ভূত : লোচন জুমন বৰদলৈ

মেট্ৰিক পাচ কৰি পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি দৰং কলেজত নাম লগালোহি৷ মায়ে মোক গাঁৱৰ ঘৰৰ পৰা আনি জাপি দিলেহি এটা প্ৰাইভেট হোষ্টেলত৷ বেয়া লাগিছিল ঘৰ এৰি, তথাপিও বেলেগৰ চাগে যিমান বেয়া লাগে সিমান লগা নাছিল৷ কাৰণ সৰুৰে পৰা মই ককা-আইতা(মাৰ মাক-দেউতাক)ৰ লগত থকা৷ মোৰ সম্পূৰ্ণ বাৎসল্য ককা-আইতাৰ লগত৷ দুয়োৰে মাজত মই শুই থাকোঁ, ককাই টোপনি নহালৈকে সাধু কয় আৰু আইতায়ে মোৰ পিঠি মোহাৰি থাকে৷ ৰাতিপুৱাও মোক সোনকালে নজগায়৷ আইতায়ে মোলৈ সদায় ৰাতিপুৱা চাহৰ লগত খাবলৈ চেনি দিয়া মালপোৱা বনাই দিয়ে৷ ককা-আইতাৰ মোৰ প্ৰতি থকা ইমান টান দেখি মোৰ মামা বা জেঠাইৰ ল’ৰা-ছোৱালীবোৰে বা মোৰ নিজৰ ভাইটিয়েও মোক হিংসা নকৰাকৈও থকা নাছিল৷ মোক মাজে মাজে সিহঁতে সিহঁতৰ ঘৰ-ঘৰ খেলবোৰত অন্তৰ্ভূক্ত হ’ব নিদিয়ে, ময়ো খঙতে সিহঁতে ভাত বনাম বুলি ব্যৱহাৰ কৰা বালি থকা নাৰিকলৰ কোৰোকাবোৰ ভাঙি পেলাওঁ৷ সিঁহতে কান্দে, মই বিজয়ৰ হাঁহি মাৰি ককাৰ দোকানলৈ গুচি যাও৷ মোৰ যুক্তি আছিল যে মোক কিয় বেছি মৰম নকৰিব, কিয়নো মই ডাঙৰ নাতি, তাতে মইহে ককা-আইতাৰ লগত থাকোঁ আৰু শোঁ, তহঁতে দেখোন মাৰ-দেউতাক এৰিবই নোৱাৰ৷ যি নহওক ডাঙৰ হিচাপে মোৰ দায়িত্ব আছিল সকলোকে মৰম কৰা আৰু মই কৰিছিলোঁ যিমান কাজিয়া কৰিলেও৷ ইমান মৰম কৰা ককা-আইতায়ে মোৰ মেট্ৰিকৰ ৰিজাল্ট চাব পোৱা নাছিল৷ মেট্ৰিক দিয়াৰ এবছৰৰ আগতেই আইতাৰ আৰু তাৰ ঠিক ছয় মাহ মানৰ পিছত ককাৰ মৃত্যু হয়৷ আইতাৰ মৃত্যু বেমাৰজনিত কাৰণত হৈছিল যদিও ককা অকল আইতাৰ মৃত্যুৰ দুখতে হেৰাই গ’ল৷ আইতা শিক্ষয়িত্ৰী আছিল, মোৰ শিক্ষাৰ লগতে নীতি-শিক্ষাৰ সম্পুৰ্ণ ভেটিটো আইতায়ে গঢ়ি থৈ গৈছিল৷ বিচাৰিছিলোঁ যে ককা-আইতায়ে মোৰ মেট্ৰিকৰ ৰিজাল্টটো চাওক, ফূৰ্তি কৰক৷ কিন্তু নহ’লগৈ৷ সেইটো দুখ মোৰ জীৱনত সদায় থাকি যাব৷

হোষ্টেলৰ লাইফটো বেয়া লগা নাছিল৷ ৰূমমেট হিচাপে পাইছিলো ঢকুৱাখানাৰ কমলজিৎ চাংমাই আৰু ওৰাঙৰ মানস ডেকা৷ চাংমাই মোৰ লগৰে আছিল আৰু মানস উৰ্ফ লম্বু আছিল ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ৷ লাহে লাহে কলেজ লগতে হোষ্টেল লাইফ আগবাঢ়ি গৈ আছিল৷ মাজে মাজে কলেজৰ হাৱা লাগি য’তে-ত’তে উৰিও ফুৰিছিলোঁ যদিও আকৌ জেগাতেই থুপুচকে পৰোঁহি৷ লগৰবোৰে উঠাই মেলি বুজাই, ময়ো বুজোঁ, কিন্তুু আকৌ লাগে হাৱা৷ এনেকৈয়ে গৈ আছিল৷ জানুৱাৰী মাহ, পৰীক্ষাৰ সময়৷ গোটেই বছৰটোত কলেজৰ হাৱা লগাই উৰুৱাই দিয়া সময়খিনিক সামৰি আনি যেন একে ৰাতিতে তাৰ ওপৰত প্ৰতিশোধ হে ল’ম তেনেকৈ পঢ়িব লৈছিলোঁ, কিন্তুু নাই, F= ma টো মনত কৰিলে Torque টো পাহৰি যাওঁ আৰু Torque টো পঢ়ি মনত ৰাখিলে F=ma পাহৰি থাকো৷ আনফালে কেমিষ্ট্ৰিৰ হাইব্ৰিডাইজেচনটো বুজিয়েই পোৱা নাই৷ উফফফ, কোনেনো কৈছিল বাৰু ডাক্টৰ হ’ম বুলি সৰুৰে পৰা পিটপিটাই থাকিব, পঢ় এতিয়া চাইন্স বাপ্পেক্কে৷
এদিনাখন ৰাতি আমি সকলো শুলোঁ, বহুত ঠাণ্ডা পৰিছিল সেইদিনা৷ ৰাতি তিনিমান বজাত কোনোবায়ে দুৱাৰখন ধকধকাই থকা মিহিকৈ শুনা পালোঁ৷ নাই দেই, সেই ঠাণ্ডাত লেপখন ভৰিদুটা দাঙি ইমান ধুনীয়াকৈ তলত সুমুৱাই লৈ মৃদুস্মিতাৰ সপোন দেখি দেখি শুই আছোঁ, নাই নুঠোঁ যি হ’লেও, এই সুখ অপৰাজেয়৷ মনতে ভাবিলোঁ দুৱাৰত টোকৰ দিয়াটো কাষৰ ৰূমৰ ফেঁটী মানে অপুৱেই হ’ব চাগে৷ তাৰ পায়খানাৰ ফিলিংচ আহে কেতিয়াবা ৰাতি আৰু চিগাৰেট এটা লৈ হে সি লেট্ৰিনলৈ যায়৷ চিগাৰেটটো হুপি হুপি লেট্ৰিন কৰিলেহে তাৰ হেনো লেট্ৰিন “ক্লিয়াৰ” হয়, নহ’লে হেনো ৫০% পেটতে জমাহৈ থাকে তাৰ মতে৷ সেই ফেঁটীয়ে চিগাৰেট খাই হয় কিন্তুু দিয়াচলাই কেতিয়াও নাথাকে, সদায় চলাইটো মোৰ পৰা নিয়ে৷ মোৰ ধূপ জলাবলৈ আনি থোৱা চলাইটোৰ কাঠিবোৰে “আজি ধুপৰ সৈতে জ্বলিম“ বুলি ভাবি ভাবি অৱশেষত চিগাৰেটতে নিজৰ প্ৰাণ আহুতি দিয়েগৈ৷ ধুপপেকেটেও নিজৰ মৰ্যাদা বিচাৰি বিচাৰি চুইচবৰ্ডখনৰ ওপৰতেই সেমেকি আত্মহত্যা কৰে৷ লাহে লাহে দুৱাৰত শব্দ বেছি হ’ব ল’লে, এতিয়া টোকৰ নহয় কাৰোবাৰ গোৰ পৰা নিচিনা লাগিল দুৱাৰত, আনফালে মোৰ লেপৰ তলৰ পৰা ওলাবও মন যোৱা নাই৷ ঘপহকৈ মনত পৰিল মালিকলৈ৷ মালিক ৰাতি দেৰিকৈ হোষ্টেল সোমাইহি; কিজানি মালিকে গম পালে নেকি কালি বাইকখন নি বাৰহলীয়াত পেলোৱা, তাৰেই কৈফিয়ৎ বিচাৰি আহিছে বা এতিয়া! খপজপকৈ উঠি বিছনাত বহি মন কৰিলোঁ কোন! মাতটো দেখোন মানসৰ নিচিনাহে লাগিল! মই উঠি গৈ লাইটটো জলাই দেখো যে মানস বিছনাত নাই৷ আৰে, ই ক’ত গ’ল! লগে লগে দুৱাৰখন খুলিলো, ৰুদ্ৰমূৰ্তি ধৰি ঠাণ্ডাত কঁপি কঁপি মানস বাহিৰত ৰৈ আছে৷ মই সুধিলো তাক সি বাহিৰলৈ কেনেকৈ গ’ল৷ সাংঘাতিক বেয়া মাত দুটা মাতি সি মোক ওলোটাই ধমকিহে দিলে যে মই কিয় দুৱাৰ মাৰি দিলোঁ সি মুতিবলৈ যাওঁতে৷ মই লগে লগে তিনি সইত খাই ক’লো যে মইটো মৰা নাই৷ আমি দুয়ো চাংমাইলৈ চালোঁ, পেটটো তললৈ দি লেপখনক নিজৰ প্ৰেয়সী বুলি ভাৱি এটা সাংঘাতিক ষ্টাইলত লৈ চাংমাইয়ে পুৰা নিজৰ নিদ্ৰা জগতত ব্যস্ত আছে৷ বেয়া লাগিল তাক জগাবলৈ, মই ক’লোঁ “ৰাতিপুৱা সুধিম দে, এতিয়া শুই থাক৷ “ মানসেও মানি ল’লে যদিও খঙটো তাৰ নিশ্চয় কমা নাছিল৷ কেনেকৈনো কমিবহে খং, জানুৱাৰীৰ এই ঠাণ্ডাত গেঞ্জী আৰু হাফপেণ্ট পিন্ধি তিনিটা বজাত হোষ্টেলৰ বাহিৰত থাকি পোন্ধৰ মিনিটমান দুৱাৰত টোকৰ দি থকা কম ডাঙৰ কথা নেকি, এনেও দুদিন আগতে কাষৰ ঘৰৰ বুঢ়ীজনী মৰিছেহে৷ শুই পৰিলোঁ৷ ৰাতিপুৱা উঠিয়েই আলোচনাত বহি গ’লো যে কোনে দুৱাৰ মাৰিছিল৷ চাংমাইয়ে তাৰ মাকে “মেৰা লড়কা বুৰি বলা চে দুৰ ৰহে“ বুলি দি পঠোৱা গীতাখন চুই চুই বাৰে বাৰে শপত খালে যে সি দুৱাৰ মৰা নাই৷ ময়ো উপায় নাপাই বায়’লজিৰ কিতাপ(নে সাগৰ নাজানো)খনকে উলিয়াই “মই যদি দুৱাৰ মাৰিছোঁ তেন্তে মই বায়’লজিত ফেইল যা“ বুলি শপত খালোঁ৷ দুয়োৰে শপত দেখি মানসেও নিজৰ পৰিপক্বতা লগতে চিনিয়ৰিটি দেখুৱাই সকলো বাদ দিব ক’লে৷ কথাটো গোটেই হোষ্টেলত বিয়পি গ’ল, দুই এটায়ে চাংমাই আৰু মোক কেইদিনমান অলপ সন্দেহৰেও চোৱা হ’ল গা’ত বুঢ়ী লাগিছেহি বুলি৷ কিন্তুু মনত এই প্ৰশ্ন থাকি গ’ল যে দুৱাৰখন কোনে মাৰিছিল বা থাকি যাবও! ধেমালি কৰি ভয় খুৱাই থকা বুঢ়ীৰ ভূত সঁচাকৈ আহিছিল নেকি বাৰু!
(বি: দ্ৰ: – সেই বছৰ মই বায়’লজিত ফেইল কৰিলোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই দুৱাৰখন মাৰিছিলোঁ৷ মই ইমান অঘাইতং নহয়টো! )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments