ভূত নে ভ্রম! (- মিতালী বৰ্মন)

(কেইবাটাও বছৰৰ আগতে ৰমা খুৰাই কোৱা কথাবোৰ আজিও মোৰ সাঁথৰ সাঁথৰ লাগে। খুব সম্ভব, মই তেতিয়া ষষ্ঠ শ্রেণীৰ ছাত্রী। আনবাৰৰ দৰে সিবাৰো ৰমা খুৰা নলবাৰীলৈ যাওতে আমাৰ ঘৰলৈ গৈছিল। খুৰা গ’লে আমাৰ বৰ ফুর্তি! খুৰাৰ কথাবোৰ বৰ ৰসাল। সিদিনা সন্ধিয়াও খুৰাই আমাৰ আগত মেলি দিছিল কথাৰ ভঁৰাল। কিন্তু সিদিনা খুৰাৰ ভঁৰালৰ পৰা ৰসাল নহয়, জয়াল কথাহে বাহিৰ হ’ল। সন্ধিয়াৰ পৰা নেৰানেপেৰা বৰষুণ, মেঘৰ তর্জন-গর্জন আৰু স্তব্ধ বিজুলী প্রবাহে পৰিবেশটো আৰু জয়াল কৰি তুলিছিল। আমি ভাই-ভনী তিনিওটাই খুৰাৰ ওচৰলৈ আহি কুচি-মুচি বহি আছিলোঁ।)

********************

ৰমা খুৰাৰ জয়াল নিশাটো:
—————————-

চাইকেলত ধানৰ বস্তাটো লৈ ঘৰৰ পৰা প্রায় পোন্ধৰ কি:মি: আঁতৰত থকা ধান বনা কলটোলৈ গৈছিলোঁ। গৈ পোৱাৰ পাচৰে পৰা ধাৰাসাৰ বৰষুণ। বৰষুণ কমালৈ নিশা এঘাৰ বাজি গৈছিল। মিলটোৰ মালিকে ক’লে, “ভাইটি এতিয়া বহু ৰাতি হ’ল। ইয়াত তোমাৰ কোনোবা ইষ্ট-কুটুম্ব আছে যদি ৰাতিটো থাকি কাইলৈ পুৱা যাবা। আৰু যদি কোনো নাই বেয়া নাপালে মোৰ ঘৰতে থাকিব পাৰিবা।” মই ক’লোঁ,“নালাগে, বেছি দূৰ বাট নহয়। গৈয়েই পাম। মায়ে কিজানি বাট চাই আছে।” “বাৰু, তুমি যি ভাল দেখা” বুলি কৈ মানুহজনে বাটত প্রয়জন হ’ব বুলি মোৰ হাতত এটা দিয়াচলাই দি মোক বিদায় দিলে। চাউলখিনি থকা বাবে চাইকেল চলাই যাব পৰা নাই গতিকে ঠেলি ঠেলি গৈ আছোঁ।

বৰষুণ এৰাৰ পাচত ফটফটীয়াকৈ জোনাক নামি আহিছিল নিশাৰ পৃথিৱীখনলৈ। অকণমান বাট যোৱাৰ পাচত দেখিলোঁ ৰাষ্টাৰ কাষৰ আঁহতজোপাত মানুহ এজন ওলমি আছে। জোনৰ পোহৰত ফটফটীয়াকৈ দেখিলোঁ, হয় হয় মানুহেই হয়। মানুহজনৰ ভৰিখন মাটিত লাগো লাগো হৈ আছে যদিও লগা নাই। তাৰ পৰা আঁতৰি যাবলৈ খৰধৰ কৰোঁতেই গছত ওলমি থকা মানুহটোৱে মাত লগালে,“ঐ তই আহিছ! আহ আহ। চাচোন, মোক লগৰ এটাই কেনেকৈ ইয়াত বান্ধি থৈ গ’ল! তই ইয়ালৈ আহি মোৰ বান্ধটো খুলি দেহিচোন!” আৰু ৰোৱাৰ প্রশ্নই নাই। আগতকৈয়ো খৰকৈ চাইকেলখন ঠেলিলোঁ। পাচফালৰ পৰা মানুহটোৱে আকৌ চিঞৰিলে,“ঐ, তই মোক ৰচীডাল খুলি নিদিলি!” কোনোফালে নোচোৱাকৈ মই ৰাষ্টা পোনালোঁ।

গছৰ পৰা ওলমি থকা মানুহে লগোৱা মাতষাৰ শুনি গাটো ঘামি গৈছে। চাউলৰ বস্তাৰ বেগটো ঠেলি অনোতেও ইমান ঘাম নোলালহেঁতেন কিজানি, যিমান গছৰ পৰা ওলমি থকা মানুহটোৰ মাত শুনি ওলাইছে। তাতে ৰাতি নাথাকি ওলাই আহিছোঁ যেতিয়া এতিয়া আৰু উভতি যোৱাৰ কথা নাভাবোঁ। ঘৰ গৈ পাবই লাগিব। কথাবোৰ জুকিয়াই জুকিয়াই আহি আহি কেতিয়ানো দলং এখন পালোঁ তর্কিব নোৱাৰিলোঁ। দলংখনেৰে গৈ থাকোঁতে লাগিল নহয় লেঠা! দলংখনৰ বাওঁফালৰ পৰা সোঁফাললৈ গোটেই বাটটো আগুৰি দেখোন মানুহ এটা পৰি আছে! মদাহী নেকি বাৰু! মদাহীয়েনো মদ খাই পৰি থাকিবলৈ আৰু ঠাই নাপালেনে? কিন্তু শুই থাকিলেও মানুহটোৰ গাটোত দেখোন একো ভাঁজ-ভুজ নাই। নে কাৰোবাৰ এক্সিডেণ্ট হৈছে? কিন্তু এক্সিডেণ্ট হোৱা মানুহ হ’লে দেখোন জখম আৰু তেজ দেখা গ’লহেঁতেন! কিবা বেলেগ বস্তু নহয়তো!! ইমান সময় অকণমান আঁতৰৰ পৰা থিয় হৈ কথাবোৰ ভাবি আছিলোঁ। যা, যি হয় হ’ব—বুলি দিলোঁ চাইকেলৰ আগচকাটো লগাই। আচৰিত কাণ্ড, ঠাইতে মানুহটো নাইকিয়া হ’ল। “কৃষ্ণ” বুলি কৈ আকৌ চাইকেল ঠেলাত লাগিলোঁ।

“ঐ শুন”! দলংখন পাৰ হৈ আহি ইতিমধ্যে এখন পথাৰ পাইছিলোঁ। ৰাষ্টাৰ পৰা মাতৰ উৎসটো বিচাৰি চাই দেখোঁ মাজ পথাৰত ওৰণিৰে মুখ ঢাকি এজনী তিৰোতা। মোৰ বিস্ময়ৰ সীমা নাইকিয়া হ’ল। এই মাজনিশা ক’ৰ তিৰোতা ওলালহি এইজনী! “কি হ’ল, ক” বুলি কওঁতে ওৰণিয়ে মাত লগালে “মই লখিমী পথাৰৰ পৰা আহিছোঁ। কেতিয়াবাৰ পৰাই তোৰ পাচে পাচে আহি আছোঁ। তোৰ বৰ সাহ আছে। বাকীখিনি বাট মই তোক আগবঢ়াই থৈ আহোঁ, ব’ল।” “য’ৰ পৰা আহিছ, তালৈ উভতি যা। মই নিজে যাব পাৰিম” বুলি পাচলৈ নোচোৱাকৈ আকৌ আগবাঢ়িলোঁ।

আগবাঢ়ি গৈ আছোঁ ঘৰ অভিমুখে। কিন্তু এয়া কি! সন্মুখত এদল গোপাল! অকণমান আগলৈ চাই দেখিলোঁ “গোপাল থান”। থানৰ সন্মুখত থকা ৰাষ্টাতে গোপালহঁতে বিৰিং-বাৰাঙকৈ বুজি নোপাৱা কিবা নাম গাই আছে। চাইকেলখনৰ গাত আওজি আঁতৰত থিয় হৈ গোপালহঁতৰ নাম শেষ হোৱালৈ অপেক্ষা কৰিলোঁ। হঠাৎ বিৰিং-বাৰাঙকৈ কিবা এটা হৰিধ্বনি দিয়াৰ নিচিনাকৈ দি আটাইবোৰ চাটকৈ নাইকিয়া হৈ গ’ল। দীঘলকৈ উশাহ এটা টানি ল’লোঁ। মোৰ সন্মুখত বৰষুণৰ পাচত জোনাকে ধুই চাফা কৰা উকা ৰাষ্টা এটা পৰি আছে। আগবাঢ়িলোঁ।

চাইকেল ঠেলি ঠেলি ভাগৰ লাগি গৈছে। কিন্তু অকণমান ৰোৱা বা পাচলৈ চোৱাৰ সময় নাই, আগবাঢ়ি গৈ আছোঁ। প্রথমে ভয় খালেও ইতিমধ্যে হৈ যোৱা ঘটনাবোৰে মনটো ডাঠ কৰিবলৈ বাধ্য কৰিছিল। চাইকেল ঠেলি ঠেলি আহি আকৌ এখন দলং পালোঁ। এই দলংখন নির্বিঘ্নে পাৰ হ’ব পাৰিলেই আৰু এটা কেঁকুৰি পাৰ হৈয়েই ঘৰ পাম। হঠাৎ দেখিলোঁ দলংখনৰ ঠিক মাজভাগতে ঢেঁকীথোৰা এটা শূন্যতে ভাহি আছে। এইবাৰহে এইবাৰ! তলেৰে গ’লেও কোব খোৱাটো নির্ঘাত। কি কৰা ভাল হ’ব! ভাবি-গুণি এটা উপায় উলিয়ালোঁ। চাইকেলখন এৰি নিদিয়াকৈ ভৰিৰে যিমান পাৰি ধূলি-বালিবোৰ গোটাই লৈ তাতে সৰুপানী চুলোঁ। এখন হাতেৰে চাইকেলখন ধৰি থাকি অকণমান হাওলি আনখন হাতেৰে সেই সৰুপানী চুৱা ধূলি-বালিখিনি মুঠি মাৰি ঢেঁকীথোৰাটোলৈ মাৰি পঠিয়ালোঁ। ঢেঁকীথোৰাটো নাইকিয়া হ’ল। ৰাষ্টা মুকলি হ’ল। আগবাঢ়িবলৈ ল’লোঁ।

কেঁকুৰিটো পাইছোঁহে সেইসময়তে আগতে লগ পোৱা সেই ওৰণি লোৱা মানুহজনী আকৌ ওলাল। ক’লে,“তই মোক যাবলৈ কৈছিলি, কিন্তু মই যোৱা নাই। তোৰ পাচে পাচে আহি আছিলোঁ। তোৰ সাহস দেখি মই সন্তোস পালোঁ। তোৰ মংগল হওক।” বুলি কৈ মানুহজনী নাইকিয়া হ’ল।
ঘৰ পালোঁ। নিশা চাৰে তিনি বাজি গৈছিল। চোতালত ভৰি দিয়েই মাক মাতিলোঁ। মায়ে দুৱাৰ খুলি দিলে। বাৰান্দাত চাইকেলখন তুলি ঘৰৰ ভিতৰত সোমালোঁ। “ইমান ৰাতি নাহিলেও হ’লহেঁতেন!” বুলি কৈ মা আকৌ শুই থাকিল। পুৱা টোপনিৰ পৰা উঠি আগ নিশাৰ কথাবোৰ কোৱাৰ পাচত মায়ে ক’ৰ ক’ৰ পৰা মোক পানী জৰা, তেল জৰা, মাদলি আনি দিছিল ঠিক নাই।

********************

সেইসময়ত ভাবিছিলোঁ আমাৰ মৰমৰ ৰমা খুৰাজনৰ সাহসৰ কথা; কিবা ভাগ্যৰ বলতহে খুৰা সেই জয়াল নিশাটোৰ বিঘিনিবোৰ পাৰ হৈ আহিল। কিন্তু আজি কথাখিনি লিখিবলৈ লওঁতে বাৰে বাৰে মনত প্রশ্নৰ উদয় হৈছে, সেই জয়াল নিশাটো খুৰাৰ জীৱনলৈ সঁচাকৈয়ে আহিছিলনে? নে সেয়া খুৰাৰ কল্পনাহে আছিল? সেয়া যিয়েই নহওক, খুৰাৰ সেই নিশাৰ অভিজ্ঞতাৰ কথা শুনি আমাৰ শিশু বা কিশোৰ মনকেইটাই খুৰাৰ প্রতিটো কথাতে পতিয়ন গৈছিলোঁ। মনবোৰৰ লগতে আমাৰ গাবোৰো ক’ব নোৱাৰাকৈ গধুৰ হৈ গৈছিল, যেন এখোজ ইফাল সিফাল হ’লেই কিবা এটা হ’ব! ইটো কোঠালিৰ পৰা সিটো কোঠালিলৈ যাবলৈয়ো ভয় লাগে, মা-দেউতাই চাই থাকিব লাগে। সেই ঘটনাৰ চর্চা আমাৰ মাজত বহুদিনলৈ চলি থাকিল। আনকি, বিদ্যালয়লৈ গৈ সহপাঠীৰ আগতো খুৰাই কোৱাৰ দৰে আবেগ-উৎকণ্ঠা সকলোবোৰৰ সংমিশ্রণ কৰি কৈছিলোঁ, ৰমা খুৰাৰ জয়াল নিশাৰ কথা। গধূলি প্রার্থনাৰ সময়ত ঘৰত শংখ বজোৱাৰ প্রকোপ বাঢ়িল।

দিনবোৰ পাৰ হোৱাৰ লগে লগে মনবোৰো লাহে লাহে পাতল হৈ আহিল। কিন্তু ৰমা খুৰাৰ কথাবোৰে সেইসময়ত মোৰ মনত যি ক্রিয়া কৰিছিল, সেয়া নিশ্চয় মনৰ কোনোবাটো এন্ধাৰ চুকত আৱদ্ধ হৈ আছিল আৰু সেইবাবেই হয়তো মই আজিও পাহৰিব পৰা নাই ৰমা খুৰাৰ জয়াল নিশাৰ সেই কাহিনী।

********************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments