ভূপেনদা আৰু এটি সংকল্প (- স্যামন্ত কুমাৰ গোস্বামী)

ৰাতি চাগে আঠমান বাজিছিল। অকবৰ দ্বাৰা নিবেদিত নাট লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ “হ-য-ব-ৰ-ল” ৰ বাবে সকলো ব্যস্ত, কাৰ ভাগত কি ভাও পৰিব, ৰেকৰ্ডিং কেনেকৈ কৰিব লাগিব আদি লৈ। বেছিভাগেই নতুন যিহেতু আও ভাও বুজি উঠোতেই যথেষ্ট সময় লাগিছে। কোনোৱে ইউনিকোডলৈ ৰূপান্তৰ কৰিব, কাৰোবাৰ সংগীত, আপলোড কেনেকৈ কৰা হ’ব আদি লৈ এটা গ্ৰুপ চাট চলিছে। কাৰোবাৰ মাত মিলা নাই, কোনোৱে আপলোড কেনেকৈ কৰিব লাগে ভালকৈ বুজি পোৱা নাই, কাৰোবাৰ তেওঁৰ ভাগত পৰা চৰিত্ৰটো খুব এটা পচন্দ হোৱা নাই। সৰু ল’ৰা এটাৰ চৰিত্ৰৰ বাবে মাত মিলা কাকো পোৱা হোৱা নাই। দুজনমানে মাতটো চেপি উলিয়াবৰ চেষ্টা এটা কৰি চাইছিল যদিও ভোডাফোনৰ কনটিলৌৰ নিচিনাহে হ’লগৈ মাতটো। অৱশ্যে নাটকৰ কথাতকৈ আড্ডাটোহে জমিছিল বেছিকৈ।

এগৰাকীৰ মাত ভাগিছে….
: ধুৰ, আপুনি কিয় টেনশ্যন লৈ আছে? জালুক দুটামান ভাগি উতলা পানীত দি লগত আদা কেইটুকুৰামান থেতেলাই মিহলাই গাৰ্গল কৰি দিয়ক। ইম্মিদিয়েট ঠিক হৈ যাব।
: চিগাৰেট খালেও ভগা মাত ভাল হয় পিছে..আৰু সিবিধ দুটোপমান পৰিলেতো কথাই নাই !

নলবাৰীৰ ফালৰ এগৰাকীয়ে কৈছে….
: সীমা বিশ্বাস আমাৰ কাষৰে আছিলতো ! গৰ্ডন নে ক’ত পঢ়িছিল। আমাৰ ঘৰৰ আগেৰেই অহা-যোৱা কৰা আছিল। আগতে একো নাছিলতো ইমান! আমি নাজানো নে কিবা, এহ্‌ ! শেখৰ কাপুৰে নি সেইখনত এক্টিং নকৰোৱা হ’লে কোনেও চিনিয়েই নাপালেহেঁতেন।
“হ’ল আৰু ! চাঞ্চ পাই নলবাৰী চেন্টিটো দি দিলে আৰু ন’ !” পোৱালি ডক্টৰজনে ক’লে।
“নহয়হে, আগতে তেওঁ থিয়েটাৰত আছিল তো ! আৰু মেক্সিমাম থিয়েটাৰ ক’ৰ তো জানেই আপোনালোকে ! তাতেই দেখিলে কিজানি শেখৰ কাপুৰে। নহ’লে ক’ত নলবাৰীৰ গাঁৱৰ মাজলৈ এক্টৰণী বিচাৰি যাবহে?” পাঠশালাৰ ফালৰ ডাক্তৰজনে ক’লে।
এজনে টপিক চেঞ্জ কৰিলে, “সেইদিনা আমাৰফালে মহিলা সমিতিৰ মিটিং এখন হৈছিল। দিনটো মিটিং কৰি শেষত সিদ্ধান্ত ল’লে যে চব কাৰেন্টৰ তাঁৰ কাটি নি কাপোৰ মেলা তাঁৰ কৰি দিব লাগে হেনো। কাৰেন্টতো দিব নোৱাৰেই, মিছাতে তাঁৰকেইডাল কাউৰী বহাবলৈ ৰাখি কি লাভ?”
এজনে আৰম্ভ কৰিলে ভেলেন্টাইন ডে’ৰ কথা, বোলে আমাৰ ইয়াত প্ৰেমৰ নামত নিজকে চেক্ৰিফাইজ কৰা জয়মতীৰ নিচিনা এগ্‌জাম্পল থাকোতে আমি “উইল ইউ বি মাই ভেলেন্টাইন” বুলি কিয় ক’ব লাগে? নকওঁ, “উইল ইউ বি মাই জয়মতী” বুলি ক’ম আজিৰপৰা।
কথাবোৰ চিটিবাচ, লিপষ্টিক, লেডীজ কেৰেক্টাৰ,ফুলন দেৱী,সীমা বিশ্বাস, পাঠশালা, নলবাৰী, গুৱাহাটী, থিয়েটাৰ, হৰিশ্চন্দ্ৰ, মহিলা সমিতি, অৰিজিনেল জয়মতীৰ পৰা গৈ গৈ “উইল ইউ বি মাই জয়মতী” পাইছিল মাত্ৰ।

ইয়াৰ পিছৰ কেইশাৰীমান এনে ধৰণৰ–
: Is it true ??
: what ?????????????????
: OMG !!!
: kot ?
: see news..
: ৰাইজ মই আজি আৰু নোৱাৰিম একো কৰিব ৷ বেয়া নেপাব ৷
: সঁচাকৈ…ইমান দুখ লাগিছে…
: সঁচা.. মই টিভিত চালোঁ..
: বিশ্বাসেই হোৱা নাই… এইমাত্ৰ টি ভি ত দেখিলোঁ
: অ’হ !!!
: আমি আমাৰ এই নাটক তেখেতৰ নামত উৎসৰ্গা কৰিম। তেনেদৰেই আমি তেখেতক জীয়াই ৰাখিব লাগিব।
: তেনে এই নাটক বহু উচ্চমানৰ হব লাগিব….
: নিশ্চয়..
: হয়… আমাৰ দায়িত্ব আৰু বাঢ়িল…
: পাৰিব লাগিব আমি…বহুত দুখ লাগিছে !

তাৰপিছত সকলো স্তব্ধ। সেই দিনটোৱেই আছিল ৫ নৱেম্বৰ, ২০১১। শুনিবলৈ, মানি ল’বলৈ টান এটা খবৰ – ভূপেনদা আৰু নাই। ফেচবুকত কাৰোবাৰ এটা ষ্টেটাচ আপডেট “বাকৰুদ্ধ !” এৰা, সঁচাকৈয়ে যেন বাকৰুদ্ধ হৈ পৰিছিল সকলো। চাটত আৰু কোনো নতুন মেচেজ নাই।

কিন্তু কেৱল আবেগত উটি-ভাঁহি নগৈ অলপ পিছতেই অকবত ভূপেনদাৰ গানৰ ইউনিকোডীয় ৰূপান্তৰণৰ বাবে আহ্বান জনাই এটা পোষ্ট হ’ল। মাত্ৰ তিনি ঘন্টাৰ ভিতৰত অকবৰ সদস্যসকলে ভূপেনদাৰ ৫০ টা গীতৰ ইউনিকোডীয় ৰূপান্তৰণৰ কাম শেষ কৰিলে অশ্ৰুসিক্ত নয়নেৰে ! তেখেতৰ গীতবোৰ সকলোৱে শুনিছিল আৰু গুণগুণাইছিল যদিও এটা এটা শব্দ লিখি উলিওৱা সময়তহে সকলোৱে চাগে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে প্ৰতিটো শব্দতেই আছে কিমান গভীৰতা, কিমান আবেগ ! সকলোৱে বিচাৰি পালে এক নতুন ভূপেনদাক। কিন্তু কথাৰ এনে গভীৰতাই তেখেতৰ গীতত স্থান পালে কেনেকৈ?

পাহাৰ-ভৈয়ামৰ মিলনৰ গীতৰ আঁৰত: ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াৰ এখন ভিতৰুৱা গাঁৱত নীলকান্ত হাজৰিকাৰ ঔৰসত শান্তিপ্রিয়া হাজৰিকাৰ গৰ্ভত জন্ম হোৱা সাতমাহ বয়সৰ শিশু ভূপেন এদিন হঠাৎ ঘৰৰপৰা নাইকিয়া হ’ল। আচলতে সাতমহীয়া ভূপেনক আদি যুৱতী কেইজনীমানে মৰমতে পাহাৰলৈ লৈ গৈছিল৷ সেই সময়চোৱাত হেনো তেওঁলোকে আত্মীয়ৰ স্তনপান পৰ্য্যন্ত কৰোৱাইছিল কাৰণ ভূপেন তেতিয়া তেনেই সৰু ! শিশুকালতে আদি মহিলাৰ স্তনপান কৰাৰ বাবেই তেতিয়াই হয়তো ভূপেন হাজৰিকাৰ মনত পাহাৰ-ভৈয়ামৰ মিলনৰ বীজ প্ৰষ্ফুটিত হৈছিল আৰু ৰচনা কৰি গৈছিল লিয়েন মাকাও, অ’ মিচিং ডেকাটি, আমি সাতভনী আছিলোঁ আদিৰ দৰে গীত৷

শৈশৱত গীতৰ সভাত গোটোৱা অনুভুতিবোৰ: ১৯৩০ চনতেই শিশু ভূপেনে মাক-দেউতাকে শিকোৱা এটি গীত কটন কলেজিয়েট হাইস্কুলৰ ছাত্রসভাত পৰিবেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল। গীতটি শুনি উৎফুল্লিত হে পৰা অনুষ্ঠানত উপস্থিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই মঞ্চলৈ উঠি গৈ সাৱটি ধৰিছিল ভূপেনক। ষষ্ঠ শ্ৰেণীত থাকোতেই জ্যোতি, বিষ্ণু, ফণী শৰ্মাৰ ত্ৰিবেণী সংগমত স্নান কৰি কলিকতালৈ গৈ জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰী পালানাটৰ গীতৰ ৰেকৰ্ডিং কৰিছিল তেওঁ। ১৯৩৭ চনত মাত্ৰ এঘাৰ বছৰ বয়সত জীৱনৰ প্রথমটো গীত “কুসুম্বৰ পুত্র শ্রীশংকৰ গুৰুৱে ধৰিছিল নামৰে তনু” শীর্ষক গীতটো ৰচনা কৰি গীতিকাৰ হিচাবে আত্মপ্ৰকাশ কৰিলে ভূপেন হাজৰিকাই৷ সুৰকাৰ জীৱনো আৰম্ভ কৰিছিল পিতৃয়ে ৰচনা কৰা “অ’ মইনা কেতিয়া আহিলি তই” গীতেৰে। ১৯৩৯ চনত তেওঁ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বিতীয়খন চলচিত্র ইন্দ্রমালতীৰ ‘বিশ্ববিজয়ী নৱ জোৱান’ গীতটোৰ দৃশ্যাংশত অভিনয় কৰি অভিনেতা হিচাপেও আত্মপ্ৰকাশ কৰে৷ শৈশৱৰ সেই অভিজ্ঞতাবোৰেই হয়তো প্ৰতিফলিত হৈছিল “মোৰ গীতৰ হেজাৰ শ্ৰোতা” গীতটিৰ “শৈশৱতে এখন দুখন গীতৰ সভাত গাই” বাক্যশাৰীত।

যাযাবৰী, বিপ্লৱী ভূপেনদা: বৰলুইতৰ দুইপাৰে সিঁচৰিত হৈ থকা, জনজীৱনৰ কোঁহে-কোঁহে প্ৰৱাহিত হৈ থকা গীতৰ মেটমৰা বোজা বুকুত বান্ধি ১৯৪৯ চনত ভূপেন হাজৰিকা ঢাপলি মেলিছিল সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ। জীৱন আৰু তাৰুণ্যৰ জয়গান গাই ধৰাৰ দিহিঙে দিপাঙে লৱৰি ফুৰোতে তেখেতে পালে পল ৰবচনৰ দৰে বিপ্লৱী শিল্পীৰ সান্নিধ্য। ভূপেন হাজৰিকাৰ বিপ্লৱী সত্তাই যেন নতুন প্ৰাণ পালে। সৃষ্টি হ’ল “বুঢ়া লুইত বোৱা কিয়”, “আহ আহ ওলাই আহ সজাগ জনতা”, “মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই”, “মানুহে মানুহৰ দৰে”ৰ দৰে বহু অগতানুগতিক, বৈপ্লৱিক গীত। তাৰোপৰি “মই এটি যাযাবৰ” আদি গীতৰ লগতে তেখেতৰ সমগ্র জীৱন পৰিক্রমাতেই দেখা যায় এক যাযাবৰী চৰিত্র৷

স্নেহৰ প্লাৱন: সেয়া আছিল ভূপেন হাজৰিকাৰ জীৱন-যৌৱন, প্ৰেম আৰু সৃষ্টিশীলতাৰ সময়। ১৯৫০ চনৰ বৰভূঁইকপত ভূপেন হাজৰিকাৰ জন্ম হোৱা গাঁৱখন লুইতৰ বুকুত লীন হৈছিল ৷ আনহাতে ভূপেন হাজৰিকা লীন হৈছিল এগৰাকী যুৱতীৰ হৃদয়ত৷ সাত সাগৰ তেৰ নদীৰ পাৰত লগ পোৱা প্ৰিয়ম্বদা পেটেল হৈ পৰিল প্ৰিয়ম হাজৰিকা। ৰচনা হ’ল “তোমাৰ উশাহ কঁহুৱা কোমল”, “কি যে তোমাৰ সংগ প্ৰিয়া”, “স্নেহে আমাৰ শত শ্ৰাৱনৰ ধাৰাষাৰ বৃষ্টিৰ প্লাৱন আনে” আদিৰ দৰে যুগজয়ী গীত। পিছে সেয়া আছিল প্রাপ্তি আৰু বিষাদৰ দোমোজাকাল, এপিনে প্রিয়াৰ সৈতে মিলন আৰু আনপিনে জন্মভূমি শদিয়াৰ গাঁওখন লুইতত লীন যোৱাৰ বাতৰি৷

লুইতৰ আজন্ম প্ৰেমিক, অক্লান্ত উৰণীয়া মৌ ভূপেনদা: ১৯৫২ চনত ভূপেন হাজৰিকা কুইন এলিজাবেথ নামৰ জাহাজেৰে আটলাণ্টিক মহাসাগৰেৰে নিউয়র্কৰ পৰা ছাউডাম্পটনলৈ আহি থকা অৱস্থাত আটলাণ্টিক মহাসাগৰৰ অপৰূপ শোভাত মোহিত হৈ লিখা আৰম্ভ কৰা “সাগৰ সংগমত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত” শীৰ্ষক আধালিখা গীতটি উজানবজাৰৰ লুইতৰ পাৰত বহি সম্পূর্ণ কৰিছিল৷ লুইতক লৈ তেওঁৰ আছিল এক দুৰ্বাৰ আকৰ্ষণ। “বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে”, “লুইতৰ বলীয়া বান”, “মহাবাহু ব্রহ্মপুত্র”, ‘ব্রহ্মপুত্রৰ দুয়ো পাৰ দলঙে লগ লগালে” আদিৰদৰে অনেক গীত লুইতক লৈয়েই ৰচনা কৰিছিল। তেখেতৰ দৃষ্টিত চাগে লুইততকৈ প্রাণৱন্ত নদী আৰু কোনোখনেই নাছিল৷ অসমীয়া জাতিৰ জীৱনৰেখা বুলি কোৱা লুইতখনক তেখেতে মিছিছিপিৰ সৈতে ৰিজাইছিল, ভল্গা আৰু টেমছৰ সৈতেও তুলনা কৰিছিল৷

মই আহিছোঁ….
১৯৫৩ চনত তেখেত উভতি আহিছিল ৰূপহী অসমলৈ। “অসম আমাৰ ৰূপহী”, “নোবোলো তোক সোণৰ অসম” আদিকে ধৰি অসংখ্য গীতেৰে চহকী কৰি গ’ল অসমীয়া গীতৰ ভঁৰাল। শব্দবোৰ বুটলি আনিছিল খাছী ছোৱালীৰ মুখৰপৰা আৰম্ভ কৰি বুঢ়ী আইতাৰ তামোল খুন্দনালৈকে। গীতেৰে, সুৰেৰে, কথাৰে তেওঁ লুইতৰ দুয়োপাৰে আনিলে সংগীতৰ মহাপ্লাৱন। সৃষ্টি পথাৰত সিঁচা তেওঁৰ কৃষ্টিৰ কঠিয়াবোৰ লহপহকৈ বাঢ়ি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিলে সোণগুটিৰে। প্ৰতিটো ঋতু, প্ৰতিটো পল-অনুপলৰ গীত গালে ভূপেনদাই। প্ৰেম-ৰোমাঞ্চেৰে ভৰা বিমূৰ্ত নিশাবোৰ কণ্ঠত ধাৰণ কৰি তেওঁ বোলে বৰ্ণময় সংস্কৃতিৰ বুটাবচা নীলা চাদৰখন।

“মদাৰৰে ফুল”ৰ আঁৰত : ড° হাজৰিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্রবক্তা হিচাবে থকা সময়চোৱাত হাজৰিকাৰ ডক্টৰেট ডিগ্রীটো ভুৱা বুলি অপপ্রচাৰ চলোৱা হৈছিল। বেনাৰসত গীত গাবলৈ যোৱাৰ বাবে শ্রেণীৰ পাঠদানত অনুপস্থিত থকাৰ অভিযোগত বিশ্ববিদ্যালয় কর্তৃপক্ষই তেখেতৰ দৰমহা কাটিছিল, সেই সময়ৰ জাত্যাভিমানী উচ্চবৰ্ণৰ সকলে ভূপেনদা কৈৱৰ্ত, অস্পৃশ্য বুলি পৰ্য্যন্ত কৈছিল। তেখেতৰ গান হেনো এটা পাছিং ফেডৰ বাহিৰে আন একো নহয়, মানুহে এনে সমালোচনাও লিখিছিল ! যাৰ উত্তৰ তেওঁ দিছিল “মদাৰৰে ফুল হেনো পূজাতো নেলাগে”, “সমালোচনাৰ অগনিৰে পুৰি” আদি গীতেৰে। এনে অপপ্রচাৰ আৰু সমালোচনাৰ বাবেই ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দিছিল ১৯৫৫ চনত। যাত্ৰা কৰিছিল কলিকতালৈ। এই যাত্রা যেন আছিল তেওঁৰ যাযাবৰী জীৱনৰ স্মৰণীয় যাত্রা৷ কলিকতাত উপস্থিত হৈ ভূপেন হাজৰিকা মুখামুখি হৈছিল জীৱনৰ নির্মম বাস্তৱৰ সৈতে৷ দুবেলা দুসাজ ভাত আৰু শুবলৈ এখন বিছনাৰ বাবেও তেওঁ সেইসময়ত যথেষ্ট সংগ্রাম কৰিবলগীয়া হৈছিল৷

তোৰ সুৰ, তোৰ কণ্ঠ….

১৯৭৭ চনত ভাতৃ জয়ন্ত হাজৰিকাৰ আকস্মিক মৃত্যুত ব্যথিত হৈ ৰচনা কৰিছিল “তোৰ সূৰ তোৰ কণ্ঠ অজস্ৰ শ্ৰোতাৰেই স্নেহত ৰ’ব” গীতটি।

তাৎক্ষাণিক কৰ্মকুশলতা: তাৎক্ষাণিকভাৱে এটি গীত ৰচনা কৰি সূৰ দিব পৰাটো আছিল ভূপেনদাৰ আন এক বৈশিষ্ট্য। শীতৰ এনিশা তেজপুৰত গীত গাবলৈ গৈ অনুষ্ঠানটো আৰম্ভ হোৱাৰ কেইঘন্টামান আগতে ৰচনা কৰিছিল “শীতৰে সেমেকা ৰাতি” গীতটি। পিছে অনুষ্ঠানলৈ যোৱাৰ আগতে শুনিবলৈ পালে এটি দুঃখবৰ – দীপালী বৰঠাকুৰৰ মটৰ নিউৰণ ৰোগত আক্ৰান্ত হোৱাৰ খবৰটো। তেওঁ হেনো আৰু কাহানিও গীত গাব নোৱাৰিব ! ভূপেনদাই ৰচনা কৰা গীতটিত সংযুক্ত হ’ল এটা শাৰী “কণ্ঠৰুদ্ধ কোনো সু গায়কৰ…” ।
একেদৰে অসম সাহিত্য সভাৰ ৰংপুৰ অধিবেশনৰ আগদিনা কোনোবাই তেওঁক অনুৰোধ কৰিলে এটি গীত লিখিবলৈ। লগে লগেই ৰচনা কৰিলে “ৰংপুৰ তোৰে নাম হোক মঙ্গল তোমাৰ” গীতটি।

উচ্চাৰণ: সাধাৰণতে অসমৰ গায়ক-গায়িকাই ভুল কৰা কেইটামান উচ্চাৰণ হ’ল মূৰ্ধণ্য বৰ্ণ, ৱ আৰু অনুনাসিক উচ্চাৰণবোৰ – যিবোৰ ভূপেনদাৰ পৰা শিকিবলগীয়া। তাৰোপৰি বহুতেই কৰাৰ দৰে ভূপেনদাই মোৰ, তোৰ আদিবোৰ ‘মুৰ’, ‘তুৰ’ বুলি উচ্চাৰণ কৰা নাছিল।

ভূপেনদাৰ মতে গীত, সমাজ আৰু জীৱন দৰ্শন: ১৯৮৭ চনৰ জুলাই সংখ্যাৰ ‘প্রসাদ’ আলোচনীৰ বর্ষপূতি বিশেষ সংখ্যাত ‘নিজেৰ কথা’ শিৰোনামাৰে প্রকাশিত সাক্ষাৎকাৰত ভূপেনদাই কৈছিল “গীতেই মোৰ অস্ত্র, গীতেই মোৰ জীৱিকা আৰু গীতেই মোৰ জীৱন৷ সমাজ পৰিবৰ্তন দুই ধৰণৰ গানৰ দ্বাৰা কৰিব পাৰি – গান (song) ৰ দ্বাৰা আৰু গান (Gun) ৰ দ্বাৰা৷ কিন্তু বন্দুকৰ দ্বাৰা হোৱা সমাজ পৰিৱর্তন স্থায়ী নহয়৷ মোক যদি কোনোবাই প্রগতিৰ কথা শিকাবলৈ আহে, ৰাজনীতিৰ কথা শিকাবলৈ আহে, মোৰ হাঁহি উঠে৷ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰো যে পৃথিৱীৰ কোনো দেশে ৰাজনীতিৰ জৰিয়তে স্বর্গ গঢ়িব পৰা নাই৷ ৰাজনৈতিক ঢৌ আহে আৰু যায়৷ কিন্তু বুনিয়াদৰ ভেটি সংস্কৃতিৰ মাজতহে অন্তর্নিহিত হৈ থাকে৷ মই মানুহৰ বাবে গাই যাম৷ মোৰ জীৱন দর্শন লুকাই আছে ‘সাগৰ সংগম’ গানটিৰ মাজত৷ মোৰ মৃতদেহ যেতিয়া শ্মশানলৈ নিয়া হ’ব তেতিয়া যদি সাগৰ সংগম গানটি গোৱা হয়, তেন্তে মোৰ আত্মাই সর্বাংগীনভাৱে তৃপ্তি লাভ কৰিব৷”

কিছু ব্যক্তিগত অনুভৱ: কোনোদিনে নাঙল-যুঁৱলি চুই নোপোৱা, খেতি পথাৰত নামি নোপোৱা, গুৱাহাটীৰ ৰাজপথত জাপি-নাঙল লৈ বহুৱালি কৰা, আন্দোলনকে মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰা আৰু বানপানীত অসমৰ কৃষকসকল ককবকাই থকাকো আওকান কৰি কেৱল নামৰ বাবেই দিল্লীলৈ দৌৰ মৰা তথাকথিত স্বয়ম্ভূ কৃষক নেতাজন নাইবা আন্দোলন-আবেগক মূলধন হিচাপে লোৱা, এটা আন্দোলনৰ নামত শ-শ নিৰীহ জনতাক হত্যা কৰা আৰু কোনোবাই দোষ আঙুলিয়াই দিয়াৰ বাবে এটা বাণিজ্যিক প্ৰতিষ্ঠান ভাগি চূৰমাৰ কৰিব বিচৰা বয়োবৃদ্ধ ছাত্ৰ নেতাসকল বা বিপ্লৱৰ নামত বৰ্বৰতাৰ চৰম সীমাও চেৰাই গৈ কণ-কণ শিশু হত্যা কৰাৰ পিছতো নূন্যতম ক্ষমা খুজিবলৈকো আহৰি নোপোৱা, দিনৰ দিনটো হাড়ভগা পৰিশ্ৰম কৰি সন্ধিয়া নিজৰ খেতিৰ পাচলি বজাৰলৈ বেচিবলৈ নিয়া অসমীয়া কৃষক এজনৰ পাচলিৰ টোপোলাৰ মাজত বোমা লুকুৱাই থ’বলৈ কুণ্ঠাবোধ নকৰা তথাকথিত বিপ্লৱীসকলৰ মানসিকতা, দেশপ্ৰেম আৰু কৰ্মস্পৃহা আৰু পঞ্চাশৰ দশকতেই কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা মাছ কমিউনিকেশ্বনত ডক্টৰেট ডিগ্ৰী লাভ কৰি (উল্লেখ্য যে অসমত মাছ কমিউনিকেশ্বনত ডক্টৰেট ডিগ্ৰী লাভ কৰা লোকৰ সংখ্যা আজিও আঙুলিৰ মূৰত লেখিব পৰা) অসমলৈ ঘূৰি আহিও মজিয়াত পীৰাত বহি পঁইতা ভাত লোণ-তেলেৰে খাবলৈ ইচ্ছা কৰা, দহখনকৈ চলচিত্ৰ পৰিচালনা, অসমৰ মাটিৰ গোন্ধ থকা অসংখ্য গীত ৰচনা, সাংবাদিকতা, সংগীত পৰিচালনা কৰাৰ পিছতো মানুহৰ ককৰ্থনা শুনিবলগীয়া হোৱা আৰু সেই ককৰ্থনাৰ প্ৰত্যুত্তৰত “মদাৰৰে ফুল হেনো কামে কাজে নেলাগে”ৰ দৰে আন এটি চিৰযুগমীয়া গীত ৰচনা কৰা ভূপেনদাৰ মানসিকতা, দেশপ্ৰেম আৰু কৰ্মস্পৃহাৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। ভূপেনদাই আমাক শিকাই গ’ল কাম কৰিবলৈ – আৰু সেই কথা তেখেতে হাতে-কামে কৰি তাৰ দৃষ্টান্ত দেখুৱাই থৈ গ’ল।

অসমীয়া মানুহৰ আবেগ হেনো ধানখেৰত লগা জুইৰদৰে, এইমাত্ৰ দপদপকৈ জ্বলিল আৰু তাৰপিছতে সকলো শেষ। কিন্তু ভূপেনদাৰ পৰলোক হোৱা দিনটোত তেখেতৰ প্ৰায় সকলো গীতৰ, বিশেষকৈ কিছুমান হেৰাই যাবলৈ ধৰা গীতৰ ইউনিকোডীয় ৰূপান্তৰণৰ সংকল্প লৈ তথা ইয়াক হাতে কামে কৰি দেখুৱাই এই কথা মিছা বুলি প্ৰমাণিত কৰিলে অকবৰ সদস্যসকলে। ইয়াত ভূপেনদাই শিশুকালত গোৱা গীতটিৰ পৰা আৰম্ভ কৰি তেখেতে কণ্ঠদান কৰা শেষ গীতটিলৈকে প্ৰায় আটাইবোৰ গীত সন্নিবিষ্ট আছে। আজিৰ দিনটোত আমি আৰু তেনে এটা সংকল্প ল’ব নোৱাৰোনে? মাথো সেই সংকল্প যাতে কেৱল ৰাজপথত ধৰ্ণা দিয়া, হকে-বিহকে কৰা বিতৰ্ক বা কাৰোবাৰ দোষ আঙুলিয়াই দিয়াতে সীমাবদ্ধ নাথাকি হাতে-কামে কৰা ধৰণৰ হয়।

মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম…

ভূপেনদা, আমি তোমাক ধৰি ৰাখিব নোৱাৰিলোঁ। জীৱনকালত তুমি আমাক যিখিনি দিলা, তাৰ বিনিময়ত আমি তোমাক চিতাৰ কাষত দিয়া সঁহাৰিকণ আৰু চকুলোটুপিত বাদে একোৱেই দিব নোৱাৰিলোঁ। কিন্তু ৰাতিপুৱাৰ ৰঙা সুৰুজটোৰ দৰেই আমি তোমাকো যেন আকৌ এবাৰ উদয় হোৱা দেখোঁ। পাৰিলে উভতি আহিবা ভূপেনদা ! সমালোচনাৰ অগনিৰে দহিলেও, বুঢ়া লুইতক গালি পাৰিবলৈ হ’লেও, আগৰদৰেই অগ্নিযুগৰ ফিৰিঙতি হৈ এবাৰলৈ হ’লেও লোহিতৰ বহল পাৰত প্রণিপাত কৰা, শৰৎ নিশা তৰাই কেশ সজোৱা তোমাৰ ৰূপহী অসম ভূমিলৈ তুমি উভতি আহা ! আন একো কৰিব নোৱাৰিলেও এটা প্ৰতিশ্ৰুতি অন্ততঃ দিব পাৰোঁ – ঋতু সলনি হৈ থকালৈকে, সূৰ্য্য উদয় হৈ থকালৈকে, মেঘৰ মাদল বাজি থকালৈকে আৰু প্ৰশান্ত মহাসাগৰৰ অশান্ত উৰ্মিমালা শান্ত নোহোৱালৈকে অন্ততঃ তোমাক আমি মনত ৰাখিম।

বি. দ্ৰ:
• ১৯৮৭ চনৰ জুলাই সংখ্যাৰ ‘প্রসাদ’ আলোচনীৰ বর্ষপূতি বিশেষ সংখ্যাত ‘নিজেৰ কথা’ শিৰোনামাৰে প্রকাশিত ড0 ভূপেন হাজৰিকাৰ সাক্ষাৎকাৰ আৰু সেই সাক্ষাৎকাৰৰ ভিত্তিত “দা চানডে ইণ্ডিয়ান”ত প্ৰকাশিত দুলাল মিশ্ৰৰ “লুইতৰ পৰা মিচিচিপি, ভল্গালৈ যাযাবৰী ভূপেনদা” প্ৰৱন্ধটো আৰু “নিউজ লাইভ”ত প্ৰচাৰিত ভূপেনদাৰ এটা সাক্ষাৎকাৰৰ ছাঁ লৈ লিখা হৈছে।

• যিহেতু মূল কথাখিনি ভূপেনদাৰ সাক্ষাৎকাৰ আছিল, গতিকে মূল ভাবাৰ্থটো যাতে সলনি হৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি কিছু কথা বিশেষ সালসলনি নকৰাকৈয়ে (নিজৰ মত প্ৰকাশ কৰাৰ পৰা বিৰত থাকি) দিয়া হৈছে। বিশেষকৈ গীত আৰু জীৱন সম্পৰ্কে ভূপেনদাৰ মতামতখিনি ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments