ভূত,প্ৰেত আৰু জিমি… ( বিকাশ কলিতা)

গাঁৱৰ পৰিবেশত লাহে লাহে খাপ খাই উঠিলো I পুৰাকৈ বনৰীয়া হৈ পৰিলো…তাতে দেউতা থাকে গুৱাহাটীত, মা ব্যস্ত গাঁৱৰ ব্যস্ততাপূৰ্ণ জীৱ্নত I ৰাতিপুৱা গোহালী ত্দাৰক কৰাৰ পৰা আৰম্ভ কৰি, হাঁহ, পাৰ, মানুহৰ ৰাতিপুৱাৰ খাদ্য প্ৰস্তুত কৰা, দুপৰীয়া খেতি পথাৰলৈ খাদ্য পঠোৱা, দুপৰীয়াৰ খাদ্য বনোৱা, আকৌ ৰাতিৰ কথা নকলোৱেই বা, মুঠৰ ওপৰত নিজৰ ল’ৰা ছোৱালী কেইতাক ভালদৰে চাবলৈকে সময় নায় I মাক দেখি মোৰ কেতিয়াবা বেয়াই লাগে I বেচেৰিয়ে যোৰহাট ত থাকোতেও অকলে অকলে তিনিটা ল’ৰা ছোৱালী জন্ম দি ডাঙৰ কৰিলে, আৰু এতিয়া গোটেই গাঁৱৰ ঘৰৰ প্ৰকান্ড বোজাটো নিজৰ মুৰৰ ওপৰত লৈ গোটেই দিনটো টাকুৰী ঘুৰা দি ঘুৰি থাকে I মই মাজে মাজে কিছু কিছু কামত মাক সহায় কৰিবলৈ চেষ্টা নকৰা নহ্য়, প্ৰায়ে হাঁহ-পাৰ আৰু গৰু গোহালীৰ কিছু লঘূ দায়িত্ব পালন কৰিবলৈ সময় দিছিলো I ইয়াৰ বাবে মই হাঁহৰ ক্ণী নাইবা পাৰৰ পোৱালী বেছা পইছাৰ অলপ চলপ ভাগ নোপোৱাকৈ নাথাকিছিলো (সৰুৰে পৰা অলপ বেপাৰী আছিলো কিজানি, প্ৰ্তিদান নাপালে একো নকৰো) আমাৰ খেতিৰ মাতি বহুত আছিল আৰু হাঁহ পাৰৰ সংখ্যা প্ৰায়েই গন্তিৰ বাহিৰত থাকিছিল I মই এইবোৰ কৰি ভালো পাইছিলো আৰু সুযোগ পালে ছাগৈ কেতিয়াবালৈ নিজাকে ফাৰ্ম হাউছ এটা খুলি হাঁহ,পাৰ, গৰু, মাছ এইবোৰ পুহিম I

গাঁও বুলিলেই ভূত, প্ৰেত, বুঢ়া ডাঙৰীয়া, জখিনী, বাক ইত্যাদি নাম বোৰৰ লগত এটা এৰাব নোৱাৰা সম্পৰ্ক আহি পৰে ছাগৈ I মোৰো ব্যতিক্ৰম নাছিল I যেতিয়া ভৰ দুপৰীয়া বৰষি ডাল লৈ নাইবা টঙি জাল খন লৈ মাছ মাৰিবলৈ যাঁও, আবুয়ে পিছ্ফালৰ পৰা চিঞঁৰে, “ ঐ তোক বাকে ধৰবো ৰহ” নাইবা বেলেগৰ বাৰিয়ে বাৰিয়ে আৰু পূৰণ বস্তিত পিল পিলাই আম, লেতেকু, পণীয়্ল, মধুৰীআম, লিচু বিছাৰি ঘুৰি ফুৰিলে মায়ে চিঞঁৰে “ তোক যেতিয়া জখিনীয়ে আচুৰিব নাইবা বুঢ়া ডাঙৰীয়াই ধৰিব তেতিয়াহে গম পাবি” I মাৰ মুখতো সৰু কালৰ যথেষ্ট ভুতৰ সাধু Iমাৰ মুখৰ ভুতৰ সাধু বোৰৰ মুখ্য চৰিত্ৰ বোৰ অৱ্শ্যে মামা হতৰ ঘৰ খন আছিল I মামা হঁতৰ ঘৰ আছিল প্ৰাই ৫ কিঃমি মান নিলগত I গাঁও খনৰ নাম বৰালীমাৰা (নাম বোৰ যে কেনেকৈ পৰিল আজিও গম নাপালো) I পথাৰৰ মাজে মাজে খোজ কাঢ়ি মামাৰ ঘৰলৈ যাব পৰা ৰাস্তা আছিল, (এতিয়াও আছে ছাগৈ, গম নাপাও, আজি কালি গাড়ী মটৰত হে যোৱা হয়)I সেইপিনে গলে প্ৰাই ২কিঃমিঃ মান চমু হয়I 

গাঁৱলৈ অহা তেতিয়া ৭ মাহ মান হৈছিল, সুদীৰ্ঘ ১০ বছৰৰ মুৰত মা, আৰু জীৱ্নত জনা হোৱাৰ পৰা মই প্ৰ্থম বাৰৰ বাবে মামা হঁতৰ ঘৰলৈ গছিলো, দিনটো নভেম্বৰ নাইবা ডিচেম্বৰৰ কোনোবা এটা দিন আছিল I যাওতে আমি মুল পথেৰে প্ৰাই ৫ কিঃমিঃ খোজ কাঢ়িয়ে গলো (আজিৰ দিনত কিজানি সপ্তাহ টো মিলিও ৫ কিঃমিঃ খোজ কাঢ়া নহয়)I ঘৰ গৈ পোৱাৰ লগে লগে সবেই আগুৰি ধৰিলে I ককা আইতা, মাহী তিনি জনী, মামা দুজন I মামা আৰু মাহী হঁতে মাজে মাজে যোৰহাট গৈ থাকিছিল আৰু ভাগিন ভাগিনা কেইটাৰ লগত পৰিচিত আছিল I কিন্তু ককা আইতাক মই এইবাৰ প্ৰথম দেখা পাইছিলো I আমাক দেখি আনন্দত আত্ম্হাৰা আইতাই বিধে বিধে খোৱা ব্স্তু বনোৱা আৰম্ভ কৰি দিলে I ককাইও নিজৰ ছ্য় ফুটৰ শৰীৰটোৰে বস্তিৰ দুবিঘা মান মাতি আগুৰি থকা পুখুৰীত নামি এটা প্ৰাই দেৰ কেজি মান ওজনৰ ৰৌ মাছ আচৰা মাৰি উঠালে I মই কিন্তু তেতিয়া পিট পিটাই মায়ে কোৱা ভূত প্ৰেতৰ কাহানী বোৰৰ সাম্ভাব্য উৎস বিচৰাত লাগি গৈছিলো I কতো একো সন্দেহ জনক নাপাই আইতাৰ ওচৰতে লেপেট খাই বহি পেঘেনীয়াবলৈ ধৰিলো I মোৰ খেচ খেচনিত ৰ’ব নোৱাৰি আইতাই মুখ খুলিলে “ বাপ্পা ইত্যা আৰ সেই আগোৰ দিন নাই, ইনাম গিলা মানহু হ’ল সাৰো সোহাই, হাবি বন গিলাও কাটি সাং কৰলাক গোটাই, ভূত প্ৰেত গিলা ক’ত থাকে আৰ I আমাৰো পূৰণ ঘৰটো ভাঙি ফেলোৰ পিচুত একোই নাহা হ’ল I নতুন ঘ্ত্টো বনেই মন্দিৰটো বনাৰ পিচোত হি উৎপাত গিলা কমল্যাক, নহলি ৰাতি ঘুমটি নামৰাকে কিনাম দিন গেল”I আইতাৰ কথা বোৰে মোৰ মনৰ সাঁথৰ টোক আৰু গভীৰ কৰি দিছিল I ভূত প্ৰেত ৰ লগত সাম্ভাব্য সাক্ষআতৰ বাবে মনটো ধৰফৰাবলৈ ধৰিলে I মোৰ সৰুৰে পৰা দেউতাৰ বাহিৰে একোলৈ ভয় নালাগিছিল (আজিও একেই, অৱশ্যে এতিয়া ঘৈণীলৈ অলপ অচৰপ ভয় লাগে)I
দুপৰীয়াৰ সাজ খাবলৈ বহোতে ঠাণ্ডাৰ দিনৰ বেলি প্ৰাই লহিয়াবলৈ আৰাম্ভ হৈ গৈছিল I আগত বিভিন্ন জুতিৰ খাদ্য I বাৰীৰ ঔ টেঙাৰে বনোৱা ৰৌ মাছ, আদাৰ পাতেৰ বনোৱা পুঠি আৰু দৰিকণা মাছ, গোটাকৈ ভাজা হাঁহ কণী, আলু আৰু জালুকেৰে বনোৱা ঘৰৰ পাৰ’ মাংস, লাঈ শআকেৰে বনোৱা মাছৰ মুৰ, কলাৰ ডালি, কলফুল ভাজি, খাই অন্ত কৰিব নোৱাৰা খাদ্যাম্ভাৰ I মই কিমান কি খালো এতিয়া ইমান মনত নাই, কিন্তু খাই বই অতাওতে ৰ’দ নোহোৱা হৈছিলেই প্ৰায় I অ এই খিনিতেই কবলৈ পাহৰিছিলোৱেই, ইতিমধ্য জিমিৰ লগত মোৰ এটা সুম্পৰ্ক হৈ উঠিছিল I জিমি হৈছে মামা হঁতৰ এককাল মান ওখ কলা মুগা ৰঙৰ কুকুৰটোৰ নাম I আমি মামা হঁতৰ ঘৰ পোৱাৰ লগে লগে সি যেনেকৈ গাত জপিয়াবলৈ ধৰিছিল, প্ৰথমে ভয়েই লাগিছিল, কিন্তু সমানে আচৰতো হলো I আমাক প্ৰথম দেখাৰ নিচিনা সি মুঠেও আচৰণ কৰা নাছিল, হইতো তেজৰ গোন্ধ চিনি পাইছিল I মাজু মাহীয়ে কলে যে সি হেনো কোনোবা কালুৰ বংশধৰ, যিটো কালু এসময়্ত মাৰ লগত ছাঁৰ নিচিনাকৈ লাগি থাকিছিল I আনকি মাৰ ভূত প্ৰেতৰ কাহিনী বোৰত কালু আৰু তাৰ দ’লটোৰ উল্লেখ বহুবাৰ কৰি থৈছিল, যে কেনেকৈ সিহঁতে গধূলী নাইবা ৰাতি মাৰ ওচৰৰ পৰা হোৰ হোৰাই জাকি মাৰি ভুকি ভুকি কিবা এটা অচিন ব্স্তুক বহু দুৰলৈ খেদি থৈ আহিছিল, নাইবা ৰাতি মা আৰু জেঠাই থকা কোঠাটোৰ চাৰিওফালে পহৰা দি থাকিছিল I

যি কি নহওক ভাত পানী খাই উঠি, মাক জীয়েকে চুপটি মাৰি থাকোতে গধূলীয়ে হৈছিল, আকৌ তাতে যাবলৈ ওলাই ওচৰ চুবুৰীয়া বোৰক মাত লগাবলৈ মা অলপ ৰৈ গ’ল I হাজাৰ হওঁক ইমান বছৰৰ মুৰত নিজৰ ঠাই খনলৈ আহিছে I কোনোবা খুড়ী, কোনোবা দাদা, কোনোবা পেহীক ঘৰে ঘৰে গৈ মাত লগাওতে ৰাতি ভালকৈয়ে হ’ল I সকলোৰে বাৰ বাৰ অনুৰোধেও মাক ৰাতি থাকিবলৈ বাধ্য কৰিব নোৱাৰিলে I মই জানা হোৱাৰ পৰা মাক নিজৰ ঘৰত ৰাতি থাকা দেখাই নায় I এতিয়াও আনকি কেতিয়াবা মামা হঁতৰ ঘৰত গলে মা তাত দিনতো থাকি ৰাতি আমাৰ দেউতা হঁতৰ পূৰণ ঘৰলৈ গুছি আহে I সকলোকে মাত লগাই মাই ঘৰলৈ বুলি পথাৰৰ মাজৰ ৰাস্তাটোকে বাছি ললে I পিছপিনৰ পৰা আহিল নহ্য় বাধা, “ ঐ মাই সেতু ৰাস্তাই দি নাযবি য়ে, সিগলা জাগাত মানহু চানহু এথেনো বহা নাই, জাগা গিলা ইম্যান ভাল নহই য়াই” ককাৰ মাত I কিন্তু মাৰ হাততো আন একো উপাই নাই, মুল ৰাস্তাৰে গ’লে ২ কিঃমিঃ বেছি ঘুৰিব লাগে আৰু গৈ পাওতে ৰাতিও বহুত হ’ব, তাতে গৈ পাই আকৌ ভাত পানী বনোৱাৰ কথা আছে I “ এহ হবো দে, এৰে আপি মই, যাবা পাৰিম, আৰু ইও আছে নহয়” বুলি মোলৈ দেখুৱাই সমুহীয়া ভাবে কৈ উঠিল I মোৰ ১১-১২ বছৰীয়া মন টো যেন হ্ঠাৎ ডেকা হৈ উঠিল I মাৰ হাত খনত অভিভাৱকৰ কৰ্তিত্ব ৰে খামোচ মাৰি ধৰি দুয়ো ঘৰ মুখে পথাৰৰ মাজেৰে পোনালো I

পথাৰৰ মাজৰ লুঙ লুঙীয়া ৰাস্তা, ধাননী পথাৰ বোৰত ধানৰ ভৰত তল মুৰ কৰি থকা ধানৰ গছি বোৰ, দুৰৈত জিলি আৰু উইচিৰিঙাৰ এক নৰ্দিষ্ট সুৰত কৰা আৰাও I দুই এটা জোনাকী পৰুৱাৰ টিপটিপনি, ঘাহঁনিত দুই এটোপাল নিয়ৰৰ কণা আৰু মুৰৰ ওপৰত ফৰিং ফুটা জোনাক I এক মায়া মই পৰিবেশ I মাৰ মুখত এটি পুৰণি অসমীয়া গানৰ গুণগুণনি “ চেনাই মই যাঁও দেই, বিহুতে আহিম দে…..” মাই গানৰ তিন নম্বৰ কলি টো আধা গোৱা হওতেই ৰৈ দিলে, ক্ষন্তেকৰ বাবে ইফালে সিফালে এবাৰ চাই এইবাৰ মোৰ হাত খনত জোৰে খামোচ মাৰি ধৰি মোক প্ৰাই চোচোৰাই নিয়াৰ নিচিনাকৈ নিবলৈ ধৰিলে I মই একো ধৰিব পাৰা নাছিলো যদিও কিবা এটা অজান ভয়ে মোৰ ৰাজহাড় ডাললৈকে কঁপাই তুলিছিল I আৰু অলপ দুৰ গৈছোহে মাত্ৰ, মাৰ হাতৰ খামোচটো ইমান তীব্ৰ হ’ল যে মই দুখ পাবলৈ ধৰিলো, আৰু এটা মুহুৰ্তৰ বাবে ৰৈ দিলে, যেন আগত কোনোবাই বাত ভেটি হে ধৰিছিল I ঠিক সেই সময়তে কিবা এটাই খুব জোৰেৰে অমাৰ পিচফালৰ পৰা আহি আগফালে নেদেখা ব্স্তু এটাক অলপ দুৰলৈ খেদি কেইটামান ডাঙৰ কে ভুকি মাৰিলে I প্ৰ্থমে আমি ভয়্তে জাপ মাৰি উঠিলো যদিও জিমিক দেখি মাৰ যেন দেহলৈ প্ৰাণটো হে ঘুৰি আহিল I মাৰ হাতৰ মুঠিৰ জোৰটো অলপ কমি গ’ল কিন্তু খোজ সমানে জোৰে দিবলৈ ধৰিলে I মোৰ মনতো এক অজান ভয়ে মাক একো কোৱাৰ পৰা বিৰত ৰাখিলে I জানিছিলো কিবা এটা খুব বেয়া হৈ আছে I জিমিয়েও আমাক এৰি কিন্তু বেছি দুৰলৈ নগল I সি ঘুৰি আহি আমাৰ লগে লগে যাবলৈ ধৰিলে I মাজে মাজে সি তেজাল গতিৰে সেই অচিনাকি শত্ৰুক বহু আগলৈ খেদি নিয়ে, কেতিয়াবা তৰিৎ গতিৰে আমাৰ পিচপিনে খেদি যায় I কেতিয়াবা বা আমাৰ একেবাৰে সন্মুখতে ৰৈ আমাৰ গতিত ক্ষ্যন্তেকৰ বাবে যতি পেলায়, যেন আমাক ৰব’লৈহে কৈছে I মা আৰু মোৰ সমস্ত মনজোগ তেতিয়া যিমান পাৰি সিমান খৰ কে খোজ কাঢ়া আৰু জিমিৰ গতি বিধি মন কৰাত I সি কিন্তু প্ৰথম এবাৰ বা দুবাৰৰ পিচত নিজৰ অচিন শত্ৰুক আৰু এবাৰো ভুকা নাছিল I তেতিয়ালৈকে আমি মুকলি পথাৰবোৰ এৰি এখন চানেকীয়া হাবি আৰু বাঁহনিৰ মাজে মাজে যাবলৈ ধৰিলো I এতিয়া জোনাক বোৰো ছেগা চোৰোকা কৈ হে ৰাস্তাত পৰিল I ঠায়ে ঠায়ে বাঁহনি ডৰাৰ হালি পৰা আগ কিছুমানে আমাৰ গায়ে মুখে কোবাই যাবলৈ ধৰিলে I পথটো আৰু বেছি জয়াল আৰু আন্ধাৰ হৈ পৰিল I তথাপি আমাৰ খোজৰ প্ৰ্কোপ কমি নগল I খৰ কৈ খোজ কাঢ়াৰ ববে নেকি বোধহ্য় মোৰ সোঁ পেটৰ তলত বিষ এটা আৰাম্ভ হৈ গৈছিল I এতিয়া জিমি কিন্তু একেবাৰে আমাৰ লগে লগে হে যাবলৈ ধৰিলে, মাজে মাজে দুয়োৰো চাৰিওফালে পাক এটা মাৰে আৰু আন্ধাৰলৈ চাই অদ্ভুত ধৰনৰ এক গোজৰণী মাৰে I ইতিমধ্যে মোৰ পিয়াহ্ত মুখ খন শউকাই কিবা হৈ গৈছিল আৰু জিভাৰে ওঠ চেলেকাৰ প্ৰকোপত ওঠ যোৰ ফাটি ফৰফৰাবলৈ ধৰিছিল I তাতে এনেই ঠাণ্ডাৰ দিন I এনেদৰে প্ৰাই ৩০-৪০ মিন মান খোজ কাঢ়াৰ পিছ্ত মোৰ চিনাকি এৰা বাড়ী খন দেখা পালো I আমাৰ স্কুল যোৱা ৰাস্তাটোতে সেইখন পৰে I সেই প্ৰকাণ্ড বাড়ী খনৰ ওচৰৰে দিনতেই অকলে নাযাও আমি I সেই গোটেই ঘৰ মানুহ বোলে কিবা এটা মহামাৰিত একেলগে মৰি সাং হৈছিল I যিও একমাত্ৰ বুঢ়ী এজনী আছিল, কেইবছৰ মান পিচত ক’ত নোহোৱা হ’ল কোনেও কব নোৱাৰে I এৰাবাড়িখন পাৰ হৈ অলপ দুৰ গলই কেন্দু গছ্ডাল, আৰু তাৰ পিচতেই এটা দুটা কৈ আমাৰ গাঁৱৰ ঘৰ বোৰ আৰাম্ভ হৈ যায় I মাৰ মুখলৈ এবাৰ চালো, আন্ধাৰতো ধৰিব পাৰিলো চাৰিও ফালে দি থকা মাৰ সতৰ্ক চাৱ্নি I তেতিয়া আহি আমি কেন্দু জোপাৰ তল পালো I কিন্তু ইয়াত যেন জিমি পাগল হৈ গ’ল I তাৰ গাৰ সমস্ত শক্তিৰে ভুকি ভুকি সি আমাৰ চাৰিও ফালে চক্ৰ্কাৰে ঘুৰিবলৈ ধৰিলে I আমি ৰৈ যাবলৈ বাধ্য হলো I তাৰ ভুকৰ শব্দত লাহে লাহে আমাৰ গাঁৱৰো দুই এক কুকুৰে আহি যোগ দিলে I সিঁহতে কিন্তু অচিন গাঁৰ পৰা আহা জিমিক এবাৰো ভুকা নাই I সিঁহতৰো ভুকি বোৰৰ লক্ষ্য আন্ধাৰ I কুকুৰবোৰৰ সমুহীয়া আৰাওত তেতিয়া অলপ দুৰৈৰ কাঠৰ দলং খনৰ মুৰত বিড়ি হুপি থাকা বলি খুড়া হাতত দা এখন লৈ দৌৰ মাৰি আহিল I বলি খুড়া যিমান ওচৰ চাপি আহিল সিমানে কুকুৰ কেইটাই নেদেখা শত্ৰুটোক দুৰলৈ খেদি খেদি লৈ গ’ল I “অ বৌ ইমান ৰাতি খান কোহাইৰ দেখিৰ পাৰা আহল্যা” I বলি খুড়াৰ মাতত মাই নিজকে যিমান পাৰি সিমান চম্ভালি লৈ কৈ উঠিল, “এহ নকবা আৰ, মাই ঠেইৰ ঘৰত গেছ্লো, আহাওতে দেৰি হৈ গেল, পথাৰোৰ মাজোৰ ৰাস্তাটোই দি আহলু, নহলি দেৰি হৈ যাই যি” I “ এহ হে ক্যা আহব্যা লাগা হ’ল সোহাইদি, সিগলা জাগা কিম্যান বৈয়া নাজনা নেকি কিব্যা”, বুলি কৈ বলি খুড়াই মোক পিঠিত উঠাই ললে আৰু ঘৰৰ পিনে আমাক আগব্ঢ়াই নিবলৈ ধৰিলে I এনেই মোক কোনোবাই সৰু ল’ৰাৰ নিচিনাকৈ ব্যৱ্হাৰ কৰিলে মই সিমান এটা ভাল নাপাও, কিন্তু সেইদিনা চাপৰ বলি খুড়াৰ পিঠিত উঠি যাওতে মই এক পৰম আনন্দ পালো I

ঘৰৰ নঙলামুখ পাও মানে জিমি আহি আমাৰ কাস পালে I ভাগৰত তাৰ জিভা এবেগেত মান ওলাই আছিল, আৰু তাৰ ফোপনিৰ শব্দ বহুত দুৰলৈ গৈছিল I মায়ে ঘৰ সোমাইয়েই প্ৰথম গোসাই ঘৰত সেৱা এটা জনালে I হ্য়তো ভগৱানক অন্তৰৰ পৰা ধন্যবাদ জনালে সেই অচিন শত্ৰুৰ পৰা ভালে কুশলে বচাই আনি ঘৰ পোৱাই দিয়াৰ বাবে, নাইবা ত্ৰান কৰ্তাৰ ৰূপত জিমিক পঠিয়াই দিয়াৰ বাবে I তাৰ পিচত চিধাই হাইহাললৈ গৈ (পাকঘৰ) ডাঙৰ বাতি এটাত গধুলী আবুয়ে খীৰাই থোৱা এবাটি গৰুৰ গাখীৰ আনি জিমিৰ কাসত থলে I ইতিমধ্যে আচহুৱা ঠাই পাই জিমিয়ে কু কুৱাবলৈ ধৰিছিল I গাখীৰ বাতি একেচাটে খাই সি আমাৰ মুল ঘৰৰ বাৰান্দাতে লেপেট খাই বহি পৰিল I তেতিয়ালৈকে আবুয়ে মোক হাইহালৰ জ্বলি থকা জুই কুৰাৰ কাসত নি মুখেৰে কিবা বিৰবিৰাই সৰিয়্হ এমুঠি মোৰ গাৰ চাৰিওফালে ঘুৰালে আৰু জুইকুৰাত দলি মাৰি দিলে I ফট ফট শব্দ কৰি সৰিয়্হ মুঠি ফুটি উঠিল I

সেইদিনা ৰাতি মায়ে জিমিক নিজৰ সন্তানৰ নিচিনাকৈ মৰম কৰি খুৱালে বুৱালে, আনকি ৰাতি তাক আমৰ বেদৰুমত আমাৰ লগতে পুৰণা কম্ব্ল এখন মাতিত পাৰি শউবলৈ দিলে I ৰাতিপুৱা হয় মানে আমাৰ সম্পৰ্কীয় মামা এজনে চাইকেল এখন লৈ জিমিক নিবলৈ বুলি আমাৰ ঘৰ ওলাইছিল I নিজৰ দায়িত্ব সুচাৰু ভাবে পালন কৰি উঠা জিমিৰ তেতিয়া আমাৰ ঘৰত থকাৰ তিলমাত্ৰও আগ্ৰ্হ নাছিল I যোৱাৰ আগমুহুৰ্ত্তত মায়ে তাক আকৌ গোটেই গাত হাত ফুৰাই ফুৰাই নিজৰ মুখৰ ভিতৰতে কৈ উঠিল “ বাচা তৈ বাপেৰেৰ হঁতৰ নাম ৰাখিলি” I মাৰ ফালে এপলক চাই এবাৰ জিভা খনেৰে মাৰ হাতত চেলেক এটা মাৰি, মোৰ গাত জাপ এটা মাৰিলে আৰু চাইকেলত পেডেল মাৰি আমাৰ নঙলা পাৰ হৈ যোৱা মামাৰ পিচে পিচে দৌৰ মাৰিলে I সেইয়াই মোৰ লগত জিমিৰ প্ৰথম আৰু অন্তিম দেখা আছিল I তাৰ এবছৰ নে দুবছৰ পিছ্ত মামাৰ ঘৰলৈ যাওতে গম পালো কিবা বেমাৰ হৈ বোলে জিমি ঢুকাল I

সেই ঘ্টনাটোৰ আজি বহু বছৰ হ’ল, মোৰ ভূত প্ৰেতক সন্মুখৰ পৰা লগ পোৱাৰ দুৰ্বাৰ হাবিয়াস এটা এতিয়াও আছে, কিন্তু সেইদিনাৰ কথা বোৰ আজিও মোৰ মনত ফটফটীয়া হৈ আছে আৰু মনত পৰিলেই এক বুজাব নোৱাৰা অনুভুতিয়ে গাটো কঁপাই দিয়ে I আচৰিত ধৰণে সেইঘ্টনাটোৰ কথা আজিও ঘৰত ওলালে মায়ে জিমিৰ কথা হে সোঁৱৰে, কেতিয়াও মোক ঘ্টনাটোৰ বিষয়ে আৰু একো নকলে না বেলেগৰ আগত সেই ঘ্টনাটোৰ কথা উল্লেখ কৰিলে I কিন্তু জিমিয়ে গোটেই পথতে আমাক কিহৰ পৰা বচাই বচাই আনিলে নাইবা, আবুয়ে কিহৰ বাবে মোৰ গাত মন্ত্ৰ্পূত সৰিয়্হ ফুটালে, সি আজিও মোৰ মনত ৰহস্য হৈয়ে থাকি গ’ল I

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক