নহয়, এটা জাতিক বেলেগৰ সন্মুখত লাজত পেলোৱাৰ দৰে অৱস্থা হয়। অসমৰ বাহিৰত থাকি এইকথা মৰ্মে মৰ্মে উপলদ্ধি কৰোঁ,বিশেষকৈ যেতিয়া অনাঅসমীয়া বন্ধুসকলে এনে ধৰণৰ বাতৰিৰ বিষয়ে গম পায়, তেতিয়া আমি অসমীয়া জাতিটোৱেই যেন এক হাঁহিয়াতৰ পাত্ৰ হৈ পৰো।
সেইবাবে বাতৰি কাকতসমূহে এই দিশটো যাতে গুৰুত্ব সহকাৰে লয়, ইয়াকে কামনা কৰিলো। কাৰণ এটা তোষামোদকাৰী ভুৱা বাতৰিৰে বাহ্‌বা ল’ব খোজা লোকসকলে যে পাছত তেওঁলোকৰ সেই কাৰ্য্যৰ যোগেদি সম্পূৰ্ণ বাতৰি কাকতখনকেই যে হাঁহিয়াতৰ পাত্ৰ কৰি তোলে সেয়া অসমৰ প্ৰতিখন বাতৰি কাকতেই অনুভৱ কৰিব পাৰিব লাগিব।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments