ভূত- বিশ্বাস নে অবিশ্বাস (আলোক কিশোৰ)

আজি হঠাতে কিছু পুৰণি কথা মনত পৰিল, যি নিলিখিলে চাগে মনতোৱে শান্তি নেপাব৷ ’ভূত’ এই শব্দটোৰ প্ৰতি সকলোৰে কৌতুহল আছে, ক’ৰবাত এই শব্দটোৰ কথা ওলালেই বহুতে উৎসুক হৈ পৰে৷ অচিনাকি দুজনমানে এই বিষয়ত কথা পাতি থাকিলেও আমি বহুতেই কাণখন দাঙি দিওঁ৷ মুঠতে অনাদি কালৰেপৰা ভূতৰ ওপৰত সমগ্ৰ পৃথিৱীবাসীৰে অপৰিসীম কৌতুহল বিৰাজমান৷

পুৰণি এলবাম এটা মেলি চাওঁতে পুৰণি ফ’টো এখিনিত চকু পৰিল, এখন ফ’টো চাইয়ে মনতো অতীতৰ এটা পাহৰিব নোৱাৰা ঘটনালৈ উৰি গ’ল, যিটো ঘটনাই আমাৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছিল৷ এয়া আজিৰপৰা পোন্ধৰ বছৰৰ আগৰ কথা, সেই সময়ত এই লেখকৰ বয়স বেছি হোৱা নাছিল৷ সময়তো ডিচেম্বৰ মাহৰ কোনোবা এটা গধূলি, যেতিয়া উধাতু খাই আমাৰ ঘৰৰ লগুৱা বগাই বাৰাণ্ডাত হামখুৰি খাই পৰিছিল৷ তাৰ চকুৱে মুখে এক আতংক ফুটি উঠিছিল৷

ঘৰৰ মুৰব্বী আমাৰ ককাই চিঞৰি উঠিছিল, ’কি হ’ল তোৰ, ইমান উধাতু খাই ক’ৰপৰা আহিলি? ’ বগাই অলপ শান্ত হৈছিল, তাৰ চকুৰপৰা লোতক বাগৰি আহিছিল, তাৰ মুখৰপৰা তিনিতা শব্দ ওলাল, ’পোনা জীয়াই আছে! “ এই কথাষাৰে আমাৰ ঘৰত পলকতে এক ধুমুহাৰ সৃষ্টি কৰিলে৷ দদাইদেই গৰজি উঠিল, বগাইক এফালৰপৰা গালি দি যাবলৈ ধৰিলে৷ মুহূৰ্ততে আমাৰ ঘৰখনত আতংকই বিৰাজ কৰি উঠিল৷ Bhoot_Alok Kishore

এতিয়া আপোনালোকে হয়তো ভাবিছে, এই পোনা কোন? কিয় এই নামতোৱে নিমিষতে এখন ঘৰত ধুমুহাৰ সৃষ্টি কৰিলে! ! আচলতে পোনাৰ সম্পূৰ্ণ নাম আছিল, পূণ্যধৰ বৰুৱা৷ আমাৰ গাওঁখনৰ এক চৰ্চিত নাম আছিল পূণ্যধৰ, যাক সকলোৱে পোনা বুলি মাতিছিল৷ সৰুৰে পৰা পোনা আন সকলতকৈ ব্যতিক্ৰম স্বভাৱৰ আছিল, তেওঁৰ সাহসৰ কথা আমি আইতাৰ মুখৰপৰায়ে শুনিছিলো৷ অতি পাহোৱাল এই মানুহজনে জ্যোতিষ শাস্ত্ৰৰ অধ্যয়ন কৰিছিল৷ বহুতো গাঁৱলীয়া দৰৱ দি তেওঁ বহুতো বেমাৰ পলকতে নিৰাময় কৰি দিব পাৰিছিল৷ মুঠতে তেওঁ এজন অতি জনপ্ৰিয় মানুহ আছিল৷

আৰু এদিন এই মানুহজনকে গাওঁৰ আহতজোপাৰ ডালত ওলমি থকা অৱস্থাত পোৱা গ’ল৷ মুহূৰ্ততে আমাৰ অঞ্চলটোত হুৱাদুৱা লাগি গ’ল৷ পোনাৰ আত্মহননক কোনোৱে সহজভাৱে ল’ব পৰা নাছিল৷ সকলোৱে ইয়াক হত্যা বুলিয়ে ভাবিছল, পুলিচে তদন্ত আৰম্ভ কৰিছল, কিন্তু কিছুদিনৰ পিছতে তদন্তৰ ফাইল বন্ধ হৈ পৰিছিল৷ লাহে লাহে পোনাৰ মৃত্যুক সকলোৱে পাহৰিবলৈ ধৰিছিল, কিন্তু এদিন হঠাতে চুবুৰীৰে এজন যুৱক ৰমেন(নামতো সলাই দিয়া হৈছে) ক সেই আহতজোপাতে ওলমি থকা পোৱা গ’ল৷ এই ঘটনাই সকলোৰে মনত ভয়ৰ সৃষ্টি কৰিলে, বহুতে আহতজোপাত অশৰীৰীয়ে বাস কৰে বুলি ভাবিবলৈ ধৰিলে৷ তাৰ কিছুদিনৰ পিছতে আৰু এজন যুৱক, যি ঠিকাদৰ বুলি জনাজাত, তেওঁকো সেই আহতজোপাৰ গুৰিতে মৃত অৱস্থাত পোৱা গ’ল৷ এই ঘটনাবোৰে অঞ্চলটোৰ লোকসকলক এক আতংকৰ মাজলৈ লৈ গ’ল, গধূলিতে সকলোৱে দুৱাৰ বন্ধ কৰি থাকিবলৈ ল’লে৷ দিনতে আহতজোপাৰ ফালে কোনোৱে যাবলৈ সাহ কৰিব নোৱাৰা হ’ল৷

এই সময়খিনিতে এদিন হোৱা এখন ৰাজহুৱা সভাত অঞ্চলটোৰে দুজন যুৱকে পোনাক হত্যা কৰাৰ কথা স্বীকাৰ কৰি দিলে, যিয়ে অতি পৰিকল্পিতভাৱে পোনাক হত্যা কৰিছিল৷ তেওঁলোক দুয়োজনৰ মুখতে মৃত্যুৰ ভয়ে স্পষ্ট ৰূপত ধৰা দিছিল৷ পিছত দুয়োজনকে জেললৈ প্ৰেৰণ কৰা হৈছিল৷ কিন্তু সকলোকে মনত এটা প্ৰশ্নই বাৰে বাৰে খেলাইছিল, এই হত্যাবোৰ কি পোনাৰ অশৰীৰীয়ে কৰিছে, ইয়ো জানো সম্ভৱ! ! বহুদিনলৈ অঞ্চলটোত আতংকই বিৰাজ কৰি আছিল আৰু হঠাতে লগুৱা বগাইৰ কথাই সকলোকে পুনৰ এক আতংকৰ মাজলৈ লৈ গৈছিল, যি মই দদাই দেউহঁতৰ মুখত স্পষ্ট ৰূপত ফুটি উঠা দেখিছিলো৷

এতিয়া সেই কাহিনীটো সকলোৱে পাহৰি পেলাইছে৷ বৰ্তমান সেই আঁহতজোপাও নাই৷ কিন্তু আজিও মনত দোলা দি যায়, সঁচায়ে বাৰু সেই হত্যাবোৰৰ আঁৰত পোনাৰ অশৰীৰী আছিল নেকি? ? এয়াও জানো সম্ভৱ! ! মুঠতে পুৰণি এই ফ’টোখনে গোটেই জীৱন মোক এই প্ৰশ্নটোৰে খেদি থাকিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক