ভূপেন্দ্ৰ সংগীতৰ এক চমু অৱলোকন-ববিতা শৰ্মা

অসমৰ সাৰুৱা মাটিত আপোনাআপুনি জাতিষ্কাৰ হোৱা বনৰীয়া ফুল সদৃশ মালিতা, আইনাম, ধাইনাম, বিয়ানাম, বিহুনাম আদিয়ে অতীজৰে পৰা অসমীয়া সংগীতৰ বৰভেটি নিৰ্মাণ কৰি তুলিছিল। শংকৰী যুগত গুৰুদুজনাই বৰগীত আৰু ভটিমা ৰচনা কৰি এই ভেটি গজগজীয়া কৰি তুলিলে। উনবিংশ শতিকাত সুন্দৰৰ দুই পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই থলুৱা সুৰৰ সাধনাৰে বিষ্ণু ৰাভা সংগীত আৰু জ্যোতি সংগীতেৰে অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰে। বিষ্ণু-জ্যোতিয়ে কাটি দিয়া সুন্দৰৰ বাটেৰে পৰৱৰ্তী সময়ত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, বাউলী কবি কমলানন্দ ভট্টাচাৰ্য, কামৰূপী লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে, কোকিলকণ্ঠী দীপালি বৰঠাকুৰ আদি অজস্ৰ শিল্পীয়ে অসমীয়া সংগীতক উন্নতিৰ জখলাত হাতত ধৰি আগবঢ়াই লৈ যায়। 

১৯২৬ চনৰ ৮ চেপ্তেম্বৰত পূব অসমৰ পৌৰাণিক আখ্যানৰ চহৰ কুণ্ডিল চহৰত (বৰ্তমানৰ শদিয়া) স্বৰ্গীয় নীলকান্ত হাজৰিকাৰ ঔৰষত আৰু স্বৰ্গীয়া শান্তিপ্ৰিয়া হাজৰিকাৰ গৰ্ভত এটি শিশুৰ জন্ম হৈছিল, যিটো শিশুৱে পৰৱৰ্তী সময়ত অসমীয়া সংগীতক এক বিশেষ মৰ্যাদাৰে বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰি অসমীয়া সংগীত জগতৰ ভোটাতৰা হৈ চিৰদিনৰ বাবে জিলিকি উঠিল। এই শিশুটিয়েই হ’ল অসমীয়াৰ নয়নৰ মণি, হিয়াৰ আমঠু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। 

ড° ভূপেন হাজৰিকা অসম আৰু অসমীয়াৰ বাবে কেৱল মাত্ৰ এজন ব্যক্তি নহয়, এটা অনুষ্ঠান। একাধাৰে গীতিকাৰ, সুৰকাৰ তথা অসমীয়া সংগীত জগতৰ অদ্বিতীয় কণ্ঠশিল্পী ড° ভূপেন হাজৰিকাই নিজে ৰচনা কৰা আৰু অমৃতকণ্ঠৰে কণ্ঠ নিগৰুৱা গীতবোৰক অসমীয়া সংগীত জগতত ‘ভূপেন্দ্ৰ সংগীত’ নামেৰে জনা যায়। সংগীতজ্ঞ হিচাবে ড° হাজৰিকাৰ খ্যাতি নিজ ৰাজ্য, নিজ দেশৰ সীমাৰ পৰিধি ভেদি দেশ-বিদেশ ব্যাপি পৰিছিল। তেখেত অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ আৰু চুবুৰীয়া দেশ বাংলাদেশৰ জনপ্ৰিয়তাৰ শীৰ্ষৰ শিল্পী। সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ অ, আ, ক, খ নিশিকাকৈয়ে তেখেতে পোন্ধৰশতকৈয়ো অধিক গীত ৰচনা কৰি কণ্ঠদান কৰিছিল। তেখেতৰ গীতসমূহ ভাৰতবৰ্ষৰ অনান্য ভাষালৈ অনূদিত হোৱালৈ চাই তেখেত যে কিমান উচ্চস্তৰৰ শিল্পী আছিল তাক সহজে অনুমান কৰি ল’ব পাৰি। তেখেতৰ গীতে জাতি, ধৰ্ম, বয়স, সময়, স্থান আদিৰ প্ৰাচীৰ ভাঙি এক সৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হৈছিল বাবেই তেওঁ গণশিল্পী আখ্যা পাইছিল। 

ল’ৰালিতে অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ তেজপুৰ চহৰৰ এখন সভাত গীত পৰিৱেশন কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰা ড° হাজৰিকাই অসমীয়া সংগীতৰ দুই পুৰোধা পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্যৰে ধন্য হৈ এই দুই প্ৰবাদ পুৰুষৰ হাতত ধৰি সংগীত জগতত প্ৰৱেশ কৰিছিল। বিষ্ণু-জ্যোতিৰ আশিস ধন্য হৈ সংগীত জগতত নিজৰ যাদুকৰী কণ্ঠ আৰু গায়নশৈলীৰে দেশে-বিদেশে হাজাৰ হাজাৰ শ্ৰোতাক মোহিত কৰি ড° হাজৰিকাই আগবঢ়াই লৈ যায় তেখেতৰ সংগীতৰ অবিৰত যাত্ৰা। সুন্দৰৰ সাধকজনে সুন্দৰৰ সৰু-বৰ আলিয়েদি যাযাবৰী যাত্ৰা কৰি দাদাচাহেব ফাল্কে, চামেলি মেমচাহাব কথাছবিৰ সংগীত পৰিচালনাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা আদি ভালেমান খ্যাতি আৰু সন্মানৰ অধিকাৰী হৈ অসমী আইৰ নাম জিলিকাই তুলিলে। 

নিচেই কম বয়সতে ড° হাজৰিকাই তেখেতৰ জীৱনৰ প্ৰথম গীতটো ৰচনা কৰে —-

কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে

ধৰিছিল নামৰে তান

নামৰে সুৰতে আনন্দত নাচিছিল

পৱিত্ৰ বৰদোৱা থান

মোৰ গুৰু ঐ পৱিত্ৰ বৰদোৱা থান। । 

গীতটোৰ ৰচনা কাল ১৯৩৭ চন। ড° হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনত। গতিকে মাত্ৰ এঘাৰ বছৰ বয়সতে এই অনন্য সুন্দৰ গীতটি ৰচনা কৰি তেখেতে ‘ যি মূলা বাঢ়ে তাৰ দুপাততে চিন ‘ কথাষাৰৰ সাৰ্থকতাকে প্ৰতিপন্ন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ হত্যালীলা আৰু গান্ধীজীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলন। পৃথিৱী ব্যাপি পৰা অস্থিৰতাৰ এই জটিল সময়চোৱাত মাত্ৰ তেৰ বছৰ বয়সত তেখেতে ৰচনা কৰে তেখেতৰ দ্বিতীয়টো কালজয়ী গীত —-

অগ্নি যুগৰ ফিৰিঙতি মই 

নতুন অসম গঢ়িম 

নতুন অসম গঢ়িম

নৰ কংকালৰ অস্ত্ৰ সাজিম

শোষণকাৰীক বধিম। 

১৯৪৬ চনত ড° হাজৰিকাই কাশী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সপ্তম আশ্চৰ্যৰ অন্যতম মোগল সম্ৰাট ছাহজাহানৰ প্ৰেমৰ স্মৃতিসৌধ আগ্ৰাৰ তাজমহল দেখি ৰচনা কৰে প্ৰেমৰ এই যুগমীয়া গীতটি —–

হায় হায় হায়

কঁপি উঠে কিয় তাজমহল

পুৱতি নিশাৰ আজানৰ সতে আজান

যমুনাত তুলি

শত ধুমুহাৰ কোলাহল

তাজমহল তাজমহল

এবাৰ চিকাগো ৰেলষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থাকোঁতে ৰচনা কৰিছিল —

ঝক ঝক ৰে’ল চলে মোৰ

ৰে’ল চলে মোৰ ৰে’ল চলে

সাম্য ৰিঙিয়াই

শান্তি উকিয়াই ৰে’ল চলে

ফায়াৰমেন মই

সেইদৰে, ১৯৫২ চনত আটলাণ্টিক মহাসাগৰৰ বুকুৱেদি জাহাজত আহি থাকোঁতে মহাসাগৰৰ ৰূপত মুগ্ধ হৈ ৰচনা কৰে তেখেতৰ আন এটা কালজয়ী গীত —–

সাগৰ সংগমত কতনা সাঁতুৰিলো

তথাপিতো হোৱা নাই ক্লান্ত

তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ

ঊৰ্মিমালা অশান্ত। 

১৯৬০ চনত অসমত ভাষা আন্দোলন আৰম্ভ হয়। বুজাবুজিৰ অভাৱত অসম ছানি ধৰা হিংসাত্মক ঘটনাৰ অন্ত পেলাবলৈ গণনাট্য সংঘৰ হেমাংগ বিশ্বাসৰ লগ হৈ Let us meet নামৰ অনুষ্ঠান এটা খুলি অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি লিখে —–

মানুহে মানুহৰ বাবে

যদিহে অকণো নাভাবে

অকণি সহানুভূতিৰে ভাবিব 

কোনেনো কোৱা, সমনীয়া। 

১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় জোৱানসকলৰ বাবে তেখেতৰ অন্তৰ কান্দি উঠিছিল। সেই বছৰৰে ডিচেম্বৰ মাহত এখন ডকুমেণ্টৰী ফিল্মৰ কামত কামেং সীমান্তত ভৰি দি বৰফে ঢকা আঢ়ৈ কুৰিটা মৃতদেহ দেখি ৰচনা কৰে —-

কত জোৱানৰ মৃত্যু হ’ল

কাৰ জীৱন যৌৱন গ’ল

সেই মৃত্যু অপৰাজেয়

তেনে মৃতক নহ’লো মই কিয় …

১৯৬৩ চনৰ বছৰটো তেখেত নিসংগতাত ভুগিছিল। মানুহৰ এষাৰি মৰমৰ মাতৰ বাবে ব্যাকুল হৈ তেখেতে সংগীততে মন-প্ৰাণ ঢালি দিছিল। সেই সময়তে ৰচনা কৰিছিল আন এটা কালজয়ী গীত —

আকাশী গংগা বিচৰা নাই

নাই বিচৰা স্বৰ্ণ অলংকাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত 

বিচাৰো মৰমৰ মাত এষাৰ। 

কলকাতাৰ পৰা তেজপুৰলৈ বিমানেৰে আহোঁতে বিমান ভ্ৰমণতে ৰচনা কৰিছিল তেখেতৰ আন এটা জনপ্ৰিয় গীত-

আকাশী যানেৰে উৰণীয়া মনেৰে

দোকমোকালিতে

পশ্চিমৰে পৰা বংগৰে পৰা

মাৰিলো উৰা

মোৰ লক্ষ্যস্থান যে তেজপুৰ …

অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ সময়ত ৰচনা কৰিছিল আন এটা কালজয়ী গীত-

জিলিকাব লুইতৰে পাৰ

আন্ধাৰৰ ভেটা ভাঙি 

প্ৰাগজ্যোতিষত বয়

জেউতি নিজৰাৰে পাৰ …

ড° হাজৰিকাৰ গীতসমূহত অসমৰ মাটিৰ গোন্ধ সনা আছে আৰু আছে সময়ৰ কথা, সমাজৰ কথা। আছে দেশ তথা জাতিৰ কথা, মানৱতাৰ কথা, লোক জীৱনৰ প্ৰতিচ্ছবিৰ লগতে পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ কথা —–

এ ঢোলে ডগৰে 

নেদেখা এনাজৰীৰে

বান্ধো আমি পাহাৰ শিখৰৰে

মহান ছিয়েমক। 

এই দুৰন্ত শিল্পীজনাৰ সৃষ্টিয়ে অসমীয়া আধুনিক গীতক এক বিশেষ মাত্ৰা প্ৰদান কৰে। তেখেতৰ গীতে লোকজীৱনৰ সুৰ বিচাৰি, মানুহৰ বাবে আস্থা বিচাৰি পাহাৰ-ভৈয়াম একাকাৰ কৰি সাত সাগৰ তেৰ নদী পাৰ হৈ সকলোকে সমন্বয়ৰ বান্ধোনেৰে বান্ধিব খুজিছিল। পল ৰবচনৰ old man and river শীৰ্ষক গীতটিৰ সুৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰচনা কৰিছিল —–

বিস্তৃৰ্ণ পাৰৰে অসংখ্য জনৰে

হাঁহাকাৰ শুনিও 

নিশব্দে নীৰৱে

বুঢ়ালুইত তুমি বুঢ়ালুইত তুমি

বোৱা কিয় …

নিজৰ ওপজা মাটিৰ পৰা বিশ্বমুখী যাত্ৰা আৰম্ভ কৰি য’তে গৈছে তাৰেই আকাশ-বতাহ, সমাজ, সংস্কৃতিক আঁকোৱালি লৈ কেৱল গীত গাই গৈছে। তেওঁৰ গীতত আছে মানুহক ভালপোৱাৰ কথা, দেশৰ কথা, খাটি খোৱা জনতাৰ কথা, ইতিহাস, বিজ্ঞান, ভূগোল, ৰাজনীতি, সমাজনীতি আদি সকলো বিষয়ৰ কথা। গীতত বৰ্ণিত হৈছে জীৱন যুঁজত ভাগৰি নপৰা মানুহৰ কথা, সামাজিক বৈষম্য, জাত-পাত আদি বৈষম্যৰ বিৰোধিতা। তেওঁৰ গীতত আছে অন্যায়ৰ বিৰুদ্ধে জাগি উঠিবলৈ উদাত্ত আহ্বান। তেখেতৰ গীতৰ বিষয়বস্তু কাল্পনিক নহয়, বাস্তৱ। প্ৰতিটো গীতৰ কথাই সমাজলৈ একো একোটা বাৰ্তা দি যায়। বিষয়বস্তুৰ বিশালতা আৰু বৈচিত্ৰ্য অনুসৰি তেখেতৰ গীতসমূহক আমি কেইটামান ভাগত ভাগ কৰি দেখুৱাব পাৰোঁ —–

ক) জাতীয় প্ৰেম পৰিস্ফুত গীত

খ) মানৱতাৰ জয়গান কৰা গীত

গ) প্ৰেমৰ বিচিত্ৰ আৰু বৰ্ণিল চিত্ৰৰ গীত

ঘ) বিদ্ৰোহী অন্তৰৰ উচ্চাস প্ৰকাশক গীত

ঙ) সমসাময়িক প্ৰসংগৰ গীত

চ) জনগোষ্ঠীয় জীৱনৰ প্ৰতিচ্ছবিৰ গীত

ছ) লোকগীত আধাৰিত গীত

জ) শিশুৰ বাবে ৰচিত গীত। 

ড° হাজৰিকাৰ গীতৰ শব্দ সংযোজন অতি মনোৰম। প্ৰায়বোৰ গীততে ব্যৱহাৰ কৰা চিত্ৰকল্প

তথা প্ৰতীকসমূহ সহজ-সৰল আৰু শ্ৰোতাৰ চিনাকি। সমাজৰ সকলো স্তৰৰ লোকক সামৰি লোৱা তেখেতৰ গীতত আশাবাদ প্ৰবল। আনহাতে গীতৰ সুৰবোৰ বৰ কোমল আৰু হৃদয় চুই যোৱা। প্ৰায় সকলোবোৰ গীতেই সমাজৰ একো একোটা দিশৰ ছবি দাঙি ধৰে। গীতত দেশপ্ৰেম আৰু সম্প্ৰীতিৰ সুৰ ধ্বনিত হৈ আছে। নদী আৰু উত্তৰ-পূবৰ বিভিন্ন জনগোষ্ঠীৰ মাজৰ সম্প্ৰীতি প্ৰায়বোৰ গীতৰে মূল বক্তব্য। কেইবাটাও গানত নাৰী মনস্তত্বৰ সুন্দৰ প্ৰতিফলন ঘটিছে —–

নতুন নাগিনী তুমি কাল নাগিনী

তোমাক ভোলাবলৈ কিমাননো পৰ

নীলা গৰল পিয়া মই নীলকণ্ঠ

অলিয়া-বলিয়া মই যাদুকৰ

যাযাবৰী শিল্পীগৰাকীয়ে সৃষ্টিৰ তাড়নাত, জীৱন আৰু জীৱিকাৰ তাড়নাত দেশ-বিদেশ ভ্ৰমণ কৰিছে। কিন্তু তেখেতৰ জন্মভূমি আই অসমীৰ ছবিখন এক মুহূৰ্ত্তও মনৰ পৰা আঁতৰা নাই। অসমীৰ সন্তান বুলি গৌৰৱ কৰা শিল্পীগৰাকীৰ কলমেৰে সেয়েহে অসমী আইৰ ৰূপ বৰ্ণনা গীতৰ আকাৰে নিগৰি ওলাইছে —-

অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূব দিশৰ 

সূৰ্য উঠা দেশ। 

গোটেই জীৱন বিচাৰিলেও

অলেখ দিৱস ৰাতি

অসম দেশৰ দৰে নাপাওঁ

ইমান ৰসাল মাটি

পাম ক’ত এনে মধুৰ

ৰূপৰ সমাবেশ

ভাৰতৰে পূব দিশৰ সূৰ্য উঠা দেশ …

সুধাকণ্ঠৰ প্ৰতিটো গীতৰ কথা, সুৰ আৰু গায়নশৈলীয়ে শ্ৰোতাৰ হৃদয়স্পৰ্শ কৰি যায়। তেখেতৰ বাবে শ্ৰোতা আছিল তেখেতৰ গীতৰ সভাৰ প্ৰধান অলংকাৰ ——

মোৰ গীতৰ হাজাৰ শ্ৰোতা

তোমাক নমস্কাৰ

গীতৰ সভাত তুমিয়ে মোৰ

প্ৰধান অলংকাৰ …

বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত ধৰি শিশু ভূপেন হাজৰিকাই এচিয়াৰ সৰ্ব্ব বৃহৎ ৰেকৰ্ড কোম্পানী ‘হিজ মাষ্টাৰ ভয়চ’ত কলকাতাত গীত ৰেকৰ্ডিং কৰাৰে পৰা ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যুক সাৱটি লোৱালৈ সংগীতৰ এক বৰ্ণিল যাত্ৰাৰে হাজাৰ হাজাৰ জনক মোহিত কৰি গ’ল। কায়িক ভাৱে এই মহান শিল্পী গৰাকী আমাৰ মাজৰ পৰা হেৰাই গ’ল সঁচা, কিন্তু তেখেতৰ যাদুকৰী কণ্ঠেৰে তেখেত শ্ৰোতাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব। জীয়াই থাকিব তেখেতৰ

কালজয়ী সৃষ্টি ভূপেন্দ্ৰ সংগীত সমূহৰ মাজেদি। 

( লেখাটোৰ কিছু তথ্য ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক