ভূপেন হাজৰিকাৰ জীৱনৰ এটি মধুৰ ঘটনা (- কৌস্তুভমনি শইকীয়া)

প্ৰতি পলে অনুভৱ কৰোঁ, সুৰৰ মন্ত্ৰৰে, শব্দৰ বশীকৰণেৰে অগ্নি য়ুগৰ ফিৰিঙতি ভূপেন হাজৰিকা আমাৰ হৃদয়ত বিৰাজমান ।এই কিম্বদন্তী পুৰুষজনৰ বিষয়ে যিমান পঢ়িছোঁ, তাৰ ভিতৰত মোৰ অন্তৰ পৰশা এটি মধুৰ ঘটনা চিঠিত উল্লেখ কৰিব খুজিছোঁ ।

শদিয়া । প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে ঐশ্বৰ্যময়, ঐতিহ্যময় শদিয়াক ভগৱানে আৰু এটা ঐতিহ্য প্ৰদান কৰি সৰস্বতীৰ বৰপুত্ৰ ভূপেন হাজৰিকাক ১৯২৬চনৰ ৮চেপ্তেম্বৰত শদিয়াত জন্ম দিয়াইছিল ।তেতিয়াৰ শদিয়া আছিল বহিৰ্জগতৰ পৰা প্ৰায় বিচ্ছিন্ন ।তাৰ প্ৰকৃতি আছিল একেবাৰে জীৱন্ত । নিতোল-সুন্দৰ শিশু আমাৰ আদৰৰ ভূপেনদা বিভিন্ন জনগোষ্ঠীয় ছোৱালী কোলাই কোলাই বাগৰি ডাঙৰ হৈছিল ।বিশেষকৈ আদি ছোৱালীবোৰৰ আদৰত প্ৰকৃতিৰ মাজত ডাঙৰ হৈছিল তেওঁ । এবাৰ হেনো ৯মাহ বয়সত আদি মানুহৰ বস্তিত ভূপেনদা হেৰাই গ’ল ।বহুত বিচাৰিও পিতৃ-মাতৃয়ে এদিন-এৰাতি শিশু ভূপেনৰ সন্ধান নাপালে ।অৱশেষত কেইজনীমান সৰল আদি গাভৰুৱে খিল্ খিল্ হাঁহিৰে ভূপেনদাক কোলাত লৈ আহি মাকৰ কোলাত দিলেহি ।মাতৃ শান্তিপ্ৰিয়াই থোকাথুকি মাতেৰে জানিব বিচাৰিলে দুগ্ধপোষ্য শিশুটিয়ে ইমান পৰে খালে বা কি ! গাভৰু কেইজনীৰ সৰল উত্তৰ – “বস্তিত যিমান মা আছে নহয়…. সবৰে পিয়াহ খালে সি ।”

ভূপেনদাৰ তেজত নেফাৰ তেজ মিহলি হৈ গ’ল । তেতিয়াই হয়তো অংকুৰিত হ’ল গণশিল্পীৰ সৃজনী প্ৰতিভা, মানুহে মানুহৰ বাবে ভবাৰ শক্তি, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই অনাৰ সপোন ।

এজন মহান শিল্পীৰ ব্যতিক্ৰমী শৈশৱৰ ৰেঙনি এয়া ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments