ভূত, সোপাধৰা আৰু মোৰ শৈশৱ: দিগন্ত যাদৱ শৰ্মা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

ভূত, সোপাধৰা আৰু মোৰ শৈশৱ

দিগন্ত যাদৱ শৰ্মা

ৰ’ব, শিৰোনামাটো দেখি আঁতৰি নাযাব। একো ভয় খাবলগীয়া কথা হোৱা নাই। ভূত-পিশাচহে, মানুহটো নহয়। পিচে ভূত দেখিছেনে নাই। মই হ’লে দেখিছোঁ, পঞ্চম নে ষষ্ঠ শ্রেণীত থাকোতে বোধকৰো। বহুবছৰ আগৰ কথা, অসম আন্দোলন চলি থকা কালৰ কথা। এবছৰমান বিদ্যালয়ো বন্ধ আছিল। পঢ়িবলৈও বিশেষ একো নথকাত মানে একে পঢ়াকে কিমাননো আৰু পঢ়িম, বাহিৰা কিছুমান কামত খুব মনোনিবেশ কৰিছিলোঁ। তাৰ ভিতৰত খেলা-ধূলাতো আছিলেই, লগতে খুব কিতাপ পঢ়িছিলোঁ। লগৰবোৰৰ লগত গল্প কিতাপৰ আদান প্রদান কৰিছিলোঁ। এনেকৈ কেইবাখনো ভূতৰ উপৰত লিখা গল্প কিতাপো পঢ়িলোঁ। ঘৰত মোৰ আইতাও আছিল। গতিকে আইতাৰ মুখতো বহুতো ভূতৰ কাহিনী শুনিছিলোঁ। সেয়ে ভূত সংক্রান্তত মোৰ জ্ঞান আৰু অভিজ্ঞতা আনবোৰতকৈ বেছি আছিল। তেতিয়া আমাৰ মাজত কোনে কিমান ভূতৰ গল্প ক’ব পাৰে প্রতিযোগিতা চলিছিল। সেই সময়ত মোৰ আটাইতকৈ প্ৰিয ভূতৰ গল্পটি আছিল এনেধৰণৰ। এইটো আছিল ভূতৰ উপৰত লিখা আটাইতকৈ চুটি গল্প, মনত ৰাখিবলৈ এক্কেবাৰে উজু৷… দুজন লোক একেলগে খোজকাঢ়ি গৈ আছিল। প্রথমজনে দ্বিতীয় জনক সুধিলে তুমি ভূত দেখিছানে? দ্বিতীয় জনে ক’লে “নাই দেখা” লগে লগে প্রথমজন অদৃশ্য হৈ গ’ল …
এতিয়া শুনক মোৰ ভূত দেখাৰ কাহিনী । শীতৰ দিন, আন্ধাৰ লাগিব ধৰিছে । পাঁচ মান বাজিছে। পাছফালৰ জেউৰাৰ সিপাৰে থকা মানুহঘৰৰ কোনোবা এজনৰ লগত আইতাই কথা পাতি আছে। মা আকৌ পাকঘৰত, দেউতা আহিব ‘অফিচ’ৰ পৰা। গতিকে ৰুটি-ভাজি তৈয়াৰ কৰি আছে। ইতিমধ্যে ভুতৰ গল্প পঢ়ি পঢ়ি ভূতে মোৰ মূৰত নিগাজিকৈ নহ’লেও কোনোবা এচুকট ঠাই কৰি লৈছে। গতিকে ভূত হ’ব নোৱাৰি চাওঁছোন ভূতৰ নিছিনাকৈ নিজকে সাজিব পাৰোনে নাই, চেষ্টা এটা কৰাটোত আপত্তিটো নাই। লেপ ব’নাবলৈ এসোপা মান তুলা আনি থোৱা আছিল। বগা ধূতি এখন কোনোমতে কষ্ট কৰি পিন্ধিলোঁ, মাৰ বগা চাদৰ এখনো গাত মেৰিয়াই ল’লো । এইবাৰ সচাঁসচিকৈ এটা ভয় লগা ভুতৰ ৰূপ দিবলৈ এসোপা মান তুলা বহু কষ্টৰে কোনোমতে সুতাৰে মুখমন্ডলত বান্ধি ল’লোঁ। এতিয়া হয় মই আইতাক ভয় দেখুৱাম, ন’হলে মাক। অৱশ্যে ‘টাৰগেট’ আছিল আইতা। আইতাই দেখোন বৰকৈ কৈ থাকে তেঁও হেনো সৰু্তে ভূতৰ লগত কথাও পাতিছিল, দেখাৰতো কথাই ক’ব নালাগে। তেতিয়াও হেনো মাজে সময়ে দেখিছিল। ময়ো সৰু-সূৰা ভূত এটা হৈ ৰৈ থাকিলোঁ। আইতাহঁতৰ মেলখন শেষ হ’ল। মইও লুকাই লুকাই হঠাতে আইতাৰ ওচৰত ওলামগৈ আৰু। আইতাও বেলেগ ফালে চকু দি দি মোৰ ফাললৈকে আহি আছিল। মই ঠিক আইতাৰ ওচৰ পাম আৰু, সেই সময়তে সন্মুখৰ দুৱাৰেৰে “লাওখোলা” এটা সোমাই আহিল । কিন্তু কি আচৰিত লাউখোলাটো আকৌ দেখোন মোৰ দেউতাৰ হাতত । মইও ভূত ভূত বুলি কেইবাবাৰো চিঞৰ মাৰি ঠাইতে মুচকচ যোৱাৰ উপক্রম হ’লোঁ । চিঞৰ শুনি আটাইবোৰ দৌৰি আহিল । মোক দেখি লগে লগে আইতাৰ চিঞৰ “ইহঁত ক’ত গ’ল, ঘৰত সোপাধৰা সোমাল ”। আইতাই মোৰ ৰূপ দেখি সোপাধৰা বুলিয়েই ভাবি লৈছিল । সকলো কিংকৰ্তব্যবিমোৰ হৈ পৰিল । চিঞৰ শুনি চুবুৰীয়া দুই তিনিজনো আহিল। সেই সময়ত মাজে মাজে সোপাধৰাও ওলাইছিল হেনো। সঁচা নে মিছা নাজানিছিলোঁ, কিন্তু সৰুতে আমি সোপাধৰা বুলিলে বৰ ভয় খাইছিলোঁ।
চকু মেলি চাই দেখো দেউতাৰ হাতৰ পৰা পৰি ভূতৰ লাওখোলা চাৰি টুকুৰ হৈ মজিয়াত পৰি আছে। চকু এঠাইত, মুখখন আকৌ অকণমান দূৰৈত, নাক আছিল নে নাই নেদেখিলোৱেই।
পিছতহে উৰহি গছৰ ওৰ ওলাল। দেউতাই ঘৰৰ সন্মুখৰ ফালে শাকৰ গুটি ছটিয়াইছিল। চৰাইবোৰ আহি গুটিবোৰ খাই নষ্ট কৰে বাবে ওচৰৰে এজনক টেকেলী এটা দি জুমুঠি সাজিব দিছিল। তাৰে টেকেলীটোক বগা-ক’লা ৰং দি সাইলাখ নহলেও মানুহৰ লাওখোলাটোৰ দৰে কৰি দেউতাক বাটতে পাই দি পঠিয়াইছিল । সেইটোকে দেখি মই ভূত বুলি ভাবি সাংঘাটিক ভয় খাইছিলোঁ। পিছত আইতাক ভূত নহয় সোপাধৰা বুলি যে ভয় খুৱাব পাৰিলোঁ সেই কথাটোৱে ভূতৰ ভয়টো তল পেলাই ৰাখিলে। গোটেই ঘটনাটোৱে মোক ভবিষ্যতলৈ তেনে নকৰিবলৈহে যেন সতর্ক বাণী শুনাই থৈ গ’ল, তেনেহে লাগিল। অৱশ্যে সেইটোৱে মোৰ ভূতৰ লগত প্রথম আৰু শেষ ‘এনকাউন্টাৰ’ ।
(২)
ঘৰৰ ওচৰৰে দুজন বন্ধু আছিল, বৰ ভয়াতুৰ । তাৰে বুল নামৰ জনে ৰাতি সৰুপানী চুব উঠিলে এখন হাতেৰে ‘ক্রিকেট বেট’ খন লৈ ঘূৰাই থাকে । ৰাতি হ’লে কিবা বোলে বুঢ়া ডাঙৰীয়া এজন ঘূৰি থাকে, ঠিকতো নাই ওচৰে পাজৰে থাকিবও পাৰে । আমাৰ নিচিনা নৰমনিষে সেইবোৰক নেদেখেওঁ বোলে । সেয়ে কি কৰিব আৰু বেটত লাগি বুঢ়া ডাঙৰীয়া দূৰতে চিটিকি পৰিব সেই আশাতে বেটখনে এহাতেৰে উৰাই ঘুৰাই থাকে । এফালে আকৌ ভয়ত ‘এটা’, ‘সি’ ৰ ঠাইত ‘এজন’, ‘তেখেত’ বুলিহে কয় । কিবা দায়-দোষ ধৰে বুলি ।
সেই সময়ত আমাৰ ইয়াত নতুকৈ ‘কেব’ল টিভি’ আহিছিল, তেতিয়া চাৰিটামানহে ‘চেনেল’ আছিল। ওচৰৰে এঘৰে লৈছিল। একেটা চৰকাৰী দূৰদৰ্শন ‘চেনেল’ চাই চাই ভাল নলগাত মাজে সময়ে সেইঘৰতো ঢাপলি মেলিছিলোঁ। নতুনকৈ দেখা কথা, খুব ভাল লাগে, গান, চিনেমা কিমান যে ‘প্রগ্রেম’। মা-দেউতাই সদাই চাব নিদিয়ে। মাজে মাজেহে চাওঁ, মানে বিশেষকৈ শনিবাৰে। ঘৰৰ অনুমতিৰ বাবে আমি কেইবাজনে একেলগে টিভি চাম বুলি ঠিক কৰো আৰু টিভি চাই ৰাতি ৯ মান বজাত ঘৰলৈ উভতি আহো ।
এবাৰ কি হ’ল, সেইদিনাখনো আছিল আমাৰ টিভি চোৱাৰ ‘প্রগ্রেম’। টিভি চাই আমি তিনিজন মই, বুল আৰু কমল ৯ মান বজাত ঘৰলৈ ঘূৰিলো, ওচৰা ওচৰি ঘৰ। অমৱস্যাৰ নিশা, ভয় লাগিছিল যদিও তিনিজন থকা বাবে বেছ বুকু ডাঠ কৰি্যেই আহি আছিলোঁ। ঘৰলৈ দুই ফাৰ্লং মান হ’ব। চাই অহা ‘চিনেমা’ খনৰ কথাকে পাতি পাতি গৈ আছো এন্ধাৰত, আগত ভালদৰে একো দেখিবলৈ পোৱা নাই৷ লাহে লাহে শুনিবলৈ পালো কিবা এটা শব্দ, যিমানে আহিছো ডাঙৰ হৈ আহিছে। ‘চপ’ ‘চপ’ ‘চপ’, মাজতে আকৌ টিলিঙাৰ নিছিনা শব্দ। কি হ’ব পাৰে, মই কিবা এটা অনুমান কৰিব পাৰিলো যেন লাগিল। দীঘল দীঘল ভৰিয়েই নে আন কিবাই চকামকাকে দেখিবলৈ পালোঁ। ভয় কিন্তু সচাকৈ লাগিল।লগৰ দুজনে কিমান বাৰ ৰাম নাম ল’লে হিচাপ নাই। কমলে ক’লে “তোকো আমি একো অন্যাই কৰা নাই, তয়ো আমাক নকৰিবি; ৰাম ৰাম ৰাম ৰাম”। ইমান ভয় শংকাৰ মাজতো বুলে কমলক কৈছিল “গাধ ভদ্রভাৱে ক’ব নোৱাৰ নেকি” আকৌ শব্দৰ উৎসৰ ফালে চাই ক’লে “চৰি দেই তই নহয় আপুনি। আপোনাকো আমি একো অন্যাই কৰা নাই, আপুনিও আমাক বাট এৰি দিয়ক; আমাৰ একো অন্যাই নকৰিব”।যিয়েই নহওক আমাৰো একো অন্যাই নোহোৱাকৈ সুকলমে ঘৰ আহি পালোঁ। তাৰ মাজতো মই গোটেই ঘটনাটো নিৰীক্ষণ কৰি আছিলোঁ।
প্ৰকৃততে কি হৈছিল মানে ওচৰতে বিয়া এখন আছিল। আগৰ দিনাখনে খানা পিনা বোৰ হৈ গৈছিল। বিয়া ঘৰৰ পেলনীয়া বোৰ ওচৰৰে পিটনি খনত পেলাইছিল। আৰু তাতে আমাৰ ‘এৰিয়াৰ নাইট চকিদাৰ’ টোৱে মহা আৰামেৰে তাল পাতৰ থালবোৰৰ সৈতে এৰেহা বোৰ চোবাই আছিল৷‘এৰিয়াৰ নাইট চকিদাৰ’ মানে মই ষাঁড় গৰুটোৰ কথাহে কৈছো।
সৰুকালৰ ভূতৰ কিমান যে ৰসাল ঘটনা, শেষেই নহব কিজানি কেতিয়াও। প্রেতাত্মাৰ কথাবোৰ শুনিও আমি তেতিয়া বৰ আচৰিত হৈছিলোঁ, প্রেতাত্মা বোলে কিবা চাকি নে মম জলাই মাতিব পাৰি, সকলো ধৰণৰ কথাও সুধিব পাৰি। অলপ ডাঙৰ বোৰৰ মুখত এই কথা শুনিছিলোঁ। ইয়াকে লৈ এবাৰ আমাৰ দৰে এজনে ড° ভবেন্দ্ৰনাথ শইকীয়া চাৰক সুধিছিল “চাৰ আপুনি কেতিয়াবা প্রেতাত্মা মাতি কথা পাতি পাইছেনে”। তেখেতে দিয়া উত্তৰটো আজিও মোৰ মনত আছে। তেখেতে কৈছিল “ইমান বোৰ ভাল ভাল মানুহ থাকোতে প্রেতাত্মা মাতিবলৈ মই কিয় যাম”৷ সঁচাকৈয়ে আজিৰ আমাৰ এই পৃথিবীৰ অপশক্তি বোৰতকৈ আমাৰ শৈশৱৰ ভূত আৰু সোপাধৰা বোৰেই বহুত ভাল আছিল কিজানি!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক