ভূত (পংকজ চেতিয়া)

ভূত

পংকজ চেতিয়া

ভূতৰ সৈতে কিন্তু সেইটো মোৰ প্ৰথম সাক্ষাৎ নাছিল। মোৰেই কিবা গ্ৰহ-নক্ষত্ৰৰ দোষ আছে নে কি নাজানো, কিন্তু সৰুৰে পৰা ইতিমধ্যে ভূতৰ সৈতে ৩-৪ বাৰ সাক্ষাৎ হৈছে। আৰু সকলোৱে হেনো ভূত নেদেখে!!!

এই কাহিনীটো কাৰ্বি আংলং জিলাৰ খটখটীৰ (বোকাজান), মোৰ জন্মস্থানৰ । তেতিয়া মই ২য় বা ৩য় শ্ৰেণীত আছিলোঁ। আমি ঘৰৰ পৰা প্ৰায় ৫ কি: মি: মান আঁতৰৰ এখন বিদ্যালয়ত পঢ়িছিলোঁ ।

ডাঙৰ মামাৰ সৰু ছোৱালীজনী, গীতু প্ৰায় মোৰ সমবয়সীয়া । আমি একেবাৰে নলে-গলে লগা বন্ধু আছিলোঁ। মামা বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী আছিল আৰু আমাৰ প্ৰাথমিক বিদ্যালয়খন মামাৰ কাৰ্য্যালয়ৰ ওচৰতে আছিল । বিদ্যালয় ছুটীৰ পিছত সাধাৰণতে মামাই আমাক মামাৰ ঘৰত স্কুটাৰেৰে থৈ যায়হি। মামাৰ ঘৰত আমি সদায় খুব খেলা-ধূলা কৰোঁ, ঝুলনা খেলোঁ, পথাৰত খোকা-চেপা চাবলৈ যাওঁ। আৰু গধূলি মা বা দেউতাই আহি মোক ঘৰলৈ লৈ যায়হি। মামাৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ ১ কি: মি: মান হ’ব।

সেই তেনেকুৱা এটা দিনৰে কথা। মামাৰ ঘৰত আবেলি খেলি আছিলোঁ। মোৰ মন গ’ল পথাৰত গৈ খোকা চাবলৈ। সেইদিনা গীতু কিবা কাৰণে মোৰ লগত যোৱা নাছিল।

মামাহঁতৰ ঘৰৰ পিছফালৰ বাহঁনিখন পাৰ হৈ বিশাল পথাৰখন। তেতিয়া প্ৰায় বিয়লি ২ মান বাজিছে। মামাহঁতৰ ঘৰৰ বাকী মানুহবোৰে ভাত খাই অলপ ককাঁল পোনাই আছিল। মই অকলে গৈ পথাৰখন পালোগৈ।

এটা এটাকে খোকাবোৰ চাই চাই গৈ আছো, আৰু যি এটা-দুটা মাছ পাইছোঁ, বনগুটি এডালত ওলোমাই লৈছোঁ। তেনেকেই পথাৰৰ আলিয়ে আলিয়ে আগবাঢ়ি গৈ আছো।

হঠাতে দেখিলো, সিফালৰ পৰা লৰা এটা আহি আছে। লৰাটো মই চিনি পাওঁ। নামটো নৱদ্বীপ। বয়সত মোতকৈ ৪-৫ বছৰ ডাঙৰ যদিও আমি একেলগে কেতিয়াবা ফুটবল খেলোঁ। সি আমাৰ মা-দেউতাহঁতৰ বিদ্যালয়তে পঢ়ে।

তাক দেখি মই সুধিলোঁ, “ঐ, ক’ত গৈছিলি?? এইফালে ক’ৰ পৰা আহি আছ??”
সি অলপ দেৰি মোলৈ চালে। তাৰ পিছত কোনো উত্তৰ নিদি মোক গতা মাৰি পথাৰৰ বোকাত পেলাই দিলে। মই লৰালৰিকে উঠি, কান্দি কান্দি পথাৰৰ পৰা দৌৰিবলৈ ধৰিলোঁ । নৱদ্বীপ সিফালেদি আৰু পথাৰৰ মাজলৈ গ’লগৈ। মই আৰু মামাৰ ঘৰলৈ নগৈ, এটা চমু বাটেৰে নিজৰ ঘৰলৈ বুলি লৰ দিলোঁ।

ঘৰ পাবলৈ অকণমান বাকী থাকোঁতে দেখিছোঁ, নৱদ্বীপ সিফালৰ পৰা আহি আছে। মই আচৰিত হলো । সি ইয়াত কেনেকৈ পালেহি!! মই যিটো চমু ৰাস্তাৰে ঘৰ আহিলো, মোতকৈ আগতে সি সেই ঠাই পোৱাৰ কোনো উপায় নাই!!

তেনেতে নৱদ্বীপে মোক সুধিছে, “সেই আপু, কি হ’ল?? গাত বোকা কেনেকৈ লাগিলে??”

মই একো উত্তৰ নিদি দৌৰি ঘৰ সোমালোহি।
মা-দেউতাক যেতিয়া কথাটো কলো, মা-দেউতাই নৱদ্বীপক ঘৰলৈ মতাই আনিলে। সিও কলে যে সিটো বেলেগ এফালৰ পৰাহে আহি আছিল, সিটো পথাৰলৈ যোৱাৰ কোনো প্ৰ্শ্নই নুঠে!!

চাবলৈ গ’লে, তাৰ কথাটোও শুদ্ধ!! মোৰ মা-দেউতাৰে ছাত্ৰ নৱদ্বীপ। আৰু মইও জানো, মা-দেউতাৰ কোনো ছাত্ৰৰে মোক গতা মৰাৰ সাহ নহয়। কাৰণ মোৰ দেউতা সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক। আৰু পথাৰৰ পৰা সি কোনোপধ্যেই মোতকৈ আগতে পাবহি নোৱাৰে।

কিন্তু এইটোও সচাঁ যে, মই যাক দেখিছিলোঁ, সি নৱদ্বীপে আছিল।

আজিও মই কথাটো চিন্তা কৰোঁ আৰু কোনো ওৰ নাপাওঁ অৱশেষত মই ইয়াকো ভূতৰে নাম দিলোঁ!!!

এই ঘটনাৰ প্ৰায় ২২ বছৰ হ’ল। বহুত বছৰ পিছত এইবাৰ ঘৰৰ ওচৰত বিহু সন্মিলন চোৱাৰ সুযোগ পালো । আজি-কালি প্ৰায়ে ঘৰৰ পৰা আঁতৰত থাকো কাৰণে আত্মীয়-স্বজন বাদ দি, খটখটীৰ বেছিভাগ মানুহেই মোক চিনি নাপায়। তাতে বিহু চাব যাওঁতে লগ পালো নৱদ্বীপৰ ভায়েক প্ৰদীপক। সি প্ৰায় মোৰ লগৰে আছিল। কথাই কথাই তাক সুধিলোঁ, নৱদ্বীপৰ খবৰ । সি ক’লে, নৱদ্বীপ ২ বছৰ মান আগতে কিবা অসুখ হৈ ঢুকালে!!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক