ভূমিকম্প আৰু তাৰ আনুষঙ্গিক কিছু কথা : ইন্দুমণি বৰুৱা

ভূমিকম্প এক প্ৰাকৃতিক পৰিঘটনা৷ অতীজৰেপৰা পৰা বৰ্তমানলৈকে ভূমিকম্প হৈ আছে আৰু হৈ থাকিব৷ ই কোনোধৰণৰ আগজাননী নিদিয়াকৈ হঠাতে আহে আৰু বৃহৎ বৃহৎ এলেকা ভূমিকম্পই ধ্বংস স্তূপত পৰিণত কৰি থৈ যায়৷ প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত সম্ভৱত ভূমিকম্পই সবাতোকৈ ভয়ানক৷ ভূমিকম্পৰ ওচৰত মানুহ অসহায়, নিৰূপায়৷ প্ৰকৃততে ভূমিকম্প পৃথিৱীৰ অন্য এক প্ৰতিবাদ জীৱকুলৰ বিপক্ষে৷

বৰ্তমান আধুনিক বিশ্বত বিজ্ঞানৰ অগ্ৰগতিয়ে ভূমিকম্পৰ বিষয়ে বিতংভাৱে অধ্যয়ন তথা চিন্তা-চৰ্চাৰ যোগেদি ইয়াৰ বিভিন্ন কাৰণ আৰু তত্ত্বসমূহ উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন কাৰণত ভূমিকম্প হব পাৰে৷ আমি জানো যে পৃথিৱীৰ খোলাটো অৰ্থাৎ ভূ-পৃষ্ঠ সাতখন ধেনুভিৰীয়া কঠিন পৃষ্ঠৰে বা প্লেটেৰে গঠিত৷ এইকেইখনক আফ্ৰিকান প্লেট, এণ্টাৰ্কটিক প্লেট, ইউৰেছিয়ান প্লেট, ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট, নৰ্থ আমেৰিকান প্লেট, পেচিফিক প্লেট আৰু ছাউথ আমেৰিকান প্লেট নামেৰে জনা যায়৷ এই প্লেটসমূহক টেক্ টনিক প্লেট নামেৰে জনা যায়৷ তদুপৰি এই মূল প্লেটসমূহৰ ওপৰত বিছখনতকৈ অধিক সৰু সৰু প্লেট আছে৷ ভূ-গৰ্ভস্থ বিভিন্ন কাৰণত এই প্লেটবোৰে এখনে আনখনৰ ফালে হেঁচা প্ৰয়োগ কৰি গতি কৰিব পাৰে৷ ভূ-গৰ্ভৰ শিলাস্তৰ সমূহ অৰ্থাৎ এই প্লেটসমৃহৰ স্থিতিস্থাপক গুণৰ বিভিন্ন কাৰণত সালসলনি হৈ থাকে৷ কেতিয়াবা এই স্থিতিস্থাপক গুণৰ বাবে প্লেটসমূহে স্বতঃস্ফূতভাৱে বাবে পূৰ্বৰ অৱস্থানলৈ গতি কৰিব নোৱাৰে৷ যেতিয়াই এই গতিত বাধা প্ৰাপ্ত হয়, তেতিয়াই প্ৰচণ্ড শক্তি তথা প্ৰতিচাপৰ সৃষ্টি হয়৷ এই প্ৰতিচাপৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড শক্তিসমূহ ভূ-পৃষ্ঠৰ দুৰ্বল অংশদি বাহিৰলৈ ওলাই আহিবলৈ বিচাৰে আৰু তেতিয়াই প্ৰচণ্ড কম্পনৰ সৃষ্টি হয়৷ বহুসময়ত আকৌ মহাকৰ্ষণিক (Gravitational) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলতো জোকাৰণিৰ সৃষ্টি হয়৷ এই জোকাৰণি বা কম্পন সমূহকেই ভূমিকম্প হোৱা বুলি কোৱা হয়৷

ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু আৰু কেতিয়াবা তীব্ৰ হয়৷ ভূমিকম্পসমূহৰ মূল উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত৷ পৃথিৱীৰ অভ্যন্তৰত যি ঠাইত কম্পন উৎপত্তি হয়, তাকেই ভূমিকম্পটোৰ কেন্দ্ৰ (Focus)বোলে৷ ই ভূ-পৃষ্ঠৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে৷ কেন্দ্ৰৰ ঠিক ওপৰত অৰ্থাৎ ভূ-পৃষ্ঠৰ ঠাইখনক অভিকেন্দ্ৰ বুলি কোৱা হয়৷ চিচ্ মোগ্ৰাফ (Seismograph)যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰা হয় আৰু ভূমিকম্পত প্ৰাৱল্য ৰিখ্ টাৰ স্কেলত প্ৰকাশ কৰা হয়৷

অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভূমিকম্পত ফলত তিনিবিধ ঢৌৰ সৃষ্টি হয়৷ যেনে: 1.অনুদৈৰ্ঘ্য তৰংগ 2.অনুপ্ৰস্থ তৰংগ আৰু 3.পৃষ্ঠ তৰংগ৷

ভূমিকম্প অতিকৈ ভয়ংকৰ৷ এই ভূমিকম্পই আমাৰ অসমকো ভালকৈ জোকাৰি গৈছে৷ অতীজৰেপৰা পৰা ভূমিকম্পই অসমত ধ্বংস লীলা চলোৱাৰ কথা টুং খুঙিয়া বুৰঞ্জীত উল্লেখ আছে৷ 1696 চনত লিখা বুৰঞ্জীৰ পাতত ভূমিকম্পৰ প্ৰভাৱ আৰু ক্ষয়-ক্ষতিৰ সম্পৰ্কে উল্লেখ আছে৷ 1896 চনত হোৱা ভূমিকম্পৰ প্ৰভাৱ বৰাক নদীৰ পানী 15 ফুট পৰ্যন্ত ওপৰলৈ ঢৌ তুলি গৈছিল৷

সাধাৰণতে ভূ-তাত্বিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ভূমিকম্প প্ৰৱণ অঞ্চল সমূহ চিনাক্ত কৰা হয়৷ যেনে …

প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চল..পৃথিৱীৰ মুঠ ভূমিকম্পৰ 68% ভূমিকম্প এই বলয়ত হয়৷

দ্বিতীয়তে ভূমধ্য সাগৰীয় বলয় অঞ্চলত 21% ভূমিকম্প অনুভূত হয়৷ সাধাৰণতে আলাপ, কেকচাছ, হিমালয়ৰ ওচৰ চুবুৰীয়া অঞ্চল, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ এই বলয়ত অন্তভূক্ত৷ হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলত উত্তৰ পূব ভাৰতৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, মিজোৰাম আদি অন্তৰ্ভুক্ত হৈ আছে৷ সেয়েহে এই অঞ্চল সমূহক অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে৷ কাৰণ ই দুখন টেকটেনিক প্লেটৰ সংঘৰ্ষ স্থল(Ring of fire).সেয়েহে হয়তো অসমত সময়ে-অসময়ে প্ৰায়েই ভূমিকম্পৰ সৰু সৰু জোকাৰণি অনুভূত হৈ থাকে৷ সাধাৰণতে ৰিখটাৰ স্কেলত 7’0 প্ৰাৱল্যৰ ভূমিকম্পক অতিশয় শক্তিশালী ভূমিকম্প বুলি নিৰ্ণিত কৰা হয়৷ ইয়াক বৰ ভূইকঁপ বুলিও কোৱা হয়৷

উল্লেখযোগ্য যে অসমত 1897 চনৰ 12 জুনত 8’1 ৰিখটাৰ স্কেলৰ ভূমিকম্প হৈছিল৷ এই বৰ ভূইকঁপৰ প্ৰভাৱ 390, 000বৰ্গ কি, মি, অঞ্চলৰ ঘৰ-বাৰী ধ্বংস স্তূপত পৰিণত হৈছিল৷ এই ভূমিকম্পৰ প্ৰভাৱ অসমৰ উপৰিও ম্যানমাৰ, নতুন দিল্লী তো পৰিছিল৷ ভূটানত ও বহু সা-সম্পত্তিৰ অনিষ্ট সাধন হৈছিল৷ এই বৰ ভূইকঁপত প্ৰায় 1500লোকে প্ৰাণ হেৰুৱাইছিল৷ এই ভূমিকম্পৰ উৎস ইদ্ৰিয়ান প্লেটৰ অন্তৰ্গত শ্বিলং প্লেটৰ উত্তৰ অংশ বুলি চিহ্নিত কৰা হৈছিল৷

ইয়াৰ উপৰিও 1947 চনৰ 29 জুলাইত 7’3 ৰিখটাৰ স্কেলত বৰ ভূইকঁপ অনুভূত হৈছিল 7-13বজাত৷ ই দেশৰ লগতে যোৰহাট, ডিব্ৰুগড় আৰু তেজপুৰত এই ভূমিকম্পৰ প্ৰভাৱ পৰিছিল৷ ঘৰ-দুৱাৰ সমূহত ফাট মেলিছিল আৰু বিদ্যুত সেৱা ব্যাহত হৈছিল৷ কিছু সূত্ৰই এই ভূমিকম্পৰ অভিকেন্দ্ৰ ভাৰত বুলি দাবী কৰে যদিও বহুতেই আকৌ চীনত ইয়াৰ উৎস বুলি কয়৷ চীনৰ মতে এই ভূমিকম্পৰ উৎস তিব্বতৰ নাংকাণ্টিতহে বুলি দাবী কৰে৷

অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভূমিকম্পটো অনুভূত হৈছিল 1950চনৰ 15 আগষ্টত৷ ইয়াৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল 8’6৷ এই ভূমিকম্পৰ ফলত অসমৰ পুৰণি কীৰ্তি-চিহ্নসমূহৰ বিস্তৰ ক্ষতিসাধন হৈছিল৷ সন্ধিয়া 7-39 বজাত অনুভূত এই ভূমিকম্পৰ প্ৰাৱল্য ইমানেই বেছি আছিল যে ইয়াৰ প্ৰভাৱত চাৰি সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছিল৷ মঙলবাৰে সংঘটিত হোৱা এই ভূমিকম্পৰ ফলত ব্ৰহ্মপূত্ৰৰ ভূ-পৃষ্ঠ ওপৰলৈ উঠি আহিছিল৷ চানডুবি হ্ৰদ এই বৰ ভূইকঁপৰ সৃষ্টি৷ এই ভূমিকম্পৰ অভিকেন্দ্ৰ মিচিমি হিলছ বুলি চিহ্নিত কৰা হৈছিল৷ 1950 চনৰ ভয়াবহ ভূমিকম্পৰ বাবে হোৱা অত্যধিক ভূমিস্খলনৰ ফলত সোৱণশিৰি নদীৰ গতি বহুদিনলৈ স্থবিৰ হৈ পৰিছিল৷ পাছত নদীৰ প্ৰবল সোঁতৰ হেঁচাত যেতিয়া সেই বাধা ভাঙি গৈছিল, তেতিয়া প্ৰবল বানপানীৰ সৃষ্টি হৈছিল আৰু বহু ধন-জনৰ ক্ষতি হৈছিল৷ অসমৰ ইতিহাসৰ অন্যতম ভয়াবহ ভূমিকম্পৰ বিষয়ে বহু মুখৰোচক কাহিনীৰ বয়োজেষ্ঠ সকলৰ মুখত আজিও শুনিবলৈ পোৱা যায় আৰু তাৰ পৰাই 1950 চনৰ বৰ ভূইকঁপৰ ভয়াবহতাৰ উমান পোৱা যায়৷ শুনামতে এই ভূমিকম্পৰ পূৰ্বে প্ৰকৃতিয়ে অস্বাভাৱিক আচৰণ কৰিছিল৷

ভূমিকম্প অতিকৈ ভয়ংকৰ৷ কিন্তু এষাৰ কথা আছে সাৱধানৰ যিহেতু মৰণ নাই৷ গতিকে ভূমিকম্পৰ সময়ত ভয়ত বিতত নহৈ আমি প্ৰত্যেকেই সতৰ্কতামূলক ব্যৱস্থা সমূহ অনুধাৱন কৰি মানি চলা উচিত৷ ভূমিকম্প অহাৰ সময়ত কৰণীয় কামবোৰ ……

1.ভূমিকম্পৰ সময়ত কেতিয়াও নাৰ্ভাছ হব নালাগে৷ সাহসেৰে আৰু উচিত ব্যৱস্থাৰে ভূমিকম্পৰ মুখামুখি হ’বলৈ যত্ন কৰা উচিত৷

2.ঘৰৰ ভিতৰত থকা সময়তেই যদি ভূমিকম্প হয়, তেন্তে মজিয়াত বহি দিয়া উচিত নতুবা শক্তিশালী আচবাবৰ তলত সোমাই দিয়া উচিত ভূইকঁপৰ কঁপনি মাৰ নোযোৱা পৰ্য্যন্ত৷ অন্যথা নিজৰ বাহুৰে মূৰ আৰু মুখখন ঢাকি ঘৰৰ কোঠাৰ কোনো এটা চুকত বহি দিয়াটো প্ৰয়োজন৷

3.দৰ্জা মুখৰ শক্তিশালী যথেষ্ট ভাৰ বহন কৰিব পৰা চৌ-কাঠ, বীমৰ ওচৰত বা কাষত থিয় হৈ দিব লাগে৷

4.ভূমিকম্পৰ সময়ত কেতিয়াও লৰা-ঢপৰা কৰিব নালাগে৷ লক্ষ্য কৰিলে দেখা যায় যে ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ চেষ্টা কৰাৰ ফলতেই অধিক সংখ্যক লোক আঘাতপ্ৰাপ্ত হয়৷

5. ভূমিকম্পৰ সময়ত ওপৰলৈ উঠা-নমা কৰোঁতে কেতিয়াও লিফট ব্যৱহাৰ কৰিব নালাগে৷ চিৰিৰেহে অহা-যোৱা কৰা উচিত৷

6. আইনাৰ খিৰিকী, ওলোমাই থোৱা লাইট বা ঘৰৰ আচবাব খহি পৰিব পৰা ঠাইৰ পৰা আঁতৰত অৱস্থান কৰা উচিত৷ সাধাৰণতে ঘৰৰ লাইটৰ চুইচ বৰ্ড নথকা দেৱালৰ ওচৰত, থিয় হৈ থাকিব লাগে৷ কেতিয়াও ঘৰৰ চিৰিৰ তলত অথবা কাষত আশ্ৰয় ল’ব নালাগে৷ সাধাৰণতে ঘৰৰ চিৰিবোৰ ঘৰৰ বাকী অংশবোৰতকৈ দুৰ্বল হোৱা দেখা যায়৷

7.ঘৰত যদি হেলমেট জাতীয় বস্তু থাকিলে সোনকালে পিন্ধি লোৱাটো ভাল৷ নিজৰ সুৰক্ষাৰ বাবে৷

8.ভূমিকম্প অনুভূত হোৱাৰ সময়ত যদি বিছনাত আছে, তেন্তে তেনেদৰেই থকা উচিত যদিহে মূৰৰ ওপৰত ওলোমাই থোৱা গধুৰ সামগ্ৰী নাথাকে৷ পৰাপক্ষত বিছনাত গাৰুৰে মূৰটো ঢাকি সুৰক্ষিত কৰি ৰখা উচিত৷

9. ভূমিকম্প অনুভূত হ’লে অতি সোনকালে গেছ, পানী তথা বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিব লাগে৷

10.মোবাইল ফোন, দীঘল ৰচী, জখলা, বিস্কুট, পানীৰ বটল, টৰ্চ লাইট, গৰম কাপোৰ সহজে পোৱা ঠাইত ৰাখিব লাগে৷

11.ঘৰ -দুৱাৰ সদায় ভূমিকম্প প্ৰতিৰোধ ব্যৱস্থাৰে সাজিবলৈ যত্নপৰ হোৱা উচিত৷

12.ভূমিকম্পৰ সময়ত যদি চলন্ত বাহনৰ ভিতৰত থাকে, ততাতৈয়াকৈ গাড়ীখন নিৰাপদ স্থানত ৰাখি বাহনৰ ভিতৰতেই থকা উচিত৷ ভুলতেও বাহনসমূহ অট্টালিকা, গছ, উৰণীয়া সেতু, বৈদ্যুতিক তাঁৰৰ ওচৰত ৰাখিব নালাগে৷ ভূমিকম্প শেষ হোৱাৰ পাছত বাহনসমূহ কেতিয়াও ক্ষতিগ্ৰস্ত হোৱা দলং তথা পথেৰে চলাচল কৰাটো উচিত নহয়৷

13.ভূমিকম্পৰ সময়ত যদি ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰে, তেন্তে মুখখন ৰুমাল অথবা অন্য কাপোৰেৰে ঢাকি ৰাখিব৷ কেতিয়াও চিঞৰি নিদিব৷ তেনে কৰিলে মুখত ধূলি সোমাব৷ ই বৰ বিপজ্জনক৷ বেৰত হাতেৰে ঢকিয়াই দিব পাৰে নতুবা সুহুৰি বজাই দি নিজৰ উপস্থিতি জাহিৰ কৰিবলৈ চেষ্টা কৰা উচিত৷ জুইশলা কেতিয়াও নজ্বলাব৷

14.ভূমিকম্পৰ সময়ত যদি আত্মীয়-স্বজনৰ পৰা পৃথক হৈ পৰে, তেন্তে যোগাযোগৰ মাধ্যম হিচাপে ৰাজ্যৰ বাহিৰৰ কোনো সম্পৰ্কীয় অথবা বন্ধু-বান্ধৱীক ফোনত যোগাযোগ কৰিব লাগে আৰু ই দুয়োপক্ষৰ বাবে মংগলজনক৷ কিন্তু সেই নাম তথা ফোন নম্বৰ পৰিয়ালৰ সকলোৰে পৰিচিত হোৱাটো ভাল৷ যিহেতু দুৰ্যোগৰ সময়ত দূৰলৈ ফোন কৰাটো সহজ হয়৷

ভূমিকম্প হৈ যোৱাৰ পাছৰ সময়খিনি অত্যন্ত সংবেদনশীল৷ ইয়াৰ কৰণীয় বহু কাম আছে৷ সেয়েহে অত্যন্ত সাৱধানতাৰে সৰ্তকতা মূলক ব্যৱস্থা সমূহ গ্ৰহণ কৰা উচিত৷

মূল ভূমিকম্পটো হৈ যোৱাৰ পাছত একেই বা কম প্ৰাৱল্যৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা থাকে৷ ই এঘণ্টা, এক সপ্তাহ, এমাহৰ পিছতো হ’ব পাৰে৷ গতিকে প্ৰতিটো ক্ষেত্ৰতেই সতৰ্ক হৈ থকাৰ প্ৰয়োজন৷ বিশেষকৈ প্ৰাথমিক চিকিৎসাৰ সঁজুলিসমূহ হাতে ঢুকি পোৱাতে ৰাখিব লাগে৷ পানীৰ বটল, টৰ্চ লাইট, মোবাইল ফোন, প্ৰয়োজনীয় খাদ্য সামগ্ৰী নিজৰ সুবিধাৰ অৰ্থে ৰাখিব লাগে৷

ভূমিকম্পৰ ফলত কোনো ঠাইত আবদ্ধ হৈ পৰা আঘাতপ্ৰাপ্ত সকলক পাৰ্যমানে সহায় কৰিবলৈ চেষ্টা কৰা উচিত৷ বিশেষকৈ গুৰুতৰ আঘাতপ্ৰাপ্ত সকলক চিকিৎসা কৰ্মীৰ সহায়তহে ব্যৱস্থা লোৱা উচিত৷ তদুপৰি শিশু, বয়োজেষ্ঠলোকসকল, শাৰীৰিক ভাৱে অক্ষম লোক আৰু গৰ্ভৱতী মহিলাক পাৰ্য্যমানে সহায়ৰ হাত আগবঢ়াই নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰা উচিত৷

ভূমিকম্প হৈ যোৱা অঞ্চলসমূহত বিদ্যুত সেৱা, পানীৰ সেৱা প্ৰায়েই ব্যাহত হোৱা দেখা যায়৷ তেনেক্ষেত্ৰত শেহতীয়া জৰুৰীকালীন সতৰ্কতাসমূহ শুনিবলৈ বেটাৰী চালিত ৰেডিঅ ’, টেলিভিচন চাবলৈ যত্ন কৰাটো ভাল৷

ঘৰৰ ভিতৰত যদি ৰন্ধন গেছ নিগৰি থকা শব্দ আৰু গোন্ধ পায়, তেন্তে জৰুৰীকালীন ব্যৱস্থা হিচাপে খিৰিকি খুলি দিব লাগে আৰু যদি সম্ভৱ হয় তেন্তে গেছৰ ৰেগুলেটৰটো বন্ধ কৰি দিব লাগে আৰু নিৰাপদ দূৰত্বত অৱস্থান কৰাটো ভাল৷ পৰাপক্ষত গেছটো নিজেই খুলিবলৈ যত্ন নকৰি গেছ কোম্পানীৰ কোনো অভিজ্ঞ লোকৰ সহায় লোৱা উচিত৷

অধিক ক্ষতিগ্ৰস্ত হোৱা বাসগৃহৰ ভিতৰত কেতিয়াও প্ৰবেশ কৰিবলৈ চেষ্টা নকৰাই ভাল৷ তদুপৰি বেৰত সংলগ্ন হৈ থকা চেলফ অথবা আলমাৰি খুলিবলৈ যত্ন নকৰাই ভাল কিয়নো তাত থকা বিশৃংখল সামগ্ৰীসমূহ পৰি যোৱাৰ ভয় থাকে৷

শৌচাগাৰ আৰু পানীৰ পাইপত যদি বিসংগতি দেখা পাইছে, তেন্তে বিভাগীয় লোকৰ দ্বাৰা মেৰামতি কৰাৰ পাছতহে ব্যৱহাৰ কৰিব৷

হঠাতে যদি বৈদ্যুতিক তাঁৰত স্ফুলিঙ্গ নতুবা ৰবৰ পোৰাৰ গোন্ধ পায় আৰু নিজৰ গৃহৰ আশে-পাশে ধোঁৱা নিৰ্গত হোৱা দেখা পাই তেন্তে ততাতৈয়াকৈ বিভাগীয় লোকক সহায়ৰ বাবে খবৰ দিয়ক৷ ভূমিকম্পৰ সময়ত সিঁচৰিত হৈ পৰা বিভিন্ন প্ৰজ্বালক পদাৰ্থসমূহ বিশেষজ্ঞ সহায়ত অতি শীঘ্ৰেই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা উচিত, নহ’লে ই বিস্ফোৰণ ঘটাব পাৰে৷ যদিও গৃহৰ ভিতৰত অথবা বাহিৰত জুই লাগিলে বিভাগীয় লোকলৈ অপেক্ষা নকৰি বালি আৰু পানীৰে জুই নুমুৱাবলৈ যত্ন কৰা উচিত৷ হঠাতে যদি জুইৰ মাজত আবদ্ধ হৈ পৰা যায় তেন্তে ভয়ত বিতত নহৈ মজিয়াত চুচুৰি বাহিৰলৈ ওলাই আহিবলৈ যত্ন কৰা উচিত অথবা খিৰিকী খুলি বিছনা চাদৰ জাতীয় কাপোৰেৰে কোনো শক্তিশালী স্থানত বান্ধি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰা উচিত৷ তদুপৰি গাত জুই লাগিলে কম্বলেৰে মেৰিয়াই অধিক পোৰাৰ পৰা ৰক্ষা কৰিব পাৰি৷

উপকূলীয় অঞ্চলসমূহত ভূমিকম্পৰ পাছত চূনামীৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ সেয়েহে প্ৰতিটো ক্ষেত্ৰতে স্থানীয় প্ৰশাসন তথা কৰ্তৃপক্ষই ঘোষণা কৰা সতৰ্কতামূলক ব্যৱস্থা সমূহ গ্ৰহণ কৰা উচিত৷ অত্যধিক ক্ষয়-ক্ষতি হোৱা অঞ্চলসমূহ পৰা আঁতৰি থকাটো ভাল, যেতিয়ালৈকে তাক নিৰাপদ বুলি কৰ্তৃপক্ষই ঘোষণা নকৰে৷ অযথা ঠাই চাবৰ বাবে ওলাই যাব নালাগে৷

তদুপৰি ভূমিকম্প হৈ যোৱাৰ পাছৰ সময়খিনিত বিভিন্ন মহামাৰীয়ে কালৰূপ ধাৰণ কৰিব পাৰে৷ বিশেষকৈ বতাহত বিভিন্ন বেমাৰৰ বীজাণু ওপঙি ফুৰিব পাৰে, সেয়েহে সতৰ্কতা মূলক ব্যৱস্থা হিচাপে মাস্ক ব্যৱহাৰ কৰা উচিত আৰু চিকিৎসা সম্বন্ধীয় কথাবোৰ গুৰুত্ব সহকাৰে লোৱা আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা উচিত৷ এটা সৰু অথচ লাগতিয়াল সিদ্ধান্তই বহুতকে মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব পাৰে৷ সেয়েহে নিজে সচেতন হওক আৰু আনকো প্ৰতিটো ক্ষেত্ৰতে সচেতন কৰিবলৈ যত্নপৰ হওক৷

সাধাৰণতে প্ৰাকৃতিক দুৰ্যোগ সমূহ হঠাতে সংঘটিত হয়৷ সেয়ে ভয়ত বিতত নহৈ প্ৰত্যুৎপন্নমতিতাৰে সকলোৰে মুখা-মুখি হবলৈ যত্ন কৰা উচিত৷ সেয়ে হয়তো আমাৰ অসমীয়া ডাকৰ বচনতো কয় বাচি খাবা, জাগি শুবা৷

☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক