ভূতৰ কথা (পঙ্কজ চেতিয়া)

জীৱনটো আধাছোৱা খুব স্ফূৰ্তি কৰিয়ে কটালোঁ। মাজে মাজে কেতিয়াবা পস্তাবলগীয়াও হয়। কেতিয়াবা ভাবোঁ, যিটো সময়ত ভালদৰে পঢ়া-শুনা কৰিব লাগিছিল, সেই সময়ত স্ফূৰ্তি বেছি কৰিলোঁ। সেই দিনবোৰতো আৰু এতিয়া শুধৰাবগৈ নোৱাৰোঁ। কিন্তু এতিয়া পস্তালেও, সেই দিনবোৰৰ কিছু মুহূৰ্ত সদায় মনত থাকি যাব।

সেয়া কলেজীয়া জীৱনৰ কথা। বোধকৰো ২০০১-০২ চনৰ কথা। তেতিয়া মই গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰ। ল’ৰাই ভালদৰে পঢ়া-শুনা কৰিব বুলি মা-দেউতাই সাজি দিয়া গোলাঘাট নগৰৰ ঘৰটোতে থাকি পঢ়োঁ। ডাঙৰ ঘৰ। ঘৰৰ এটা অংশ ভাড়াত দি, বাকী অংশত মই নিজে থাকোঁ। পঢ়া-শুনাতকৈ বেছি আড্ডা মাৰিয়েই বেছি সময় পাৰ হৈছিল। গোলাঘাট নগৰৰ অন্নপূৰ্ণা হোটেলত আৰু গোলাঘাট নগৰ সমিতিৰ কাৰ্যালয়ৰ সমুখত কেতিয়াবা ৰাতি ১০-১১ বজালৈ আড্ডা বহিছিল। (আড্ডাত আড্ডা মৰাৰ বাহিৰে সাংঘাতিক বেয়া কাম এটাও নহৈছিল)।

আৰু এটা আড্ডা আছিল, হক ছাৰৰ মেছত। গোলাঘাট মিশ্যন কম্পাউণ্ডত আছিল চিৰাজুল হক ছাৰৰ মেছ। আগতে ছাৰ তাতে থাকিছিল যদিও, পিছলৈ ছাৰে টেনপুৰত ঘৰ লৈছিল। ছাৰে তেতিয়া দিনত তাত পদাৰ্থ বিজ্ঞানৰ টিউশ্যন লৈছিল, আৰু ৰাতি টেনপুৰৰ ঘৰলৈ গুছি গৈছিল। মালিক নথকা মেছত ৰাতি আড্ডা মৰাৰ মজাই বেলেগ।

তেনেকুৱা এটা ৰাতি, আড্ডা মাৰি আহি ৰাতি ১১ মান বজাত ঘৰ সোমাইছোঁহি। বাহিৰত ক’ৰবাত ভাত-পানী খাই আহিছিলোঁ, সেয়ে সেইদিনা ৰন্ধা-বঢ়াৰ ঝামেলা নাছিল। ঘৰত সোমাই বিছনাত বাগৰ দি, ৱাকমেনত গান শুনি শুনি বাগৰ দিছোঁ। (তেতিয়া লেপটপ, আই-পড বা ম’বাইল নাছিল)।

তেনেকৈ কেতিয়া টোপনি আহিল গম নাপাওঁ।

হঠাৎ কিবা মাত এটা শুনি সাৰ পালোঁ। ভালদৰে কাণ পাতি শুনিলোঁ… “টুক টুক টুক”।

কোনোবাই মোৰ খিৰিকিত টোকৰ মাৰিছে। ভাবিলোঁ, জেঠী চাগে’!

তেনেতে আকৌ শুনিলোঁ, আগতকৈ অলপ ডাঙৰ টোকৰ, “টুক টুক টুক”।

তেতিয়া মই ভিতৰৰ পৰা মাত দিলোঁ, “কোন?”

কোনো উত্তৰ নাই! মই আকৌ মাত দিলোঁ, “কোন বে?” (তেতিয়া ‘বে’টো খুব চলিছিল)

তেনেতে বাহিৰৰ পৰা মাত আহিল, “অ’ পংকজ!”। এটা নাৰীকণ্ঠ!

ঘড়ীটো চালোঁ, প্ৰায় ১ বাজি ২০ মিনিট গৈছে। ভাবিলোঁ, এই ৰাতিখন কোন ওলালেহি!

তেনেতে আকৌ মাত আহিল, “অ’ পংকজ, দুৱাৰখন খোলাচোন”।

সেইকেইদিনত আমি কুং-ফু শিকি অলপ বেছি সাহসী হৈ আছিলোঁ। মই হাতত পেন্সিল টৰ্চটো লৈ লাহেকৈ দুৱাৰখন খুলিলোঁ। দেখিলোঁ, কোনো নাই। টৰ্চটো জ্বলাই বাহিৰলৈ ওলাই আহিলোঁ। দেখোঁ, মোৰ খিৰিকীৰ কাষতে মহিলা এগৰাকী। চিনি নাপালোঁ। কলা ৰঙৰ স্কাৰ্ফ এখন মেৰিয়াই ৰৈ আছে।

মই সুধিলোঁ, “কি হ’ল? কি লাগে?”

মহিলা নিমাত।

আকৌ সুধিলোঁ, “কি হ’ল নকয় কেলৈ?” অলপ চিঞৰি ক’লোঁ।

মহিলাই উত্তৰ দিলে, “তুমি ভয় খাইছা!”

কি?

নহয়, তুমি ভয় খাইছা।

মোৰ খং উঠিল, ক’লোঁ, “কি আবোল-তাবোল বকি আছে? কি লাগে নকয় কেলৈ?”

আকৌ একেই উত্তৰ, “নাই তুমি ভয় খাইছা!” সেইষাৰ কৈয়েই মোৰ চকুৰ সমুখতে মহিলাগৰাকী নাইকীয়া হৈ গ’ল! মই একো পাত্তাই নাপালোঁ। মহিলাগৰাকী হঠাৎ কেনেকে অদৃশ্য হৈ গ’ল!

তেতিয়া মোৰ গাটো অলপ সিৰসিৰাই উঠিল। মই লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ। আৰু দুৱাৰখন জপাই দিলোঁ।

তাৰ পিছতহে মোৰ অলপ ভয় ভাব আহিল। ভাবিলোঁ, বস্তুটো কি আছিল! হঠাৎ এনেকৈ মানুহ এজনী নাইকিয়া হৈ যাব পাৰেনে?

ওচৰ চুবুৰীয়া কাৰো কোনো সাৰ-সুৰ নাই। ভাড়াতীয়াৰো সাৰ-সুৰ নাই।

এতিয়া অকলে অকলে কৰোঁ কি? পাকঘৰত গৈ সৰিয়হৰ টেমাৰ পৰা সৰিয়হ লৈ গোটেই ঘৰত চটিয়াবলৈ ধৰিলোঁ। চটিয়াই চটিয়াই আধা কিলো সৰিয়হ শেষ! কিন্তু, মনৰ পৰা যে ভূতৰ ভয় নাযায়। হাতত ডাঙৰ দা খন ল’লোঁ। দাখন লৈয়েই বিছনাত বাগৰ দিলোঁ। টোপনিনো আহে ক’ত! শীতৰ দিনত মই গৰমত থাকিব পৰা নাই। এনেকুৱা ঘামিছোঁ!! কম্বল আঁতৰাই হাতত দা লৈ, লাইট জ্বলাই শুবলৈ চেষ্টা কৰি কৰি এটা উজাগৰী নিশা পাৰ হ’ল।

ৰহস্য, ৰহস্য হৈয়ে থাকি গ’ল! ভূত, ভূত হৈয়ে থাকি গ’ল….।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments