ভূত, ভয় আৰু বেবেৰিবাং (ইন্দিৰা দিগন্ত )

সৰুৰে পৰাই মই অলপ বেছিয়েই সাহসী আছিলোঁ৷ আইতা, মাহঁতে নাপায় বুলি কোৱাবোৰ কৰি ফুৰিছিলোঁ৷ গোঁসাইলৈ বুলি আনি থোৱা ফল-মূলবোৰ আগে ভাগে খাই থৈছিলোঁ৷ পাপ লাগিব বা কিবা সেই ধৰণৰ ভাৱ মনলৈ অহা নাছিল৷
ককাৰ মুখত ঘোঁৰাবাক, ধনগুলৈৰ সাধু শুনিছিলোঁ৷ দীঘলী বিললৈ লগে-ভাগে মাছ ধৰিবলৈ যোৱা মানুহবোৰে বোলে ৰেলৰ আলিৰে বাট লৈছিল যাতে ঘোঁৰাবাকে মাছবোৰ নিবলৈ আহি অপকাৰ কৰিব নোৱাৰে৷ শেহৰাতি মূল আলিৰে আহি থকা সময়ত কাষৰে ককা এজনে ৰাতি পথাৰত ধনগুলৈ দেখাৰ গল্প কৈছিল৷ স্কুলৰ দুশ্ৰেণীমান যোৱাৰ পাছত ধনগুলৈৰ ৰহস্যটো নিজেই বুজি পোৱা হ’লোঁ৷ গতিকে সেই দুবিধলৈ ভয়টো কলিতেই নোহোৱা হ’ল৷
দুপৰীয়া ঘৰৰ আটাইবোেৰ ভাত পানী খাই জিৰণি লৈ সেইখিনি সময়ত আমাকো জোৰ কৰি বিছনালৈ নিয়ে৷ বাৰে বাৰে সঁকীয়নি দিয়া হয় নামি নাযাবলৈ৷ দুপৰীয়াখন পনপনাই ফুৰিলে জপৰা ছুলিৰে, টেকেলা চকুৱা যখিনীয়ে ধৰিব৷ তভক মাৰি শুনি থাকি থাকি মাহঁতৰ চকু মুদখাই অহা গমপোৱাৰ লগে লগে উঠি আহি আমলখি, বগৰী বিচাৰি ফুৰা সময়ত যখিনীয়েহে ওলটি ভয় খোৱাৰ সম্ভাৱনা তেতিয়া প্ৰবল আছিল৷

সৰুখুৰা চাকৰি সূত্ৰে দূৰৈত থাকে৷ শনিবাৰে ঘৰলৈ আহে, সোমবাৰে পুৱা ঘূৰি যায়৷ খুৰা আহিলে আমি ভূতৰ সাধু শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকোঁ৷ তেতিয়া আমি বিস্ময় আলোচনীৰ লগত চিনাকিয়ে হোৱা নাছিলোঁ৷ আমাৰ বয়স আঠ, ন বছৰমান হ’ব৷ তাত প্ৰকাশিত ভৌতিক গল্পবোৰক আৰু বেছি ৰহণ সানি খুৰাই আমাক কয় শুনাইছিল৷ ভেম্পায়াৰ, ড্ৰাকুলা আদিৰ লগতে তেতিয়াই প্ৰথম চিনাকি৷ মিছা নকওঁ শুনি থকা সময়ছোৱাত গাৰ নোম শিয়ৰি উঠিছিল৷  মূলঘৰৰ বাৰান্দাৰ পৰা নামি পাকঘৰৰ পৰা পানী গিলাচ খাবলৈ যাওঁতে ভনীক লগ লগা হৈছিল৷
সৰুতে শুনা ভূতৰ সাধু দুটা কওঁ –
১৷ গাওঁখনৰ আলিবাটটোৰে কোনোমতে গৰুগাড়ী এখন পাৰ হৈ যাব পাৰে৷ মানুহৰ ঘৰবোৰো তেনেই সেৰেঙা৷ গাওঁখন য’ৰ পৰা আৰম্ভ হৈছে তাতে কেইজোপামান প্ৰকাণ্ড শিমলুৰ গছ৷ গছ কেইজোপাত শ শ শগুণ৷ গছৰ তলছোৱা শগুণৰ বিষ্ঠাৰে বগা হৈ থাকে৷ গাঁৱৰ মানুহবোৰে সাজ লগাৰ পাছত আৰু ঘৰৰ বাজ নোলায়৷ কেৰাচিন তেলৰ চাকিৰ পোহৰেৰে আন্ধাৰৰ লগত যুঁজ দি ঘৰতে সোমাই থাকে৷ সেইদিনাখন মানুহজন ঘূৰি অহালৈ পোহৰ লেখমানো নাছিল৷ সাহিয়াল মানুহজনে সেইখিনি পাই ছাতিটো মেলি ল’লে৷ ঠিক তেনেকুৱাতে হুৰহুৰাই কিবা এটা ছাতিটোতে পৰিল৷ মানুহজনৰ মুখৰ বৰগীতফাঁকি ডাঙৰকৈ ওলাই আহিল৷ খোজৰ গতিও খৰ হ’ল৷ ছাতিটো ধৰি থকা হাতখনো গধুৰ গধুৰ লাগিবলৈ ধৰিলে৷ ঘৰ গৈ পায়েই মানুহজনীক ভয় ভয়কৈ ছাতিটোৰ ওপৰত কি আছে চাবলৈ ক’লে৷ চাকিটো ডাঙি ছাতিটোৰ ওপৰত লাগি থকা গছৰ শুকান ঠেঙুলিটো টানি আনি মানুহজনীয়ে ঢেকঢেকাই হাঁহিব ধৰিলে৷ সাহিয়াল মানুহজনে বৰ লাজ পালে৷ পাছদিনা তেওঁৱেই ঘটনাটো আৰু অলপ ৰহণ সানি ভূতে পোৱা বুলি গাওঁখনত মেলি দিলে৷

২৷ বিহু বুলিয়েই মানুহমখাৰ গাত তত নোহোৱা হৈছে৷ ভাগে ভাগে যা-জোগাৰ কৰিয়েই আছে যদিও উৰুকাৰ দিনা ৰাতিলৈকে পিঠা ভজা কামটো আছেই৷ মানুহজনীয়ে তামোলখন পকটিয়াই লৈ নাম এফাঁকি টানিছে৷ মানুহজন ৰাইজৰ ভেলাঘৰলৈ বুলি ওলাই গৈছে৷ তেওঁ অহালৈকে পিঠা কেইখনকে ভাজি লওঁ বুলি তেওঁ চৌকাটোৰ কাষতে বহি ল’লে৷ পিঠা ভজাৰ গোন্ধটো মোক খা, মোক খা হেন! তেনেকুৱাতে পাকঘৰৰ ইকৰাৰ বেৰৰ মাজেৰে হাত এখন সোমাই আহিল৷ আই পিঠা দে৷ আয়েও পিঠা দুখন দিলে৷ অলপ পাছত হাতখনে আকৌ পিঠা খুজিলে৷ দিলে৷ এইদৰে তিনিবাৰ পিঠা দিয়াৰ পাছতহে মানুহজনীৰ গাত হুঁচ আহিল৷ ইহঁত দেখোন এটাও ঘৰত নাই৷ কাইলৈহে মোমায়েকৰ ঘৰৰ পৰা ওভটিব৷ ঠিক তেনেকুৱাতে আকৌ হাতখন সোমাই আহিল৷ “আই পিঠা দে”৷ আয়েও “ৰ’হ” বুলি এহেতা গৰম তেল হাতখনত বাকি দিলে৷ সেই দিনাখনৰ পৰা আৰু পিঠা খোৱা ভূতটোৱে কাকো আমনি নকৰা হ’ল৷
এনেকুৱা ভূতৰ গল্পই মোৰ ভূতলৈ ভয় নোহোৱা কৰি পেলাইছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments