ভূত-প্ৰেতৰ সৈতে নিউয়ৰ্কৰ সেই সন্ধিয়াটো (তীৰুজ্যোতি বৰা দাস)

(নিজকে বিভিন্ন কাৰ্টুন চৰিত্ৰ বা অন্য ধৰণৰে সজাই পৰাই ঘৰে ঘৰে গৈ কেণ্ডি খোজা ল’ৰা-ছোৱালীবোৰক দেখিলে ব’হাগ বিহুত আমি সৰুবোৰে হুঁচৰি মৰাৰ কথা মনত পৰে । সৰু এটা ঢোল, টকা, তাল এযোৰ হাতত লৈ ৰিহা-মেখেলা পিন্ধি আমি যে ঘৰে ঘৰে বিহু মাৰি টকা গোটাই বালিত ভোজ খাইছিলোঁ, গামোছা মাৰি বিহু উৰাইছিলো । কিমান যে ধুনীয়া দিন আছিল সেইবোৰ !)

 

সেয়া আছিল ২০১০ চনৰ  ৩১ অক্টোবৰ। ভূত-প্ৰেতৰ সৈতে পাৰ হৈছিল এটা বিৰল সন্ধিয়া। নিউয়র্ক চিটিৰ সন্ধ্যাটোৰ কথা কোৱাৰ আগতে মই সেই দেশৰ এটি বিশেষ উৎসৱৰ বিষয়ে কিছু কথা ক’ব বিচাৰিছো।

প্ৰতিবছৰে অক্টোবৰৰ ৩১ তাৰিখে এই দেশত বৰ ধুমধামেৰে হেলোয়িন উৎসৱ পালন কৰা হয় । কথিত আছে যে এই উৎসৱ ইউৰোপৰ হাৰভেষ্ট ফেষ্টিভেল আৰু মৃত্যুৰ উৎসৱৰ (festival of death) পৰা অনুপ্ৰাণিত হৈছে । ১৬ শ শতিকাত পোন প্ৰথমবাৰৰ বাবে হেলোয়িন (Halloween) শব্দটো ব্যৱহাৰ কৰা হৈছিল, যিটো স্কটিচ শব্দ All Hallows Eveৰ পৰা আহিছে । শৰৎ কালৰ শেষত আৰু শীতকাল আৰম্ভ হোৱাৰ আগে আগে বা বছৰৰ অন্ধকাৰৰ সময়খিনিৰ আগতে হেলোয়িন উৎসৱ উদ্‌যাপন কৰা হয় । কিছুমান লৌকিক বিশ্বাসমতে হেলোয়িন উৎসৱটো ৰোমান বীজ আৰু ফলৰ দেৱী পম’না (Pomona)ক উদ্দেশ্যি কৰা ভোজৰ পৰা আহিছে আৰু আন কিছু লৌকিক বিশ্বাসমতে এই উৎসৱ মৃত্যুৰ উৎসৱ পেৰেনটেলিয়া (Parentalia)ৰ পৰা আহিছে ।

হেলোয়িন উৎসৱৰ প্ৰায় দুসপ্তাহমান আগৰে পৰা মানুহে নিজৰ ঘৰবোৰত এক অলৌলিক বা ভৌতিক পৰিবেশ সৃষ্টি কৰিবৰ চেষ্টা কৰে । তাৰবাবে ভূতৰ মূৰ্তি, কংকাল, মুখা, ডাঙৰ আকাৰৰ মকৰা, মকৰা-জাল আদি ঘৰৰ, বাৰাণ্ডাত, সন্মুখৰ ঘাঁহনি বা ঘৰৰ ভিতৰত ওলোমাই ৰাখে । লাইটৰ পোহৰো সেইদৰে কম কৰি ৰাখে যাতে ভৌতিক পৰিবেশৰ সৃষ্টি হয় । নিউজাৰ্ছিলৈ অহাৰ প্ৰথম বছৰ মই ভূত, পিশাচ, মানুহৰ কংকাল ওলোমাই ৰখা ঘৰবোৰ দেখি হতবাক হৈছিলো । পিছলৈ সেয়া এক মাদকতা হৈ পৰিছিল । হেলোয়িনৰ আগে আগে কাৰ ঘৰত কেনেকৈ ভূত, পিশাচেৰে সজাইছে সেয়া চাবলৈ সদায় আবেলি আবেলি কেমেৰাটো লৈ খোজকাঢ়ি ঘুৰি ফুৰাৰ অভ্যাস এটা গঢ়ি উঠিল । যদিওবা এনে অলৌকিক শক্তিৰ দৰে কথাবোৰ বিশ্বাস নকৰোঁ কিন্তু তথাপিও এই মূৰ্তিবোৰ দেখি ভয় নোখোৱা নহয় । এইবাৰ ব্ৰীজৱাটাৰৰ বালাজী মন্দিৰৰ ৰাস্তাৰ কাষত বিয়াগোম এজোপা গছৰ আকৃতিত কমেও ৫০ টামান কংকাল আৰি থোৱা দেখি ভয় খাই গৈছিলো । ভূতৰ চিনেমাত দেখাৰ দৰে ঘৰৰ চৌহদত কৰা এই দৃশ্য ইমান আকর্ষণীয় যে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি । এই উৎসৱত ব্যৱহাৰ কৰা সাজ-সজ্জা, মুখা আদিবোৰৰ বাবে সুকীয়া দোকানেই আছে ।

 

কমলা, ক’লা, বেঙুনীয়া হৈছে হেলোয়িনৰ পৰম্পৰাগত ৰং । ইয়াৰে ক’লা ৰঙে অন্ধকাৰক সূচায় আৰু কমলা ৰঙে শৰৎ কালৰ সৰিবলৈ ধৰা গছৰ পাতৰ কমলা ৰঙৰ লগতে খেতিপথাৰৰ ফচলৰ ৰঙক প্ৰতিনিধিত্ব কৰে । এই উৎসৱৰ দিনা সৰু সৰু ল’ৰা-ছোৱালীবোৰে নিজকে উৎসৱৰ সাজপাৰেৰে সজাই পৰাই ঘৰে ঘৰে গৈ ‘ট্ৰিক অৰ ট্ৰিট’ (trick or treat ) কৰা বুলি কয় । ঘৰৰ গৃহস্থই ট্ৰিট বুলি ক’লে সৰু সৰু ল’ৰা-ছোৱালীবোৰক কেণ্ডি বা চকলেট দিব লাগিব । আকৌ যদি গৃহস্থই ট্ৰিক বুলি কয় তেতিয়া সৰু ল’ৰা-ছোৱালীবোৰে বদমাছী কৰি ঘৰৰ বয়-বস্তু নষ্ট কৰিব পাৰে । চকলেট থবলৈ সিহঁতে হাতত ৰঙালাওৰ খোলাৰে বনোৱা একধৰণৰ পাত্ৰ লৈ আহে । নিজকে বিভিন্ন কাৰ্টুন চৰিত্ৰ বা অন্য ধৰণৰে সজাই পৰাই ঘৰে ঘৰে গৈ কেণ্ডি খোজা ল’ৰা-ছোৱালীবোৰক দেখিলে ব’হাগ বিহুত আমি সৰুবোৰে হুঁচৰি মৰাৰ কথা মনত পৰে । সৰু এটা ঢোল, টকা, তাল এযোৰ হাতত লৈ ৰিহা-মেখেলা পিন্ধি আমি যে ঘৰে ঘৰে বিহু মাৰি টকা গোটাই বালিত ভোজ খাইছিলোঁ, গামোছা মাৰি বিহু উৰাইছিলো । কিমান যে ধুনীয়া দিন আছিল সেইবোৰ !

 

হেলোয়িন উৎসৱৰ আন এক আকর্ষণ হৈছে জেক অ’ লেনটার্ন (Jack O lantern) । ইয়াক ৰঙালাও কাটি বনোৱা হয় । ডাঙৰ আকাৰৰ ৰঙালাও কাটি সাধাৰণতে তাত ৰাক্ষসৰ মুখা তৈয়াৰ কৰা হয় । ঘৰৰ দুৱাৰমুখত মুখা তৈয়াৰ কৰা ৰঙালাওটো ৰাখি তাৰ ভিতৰত মম বা কৃটিম লাইট জ্বলাই ৰখা হয় ।এইয়াই হৈছে জেক অ’ লেনর্টান । জেক অ’ লেনর্টান দেখিলে মোৰ কাতি বিহুত ইকৰাৰে বনোৱা আকাশবন্তিৰ কথা মনত পৰে । কাতিবিহুৰ তিনিদিনমান আগৰেপৰা দাদা, বাইদেউ, দেউতা, মাৰ সৈতে লগলাগি আমি আকাশবন্তি বনাইছিলো, কলগছৰে পদূলিত শাৰী শাৰীকৈ চাকি জ্বলাইছিলো । সমনীয়াৰ লগত সদায় প্ৰতিযোগিতা হৈছিল কাৰ ঘৰৰ আকাশবন্তি কিমান ধুনীয়া আৰু ওখ সেইলৈ ।

হেলোয়িনৰ দিনা মানুহে ভূতৰ চিনেমা চায় । ভূত-প্ৰেত, ৰাক্ষস, অলৌকিক বা অতিপ্ৰাকৃতিক চৰিত্ৰৰ বেশভূষাৰে নিজকে সজাই পৰাই তোলে । এয়া Irelandৰ Celtic সংস্কৃতিৰ পৰা আহিছে । তেওঁলোকে বিশ্বাস কৰে যে ৩১ অক্টোবৰৰ দিনা পৰিয়ালৰ মৃতকসকলে জীৱিতসকলক চাবলৈ আহে । সেয়েহে সেই দিনটোত তেওঁলোকে মুখা পিন্ধে থাকে যাতে জীৱিতসকলক মৃতকসকলে চিনি নাপায় আৰু তেওঁলোকৰ কোনো অনিষ্ট কৰিব নোৱাৰে । এই দিনটোত ভূত-প্ৰেত, ৰাক্ষস, আত্মাবোৰ ৰাস্তাই-ঘাটে ঘূৰি ফুৰে । তেওঁলোকে বিশ্বাস কৰে যে আন্ধাৰৰ ৰজা লর্ড ছামহেইনে (Lord  Samhain)য়ে এই আত্মাবোৰক ধৰি পাতাললৈ লৈ যায় । বিভিন্ন ধৰণৰ খেল-ধেমালিও খেলে । এপল ববিং (apple bobbing),  murder আদি খেলবোৰ খুউব জনপ্ৰিয় । ‘এপল ববিং’ত ডাঙৰ চৌবাচ্চা এটাত পানী ভৰাই তাত কিছুমান আপেল এৰি দিয়া হয়, খেলুৱৈসকলে আপেলবোৰ দাঁতেৰে কামুৰি উঠাব লাগে ।

আমাৰ বিহুৰ পিঠাৰ দৰে হেলোয়িনত এই দেশৰ মানুহে কেণ্ডি এপল বনায় । ডাঠ চেনী পানীত আপেল জুবুৰিয়াই আপেলৰ এটা মূৰত ললিপ’পৰ দৰে এডাল লাঠী লগাই দিয়া হয় আৰু সেয়াই হৈছে কেণ্ডি এপল ।

হেলোয়িনৰ আগে আগে ফার্মবিলাকত এপল পিকিং, পাম্পকিন পিকিং, ষ্টবেৰি পিকিং হয় । তাৰবাবে টিকট কাটিব লাগে । ফার্মৰ গাড়ীৰে খেতিপথাৰৰ মাজলৈ লৈ যায়। পছন্দ মতে আপেল, ৰঙালাও, ষ্টবেৰী, গোমধান আদি চিঙি আনিব পাৰি । এবাৰ এনেদৰে নিউজাৰ্ছিৰ নর্ছ-হিল ফার্মলৈ যাওঁতে দেখা পাইছিলো আমাৰ গাঁৱৰ দৰে এক পৰিবেশ । তাত ধানখেৰৰে সৰু ল’ৰা-ছোৱালীবোৰৰ বাবে সৰু সৰু ঘৰ বনোৱা আছিল । তাতে ল’ৰা-ছোৱালীবোৰে আপোনমনে খেলিছিল, ধূলিত উমলিছিল । চক্ৰবেহুৰ দৰে ধানখেৰেৰে বাকছৰ আকৃতিত সজাই মাজে মাজে ৰাস্তা বনাই দিছিল । পথাৰত ৰঙালাওবোৰ শাৰী শাৰীকৈ সজাই ৰাখিছিল । ইয়াৰ আগলৈকে জীৱনত মই ইমান ডাঙৰ ৰঙালাও কেতিয়াও দেখা নাছিলো। এখন মেলাও হৈছিল তাত । বিভিন্ন আকৃতিৰ, বিভিন্ন ৰঙৰ ৰঙালাও দেখা পাইছিলোঁ, কিছুমান ৰঙালাও জাতিলাওটোৰ দৰে দীঘল আছিল, কিছুমান চৰাইৰ আকৃতিৰ , কিছুমান সাপৰ আকৃতিত পাক খাই খাই দীঘলকৈ আছিল । আনকি গোমধানবোৰৰ ৰঙো আছিল বিভিন্ন ৰঙৰ । তাতে ল’ৰা-ছোৱালীবোৰে গোবৰ, ধূলি লৈ খেলিছিল । আমি খেতিপথাৰৰ মাজলৈ গৈ চাইছিলোগৈ । সৰু ল’ৰা-ছোৱালীবোৰক সৰু সৰু ঘোঁৰাৰ (pony)ওপৰত উঠাই ফুৰাৰ সুবিধা আছিল ফার্মখনত । এখন পুতলা ৰেলগাড়ীত উঠাই সকলোকে ফার্মত থকা বিভিন্ন ধৰণৰ খেতি, পোহনীয়া জন্তবোৰ দেখুৱাবলৈ লৈ গৈছিল । নর্ছ-হিল ফার্মত ঘূৰি ফুৰোতে অনুভৱ হৈছিল যেন বহুদিনৰ মূৰত মই অসমত এৰি অহা মোৰ মৰমৰ গাওঁখনৰ ধূলিৰ গন্ধ পাইছো।

৩১ অক্টোবৰৰ সন্ধ্যা নিউয়র্ক চিটিৰ ৰাজপথত হেলোয়িনৰ বাবে এক সমদলৰ আয়োজন কৰা হয় । এই সমদলত অংশগ্ৰহণকাৰীসকলে নিজস্ব কলাসুলভ ভংগীমাৰে নিজকে সজাই পৰাই তোলে । সাধাৰণতে ভূত, ৰাক্ষস, অতি প্ৰাকৃতিক,পৌৰাণিক সাধুকথাৰ বিভিন্ন চৰিত্ৰৰ সাজ-সজ্জাৰে মানুহে নিজকে সজায় । ২০১০ চনৰ ৩১ অক্টোবৰৰ দিনা আমি নিউয়র্ক চিটিত হোৱা হেলোয়িন উৎসৱৰ সমদল চাবলৈ গৈছিলোঁ। প্ৰথমে আমি ষ্টেটেন আইলেণ্ডলৈ গ’লোহক ( Staten Island) । আমি থকা ঠাই ছমাৰভিলৰ পৰা ষ্টেটেন আইলেণ্ডলৈ গাড়ীৰে এঘন্টাৰ ৰাস্তা । ষ্টেটেন আইলেণ্ডৰ পৰা মানহাটানলৈ হাডছন নদী পাৰ হ’বলৈ বিনামূলীয়া ফেৰী ব্যৱস্থা আছে । সেইদিনা হেলোয়িনৰ বাবে জাহাজঘাটত প্ৰচুৰ ভিৰ আছিল । ফেৰীখন ভৰি আছিল পেৰেডত অংশগ্ৰহণ কৰিবলৈ যোৱা মানুহেৰে । বেছিভাগেই নিজকে ভূত, ৰাক্ষস, ডাইনী, কংকাল আদিৰ বেশভূষাৰে সজাই তুলিছিল । ষ্টেটেন আইলেন্ড ফেৰীৰে হাডছন পাৰ হওতে সদায় মই জাহাজৰ ডেকৰ মুকলি অংশত থিয় হ’বলৈ ভাল পাওঁ, তাত খুউব বতাহ থাকে । সেইদিনা ইমান বেছি ভিৰ আছিল যে মোৰ প্ৰিয় ঠাই টুকুৰালৈ যোৱা দূৰৰে কথা ভিৰৰ মাজত ভৰি কেইটাহে যেনতেন থবলৈ পাৰিছিলো । জাহাজত কেইজনীমান সৰু ছোৱালী দেখা পাইছিলোঁ, সিহঁতে নিজকে ৰঙচঙীয়া পখিলাৰ দৰে সজাইছিল । ৰঙবিৰঙী পাখি লগাই মুখৰ সাজোনত সিহঁতক সাইলাখ তিলিপখিলীৰ দৰে লাগিছিল । মেট্ৰ’ ষ্টেচনত আমি ফোন কৰি হেল্পলাইনৰ সহায়ত পেৰেড হ’বলগা ঠাইলৈ কেনেকৈ যাব পাৰি খবৰ ল’লো। তেওঁলোকে দিয়া নির্দেশমতেই সন্ধ্যা ৬ বজাত গৈ ছিক্স এভিনিউত উঠিলোগৈ । হাজাৰ হাজাৰ মানুহেৰে ভৰি আছিল সেই ঠাই । পুলিচে খুউব সর্তকতাৰে সকলো মানুহক নিয়ন্ত্ৰণ কৰিছিল । সৰহসংখ্যক মানুহেই অলৌকিক ৰূপত নিজকে সজাইছিল । এজনে ষ্টেচু অব্‌ লির্বাৰটিৰ ৰূপত নিজকে এনেদৰে সজাইছিল যে থমথমকৈ ৰৈ থকা মানুহজনক দেখি অনুভৱ হৈছিল যেন সেয়া সঁচাই হাডছনৰ বুকুত থকা ষ্টেচু অব্‌ লির্বাৰটিৰ মূৰ্তিয়েই । সেই হাড় কঁপোৱা ঠাণ্ডাতো শৰীৰত নামমাত্ৰ কাপোৰ পিন্ধি হাতত আপেল লৈ আদাম আৰু ইভৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল যুৱক-যুৱতী এহালে । মানুহবোৰে কুকুৰবোৰকো ধুনীয়াকৈ সজাইছিল, দীঘল দীঘল নোমবোৰত নক্সা আঁকি বিভিন্ন ৰং বুলাইছিল আৰু আটকধুনীয়া কাপোৰ পিন্ধাইছিল । গ্ৰীক চৰিত্ৰৰ ৰজা ৰাণীৰ ভূমিকা লৈছিল কেইবাজনেও । এজন প্ৰকাণ্ড মানুহে নিজকে গ্লেডিয়েটৰৰ ৰূপত এনেদৰে সজাইছিল যে ফটো উঠিবলৈ লৈ সঁচা যেন অনুভৱ কৰি মই ভয় খাই গৈছিলো । এটা ভূতে তাৰ দীঘল দীঘল নখবোৰেৰে মোৰ ডিঙিত চেপি ধৰাৰ প’জ দি ফটো উঠিছিল । বিভিন্ন কিতাপৰ চৰিত্ৰৰ, চিনেমাৰ চৰিত্ৰৰ সাজ-সজ্জাটো মানুহবোৰক দেখা গৈছিল । এইবোৰৰ ভিতৰত আকর্ষণীয় আছিল নেপোলিয়ন বোনাপার্ট, মকৰা, অদৃশ্য মানৱ, হাৰকুইলিন, আংকোল চেম, হেৰী পটাৰ, উৰণীয়া সাপ, মেড হেটাৰ, টেৰৰ অন দা ষ্ট্ৰীট, গৰিলা আৰু মই চিনি নোপোৱা কিতাপ আৰু চিনেমা জগতৰ বহু চৰিত্ৰ । সেইবছৰৰ হেলোয়িন পেৰেডৰ মূল থিম আছিল ‘ম’মেন্ট ম’ৰি’ (Memento  Mori) । ইয়াৰ অর্থ হৈছে মৃত্যুৰ সত্যতাক মনত ৰখা (Remember you must die) । ১৮৯৩ চনত অংকন কৰা Michael Wolgemutৰ  ডান্স অব্‌ ডেথ (Dance of death ) ছবিখনৰ পৰা মমেন্ট’ মৰিৰ নৃত্যটো লোৱা হৈছিল। ক’লা কাপোৰ পিন্ধা কিছুমান মানুহে মানুহৰ কিছুমান কংকাল, ডাইনোছৰৰ কংকাল মূৰৰ ওপৰত তুলি ধৰিছিল । সেই কংকালবোৰৰ শৰীৰত কিছুমান ৰছী বান্ধি সেইবোৰ তলৰ মানুহজনে নিজৰ হাতত, কঁকালত মেৰিয়াই লৈছিল । সংগীতৰ তালত মানুহবোৰে নাচোতে ওপৰৰ ডাঙৰ ডাঙৰ কংকালবোৰ বতাহত হালি জালি নাচি থকাৰ দৰে দেখা গৈছিল। হাতত বান্ধি লোৱা ৰচিৰ সহায়ত মানুহবোৰে কংকালবোৰ নিয়ন্ত্ৰণ কৰিছিল। ২০১০ চনত হাইটী (Haiti)ৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সোঁৱৰণত এই নৃত্য কৰা হৈছিল । সেইদিনা ঠাণ্ডা মাইনাছৰ ঘৰত গৈছিল যদিও আমি উৎসৱৰ আনন্দত ইমানেই আত্মহাৰা হৈ পৰিছিলোঁ যে ঠাণ্ডাৰ কথা পাহৰিয়েই গৈছিলো । শাৰী শাৰীকৈ গৈ থকা ভূত, প্ৰেত, পিশাচবোৰৰ মাজত নিজকে দেখি অনুভৱ হৈছিল কোনোবা হ’ৰৰ চিনেমাৰ মাজতহে সোমাই আছো । বৰ নিখুঁত আছিল সকলোৰে মেক-আপ। কেইটামান ভূতে মানুহবোৰক ভয় খুৱাই আছিল । সংগীত শিল্পীসকলেও ৰাস্তাৰ দাঁতিত পতা মঞ্চ বা চলন্ত গাড়ীৰ ওপৰৰ মঞ্চত সংগীত পৰিৱেশন কৰিছিল । ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো আছিল উৎসৱত মগন । সকলো মানুহেই নাচিছিল । দেখা পাইছিলো সেই পেৰেডত যোগ দিছিল বিভিন্ন ভাষা, কৃষ্টিৰ লোকে । এগৰাকী আমেৰিকান মহিলাই শাৰী পিন্ধি মুখত মুখা পিন্ধি নাচি থকা দেখিছিলো। অনুভৱ হৈছিল সেইদিনা নিউয়র্ক চিটিৰ প্ৰতিটো ষ্ট্ৰীট আৰু এভিনিউয়েই যেন কথা ক’বলৈ আৰম্ভ কৰিছিল, উৎসৱত মতলীয়া হৈ নাচিছিল ।  আমি ৰাতি ১২ বজাত মানহাটানৰ পৰা ঘৰমুৱা হৈছিলো। ষ্টেটেন আইলেণ্ড ফেৰীৰ বাবে ৰৈ থাকোতে জাহাজঘাটত দেখিছিলো ভূতৰ চৰিত্ৰ ৰূপায়ণ কৰা সৰু সৰু ভূতপোৱালিবোৰ, অভিভাৱকৰ কোলাত ভাগৰত লেবেজান হৈ পৰিছিল। কিছুমান পকাতে শুই পৰিছিল । কণমানি ভূত পোৱালীবোৰ দেখি সৰুতে আবৃত্তি কৰা ‘কম্পূৰ সপোন’ কবিতাটো মনত পৰি গৈছিল—‘মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি, নাক জিলিকা চকু টেলেকা পিলিকা পিলিকা যখিনী ছোৱালী…

 

সহায় লোৱা গ্ৰন্থ : Kelleys Ruth Edna , “Hallowe’en in America.”

Rogers ,Nicholas(2002) “Samhain and the Celtic Origins Of Halloween .”

 

–**–

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক