ভূপেনদাৰ আপুৰুগীয়া কণ্ঠও যেতিয়া বন্ধকত আছিল (লোকনাথ গোস্বামী)

ভূপেনদাৰ আপুৰুগীয়া কণ্ঠও যেতিয়া বন্ধকত আছিল

লোকনাথ গোস্বামী

ভূপেনদাৰ আপুৰুগীয়া সম্পদস্বৰূপ সুৱদী সুৰীয়া কণ্ঠটো এটা সময়ত বন্ধকত আছিল। কোম্পানীৰ ওচৰত অৰ্থা‍ত্‍ হিজ মাষ্টাৰ্ছ ভয়েচ কোম্পানীৰ ওচৰত। এটা সময়ত দেশী-বিদেশী গ্ৰামোফোন কোম্পানীবিলাকৰ মাজত ভীষণ ব্যৱসায়িক প্ৰতিযোগিতা আছিল। কোনো এটা কোম্পানীৰ সৈতে কোনো এজন শিল্পী গীত গোৱাৰ বাবে চুক্তিবদ্ধ হোৱাৰ লগে লগে সেই শিল্পীগৰাকীয়ে অ‍ইন বেলেগে কোম্পানীৰ ৰেকৰ্ডত গীত গাব নোৱাৰিছিল। গাবলগীয়া হ’লেও সেই কোম্পানীৰ পৰা অনুমতি ল’ব লাগিব। অন্যথা কোম্পানীয়ে আইনী ব্যৱস্থা হ’ব পাৰে অথবা শিল্পীগৰাকীৰ ৰেকৰ্ডৰ বজাৰত বিক্ৰী বন্ধ কৰি দিব পাৰিব। অসমীয়া গানৰ ৰেকৰ্ড ১৯২৪ চনত প্ৰথম ওলালেও ত্ৰিশৰ দশকৰ মাজভাগমানৰ পৰাহে দুই-এখনকৈ ওলাবলৈ আৰম্ভ কৰে। ছেনোলা, কল’ম্বিয়া, হিজমাষ্টাৰ্ছ, মেগাফোন আদি বেলেগ বেলেগ কোম্পানীৰ প্ৰাদুৰ্ভাৱ তেতিয়া ঘটিছিল। অসমতো তাহানিতে তৃতীয় দশকত উজানবজাৰত শুভ চন্দ্ৰ বৰুৱাই ‘সুৰ-ভাৰতী’ নামৰ এট ৰেকৰ্ডিং কোম্পানী আৰম্ভ কৰিছিল।

ত্ৰিশ-চল্লিশৰ দশকৰ বহু কোম্পানী উঠি গ’ল। পিছলৈ এইচ এম ভি কোম্পানীৰ একচেতীয়া ব্যৱসায় আৰম্ভ হ’ল। ভূপেনদাৰ গানৰ ৰেকৰ্ডৰ স্বত্ত্বও এইচ এম ভি কোম্পানীয়ে একচেতিয়াকৈ লৈ গ’ল। কেতিয়াৰ পৰা এই কোম্পানীৰ সৈতে ভূপেনদা চুক্তিবদ্ধ হৈছিল, সেয়া আমাৰ জ্ঞাত নহ’লেও ভূপেনদাৰ কণ্ঠ যে কোম্পানীৰ বন্ধকীয় আছিল, সেয়া এইচ এম ভি কোম্পানীত গানৰ ৰেকৰ্ড কৰিবলৈ গৈহে জানিব পাৰিছিলো।

সেয়া ১৯৮২-৮৩ চনৰ কথা। বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীতৰ লংপ্লেইং ৰেকৰ্ড এখনৰ ৰেকৰ্ডিঙৰ প্ৰস্তুতি চলি চলিছিল। দমদমত থকা এইচ এম ভি কোম্পানীত। অসম আন্দোলনৰ সময়তে নতুনকৈ গঢ়ি উঠা ‘সদৌ অসম সাংস্কৃতিক পৰিষদ’ৰ উদ্যোগত এই মহান কাৰ্য্যৰ শুভাৰম্ভ হৈছিল। পৰবৰ্ত্তী কালত আলফাৰ হাতত নিহত অনিল কুমাৰ বৰুৱাক প্ৰধান সম্পাদক হিচাবে লৈ ড০ ভূপেন হাজৰিকাক সভাপতি পাতি আৰম্ভ কৰা জনসাংস্কৃতিক পৰিষদৰ হৈ লংপ্লেইং ৰেকৰ্ডৰ যাৱতীয় প্ৰস্তুতিৰ দায়িত্ব অৰ্পিত হৈছিল জনপ্ৰিয় শিল্পী ৰাজেন গোহাঁই আৰু এই লেখকৰ ওপৰত। ৰেকৰ্ডখনি প্ৰকাশৰ ক্ষেত্ৰত সভাপতি হিচাবে ভূপেনদাৰ বৰঙণি আছিল অসামান্য। এইচ এম ভি কোম্পানীৰ সৈতে যোগাযোগ কৰি দিয়াৰ পৰা নিজে বিনাপাৰিশ্ৰমিকেৰে গীতত কণ্ঠদান কৰালৈকে যাৱতীয় প্ৰায়বোৰ কামতে ভূপেনদাই আমাক সহায় কৰিছিল। আনকি কলিকতাৰ অসম ভৱনত শিল্পীসকলৰ থকা-মেলাৰ ব্যৱস্থাও ভূপেনদাই কৰি দিছিল।

ৰেকৰ্ডৰ আঠোটি গীতৰ ভিতৰত দুটি গীতত ভূপেনদাই কণ্ঠ দিয়াৰ বন্দৱস্ত আছিল। গীত দুটি আছিল ‘সুৰৰে দেউলৰে’ (সমবেত কণ্ঠৰ) আৰু ‘গুৰু মোৰ শংকৰ’(দ্বৈত কণ্ঠ)গীত দুটিত  ভূপেনদাৰ কণ্ঠ ব্যৱহাৰ কৰিবলৈ গৈ মহা বিপাঙত পৰিলো। ভূপেনদাই   ৰেকৰ্ডত গীত গাবলৈ হ’লে কোম্পানীৰ পৰা আগতীয়াকৈ আনুষ্ঠানিক অনুমতি ল’ব লাগে। অৰ্থাত ভূপেনদাৰ কণ্ঠতো কোম্পানীৰ বন্ধকৰ পৰা মুকলি কৰিব লাগিব। বোধকৰো কোম্পানীৰ  কোনো বিষয়াই কথাটো উনুকিয়াই দিলে। ৰজেন গোঁহাই আৰু এই লেখকক ভূপেনদাই মাতি নি সমস্যাটোৰ কথা ক’লে। আমি নাচোৰবান্দা। ভূপেনদাই ৰেকৰ্ডত গান গাব‍ই লাগিব। যিহেতু তেওঁ পৰিষদৰ সভাপতি। তাতে আকৌ বিষ্ণু ৰাভাৰ গান, গুৰুৰ গান। ভূপেন দাই গাড়ীৰ পৰা ৰাইটিং পেডটো আনিবলৈ ক’লে। লগে লগে কোম্পানীৰ বিষয়ালৈ চিঠি তাতে লিখিলে। চিঠি লেখি আমাৰ হাতত দি টালিগঞ্জত থকা কোম্পানীৰ চিঠি অফিচ বিষয়া পি কে বেনাৰ্জীৰ হাতত দিবলৈ ক’লে। কথা মতেই কাম। কোম্পানীৰ বিষয়াই আপত্তি কৰাৰ সাহস পায় ক’ত? তেনেকৈয়ে ভূপেনদাৰ কণ্ঠ প্ৰথমবাৰৰ বাবে কোম্পানীৰ বন্ধকৰ পৰা মুকলি কৰি আমাৰ পৰিষদৰ ৰেকৰ্ডত তেওঁৰ কণ্ঠৰ সদব্যৱহাৰ কৰিলে।

আমি জনাত সেই সময়ৰ পৰাই অৰ্থাত ১৯৮৩ চনমানৰ পৰাই এইচ এম ভি কোম্পানীৰ একচেতীয় ৰেকৰ্ডৰ কাৰবাৰ প্ৰায় স্থবিৰ হৈ পৰে। ৰেকৰ্ডৰ ঠাইত ‘কেছেট’ৰ যুগ আৰম্ভ হয়। অসমতো অসমীয়া গানৰ কেছেটৰ বজাৰ চলিবলৈ ধৰিলে। কেছেটৰ ব্যৱসায়িক গোষ্ঠীবিলাকেও তেতিয়াৰ পৰাই ভূপেনদাৰ কণ্ঠ ব্যৱহাৰ কৰিবলৈ ল’লে কোনো বাধা নোপোৱাকৈ !

ভূপেনদাই তেওঁৰ বন্ধকত থোৱা কণ্ঠৰ অনুমতি বিচাৰি কোম্পানীৰ বিষয়ালৈ লেখা সেই ঐতিহাসিক চিথিখন আছিল এনেকুৱা — :

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments