ভূতৰ সৈতে এনিশা (কল্লোল কুমাৰ বৰুৱা)

ভূতৰ সৈতে এনিশা


কল্লোল কুমাৰ বৰুৱা

এবাৰ কিবা এটা জৰুৰি কামৰ বাবে মোৰ ডাক্টৰ বন্ধু দত্তৰ চৰকাৰী বাসভৱনত ৰাতিখন কটাবলগীয়াত পৰিছিলোঁ৷ মেইন চহৰখনৰ পৰা ৩০ কি:মি: ভিতৰত ভোগদৈ নদীৰ দাতিকাষৰীয়া এখন গাওঁ৷ গাওঁখন বৰ ধুনীয়া আৰু চাফা৷ গাওঁৰ ভিতৰৰ ৰাস্তাঘাটবোৰ সিমানও বেয়া নহ’য়৷ মানুহবোৰ সজাগ আৰু শিক্ষিত বুলি শুনি আহিছিলোঁ৷ মোৰ বন্ধু দত্তৰো তাতে পোষ্টিং হৈ থকাটো বৰ বেছি এটা দিন হোৱা নাছিল৷ মোৰ অনুমান মতে ১০মাহ কি এবছৰমান হে হৈছিল৷
যিকি নহওঁক, সিদিনাখন শনিবাৰ আছিল৷ বন্ধু দত্তই বৰ ধুনীয়াকৈ অতিথি আদৰ আপ্যায়ণ কৰিলে৷ কোনো ক্রুটিয়েই নাৰাখিলে৷ বৌয়ে ৰান্ধি দিয়া পাৰৰ মঙহৰ জোল আৰু কেকোঁৰাৰ চাটনীৰে বৰ জুটি লগাকৈ খাই মেলি কিছুসময় গতানুগতিক আড্ডা মাৰি বিচনাত পৰিলোঁ৷ আৰু ভাগৰতেই টোপনীয়ে হেছা মাৰি ধৰাত কেতিয়াযে টোপনি গলোঁ গমেই নাপালোঁ৷
হঠাৎ বাহিৰৰ পৰা দত্তক নাম লৈ মাতি থকা মাতত সাৰ পাই গলোঁ৷ টৰ্চটো বেৰলৈ মাৰি ঘড়িটোলৈ চালোঁ সময় তেতিয়া নিশা ১১.৪০৷ গাওঁ মানুহবোৰ সাধাৰনতে ৰাতি সোনকালেই শুই যায়৷ দত্তৰ কোঠালিটোৰ পৰা কথা পতাৰ মাত শুনি কিনো হ’ল বুলি ওলাই যোৱাত গ’ম পালোঁ যে ওচৰৰ গাওঁখনৰ গাওঁ বুঢ়াৰ পুতেক আৰু বোৱাৰী হেনো সিৰিয়াছ৷ ৰোগীদুজনক একেলগে অনাৰ অসুবিধাৰ বাবে আনিব নোৱাৰা বাবেই বাপেকজনে নিজেই লগত দুজন মানুহ লৈ ডাক্টৰক নিবলৈ আহিছে৷ এতিয়া মোৰ বন্ধু দত্ত হ’ল গাওঁখনৰ একমাত্র ডাক্তৰ৷
দত্তই অনুৰোধ কৰাৰ আগতেই মই সাজু হৈ ওলালোৱেই৷ মই জনাত, প্রথমে বন্ধুবৰে দূৰত্ব বুজি মান্তি হোৱা নাছিল৷ যিহেতু ঠাইডোখৰ মোৰ বন্ধুৰ সিমান এটা জ্ঞাত নহ’য়, যেনেদৰে আমাক তেওঁলোকে বাট দেখুৱাই নিব ঠিক তেনেদৰেই ঘৰলৈ পুনৰ আগবঢ়াই থৈ যোৱাৰ মৌখিক প্রতিশ্রুতি দিয়াত বন্ধু দত্ত মান্তি হ’ল৷ তেওঁলোকৰ সমূহীয়া কথোপথনত ৰোগী দুজনৰ বেমাৰটোও হেনো কিবা অলপ সিৰিয়াছ বিধৰে আছিল যেন অনুভৱ হ’ল৷ লেম্প লৈ দুজন মানুহ আগে আগে, আমি দুজন তেওঁলোকৰ পিছফালে আৰু তিনি নম্বৰ মানুহজন ঠিক আমাৰ পিছফালে বেগখন লৈ আমি এনেদৰেই গৈ থাকিলোঁ৷ মোৰ হাতত দত্তৰ দুইবেটাৰীযুক্ত টৰ্চ এটা৷ আধা বনোৱা পকী ৰাস্তা পাৰ হৈ এতিয়া আমি গাওঁৰ শেষৰফালে থকা লুংলুঙীয়া পথত নামিলোঁ৷ খোজকাঢ়ি গৈয়ে আছোঁ৷ অনুমান কৰিব পাৰি চাৰিওফালৰ অন্ধকাৰে যেন ক্রমাৎ আমাক ৫ জনকে ঘেৰি ৰাখিছে, যেন বান্ধি ৰাখিছে৷ যিফালে লেম্পৰ পোহৰ গৈছে সিফালেই যেন গৈ আছোঁ৷ মানুহ তিনিজনে অস্পষ্ট কিবা কিবি কৈ গৈ আছিল, আমালৈ এবাৰো পিছপিনে ঘূৰিও দেখা নাছিল৷ তেওঁলোকে কি বিষয়ত কথা পাতি আছিল ভাঁহি অহা গুণগুণনীৰ পৰা সেইয়া অনুমান কৰা সম্ভৱপৰ নাছিল৷ তেনেকৈ গৈ থাকোতে মাজতে বন্ধু দত্তৰ মুখৰ পিনে দেখিলো তেওঁৰ মুখমন্ডলত যেন মোৰ দৰে সেই একেই উৎকন্ঠা৷ মই তেওঁক ফুচফুচাই সুধিলোঁ “বন্ধু, আৰু কিমান দূৰ ?” দত্তই চাগৈ মোৰ অৱস্হাটো বুজি উঠিছিল৷ ডিঙিটো সন্মুখৰ পিনে মেলি চাই কিবা এটা পৰ্য্যবেক্ষণ কৰি লাহেকৈ ক’লে-“ৰ’বা ইয়াৰ পৰা মই জনাত বৰ বেছি দূৰ নহ’য়৷ মই দুবাৰমান গৈছিলোঁ৷ এনেৰেই এনে গতিত গৈ থাকিলে আৰু কিছুসময়ৰ পিছত গৈ পাব লাগে৷” ৰাতিৰ ঘোপমাৰা এন্ধাৰত একোকেই ভালদৰে মনিব নোৱাৰি কিন্তু বন্ধু দত্তই কি দেখি বা ভাবি অনুমান কৰি কথাষাৰ ক’লে মোৰ বুজাত কিছু অসুবিধা হৈছিল৷ তাতে মই একেবাৰেই নতুন আৰু পোন প্রথমবাৰৰ বাবে গাওঁখনলৈ আহিছোঁ৷ আৰু অকনমান সময় পিছত বন্ধু দত্তই উপায়হীন হৈ সন্মুখৰ তিনিজনক উদ্যেশি ক’লে-“হেৰি শুনিছেনে, বোলো মোৰ বন্ধু বৰুৱাৰ ভাগৰেই লাগিব ধৰিছে৷ আৰু কিমান দূৰ হে?”
তাৰে গাওঁবুঢ়া বোলাজনে হাতখন সন্মুখলৈ চিধাচিধি দেখুৱাই ক’লে-“ডাক্তৰ বাবু, পালোহি৷ সৌৱা দেখিছিনে ঘৰটোৰ পৰা মাটিতেলৰ চাকিৰ পোহৰ ওলাইছে৷ ঠিক দুটামান ঘৰ পাৰ হৈ আমৰ ৰোগীৰ ঘৰটো৷ আপোনাৰ বন্ধু তাতেই ভালদৰে জিৰাই ল’ব পাৰিব৷”
দূৰৰ পৰা দেখাত সৰু সৰু খেৰৰ জুপুৰী ঘৰৰ দৰেই দেখিলোঁ৷ এনে যেন লাগিল ডাঙৰ গছ এডালৰ তলত এসোপামান মনুহ তাতেই গোট খাইছে আমাৰ অপেক্ষাত বা আমাক আমাক আদৰিবলৈ ৰৈ আছে৷ মনটো ভাল লাগি গ’ল৷ স্বষ্টিৰ নিঃশ্বাস পেলালোঁ৷ যা হওঁক, অবশেষত গন্তব্যস্থান আহি পালো বুলি ভাবি ললোঁ৷ ভাগৰ লাগিছিল ঠিকেই৷ বহুদিনৰ মূৰত প্রায় দুঘন্টামান খোজকাঢ়িছিলোঁ৷ কিন্তু এইয়া কি আৰু দুখোজমান আগুৱাই যাওঁতেই চকুৰ পচাৰতেই আমাক বাট দেখুৱাই নিয়া মানুহ তিনিজন সাউতকৈ অন্তৰ্ধান হৈ গ’ল৷ তেওঁলোকে লগত অনা একমাত্র পোহৰৰ উৎস লেম্পটোও (হাৰিকেন) নোহোৱা হৈ থাকিল৷ টৰ্চটো জ্বলাবলৈ চেষ্টা কৰিলোঁ৷ কি হ’ল নহ’ল একোকেই নুবুজিলোঁ৷ বেটাৰিৰ পাৱৰ ক’ম বাবে ভালকৈ স্পষ্টভাবে একো দেখাই নাযায়৷ কিবা এটা ভয়ৰ আকঙ্খা কৰি বন্ধু দত্তৰ বাওঁ হাতখনত বাহুত টানকৈ খামোচ মাৰি ধৰিলোঁ৷ পিছফালে মানুহজন আছে নে নাই ঘূৰি চাওঁতেই দেখো বেগখনৰ লগতেই মানুহজনও অদৃশ্য৷ আমি দুয়ো সাংঘাটিক ভয় খালোঁ৷
টৰ্চটোৰ এনে দশা দেখি পেটে পেটে দত্তৰ ওপৰত খং উঠিছিল৷ কিন্তু সেইমূহুৰ্তত খং কৰাতকৈ পৰিস্হিতিৰ লগত যুঁজি নিজক নিজে চম্ভালি লোৱাটোৱেই ডাঙৰ কথা আছিল৷ যিকি নহওঁক টৰ্চটোৰ পোহৰত কিছু দূৰত ওখ গঠ এডালৰ তলত বেগটোৰ দৰে কলা বস্তু এপদলৈ চকু পৰাত আমি দুয়ো একপ্রকাৰ তালৈকে দৌৰীয়েই গলোঁ৷ দত্তই কথাৰ মাজতেই কৈছিল নতুনকৈ কিনা তিনিবেটাৰীযুক্ত টৰ্চটো হেনো সেইখন বেগতেই আছে৷ সেই ঠাইটুকুৰালৈ গৈ পোৱাত আমাৰ দুয়োৰে সন্দেহ আঁতৰিল৷ সেইটো দত্তৰ বেগটোৱেই আছিল৷ ভালদৰে টৰ্চ মাৰি চাওঁতে দেখিলো বহুপূৰণি কাটি থোৱা খুব সম্ভৱ আম বা জাম জাতীয় গছৰ মূৰাৰ ওপৰত বেগখন ধুনীয়াকৈ ৰাখি থোৱা হৈছিল৷ জোনাকৰ অষ্পষ্ট পোহৰত অনুমান কৰিব পাৰি যে ঠাইডোখৰ খুবই পৰিস্কাৰ৷ সিচৰিত হৈ ঘাঁহবোৰ মন কৰিলে এনে লাগে এই ঠাইডোখৰত যেন প্রতিদিনেই মানুহৰ অহাযোৱা আৰু মূৰাটোত বা তাৰ চাৰিওকাষে যেন কোনোবা জন্তু বা মানুহে বহুপৰ জীৰায়হি৷ ঠিক তেনেকৈ কিছু সময়ৰ পূৰ্বই যেন এদল মানুহ সেই স্হানত আছিল৷ কাৰন তেতিয়ালৈকে ঘাঁহৰ আগবোৰ পোন হৈ উঠা নাছিল৷ অনুমান কৰিলোঁ যে কিছুসময় পূৰ্বে দূৰৰ পৰা দেখা পোৱা মানুহৰ জাকটো এই স্থানতেই হ’ব লাগে৷ কিন্তু ইয়াত পোহৰ আছে না এটা প্রাণী আছে৷
বন্ধু দত্তই বেগখন খুলি টৰ্চটো বিচাৰিব লওঁতেই যেন ঘটিল অঘটনটো৷ ঠিক কানৰ কাষেৰে বাদুলিৰ দৰে চৰাই যেন বিকট চিঞৰ মাৰি পাৰ হৈ গ’ল৷ অপ্ৰস্তুত হৈ থকা বাবে সেই বিকট চিঞৰটোত বুকুখন ধমধমাই গ’ল৷ সেইয়া কি আছিল ধৰিবই নোৱাৰিলোঁ৷ তাৰ ঠিক কিছু ছেকেন্ডৰ পিছত খিক খিক খিক কৈ কোনোবাই হাঁহি থকাৰ মাত শুনিলোঁ৷ বন্ধু দত্তইও একে মাতকেই শুনিছিল৷ এক অজান ভয়ত দুয়োৰে মাত কথা বন্ধ৷ মাথোন হাতৰ আঙুলিৰ টিপনীতেই কথা বতৰাৰ আদান প্রদান হ’ল৷ যেতিয়া সেই হাঁহিৰ উৎসটো যিডাল তেতেলি গছৰ তলত আমি আছিলোঁ তাৰেই পৰা অহা বুলি অনুমান কৰা হ’ল, বহু কষ্ট কৰি আৰু সাহস বুকুত বান্ধি দুয়ো একেলগে ওপৰলৈ চালোঁ৷ আৰু যি দৃশ্য আমি দেখিলোঁ সেইয়া চাই আমাৰ দুয়োৰে তেতিয়া যিটো অৱস্হা হৈছিল সেইয়া আছিল অবৰ্ণীয়৷ যি তিনিজন মানুহ আমাক এই ঠাইডোখৰ লৈকে লৈ আনিছিল তাঁহাত তিনিওটাই গলত চিপজৰী লৈ তাৰে কোনোবা ডালত ওলমি আমালৈ চাই হাঁহি আছিল৷ লাহে লাহে তেওঁলোকৰ সংখ্যা বাঢ়ি আহিল৷ মুখেৰে বিকট শব্দ আৰু বিভৎস ৰূপ লৈ এটা এটাকৈ প্রত্যেকে নামি আহিবলৈ ধৰিলে৷ আমি দুয়ো মূৰ্চা যাওঁ যাওঁ অৱস্থা৷
লাহে লাহে জোনাক ফুটি উঠিল৷ জোনাকৰ পোহৰত গোটেইবোৰৰ মুখকেইখন আৰু দেহাৰ অবয়ৱ ভালদৰে মনিব পাৰিছিলোঁ৷ আঃ কি যে বিভৎস!! বুজিবলৈ আৰু বাকি নাথাকিল যে আজি আমি ভূতৰ জালত নিজেই ফছিলোঁ৷ আমাৰ আজি আৰু নিস্তাৰ নাই৷ ৰাম, শ্যাম, হৰি, যদু, মধু যাকেই পালোঁ তাৰেই নাম স্মৰণ কৰি গলোঁ৷ ইফালে কেতিয়াবাই পেন্ট যে তিতিল সেইটো নকলেও চাগৈ আপোনালোকে অনুমান কৰি ল’ব পাৰে৷ তাৰে মাজত এজনে কৈ উঠিল-“ বহুদিন তোক টাৰ্গেটত ৰাখিছিলোঁ৷ আজি আনিলোঁ৷ আজি তোৰ বিচাৰ হ’ব ”৷ অইন এজনে ক’লে-“তাৰ ডিঙিটো মূচৰি তেজখিনি মই খাম৷” আৰু এজনে বন্ধু দত্তলৈ আঙুলিয়াই ক’লে-“সেইজন সেইখন গাওঁৰ দত্ত ডাক্টৰ নহয়নে ? বেটা ৰ’ আজি তাক শুদাই নেৰো৷ উল্টা বন্ধি গছত ওলোমাই থ’ম৷” মই গ’ম পালোঁ যে বন্ধু দত্ত হে তেওঁলোকৰ টাৰ্গেট৷ পিছে ভয়ে ভয়ে জানিবলৈও মন গ’ল এনেকোৱা কি কামনো সি কৰিলে যাৰ বাবে এনেধৰনৰ কঠোৰ শাস্তি দিবলৈ লৈছে৷ তাৰ পিছমূহৰ্ততে মোৰ কিউৰোছিটি ভাঙি ভুত এজনে কৈ উঠিল –“ৰ’ আমাৰ ভূত কমিতিৰ সভাপতিক আহিবলৈ দে তাৰপিছত তাৰ ব্যাৱস্হা লোৱা হ’ব৷ পিছে লগৰটোক নতুন মানুহ যেন লাগিছে৷ আগতেতো দেখা নাই৷” আমাৰ লগত অহা এজনে তেওঁৰ কানত কিবা ফুচফুচাই কওঁতে তেওঁ মোলৈ চাই আকৌ কৈ উঠিল-“আপুনি মন কৰিলে সেই গছডালৰ তলত ক্ষন্তেক জিৰাব পাৰে৷ কিন্তু আপোনাৰ বন্ধুক আমি অনুমতি দিব নোৱাৰোঁ৷” অনিচ্ছাসত্বেও মই তেওঁলোকৰ আদেশ অমান্য নকৰি তাতেই বহি দিলোঁ৷ “আপুনি” বুলি সম্বোধনত মই কিছু সকাহ পাইছিলোঁ৷ তেওঁলোৰ আচৰণ বোৰ ভদ্র যেনেই লাগিল৷
মই গছডালৰ তলতেই বহি চাই থাকিলোঁ তাঁহাতৰ কাণ্ড-কাৰখানাবোৰ৷ কিছু সময়ৰ পিছত দীঘল, ওখ-পাখ ধূতি পিন্ধা যেন ভূত এজনে মূৰতো দুইহাতত দাঙি ধৰি আহিল৷ তাঁহাতৰ আচৰণত গ’ম পালোঁ তেখেতেই ভুতৰ সভাপতি জন হ’ব৷ তেওঁ আহি সেই কটা গছডলৰ মূৰাত বহিলে৷ বাকি সকলোৱে তেওঁ আৰু মোৰ বন্ধু দত্তক ঘেৰি লৈ বহিলে৷ কিন্তু দত্তই থিয় হৈয়ে থাকিল৷ কিছুসময় তেনে ফুচফুচনিৰ গুঞ্জণৰ পিছত সভাপতি কৈ উঠিল –“তোক যে ইয়ালৈ অনা হৈছে কাৰণটো জান’নে? এতিয়া আমাৰ কমিতিৰ বিধান মতে যে তোক শাস্তি দিয়া হ’ব কিবা গ’ম পাইছ’নে?” বন্ধু দত্তই আচৰিত হৈ কোনোমতে অষ্পষ্ট মাতেৰে ক’লে-“মই একোকেই নাজানো কাৰণবোৰ কি আৰু কিয় এই শাস্তি?”
ভূত সভাপতি-“তেনেহলে শুন৷ তই যে এইটো বাটেৰেই প্রত্যেক দিনে হোষ্পিটালখনলৈ অহা যোৱা ক’ৰ৷ আমি এই ঠাইডোখৰতেই সদায় ৰাতি চাৰিখন গাওঁৰ ভুত পঞ্চায়ত লগ হওঁ৷ আৰু ইয়াতেই আমাৰ সভাৰ আলোচনা, নতুন সদস্যৰ নামভৰ্তি, বিয়াৰ তাৰিখ, হামলা, বিচাৰ আদি নিৰ্ণয় হ’য়৷ আৰু তই প্রত্যেক দিনেই এইডোখৰতেই সৰু পানী চোৱাৰ দৰে লেতেৰা কামবোৰ কৰ!! আৰু সিদিনালৈকে ঠিক আছিল৷ মানে তিনিদিন তোক ক্ষমা কৰি দিয়া গ’ল৷ কিন্তু যোৱা পৰহি যেতিয়া এই ঠাইডোখৰতেই তই লাজ চৰম পাহৰি ধূতীখন দাঙি সেই কাম ফেৰা কৰিলি,  তেতিয়া তোকচোন ক্ষমা কৰি দিবৰ কোনো যুক্তিয়েই নাহে৷ কাৰণ দিনক দিনে তোৰ অপকৰ্ম বাঢ়ি যাব৷ গতিকে আমি চাৰিওখন গাওঁৰে ভুত পঞ্চায়ত লগ হৈ পৰামৰ্শ কৰি তোক এনেদৰে মতাই আনি শাস্তি বিহাৰ কথাটো চুড়ান্ত কৰিছোঁ৷ যদি কিবা ক’বলৈ আছে ক’ব পাৰ৷”
দত্তই ভয়ে ভয়ে ক’লে-“নাজানো শাস্তি কি হ’ব কিন্তু মোৰ নিৰপৰাধী বন্ধু বৰুৱাক যাতে একো কৰা নহ’য়৷”
“পিছে শাস্তিটো কি? ”
ভূতৰ সভাপতি-“ ১০১টা কোব৷ ৫০টা তেতেলি গছৰ কেঁচা এচাৰিৰে পিঠিত আৰু ৫১টা আম গছৰ কেঁচা ছালৰ চাবুকেৰে তপিনাত৷ ১০০১ বাৰ কাণত ধৰি উঠা বহা৷ ডাক্তৰ মানুহ বাবে কিছু শাস্তি কৰ্তন কৰা হৈছে৷ কিন্তু তই আমাৰ এগ্রিমেন্টখনত আগলৈ এনে ভুলৰ পুনৰাবৃত্তি নহ’ব বুলি প্রতিশ্রুতি দি চহী কৰিব লাগিব৷”
বাকি ভূতসকলে কিৰিলি পাৰি হাত চাপৰি মাৰি সন্মতি জনালে৷ তেওঁলোকে নিজৰ নিজৰ অদ্ভুত বীভৎস ভঙ্গিমাত ফূৰ্তিত নাচিলেওঁ৷
পিছৰখিনি কি হ’ব আপোনাকে হয়তো গ’ম পাইছেই৷ শাস্তি ভোগ কৰি থকাৰ সময়ত মই নিৰবে বহি চাই আছিলোঁ৷ বেয়া আৰু দুখও লাগিছিল৷ ঘৰলৈ উভতি আহোতে প্রায় ৰাতি পুৱাও পুৱাও হৈছিল৷ সেইদিনাৰ পৰা মোৰ বন্ধু দত্তই প্রতিজ্ঞা কৰিলে তেওঁ কেতিয়াওঁ পৰিস্কাৰ ঠাইত সেইবোৰ কাম কৰি ঠাইখন লেতেৰা বা অপৰিষ্কাৰ নকৰে৷ বন্ধু দত্তই টৰ্চটো বিচাৰি নাপালেই কিন্তু টৰ্চটো সেই বেগখনৰ ভিতৰতেই আছিল৷ ঘটনাৰ পিছৰ দুদিনও মই তাতে আছিলোঁ আৰু হোস্পিটেল যোৱাৰ বাটতেই তেতেলিৰ গছজোপা আৰু সেই গছডালৰ মূৰাও মই প্রত্যক্ষ কৰিছিলোঁ৷ ভালদৰেই বুজিলোঁ সিদিনা আমাক বহু চক্কৰ ঘূৰাই মেলাই হে অবশেষত সেই ঠাইখনলৈ অনা হৈছিল৷

যিকি নহওঁক ঘটনাটোৰ পৰা মইও জ্ঞান পালোঁ যে “পৰিষ্কাৰ বা ৰাজহুৱা স্থানত আবৰ্জণা পেলাই ঠাইডোখৰ অপৰিষ্কাৰ কৰা উচিত নহয়৷”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments